মই ডামিনীয়ে কৈছো --- দাদুল ভূঞা(জোনাক)

তিল তিলকৈ মৃত্যুৰ ক্ষন গনিছ
আন্ধাৰ কাৰগাৰৰ বুকুত,
মৰি মৰি তহঁতে জীয়াতু ভূগিছ
শূন্যত ওলমিছে তহঁতৰ জীৱন, যৌৱন।

কামাতুৰ পুৰুষ তহঁত,
আন্ধাৰৰ এৰাতি তহঁতে খিলখিলাই হাঁহিছিলি
অকলশৰীয়া নাৰীৰ ওপৰত
তহঁতে দেখাইছিলি,
তহঁতৰ যৌনাংগৰ বীৰত্ব।

জনশূন্যতাৰ বুকুত চিঞৰি চিঞৰি কান্দিছিলো মই,
তহঁতৰ পাশৱিক কামনাত
বাট হেৰুৱাইছিলো ৰঙীন জীৱনৰ।

তহঁতৰ বাবে আজি স্বর্গগত মই,
স্বর্গৰ অপেস্বৰী হৈ হাঁহি হাঁহি চাই আছো,
চাই আছো তহঁতে মৃত্যুৰ ক্ষন গনাৰ মুহুর্ত।

হে' মহামান্য আদালতৰ জর্জ চাহাব
আপোনাক শত সহস্র ধন্যবাদ।

আজি মই শান্তি লভিছো,
মোৰ হৃদয়ত দাওঁ দাওঁকৈ জ্বলি থকা
তেজাল জুইকুৰা অলপ শীতল হৈছে।

মই ডামিনীয়ে কৈছো জর্জ চাহাব,
সিহঁতক নপুংস কৰি ফাঁচী দিয়া হওক,
সিহঁতৰ লোভাৱিষ্ট চকু যোৰিক বিনাশ কৰা হওক,
সিহঁতৰ কামার্ত্ত ওঁঠ জুৰিত শূল ভৰাই দিয়া হওক।

তেতিয়া হয়তো জন্ম নহ'ব সিহঁতৰ দৰে কামাতুৰ পুৰুষ,
ধর্ষিতা নহ'ব মোৰ দৰে অবলা নাৰী।

মই ডামিনীয়ে কৈছো....
ঐ নিল্লর্জ্জ কামাতুৰ পুৰুষ ।
তহঁতৰ মৃত্যুৰ ঘোষনা শুনি,
মই হাঁহি হাঁহি
আজি ৰাজসূয় যজ্ঞ পাতিছো।

++++++++++++++++++++++++++++++

কবি :: দাদুল ভূঞা(জোনাক)
জিলা:- শোনিতপুৰ,গহপুৰ(মাগনি)
মো:-৭৮৯৬৫০৬১৫৫/9859289325

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,536
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,499
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:677
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:995