মোৰ সপোনত --- শেখৰ ভট্ৰাচাৰ্য্য

যোৱাকালি মাজনিশা

মোৰ সপোনত

তুমি আহিছিলা,

অলপ সময় মোৰ

ওচৰত থাকি ,

নিঃশব্দে গুচি গলা

মই গম নোপোৱাকৈ ।

মই যেতিয়াই টোপনিত

ব্যস্ত থাকো ,

তেতিয়াই তুমি মোক

আমনি কৰা ,

এনেদৰে কিমান ৰাতি

আমনি কৰিবা মোক ।

গোটেই ৰাতি তোমাক লৈ

বহুতো সপোন ৰচো,

ৰাতিপুৱা খিৰিকীখন

খুলি দিয়াৰ লগে লগে

তুমি মোৰ সপোনবোৰক লৈ

অদৃশ্য হৈ যোৱা ।

তথাপি ভাল লাগে

তোমাক লৈ সপোন দেখিবলৈ

ভাল লাগে

তোমাৰ ভৰিৰ নূপূৰৰ

শব্দ শুনিবলৈ ,

আৰু বেছিকৈ

ভাল লাগে

তোমাৰ চকুত চকু

থৈ কথা পাতিবলৈ ,

এয়াই তোমাক লৈ

মোৰ সপোন ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,616
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:145
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,703