মোৰ ৰঙৰ পৃথিৱী আৰু প্ৰেমৰ বাৰ্তা --- কবিৰঞ্জন দাস

কিমান ৰঙৰ মেলা হে মোৰ বসুন্ধৰা মুক্ত মনেৰে বোলাইছা ৰঙৰ

ৰহঘৰা প্ৰকৃতিক সজাই পৰাই তুলিছা ন ন সাজেৰে

কিমান বিশাল তোমাৰ বক্ষ একো নাপাওঁ পাৰাপাৰ

শত সহস্ৰ জনে তোমাৰ বুকুত জনমিলে তোমাৰ বুকুৰ অমৃত পান

কৰি গাওঁ আমি জীৱনৰ জয়গান তোমাৰ ৰূপত ভোল গৈ ক'ত

জনে ৰচিলে জীৱনৰ গান

তুমি অপৰূপা সুন্দৰী মোহনীয়া নাই ৰূপৰ তুলনা

তুমি মায়াবিনী ৰহস্যময়ী কৌতুহলৰো নপৰে ওৰ যুগ যুগ ধৰি

বিলাইছা প্ৰেম অমৃতৰ বাণী সেয়েহে আমিও প্ৰেমিক তোমাৰ ....

যুগ যুগান্তৰৰ......

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,199
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,124
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:223
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,527
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,981