মই দেবদাস নহওঁ --- শেখৰ ভট্ৰাচাৰ্য্য

তোমাৰ বাবে

এটা কবিতা লিখিবলৈ

মোক কৈছিলা,

কিন্তু মই কবি নহওঁ

যে কবিতা লিখিম ।

তোমাৰ বাবে

ঘৰৰ সকলোকে

এৰি যাবলৈ কৈছিলা ,

কিন্তু মই অনাথ

হ'ব বিচৰা নাই ।

তোমাৰ বাবে

বন্ধুত্বক সন্দেহৰ

চকুৰে চাবলৈ কৈছিলা ,

কিন্তু মই স্বাৰ্থপৰ নহওঁ

যে বন্ধুহতক সন্দেহ কৰিম ।

তোমাৰ বাবে

মই বাৰে বাৰে

আঘাত পাইছো

তথাপি মই তোমাক

কেতিয়াও আঘাত দিয়া নাই ।

তোমাৰ বাবে

সুখ বিচাৰি পাই

মোক এৰি গুছি গলা ,

মই কিন্তু নতুনকৈ

চন্দ্ৰমূখী বিচাৰি লোৱা নাই ,

অথবা মদৰ বটল লৈ

তোমাক পাহৰিবলৈ

চেষ্টা কৰা নাই ,

কাৰণ তোমাৰ বাবে

মই দেবদাস হ'ব নোৱাৰিম ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,884
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,683
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,734
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,731
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:194
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,672