মাদুৰি --- নিতুপন বৰগোহাঁই

ভৌগোলিক অৱস্থান :-

মাদুৰি হৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত জোকতলি মৌজাৰ এখন গাঁও । নাজিৰা নগৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত।
মাদুৰি নামৰ উৎপত্তি :-

মাদুৰি নামৰ এবিধ বন থকাৰ বাবে ঠাইখনৰ নাম হল বুলি জনা যায়। মাদুৰি হৈছে এবিধ চোকা ধাৰৰ ক্ষুৰ সদৃশ পাতৰ উদ্ভিদ । এই অঞ্চলৰ পূৱখণ্ডত এখন বিল আছে আৰু ইয়াৰ কাষৰ হাবিত এনে ধৰণৰ বন প্ৰচুৰ পৰিমাণে পোৱা গৈছিল । হাবিৰ মাজত ছেগা -চোৰোকাকৈ এজোপা দুজোপা প্ৰায় ৭০ বছৰমান আগলৈকে দেখা গৈছিল যদিও আজিকালি এই বন একেবাৰেই নাইকিয়া হৈ গৈছে । এই মাদুৰি বনৰ উৎপত্তিৰ কথা মহাভাৰত উল্লেখ পোৱা যায়। আহোম ৰজাৰ দিনত
এই মাদুৰি বনেৰে সজা কথ বৰ আপুৰুগীয়া বুলি পৰিগণিত হৈছিল । জিকিৰত এই সম্পৰ্কে উল্লেখ পোৱা যায় ----

সৰাগুৰি চাপৰি দিখৌ নৈ কাষৰি
ৰজাই বন্ধাই দিয়া মঠ।
ছকুৰি ভকতে লয় আল্লাৰ নাম
মাদুৰি বনৰে কঠ॥

বুৰঞ্জী :-

মাদুৰি হৈছে আহোম ৰাজত্ব কালৰ দুখন পুৰণি চহৰৰ ভিতৰত এখন। চুহুংমুং দিহিঙ্গীয়া ৰজাৰ ৰাজত্ব কালত ১৪৯৭-১৫৩৯ চনৰ মাজ ভাগত দিখৌ নৈৰ উত্তৰ পাৰে দিলিহিত বুঢ়াগোহাঁই ডাঙৰীয়া সকলৰ কাৰণে বাসস্থান আৰু দিখৌনৈৰ দক্ষিণ পাৰে মাদুৰিত বৰগোহাঁই ডাঙৰীয়া সকলৰ কাৰণে স্থায়ী বাসস্থান পাতি দিয়ে। মাদুৰিত পোন প্ৰথমে কিলিংখাম বৰগোহাঁই ডাঙৰীয়াক বাসস্থান দিয়ে। মাদুৰিত প্ৰথম বাসস্থান লোৱা কিলিংখাম ডাঙৰীয়াৰ পৰা ১৭ জন ডাঙৰীয়াৰ বাসস্থানৰ পিছত বৰগোহাঁই সকলৰ প্ৰথম ৰাজমন্ত্ৰী বিষয় বাপ পোৱা লাইথেপেনা বৰগোহাঁইয়ে বাসস্থান লয়।

এই মাদুৰি গাঁওতে জন্ম গ্ৰহণ কৰিছিল মহাসতি জয়মতীয়ে। জয়মতী আছিল মাদুৰিয়াল লাইথেপেনা বৰগোহাঁইৰ জীয়েক আৰু তুংখুখীয়া ৰাজকোৱৰ ফৈদৰ গদাপাণিৰ পত্নী । এই সম্পৰ্কে কৃপানাথ ফুকনৰ মালিতাত আছিল ----

মাদুৰি চহৰত ডাঙৰ হৈ আছিলোঁ
বৰগোহাঁই আছিলোঁ জী।
গদাপাণি কোঁৱৰে নিলে তুংখুঙলৈ
চকলং বিয়া কৈ দি।।
লেচাই বুঢ়াগোহাঁই জীয়েক মোৰ আইটা
চন্দ্ৰদাৰু সুন্দৰী বৰ।
দেউতা হৈছিল লাইথেপেনা বৰগোহাঁই
মাদুৰি চহৰত ঘৰ।।

ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁই ডাঙৰীয়াৰ ২৪ জন পুত্ৰ আৰু ১৩ গৰাকী কন্যা আছিল । ইয়াৰে জয়মতী আছিল প্ৰথম জী। তেখেতৰ কনিষ্ঠ পুত্ৰ আছিল বিখ্যাত চকৰিফেটি বুৰঞ্জীৰ প্ৰণেতা নুমলি বৰগোহাঁই । মাদুৰি চহৰ বুলি কলে ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁই বাসস্থান আৰু মহাসতী কুঁৱৰীৰ জন্মস্থান বুলিয়েই বুৰঞ্জীত খ্যাত। জয়মতীয়ে স্বামীৰ হকে আৰু দেশৰ হকে আত্মত্যাগ কৰি পিতৃ লাইথেপেনা বৰগোহাঁইৰ জন্মস্থান মাদুৰিৰ নাম আৰু অসমীয়া নাৰী জাতিৰ ত্যাগৰ স্বাক্ষৰ বুৰঞ্জীৰ পাতত অমৰ কৰি গল।

পুৰণি কীৰ্তিচিহ্ন সমূহ :-

মাদুৰিত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ সু- উচ্চ এপুৰা মাটি জুৰি এটা মৈদাম আৰু তেখেতৰ বাৰীৰ চিনমোকাক। আছে ইয়াৰ উপৰিও কাষতে পত্নীসকলৰ মৈদাম আৰু পূৱ দিশত 24 জন পুত্ৰৰ লানিপাতি এষাৰি সৰু মৈদাম আছে । ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ বাসস্থানত ৰজাপুখুৰী নামেৰে এটা ডাঙৰ পুখুৰী থকাৰ উপৰিও ফুলনি পুখুৰী,মাহ-প্ৰসাদ ধোৱা পুখুৰী, নাওঁখেল পুখুৰী, ফুকনৰ পুখুৰী আছিল । কিছুমান পুখুৰীৰ চিন নোহোৱা হৈছে । মাদুৰিৰ দক্ষিণ দিশত। লাইথেপেনা বৰগোহাঁইৰ ৩য় পুত্ৰ। ৰামচন্দ খনিকৰ বৰুৱাই খন্দোৱা খটখটি পুখুৰী অক্ষত অৱস্থাত আছে। খটখতি পুখুৰীৰ বিপৰীতে ডিমৌ নৈৰ কাষত আহোম ৰাজত্ব কালৰ শেষ ৰাজমন্ত্ৰী মালভোগ বৰগোহাঁই বাসস্থানত ১০ বিঘা মাটি কালিৰ এটা পুখুৰী আছে।

জনগোষ্ঠীয় গাঠনি :-

গাঁও খনত অতীতৰ পৰা আহোম সম্প্ৰদায়ৰ লোকে বসবাস কৰি আহিছে । বৰ্তমান গাঁওখনৰ অধিকাংশ লোক আহোম সম্প্ৰদায়ৰ তাৰোপৰি কিছুসংখ্যক চাহ জনগোষ্ঠীয় আৰু মুচলমান সম্প্ৰদায়ৰ লোক ।

সাহিত্য সংস্কৃতিত মাদুৰি :-

সাহিত্য সংস্কৃতিলৈ অবদান যোগোৱা ব্যক্তি সকলৰ বিষয়ে তলত উল্লেখ কৰা হল ---

প্ৰয়াত প্ৰেমধৰ বৰগোহাঁই

প্ৰয়াত প্ৰেমধৰ বৰগোহাঁই আছিল আহোম সম্প্ৰদায়ৰ প্ৰথম জন আৰু অসমৰ ষষ্ঠ গৰাকী স্নাতকোত্তৰ ডিগ্ৰী ধাৰী ব্যক্তি । তেখেতে শিক্ষা সাং কৰি নাজিৰা উচ্চতৰ
মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ পাছত গুৱাহাটী কটন কলেজৰ দৰ্শনৰ প্ৰথম গৰাকী অধ্যাপক ভৰ্ত্তি হয় । অৱশ্য তেওঁ চাকৰি ইস্তফা দি চাকৰি জীৱনৰ সামৰণি মাৰে তেখেতে আছিল জোনাকী যুগৰ এগৰাকী বিশিষ্ট লিখক। তেখেতে একেধাৰে কবি , ব্যৱসায়ী , সমাজ সংগঠক।

প্ৰয়াত বীৰেণ বৰগোহাঁই:-

প্ৰয়াত বীৰেণ বৰগোহাঁই আছিল ৰামধেনু যুগৰ এগৰাকী বিশিষ্ট কবি । তেখেত গড়গাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল।

প্ৰয়াত মাণিক বৰগোহাঁই :-

মাণিক বৰগোহাঁই এগৰাকী বুৰঞ্জী গৱেষক আৰু সু- বক্তা আছিল । তেখেত গড়গাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল।

শ্ৰী পদ্ম বৰগোহাঁই :-

পদ্ম বৰগোহাঁই এগৰাকী বিশিষ্ট সমাজ কৰ্মী, বুৰঞ্জী মুলক প্ৰৱন্ধকাৰ। তেখেত আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্য্য নিবাহক সদস্য, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সম্পাদক , জিলা কবিচক্ৰৰ সম্পাদক , অসম পৌৰানিকা কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সম্পাদক ।

তেখেতৰ গ্ৰন্থ সমূহ হৈছে "অসম বুৰঞ্জীত নতুন আলোকপাত", "ডাৱৰ আৰু মই" ইত্যাদি ।

প্ৰয়াত কমল কছাৰী:-

প্ৰয়াত কমল কছাৰী আছিল একেধাৰে কবি , চিত্ৰশিল্পী,গীতিকাৰ, সমাজ সেৱক সংস্কৃতিজ্ঞ । তেখেতৰ লেখা সমূহ বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাই আহিছে । তেখেতৰ গন্থ সমুহ হৈছে "জগাঁও লুইতৰে পাৰ", "টুকুৰা ছবি", "ইস্তহাৰ", "সুৰৰ বুকুত জীৱন বিচাৰি", "নতুন পুৱাৰ গান", "উভলা শিপাৰ আৰ্তনাদ", "শশীকান্ত গগৈ", "উকি" ইত্যাদি । তেও আছিল গৰাকী বেতুপাত শিল্পী । অসম চৰকাৰৰ পৰা শিল্পী পেন্সন লাভ কৰিছিল। তেখেত আছিল ডিব্ৰুগডঅনাতাঁৰ কেন্দ্ৰৰ গীতিকাৰ ।
তদুপৰি গাঁওখনৰ আৰু বহুকেইজন ব্যক্তিয়ে সাহিত্য সংস্কৃতিলৈ বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে ।

ৰাজনীতিৰ দিশত মাদুৰি :-

ৰাজনৈতিক দিশত মাদুৰিত জন্ম গ্ৰহণ কৰি চাকৰি সূতে মৰাণৰ বাসস্থান লোৱা প্ৰয়াত লক্ষী প্ৰসাদ বৰগোহাঁইয়ে মাহমৰা সমষ্টিৰ বিধায়ক আসন লাভ কৰি গাঁওলৈ গৌৰৱ কঢ়িয়াই আনে আৰু অত্যন গৌৰৱ কঢ়িয়াই আনে মাদুৰি, তথা এই অঞ্চললৈ মাদুৰিত জন্ম গ্ৰহণ কৰি শিক্ষকতা কৰাৰ মাজেৰে ৰাজনীতিৰ প্ৰথাৰত ভৰি দি কমিউনিষ্ট পাৰ্টিৰ এজন বিশিষ্ট নেতা হিচাপে পৰিগণিত হোৱা শ্ৰীযুত দ্ৰুপদ বৰগোহাঁয়ে সাংসদ আৰু বিধায়ক হিচাপে । তাৰ উপৰিও গৌৰৱ কঢ়িয়াই আনে মাদুৰিত জন্ম গ্ৰহণ কৰি বিবাহ সূত্ৰে নাহৰকটীয়া বাসিন্দা হোৱা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী প্ৰণতি ফুকন ।

অনুষ্ঠান - প্ৰতিষ্ঠান :-

লাইথেপেনা বৰগোহাঁই সোঁৱৰণি সংঙ্ঘ,চিৰ সেউজীয়া সমাজ, মাদুৰি প্ৰগতি পুথি ভড়াল,মাদুৰি মহিলা সংঙ্ঘ, মাদুৰি নাট্য মন্দিৰ আদি।

শিক্ষানুষ্ঠান :

জয়মতী উচ্চ মাধ্যমিক বিদ্যালয় , এম.ভি. স্কুল, মাদুৰি পাইমেৰী বিদ্যালয়, জয়া প্ৰাথমিক বিদ্যালয়, বেতনি চাপৰি প্ৰাথমিক বিদ্যালয় ।

আমাৰ গাঁও

মুঠ পঢ়ুৱৈ সংখ্যা: 1,567

"আমাৰ গাওঁ শুৱনি গাওঁ
প্ৰগতিৰে শান্তিৰে আমি আগুৱাওঁ ৷
জাতি-ধৰ্ম নিৰ্বিশেষে আমি ভাই-ভাই
জীৱন গঢ়িবলৈ ক'তোৱেই নাই ইয়াতকৈ পূণ্য ঠাই ৷৷"

প্ৰাকৃতিক সৌন্দৰ্যবোৰ আমি নিজৰ নিজৰ গাওঁ সমূহতে কম-বেছি পৰিমানে দেখা পাওঁ ৷ মোৰ গাওঁখনিও প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৷ মই যিখন গাৱত বসবাস কৰোঁ সেইখন শিক্ষাৰ নৱদীপ নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ অন্তৰ্গত ৷ মোৰ গাঁৱৰ নাম হ'ল জাহা ; যিখন নলবাৰী চহৰৰ দক্ষিনে প্ৰায় ৯ কিঃমিঃ নিলগত অৱস্থিত ৷ খেতি-বাতিৰ ক্ষেত্ৰত আগবঢ়া এই গাওঁখনি শিক্ষাৰ ক্ষেত্ৰতো যথেষ্টখিনি আগবঢ়া ৷ কেৱল হিন্দু ধৰ্মাৱলম্বী লোকৰ বাসস্থানথলী এই গাঁৱৰ ৮০-৯০% লোকেই শিক্ষিত ৷ পুৰুষৰ লগতে মহিলাসকলেও প্ৰায় সমানে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে ৷ সৰহ সংখ্যক মহিলাই স্বাৱলম্বী হ'বলৈ আত্মনিৰ্ভৰশীলতাৰ সুপথ বাচি লৈছে ৷ মূলতঃ আত্ম সহায়ক গোটৰ লগত জড়িত হৈ নিজকে কৰ্মমুখী কৰি তুলিছে ৷ এই গাৱৰ কিছু সংখ্যক মানুহে বিল-পুখুৰী আদিত মৎস্য পালন কৰিও জীৱিকা নিৰ্বাহ কৰি আছে ৷ বহু দূৰ-দূৰণিৰ ঠাইলৈ ইয়াৰ মাছ ৰপ্তানি হয় ৷

আমাৰ গাৱত এখন প্ৰাথমিক বিদ্যালয় আছে যিখনৰ নিচেই কাষেৰে এটি ডাঙৰ জান বৈ গৈছে ৷ এই জানটিত খেতিয়কসকলৰ উপযোগী হোৱাকৈ ৬ বছৰমান আগতে এটি চুইট্ছ গেট স্হাপন কৰা হৈছিল ৷ তাৰোপৰি আমাৰ গাৱৰ এমূৰে এখন মধ্য ইংৰাজী বিদ্যালয়ো আছে ৷ আন এটা মূৰত শ্ৰীশ্ৰী মহাপ্ৰভু বাৰ গোপাল জাগ্ৰত থান এখন আছে ৷ য'ত দৈনিক হিন্দু ধৰ্মাৱলম্বী লোকৰ সমাগম হয় ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 1,732

সচাঁকৈয়ে আমাৰ গাঁওখন এক শান্তিৰ পৰিবেশ ৷ সকলোৱে মিলি একতাৰে বাস কৰা এক শৃংখলাবদ্ধ গাঁও ৷ আমাৰ গাঁওখনত হিন্দু-মুছলমান একেলগে মিলি যিকোনো

উৎসৱ পালন কৰো ৷

বিহুৰে বতৰত,

উখল-মাখল পৰিবেশ

দুয়ো সম্প্ৰদায়ৰ মিল ৷

কোন হিন্দু,

কোন মুছলমান-

নাই কাৰো তাৰ চিন ৷

আমাৰ গাঁওখনৰ নাম পাখিৰীগুৰী ৷ কৃষ্ণই চহৰৰ পৰা দুই কি.মি ৷ প্ৰায়ভাগ মানুহে খেতিৰ লগত জড়িত ৷ গাঁওখনৰ গোটেই ৰাস্তাৰ কাষত আহল-বহল ধাননি পথাৰ ৷
খেতিৰ বতৰত গোটেই গাঁওখন সেউজীয়া ৰঙেৰে ভৰি পৰে ৷ বয়সীয়াল লোকসকলৰ মতে গাঁওখনত আগতে পাহিৰি নামৰ কিবা গছ আছিল , সেইবাবে ইয়াৰ নাম
পাখিৰীগুৰী হৈছে ৷ আমাৰ গাঁওখনত দুখন প্ৰাথমিক বিদ্যালয় আৰু এখন পানী যোগান আচনিৰ টেংক আছে ৷ সচাঁকৈয়ে ই এক শান্তিৰে বসবাস কৰা ধুনীয়া ঠাই ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 2,012

শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলীৰ পৰা সাত কিলোমিটাৰ পূৱত বেলশ্ৰী নৈৰ পূৱ পাৰে '৪২ ৰ শ্বহীদ দয়াল পনিকাৰ গাওঁখন অৱস্থিত, আমাৰ মৰমৰ গাঁওখন অৱস্থিত, নাম "কাঠনিবাৰী" ।

আমাৰ গাওঁখন যদিও ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ গাতে লগা, ঢেকীয়াজুলীৰ ওচৰত তথাপি বহু পিছপৰা । আমাৰ গাঁৱখনৰ পূৱত কোঁচগাঁও, কাটনীগাওঁ, ভেড়গাওঁ পশ্চিমত বেলশ্ৰী নৈ উত্তৰত বৰডুবি আৰু দক্ষিণত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ, ৰোহিনীবিল । ।

ওচৰত নদী থকাতো বিশুদ্ধ খোৱা পানীৰ অভাৱ , চাফ চিকুণ আছে যদিওবা আৰু প্ৰয়োজন । কৃষি প্ৰধান গাঁওখনত বিভিন্ন সমস্যা আৱৰি আছে । কৃষি সামগ্ৰী কঢ়িয়াবৰ বাবে সময়ে সময়ে গাঁওবাসীয়ে পকি ৰাস্তাৰ বাৰুকৈয়ে অভাৱ অনুভৱ কৰে ।

আমাৰ গাঁৱত মিলা প্ৰীতিৰে হিন্দু মুচলিম ধৰ্মালম্বী লোকে বাস কৰে । বিহু পূজা ঈদ গাঁওবাসী উৎযাপন কৰে । আমাৰ সৰু গাঁওখনত তিনিটা দূৰ্গা পূজা মণ্ডৱ আছে । পূজাৰ সময়ত এই মণ্ডৱ সমূহত যাত্ৰা(নাটক) পাতা হয় । পূজাৰ প্ৰতিমা সমূহ বেলশ্ৰী নৈত বিশৰ্জন কৰা হয় । ঢেকীয়াজুলীৰ প্ৰতিমা সমূহো ইয়াতে বিশৰ্জন কৰে ।

আমাৰ গাঁৱৰ কৃষক সকল সম্পূৰ্ণ নহলেও আংক্ষিক বিজ্ঞান সন্মত ভাৱেৰেই খেতি কৰে । পৰিবেশ বহন কৰিব পৰা প্ৰায় বোৰ খেতিয়ে আমাৰ গাঁৱৰ কৃষক সকল কৰিব পাৰে । যেনে :- কবি তৰমুজ ইছকচ বিলাহী বেঙেনা পটল জিকা কেৰেলা মটৰ জলকীয়া ইত্যাদি ।

এইখনি গাঁও আপোন আপোন । । ।

মুঠ পঢ়ুৱৈ সংখ্যা: 2,627

ভৌগোলিক অৱস্থান :-

মাদুৰি হৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত জোকতলি মৌজাৰ এখন গাঁও । নাজিৰা নগৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত।
মাদুৰি নামৰ উৎপত্তি :-

মাদুৰি নামৰ এবিধ বন থকাৰ বাবে ঠাইখনৰ নাম হল বুলি জনা যায়। মাদুৰি হৈছে এবিধ চোকা ধাৰৰ ক্ষুৰ সদৃশ পাতৰ উদ্ভিদ । এই অঞ্চলৰ পূৱখণ্ডত এখন বিল আছে আৰু ইয়াৰ কাষৰ হাবিত এনে ধৰণৰ বন প্ৰচুৰ পৰিমাণে পোৱা গৈছিল । হাবিৰ মাজত ছেগা -চোৰোকাকৈ এজোপা দুজোপা প্ৰায় ৭০ বছৰমান আগলৈকে দেখা গৈছিল যদিও আজিকালি এই বন একেবাৰেই নাইকিয়া হৈ গৈছে । এই মাদুৰি বনৰ উৎপত্তিৰ কথা মহাভাৰত উল্লেখ পোৱা যায়। আহোম ৰজাৰ দিনত
এই মাদুৰি বনেৰে সজা কথ বৰ আপুৰুগীয়া বুলি পৰিগণিত হৈছিল । জিকিৰত এই সম্পৰ্কে উল্লেখ পোৱা যায় ----

সৰাগুৰি চাপৰি দিখৌ নৈ কাষৰি
ৰজাই বন্ধাই দিয়া মঠ।
ছকুৰি ভকতে লয় আল্লাৰ নাম
মাদুৰি বনৰে কঠ॥

বুৰঞ্জী :-

মাদুৰি হৈছে আহোম ৰাজত্ব কালৰ দুখন পুৰণি চহৰৰ ভিতৰত এখন। চুহুংমুং দিহিঙ্গীয়া ৰজাৰ ৰাজত্ব কালত ১৪৯৭-১৫৩৯ চনৰ মাজ ভাগত দিখৌ নৈৰ উত্তৰ পাৰে দিলিহিত বুঢ়াগোহাঁই ডাঙৰীয়া সকলৰ কাৰণে বাসস্থান আৰু দিখৌনৈৰ দক্ষিণ পাৰে মাদুৰিত বৰগোহাঁই ডাঙৰীয়া সকলৰ কাৰণে স্থায়ী বাসস্থান পাতি দিয়ে। মাদুৰিত পোন প্ৰথমে কিলিংখাম বৰগোহাঁই ডাঙৰীয়াক বাসস্থান দিয়ে। মাদুৰিত প্ৰথম বাসস্থান লোৱা কিলিংখাম ডাঙৰীয়াৰ পৰা ১৭ জন ডাঙৰীয়াৰ বাসস্থানৰ পিছত বৰগোহাঁই সকলৰ প্ৰথম ৰাজমন্ত্ৰী বিষয় বাপ পোৱা লাইথেপেনা বৰগোহাঁইয়ে বাসস্থান লয়।

মুঠ পঢ়ুৱৈ সংখ্যা: 2,341

চিৰচেনেহী অসমীৰ বুকুত বহুতো জাতি-জনজাতিৰে পৰিপূৰ্ণ হৈ আছে । সেই জাতি-জনগোষ্ঠীৰে ভৰপূৰ অসমত নতুনকৈ গঠিত হোৱা বাক্সা জিলাৰ (বি. টি. চি.) মধ্যম বাক্সা মৌজাৰ অন্তৰ্গত এখন সৰু ভিতৰুৱা গাওঁ । আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ । ‘সুৱণখাটা’ নামটো কেনেকৈ বা কি শব্দৰ পৰা সৃষ্টি হৈছিল তাৰ সঠিক তথ্য পোৱা নাযায় । তথাপিওঁ, আইতাহঁতৰ মূখৰ পৰা জানিব পৰা মতে দুটা তথ্য দাঙি ধৰিব পাৰি ।

প্রথম হ’ল, তাহানি যেতিয়া জনবসতি হ’বলৈ ধৰিছিল তেতিয়া গোটেই সুৱণখাটা অঞ্চলটোত ‘সজনকাটা’ নামৰ এবিধ গৰুৱে খোৱা ঘাঁ জাতীয় বন ইমান বেছিকৈ আছিল যে পায়জামা, ধুতি, গামোচা, শাৰি আদি দীঘল কাপোৰ পিন্ধি বাটত বা পথাৰত খোজ দিয়াৰ লগে লগে কাপোৰবোৰত খামোচ খাই ধৰিছিল । সেইবাবে আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ শব্দৰ অপভ্রংশ হৈ সুৱণখাটা হোৱা বুলি প্রবাদ আছে ।

দ্বিতীয়টো হ’ল, আমাৰ সুৱণখাটা অঞ্চলটোত বহুত বেছিকৈ শিল আৰু বালিময় ঠাই থকাৰ বাবে শিলকে সোণ বুলি ভাবি ‘সুৱৰ্ণ’ আখ্যা দিয়া হৈছিল । সেই ‘সুৱৰ্ণ’ শব্দটিৰ পৰা অপভ্রংশ হৈ আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ হোৱা বুলি প্রবাদ আছে ।

আমাৰ গাওঁখনৰ জনগাঁঠনি বিচিত্রময় । অসমৰ প্রায় সকলো জনগোষ্ঠীৰ মানুহে বসবাস কৰে বুলি ক’লেও হয়তো ভুল নহ’ব । অসমীয়া, বড়ো, নেপালী, আদিবাসী, ৰাভা, চাওতাল, কোচ-ৰাজবংশী, মদাহী আদিয়ে প্রধান ।

মুঠ পঢ়ুৱৈ সংখ্যা: 2,519

শুৱনি আমাৰ গাওঁখনি অতি শুৱনি গছেৰে ভৰা
ডাল ভৰি ভৰি ফল ফুল লাগে
কত পাঁও তলসৰা......

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,038
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,930
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,635
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,586