মৰমৰ এডৰা সৰিয়হ --- বিশ্বজিৎ নাথ

তোমাৰ হৃদয় পথাৰত বোরাব খোজো এখনি হাল

মৈ মাৰি সিচিম এডৰা সৰিয়হ

নিশাৰ স্নিগ্ধ জোনাকত

আমি দুয়ো বহিম

সৰিয়হ ফুলাৰ বতৰত,

লহপঢকৈ বাঢ়ি অহা সৰিয়হডৰা চাই

হাঁহিম কথা পাতিম

প্রেমৰ কথা

মনৰ কথা

বুকুত সৰিয়হ ৰঙৰ বহুত সপোন ৰচিম দুয়ো

সুন্দৰ ভরিষ্যতৰ

ঠিক সৰিয়হডৰাৰ দৰে

তোমাৰ খিলখিল ওঠৰ হাঁহিত

সানি দিম উষ্ম উশাহ

ৰঙা পৰা দুই অভিমানী গালত

সানি দিম সৰিয়হৰ সুবাস ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,536
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,499
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:677