মতামত :: বিমুদ্ৰাকৰণঃ ক’লা ধনৰ বিৰুদ্ধে মোদী চৰকাৰৰ সবল পদক্ষেপ --- অভিনন্দন গোস্বামী

অভিনন্দন গোস্বামী's picture

যোৱা ৮ নৱেম্বৰৰ সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হঠাৎ কৰা বিমুদ্ৰাকৰণৰ ঘোষণাই যোৱা ১০-১২ দিন ধৰি যে দেশত অর্থনৈতিক জৰুৰী অৱস্হাৰ সৃষ্টি কৰিছে তাক সকলো লোকেই প্ৰত্যক্ষ কৰিছে৷ সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণক চুই যোৱা এনে আকষ্মিক ঘোষণা প্ৰকৃতার্থত কিমান সমীচিন বা যুক্তিসংগত তাক লৈ বহুতেই প্ৰশ্ন নকৰাকৈ থকা নাই৷ তৎসত্বেও গৰিষ্ঠসংখ্যক জনসাধাৰণে এনে ঐতিহাসিক পদক্ষেপৰ প্ৰতি পূর্ণ সমর্থন আগবঢ়াই ঘন্টাৰ পাছৰ ঘন্টা ধৰিও বেংক-এটিএমৰ শাৰীত থিয় হৈ থাকিবলৈ কুন্ঠাবোধ কৰা নাই৷ দেশৰ উজ্জ্বল ভৱিষ্যতৰ স্বার্থত তথা সমাজৰ পৰা দুর্নীতি আৰু ক’লা ধনৰ পয়োভৰ ৰোধ কৰিবলৈ সকলোৱে সাময়িক কষ্ট সহিও চৰকাৰৰ এই পদক্ষেপক সহাঁৰি জনোৱা পৰিলক্ষিত হৈছে৷ ছছিয়েল মিডিয়াটো বিভিন্নজনে প্ৰধানমন্ত্ৰীক প্ৰশংসাৰে ওপচাই পেলোৱা দেখা গৈছে৷ মুঠৰ ওপৰত অশেষ কষ্ট স্বীকাৰ কৰি নিজৰ সাঁচতিয়া ধনৰ বাবে বেংকৰ সন্মুখত শাৰী পাতি সকলোৱে ৫০ দিনৰ পাছত মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন নতুন ভাৰতবর্ষৰ সপোন দেখিছে ৷

দেশৰ স্বাধীনতাৰ ৭০ বছৰ পাছত দেশত থকা ক’লা ধনসমূহ উলিয়াই অনাৰ বাবে এইটোৱেই প্ৰথম সাহসী আৰু বলিষ্ঠ পদক্ষেপ হিচাবে গণ্য কৰিব পাৰি৷ ব্ৰীটিছসকল ভাৰতৰ পৰা আতঁৰি যোৱাৰ পাছত দেশৰ অর্থনৈতিক ব্যৱস্হা বর্তমানলৈ প্ৰায় একে ধৰনেই চলি আছিল বুলি কব পাৰি সেয়েহে কোনো কাঢ়া ঔষধ অবিহনে সমাজৰ পৰা ক’লা ধনৰ ব্যাধি নিৰাময় কৰাটো সম্ভৱপৰ হৈ উঠা নাছিল৷ তদুপৰি অধিকাংশ ধন-সম্পত্তি এক বিশেষ শ্ৰেণীৰ লোকৰ মাজতেই সীমাবদ্ধ আছিল অর্থ্যাৎ ধনী-দুখীয়াৰ মাজৰ পার্থক্য আৰু ব্যৱধান দিনক দিনে বাঢ়ি গৈ আছিল৷ ভাৰতৰ অধিকাংশ ব্যৱসায়েই মুদ্ৰা অর্থনীতিৰ ওপৰত প্ৰচলিত আৰু সেইবাবেই তেনে ব্যৱসায়সমূহত কোনো ধৰণৰ স্বচ্ছতা তথা সঠিক হিচাপ দিয়া-লোৱাৰ ব্যৱস্হা নাথাকে৷ ইয়াৰ ফলতেই গৰিষ্ঠসংখ্যক ধন তথা উপার্জন প্ৰচলিত কৰ ব্যৱস্হাৰ আওতাৰ বাহিৰত থাকি যায়৷ অর্থনৈতিক ব্যৱস্হাটোৰ এনে সুৰুঙাবোৰৰ ফলতেই ইয়াৰ নেতিবাচক প্ৰভাৱ অতদিনে দেশৰ জনসাধাৰণে ভোগ কৰি আহিছে৷ সূত্ৰৰ মতে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ দুই-তৃতীয়াংশই হৈছে মুদ্ৰা অর্থনীতি আৰু ইয়াৰ পৰিমান আনুমানিক ৯০ লাখ কোটি হব আৰু ইয়াৰ অধিকাংশ ধনেই কৰ ফাঁকিৰ কবলত পৰাৰ ফলত সৎ মনোভাবেৰে কৰ পৰিশোধ কৰি অহা সাধাৰণ জনতাই দীর্ঘদিন ধৰি কুফল ভোগ কৰি আহিছে৷ উদাহৰণস্বৰূপে যিকোনো এজন স্হানীয় ব্যৱসায়ীয়ে এনে সুৰুঙাৰ সদব্যৱহাৰ কৰি কৰফাঁকিৰ আশ্ৰয় লৈ লাখ লাখ টকাৰ নোট নিজ ঘৰত জমা কৰি ৰাখে কিন্তু ইয়াৰ বিপৰীতে কলেজ-বিশ্ববিদ্যালয়ৰ দেওনা পাৰ কৰি চাকৰিত সোমোৱা যিকোনো এজন শিক্ষিত ল’ৰাই এনে ব্যৱস্হাৰ আশ্ৰয় লব নোৱাৰে কিয়নো এক নির্দিষ্ট পৰিমান আয়কৰ হিচাবে বাদ পৰাৰ পাছতহে বেংক একাউন্টত দৰমহা জমা হয়৷ এনেধৰণৰ কৰফাঁকিৰ পৰিণতিত চৰকাৰে বুজন পৰিমানৰ ৰাজহ সংগ্ৰহৰ পৰা বঞ্চিত হয় ফলত বিভিন্ন বয়-বস্তুৰ ওপৰত কৰ বৃদ্ধি কৰিব লগীয়াত পৰে আৰু ইয়াৰ বোজাও সৎ নাগৰিকসকলৰ ওপৰতে আহি পৰে ৷

ভাৰতবর্ষত অবাধ দুর্নীতিয়ে শিপা মেলাৰ মূলতে জগৰীয়া হৈছে দেশৰ মুদ্ৰা অর্থনীতি৷ হিচাপ বর্হিভূত ভাবে দেশত বহু নোটৰ প্ৰচলন চলি আহিছে৷ বিমুদ্ৰাকৰণৰ ফলত যে দুর্নীতি সম্পূর্ণ উৎখাত হব তেনে নহয় কিন্তু দেশৰ অর্থনৈতিক ব্যৱস্হাটোক ই এক নতুন মাত্ৰা প্ৰদান কৰিব তদুপৰি নোটৰ প্ৰচলনৰ ওপৰত ভৱিষ্যতে চোকা দৃষ্টি ৰাখিবলৈ চৰকাৰৰ সহায়ক হব৷ বিমুদ্ৰাকৰণৰ ফলস্বৰূপে অবাধ হাৰত বৃদ্ধি পোৱা সম্পত্তিৰ মূল্যত কিছুপৰিমানে লেকাম লাগিব বুলি আশা কৰিব পাৰি৷ কিয়নো ক’লা ধনৰ কৃপাতেই বহুতেই কেইবাকোটি ব্যয় কৰিও বিভিন্ন স্হানত মাটি-সম্পত্তি ক্ৰয় কৰিছিল৷ এতিয়া ক’লা ধনৰ ম্যাদো উকলি যোৱাৰ ফলত কোটি টকাৰ সম্পত্তি ক্ৰয় কৰা মানুহৰ সংখ্যাও কমি আহিব৷ কিছুমাহ পূর্বে চৰকাৰে আৰম্ভ কৰা আয় ঘোষণা আচঁনিৰ জৰিয়তে প্ৰায় ৬৪,২৭৫ জন লোকে ৬৫,২৫০ কোটি টকাৰ সম্পত্তি থকাৰ কথা ৰাজহুৱা কৰিছিল৷ কিন্তু তেনে ব্যৱস্হাও অর্থনীতিক সম্পূর্ণ পৰিস্কাৰ কৰিবৰ বাবে যথেষ্ট নাছিল ৷

বিশ্ব তথা ভাৰতবর্ষত বিমুদ্ৰাকৰণৰ পদক্ষেপ এয়াই প্ৰথম নহয়৷ ইয়াৰ আগতেও স্বাধীনতাৰ পূর্বে ১৯৪৬ চনত আৰু স্বাধীনতাৰ পাছত ১৯৭৮ চনত এনে ঘটনা ঘটিছিল যদিও ই সফল নোহোৱাৰ মূলতে আছিল জনতাৰ সহযোগৰ অভাৱ তথা ক’লা ধনক বগা কৰিবলৈ পোৱা পর্যাপ্ত সময়৷ তদুপৰি সেই সময়ত উচ্চ মুদ্ৰাৰ নোটো আজিৰ দৰে ৮৬% নাছিল৷ কিন্তু ৮ তাৰিখৰ ঘোষনাৰ পাছত ক’লা ধনৰ গৰাকীৰ ওপৰত যেন সৰগহে ভাগি পৰিল৷ আচম্বিতে লোৱা পদক্ষেপে ক’লা ধনসমূহৰ ব্যৱস্হা কৰিবলৈ তেওঁলোকক কোনো সুযোগেই নিদিলে৷ বহুতে ইয়াক ‘ছার্জিকেল ষ্ট্ৰাইক’ বুলিও অভিহিত কৰিব খোজে৷ এনেধৰণৰ পদক্ষেপৰ পাছত নিশ্চয়কৈ ভাৰতীয় অর্থনীতিয়ে যে নতুন প্ৰাণ পাই উঠিব সি ধুৰুপ, যিটো বহুতে ভবা নাছিল কিয়নো আগতে লোৱা বিমুদ্ৰাকৰণৰ নীতিয়ে কোনো বিশেষ প্ৰভাব পেলাব পৰা নাছিল৷ কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই লোৱা এনে পদক্ষেপ স্বাধীন ভাৰতৰ ইতিহাসত এক যুগান্তকাৰী খোজ হিচাবে বিবেচিত হৈ ৰব৷ বিমুদ্ৰাকৰণে মূদ্ৰার্ষ্ফীতি হ্ৰাস কৰাত সহায় কৰাৰ ওপৰিও বেংকসমূহে প্ৰচুৰ পৰিমানে পুঁজি তথা বিনিয়োগ লাভ কৰিব ফলত ঋণৰ হাৰো হ্ৰাস কৰিবলৈ বাধ্য হব৷ ইয়াৰোপৰি কৰ ব্যৱস্হাৰ হাতোৰা অধিক লোকলৈ বিয়পি পৰিব৷ বর্তমান ভাৰতবর্ষৰ মাত্ৰ ২.৬% জনসাধাৰণেহে আয়কৰ পৰিশোধ কৰে৷ বহুলোকৰ উপার্জন আয়কৰৰ নিম্নসীমা পর্য্যন্ত নহয় আৰু বহুলোকে কৰফাঁকিৰে কোটি কোটি টকাৰ ক’লাধনৰ ভান্ডাৰ মজুত কৰি ৰাখে৷ বিমুদ্ৰাকৰণে এনে সকলো ৰোগ দূৰ কৰি ভাৰতৰ অর্থনীতিৰ স্বাস্হ্য উন্নত কৰিবলৈ সক্ষম হব বুলি দেশবাসী আশাবাদী ৷

এনে এক ডাঙৰ তথা যুগান্তকাৰী সিদ্ধান্ত কার্যকাৰী কৰিবলৈ যাওতে সাধাৰণ ৰাইজে সাময়িক কিছু অসুবিধা বা কষ্ট ভোগ কৰিবলগীয়া হোৱাটো স্বাভাৱিক৷ কেৱল এটিএম মেচিনকেই সংশোধন কৰা হোৱা নাই, সমগ্ৰ অর্থনীতিক সংশোধন কৰাৰ ই এক সময়োচিত পদক্ষেপ৷ আনন্দৰ কথা এয়ে যে ভ্ৰষ্টাচাৰী আৰু ক’লা ধনৰ বিৰুদ্ধে এই যুদ্ধত জনসাধাৰণে কষ্ট স্বীকাৰ কৰি হলেও সর্বোতোপ্ৰকাৰে চৰকাৰক প্ৰতি সমর্থন আগবঢ়াইছে৷ ভাৰতবাসীয়ে বহু দিনৰ পৰা যি বিচাৰি বা আশা কৰি আছিলে সেয়া আজি বাস্তৱায়িত হোৱাৰ পথত৷ এদিন দুদিনত দেশ গঢ়িব পৰা নাযায় কিন্ত জনসাধাৰণৰ স্বার্থত লোৱা এনে বলিষ্ঠ পদক্ষেপে আগন্তক দিনত যে ৰাইজত জীৱনযাত্ৰা সূচল কৰাত বহু পৰিমানে সহায়ক হব সি নিশ্চিত ৷

শেহতীয়া মতামত

মুঠ পঢ়ুৱৈ সংখ্যা: 916

যোৱা ৮ নৱেম্বৰৰ সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হঠাৎ কৰা বিমুদ্ৰাকৰণৰ ঘোষণাই যোৱা ১০-১২ দিন ধৰি যে দেশত অর্থনৈতিক জৰুৰী অৱস্হাৰ সৃষ্টি কৰিছে তাক সকলো লোকেই প্ৰত্যক্ষ কৰিছে৷ সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণক চুই যোৱা এনে আকষ্মিক ঘোষণা প্ৰকৃতার্থত কিমান সমীচিন বা যুক্তিসংগত তাক লৈ বহুতেই প্ৰশ্ন নকৰাকৈ থকা নাই৷ তৎসত্বেও গৰিষ্ঠসংখ্যক জনসাধাৰণে এনে ঐতিহাসিক পদক্ষেপৰ প্ৰতি পূর্ণ সমর্থন আগবঢ়াই ঘন্টাৰ পাছৰ ঘন্টা ধৰিও বেংক-এটিএমৰ শাৰীত থিয় হৈ থাকিবলৈ কুন্ঠাবোধ কৰা নাই৷ দেশৰ উজ্জ্বল ভৱিষ্যতৰ স্বার্থত তথা সমাজৰ পৰা দুর্নীতি আৰু ক’লা ধনৰ পয়োভৰ ৰোধ কৰিবলৈ সকলোৱে সাময়িক কষ্ট সহিও চৰকাৰৰ এই পদক্ষেপক সহাঁৰি জনোৱা পৰিলক্ষিত হৈছে৷ ছছিয়েল মিডিয়াটো বিভিন্নজনে প্ৰধানমন্ত্ৰীক প্ৰশংসাৰে ওপচাই পেলোৱা দেখা গৈছে৷ মুঠৰ ওপৰত অশেষ কষ্ট স্বীকাৰ কৰি নিজৰ সাঁচতিয়া ধনৰ বাবে বেংকৰ সন্মুখত শাৰী পাতি সকলোৱে ৫০ দিনৰ পাছত মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন নতুন ভাৰতবর্ষৰ সপোন দেখিছে ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 517

যুৱপ্ৰজন্ম হৈছে ৰাজ্যখনৰ মেৰুদন্ডস্বৰুপ । অসমৰ বিধানসভাৰ নিৰ্বাচন আহি পাইছে । এই নিৰ্বাচনে আমাৰ ৰাজ্যখনৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব ।

এইক্ষেত্ৰত যুৱপ্ৰজন্মই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ লাগিব । যুৱপ্ৰজন্মই পৰিকল্পনাৰ মাধমেৰে এক উচিত আৰু স্বচ্ছ কাৰ্যপন্থা হাতত ল'ব লাগিব । আমাৰ যুৱপ্ৰজন্মই এটা কথাত গুৰুত্ব দিব লাগিব যে -ৰাজ্যৰ কোনো ৰাজনৈতিক দলে সুযোগ বুজি জনসাধাৰনৰ মাজত ধৰ্মক লৈ ৰাজনীতি কৰাৰ উপৰিও গোষ্ঠীগত সংঘৰ্ষ আনি দিব নোৱাৰে । বৰ্তমান ৰাজ্যৰ যুৱপ্ৰজন্মই হওঁক বা বাকী সচেতন নাগৰিকে হওঁক প্ৰতিজনেই মানসিক ভাৱে সাজু হৈছে আগন্তুক নিৰ্বাচনত যোগ্যপ্ৰাৰ্থীক নিৰ্বাচিত কৰি , নিজৰ নিজৰ সমষ্টিৰ বাবে উন্নয়ন কৰাৰ সুযোগ দিয়া উচিত । প্ৰতিজন অসমীয়াই বুকুত অজস্ৰ আশালৈ নতুন দিনৰ সন্ধানত অতি আগ্ৰহেৰে আপেক্ষা কৰি আছে । নতুন কৈ নিৰ্বাচিত ব্যক্তিজনে কিবা নতুন আঁচনি বা পৰিকল্পনা ৰুপায়ন কৰিব , কিন্তু বাকী সকলো আঁচনিৰ কথা বাদ দিলেও প্ৰতিজন বিধায়কে নিজৰ সমষ্টিৰ নামত থকা ধনখিনিও খৰছ কৰিব নোৱাৰে । যাৰ ফলত ৫বছৰ এনেকৈয়ে পাৰ হৈ যায় ।

অকল নিৰ্বাচনৰ আগমূহুতত আঁঠুৱা, কম্বল, দমকল, টিনপাত, চাইকেল আৰু কল্পতৰুৰ চেকেৰে ভোটাৰৰ মন জয় কৰা দেখা যায়। কিন্তু এইবেলি সকলোৱে অলপ সচেতন হওঁক আৰু সকলো চালি জাৰি চাই নিজৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত যোগ্য ব্যক্তিজনক সকলোৱে নিৰ্বাচিত কৰে যেন । তাৰ লগতে সেই ব্যক্তিজন যাতে দূৰ্নীতিমুক্ত আৰু অপৰাধমুক্ত হয় । প্ৰতিজন ব্যক্তিয়ে অকল নিৰ্বাচনত প্ৰতিদন্দিতা কৰাৰ বাবে গাওঁ চহৰে বেনাৰ, পোষ্টাৰ, হৰ্ডিংত সোণালী আখৰে নিজৰ নাম আৰু বিভিন্ন নিউজ চেনেলসমুহত সাক্ষাৎকাৰ দি জনপ্ৰিয়তা অৰ্জন কৰি আছে । কিন্তু এইবেলাক বাদ দি এইবেলি নিৰ্বাচনত প্ৰতিশ্ৰুতিসমুহ লিখিত আকাৰত আমাক দিব লাগে , কাৰণ বহুতো আধাৰশিলা বৰ্তমান সময়ত গৰু চৰোৱা পথাৰত পৰিণত হৈছে ।

মুঠ পঢ়ুৱৈ সংখ্যা: 396

আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ভৱিষ্যৎ নিৰ্ভৰ কৰি আছে যুৱপ্ৰজন্মৰ ওপৰত । যুৱপ্ৰজন্মৰ ভূমিকা হ'ব অতি গুৰুত্বপূৰ্ন । এই যুৱপ্ৰজন্মই নিৰ্ণয় কৰিব কোন শাসকে আমাৰ ৰাজ্যখনক শাসন কৰিব আৰু দিছপুৰ দখল কৰিব । ৰাজ্যৰ এই যুৱপ্ৰজন্মৰ জৰিয়তে পৰিবৰ্তন আনিব পাৰি । যুৱপ্ৰজন্মই ইচ্ছা কৰিলে অসম্ভৱ কামো সম্ভৱ কৰি তুলিব পাৰে ।

এইবেলি নিৰ্বাচনত যুৱপ্ৰজন্মই নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি ,এখন দূৰ্নীতি মুক্ত, শিক্ষিত তথা যুৱপ্ৰজন্মৰ চৰকাৰ গঠন কৰিব পাৰিব । ৰাজ্যখনত আনিব পাৰিব পৰিবৰ্তনৰ বতাহ । যিহেতু যুৱপ্ৰজন্মই ৰাজ্য বা দেশলৈ উন্নয়ন আনে , যুৱসমাজে ৰাট্ৰ এখন গঢ় দিয়ে, সেইবাবেই এই যুৱপ্ৰজন্মৰ ওপৰত অসমৰ সাধাৰণ জনতাই বিশ্বাস স্থাপন কৰিছে আৰু অধিক গুৰুত্ব দিছে । আনকি ৰাজনৈতিক দল বিলাকৰ নেতা , মন্ত্ৰীসকলেও এই যুৱপ্ৰজন্মক উৎসাহিত কৰিবলৈ বিভিন্ন আঁচনি আৰু কাৰ্যপন্থা হাতত লোৱা দেখা যায় । কাৰণ তেওঁলোক জানে এই যুৱপ্ৰজন্মই যিফালে সমথৰ্ন দিব, সেইফালৰ তুৰ্জু খনৰ ভৰ বেছি হ'ব । উদাহৰণস্বৰুপে ক'ব পাৰি দিল্লীৰ বিধানসভা নিৰ্বাচনৰ কথা , অৰবিন্দ কেজৰিৱালে যুৱপ্ৰজন্মৰ সমৰ্থনেৰে দিল্লী দখল কৰিব পাৰিছে । সেইবাবে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব যুৱপ্ৰজন্মই আৰু তেওঁলোকৰ ভূমিকা হ'ব অতি গুৰুত্বপূৰ্ণ ।

মুঠ পঢ়ুৱৈ সংখ্যা: 656

বতৰ্মান যুগৰ আনন্দৰ আন এটা নাম হ'ল মদ । এতিয়া মানুহ জন্ম হ'লেও, মূত্যু হ'লেও, বিবাহ হ'লেও, ভাল ৰেজাল্ট হ'লেও মদ খায় । মদ অবিহনে আজিৰ মানুহে একো কাম কাজ কৰিবো নোৱাৰে । মদৰ ৰাগিত মানুহ বিবেকহীন হৈ পৰে । মানুহে যিকোনো কাম কৰিবলৈ কুন্ঠাবোধ নকৰে । গতিকে বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান পৰবত মানুহে মদ খাই অংশ গ্ৰহণ কৰিলে সেই অনুষ্ঠান কিমান দূৰ সফল হ'ব সেয়া সৰ্বজনবিদিত । এই মদ বৰ্তমান সময়ত এক ভয়ংকৰ ভাইৰাছত পৰিণত হৈছে । ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিছে মূলতঃ নৱপ্ৰজন্মৰ ওপৰত । মদ ন'হলে বনভোজ নচলে । সামাজিক মাধ্যমবোৰৰ মাজেদি দেখা যায় দৈনন্দিন সংঘটিত ঘটনাবোৰ মদ সেৱন কৰাৰ ফলত ঘটে । যেনেকুৱা ছোৱালীক অশালীন ব্যৱহাৰ ,অত্যাচাৰ , হত্যা আদি । আজিকালি মদৰ প্ৰচলন হোৱাৰ ফলত নৱপ্ৰজন্মই ধ্বংসৰ ফালে গতি কৰিব ধৰিছে ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা