মোৰ অনুভৱৰ --- নিলোৎপল নেওগ

ইমান অভিমানী কিয় তুমি,নিকিতা !

তোমাৰ অভিমানবোৰে আজিও জ্বলাই জ্বলাই মাৰিছে

মোৰ জীৱন্ত দেহটোক ।

তুমি সচাকৈয়ে মুহি পেলাইছিলা

ধেমাজি কলেজৰ সমগ্র চৌহদ

তোমাৰ মায়াবী চাঁৱনিত ফুলি উঠিছিল

মোৰ কলিজাৰ ৰঙা ফুল ।

তোমাৰ বেকা চাঁৱনিত আজিও মই মতলীয়া। হৈ পৰো

ভাবি ভাবি ব্যাকুল হৈ পৰো তোমাৰ কথা ।

তুমি যে সুন্দৰী অপ্সৰা সেই কথা অস্বীকাৰ নকৰো ময়ো

কিন্তু মই কেতিয়াও একাত্ম হব নোৱাৰো

তোমাক পাহৰি পেলোৱাৰ সিদ্ধান্তৰ সৈতে ।

তোমাৰ হাঁহিত ফুলি উঠিছিল প্ৰতিপাহ ফুল

মোৰ মন বাগিচাৰ ।

তোমাৰ প্ৰতিটো স্মৃতিয়েই আজি ৰঙীন হৈ উঠিছে

আৰু উজ্জ্বল হৈ উঠিছে মোৰ মন দাপোনত।

আঘোনৰ আবেলিবোৰ আজিও মনত আছে মোৰ

আজিও মনত আছে মোৰ

কলেজৰ বাৰাণ্ডাত একেলগে কটোৱা পলবোৰ

কতদিন পেলাইছিলো অপেক্ষাৰ হূমূনিয়াহ

কলেজ গেটৰ বাহিৰত।

তাৰ পিছতো পাৰ কৰি গৈছিলো

এটাৰ পিছত এটাকৈ বিষাদৰ অধ্যায়।

সেই দিনটোতও মই হাঁহি আছিলো ,যিটোত

তুমি পাহৰি পেলাইছিলা মোৰ জন্মদিন।

সেই সন্ধ্যাটোতও মোৰ খং উঠা নাছিল

যিটোত তুমি লবলৈ অস্বীকাৰ কৰিছিলা

মই দিয়া মৰমৰ উপহাৰ।

তুমি দিয়া মেচেজৰ প্ৰতিটো শব্দই গুজি দিছিলো

মোৰ সুকোমল কলিজাত।

কলেজ তিনিআলিত লগ কৰাটোও আজি

স্মৃতি হৈ ৰ'ল মোৰ বাবে।

তোমাক লৈ ৰচা সকলো কবিতাই আজি

ৰূপান্তৰ হৈছে দুখৰ গীতলৈ ।

সকলো সপোন ধাৱমান হৈছে

মৰ্মান্তিক স্মৃতিলৈ।

আচলতে তুমি কি ভাবা মই নাজানো

জানো মাথোঁ তোমাৰ অনুভৱৰ গভীৰতা।

ৰঙা নীলা পৃথিৱীত থাকি তুমি হয়টো মোক

পাহৰি পেলাইছা

আৰু ভাঁহি ফুৰিছা সপোনৰ পৃথিৱীত।

তোমাৰ প্ৰতি মোৰ কাতৰ অনুৰোধ নিকিতা!

তুমি আতৰি আহা প্ৰেম সাগৰৰ গভীৰতাৰ পৰা,

আঘাত নিদিবা মোৰ দৰে আন কাৰোবাৰ কলিজাত।

তোমাৰ অভিমানবোৰ লগত লৈ

আজিও হয়টো হাঁহি আছা তুমি

কিন্তু মই আজি ভাগৰি পৰিছো

গোটাই গোটাই মোৰ ভগ্ন সপোনৰ টোকোৰা।

মইও সেয়ে হাঁহিম আজিৰ পৰা,

তুমি অবিহনেও হাঁহিবলৈ শিকিছো

তোমাৰ প্ৰেৰণাহীন ক্লাছবোৰত।

আনক মৰম দিবলৈ শিকিলো তোমাৰ পৰাই।

তোমাৰ অভিমানবোৰ আতৰাই এবাৰ চোঁৱা

মই সদায়েই থাকো তোমাৰ সৈতে একেলগে।

আনৰ সচাঁ মৰমবোৰক বুজিবলৈ চেষ্টা কৰিবা,নিকিতা।

তোমালৈ মোৰ ক্ষমা প্ৰাৰ্থনা !

কাৰণ মই মচি দিব বিচাৰিছো

তোমাৰ স্মৃতিবোৰ মোৰ মনৰ পৰা ।

মই পুনৰ কটাব বিচাৰো এটা সুখী জীৱন তোমাৰ অবিহনে

তথাপিও মই আশা কৰো তুমি কুশলে থাকা,

মোক পাহৰিও তুমি সুখত থাকা,নিকিতা;

তুমি য'তেই নাথাকা মাথো সুখী হোৱা ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:627
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,571
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,603
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:758