মানুহ ভাল পোৱা কবিজন --- কবিৰঞ্জন দাস

মানুহ ভাল পোৱা কবিজন

ইয়াতে শুই আছে পৰম শান্তিৰে

মাটিৰ বুকুত

কবিতাৰ মালা গাঠি শব্দৰ শিকলি পিন্ধাই

দুখ ভাগৰ অনুভৱ নকৰা কবিজন

আজি যেন বৰ ভাগৰুৱা

অপূৰণীয় অভাৱৰ বোজা হেৰুৱাৰ বেদনালৈ

আজি ঋণমুক্ত হ'ল স্ব ইচ্ছাই

ইয়াত কাৰো হাত নাই মাথোঁ অলপ মৰম বিচাৰিছিল

দোষটো তেওঁৰ একো নাছিল

মানুহক মৰম দিয়া জানো দোষ হয়

কিমান লাঞ্চনা পাবলৈ থাকিল বাকী !

বহুতেই তেওঁক বুজি নাপালে

তেওঁ কিন্তু সকলো বুজিলে

খ্যাতি তেওঁৰ পৰম প্ৰাপ্তি নাছিল

তেওঁ লিখিছিল মনৰ তাগিদাত

সমালোচনাৰ শাণিত বাণে

তেওঁৰ ভিতৰত হতাশাৰ জোৱাৰ তুলিছিল কিন্তু তেওঁ কাকো একো কোৱা নাছিল

তেওঁ জানিছিল ইয়াৰ কোনো স্হায়ী

সমাধান নাই ......

তেওঁৰ সীমিত জ্ঞান বুদ্ধিৰে তেওঁ লিখিছিল জীৱনৰ কবিতা

এতিয়া ভাৱ হৈছে তেওঁক যেন আমিয়েই হত্যা কৰিলোঁ ...

এজন নিঃকিন কবিক

তেওঁক আৰু নজগাবা তেওঁ কেতিয়াও ঘূৰি নহাৰ পণ লৈ মাটিৰ বুকুত মিলি গ'ল

অলপ অভিমানকেই মৰম বুলি ভূল কৰি.........

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,167
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:218
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,233
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,585
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:935