মৃত্যুমূখী এটা দিন --- নিলোৎপল নেওগ

এটি দুটিকৈ পমি পমি শেষ হৈছে জীৱনৰ ম্যাদ ;

বিলিন হৈ গ'ল পোৱা নোপোৱাৰ কত আশা

এই মৃত্যুমূখী সুতত ।

আমি আকুৱালী ল'ব বিচাৰো

জীৱন নাটৰ প্ৰতিটো স্মৃতি ।

হেৰুৱা স্মৃতিত বিচাৰি ফুৰোঁ

ম্লান হৈ পৰা আশাৰ পণ্য ।

মৰীচিকাৰ দৰে খেদি ফুৰোঁ

প্ৰেমৰ মধুৰ স্মৃতিক ।

বৰ কষ্ট প্ৰেমৰ স্মৃতি পাহৰাটো

আৰু তাতকৈও কষ্ট প্ৰেমত হৃদয় হেৰুওৱা ।

অগ্ৰগামী দিনৰ সুঁতি এক যন্ত্ৰণাৰ সুঁতি

য'ত থাকে বিশ্বাসৰ বিপৰীতে বিশ্বাসঘাটকতা ।

দুটা দিনতে অচিনাকী হৈ যাব পৰাটো কি প্ৰেম ?

মই আজি অপেক্ষাৰত সেই দিনটোৰ

যিটো দিনত জ্বলাই মাৰিব পাৰো

প্ৰেমৰ মিছা অনুভূতি মোৰ চিতাত ।

সেই দিনটোত মোৰ আত্মাই চিঞৰি উঠিব

আৰু কব,মই জ্বলাই মাৰিলো এটা কীট

য'ত আছিল প্ৰেম আৰু সহানুভূতিৰ এখন বিশাল সাগৰ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,328
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,635
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,625