মৰমৰ ...., মৰম লবা --- প্ৰশান্ত কুমাৰ নাথ

মৰমৰ ...., মৰম লবা

তুমি বাস্কেটত বেগতো লৈ স্কুললে আহোতে
যেতিয়া মোৰ সমুখেৰে পাৰ হৈ যোৱা
এনে লাগে যেন তোমাৰ পিচে পিচে
গোটেই বতাহ জাকেই গুছি গৈছে ।

হৃদপিণ্ড টোৱে ধপধপাই উঠে,
কাজল দুচকু তোমাৰ
কেতিয়াবা অকস্মাতে মোৰ চকুত থমকিলে
ওলোটাই কিয় জানো বয় তেজৰ সোঁত
সীৰা, ধমনি আতাইবোৰত ।

তোমাৰ এপলক চাৱনিত বাৰে বাৰে
থমকিব খোজে মোৰ প্ৰত্যেকটো ৰক্তকণা ।

তুমি যে আলফুলে তুলি লোৱা
সমুখলে নামি অহা ধুনিয়া চুলিখিনি,
এই যে তুমি হাঁহি দিয়া ভাল লগাকৈ
মই ভেৱা লাগি চাও ।
সৰুতে আইতাই দেখুৱাইছিল জোনটো
পিছত আৰু কালৈকো এনেদৰে চোৱা মনত নপৰে ।

এই মুহূৰ্তত তুমি চুলিত মৰা ক্লিপ কেইপাতলে
বৰ ঈৰ্ষা হৈছে জানা,
মোৰ ভাল লাগে সেই গোন্ধ
শ্যাল্লা দিনৰ দিনটো ডুবি থাকে সিহঁত
তোমাৰ চুলিৰ সুবাসত ।

তুমি যে হাঁহি দিয়া ভাল লগাকৈ
ভাৱ হয় মৰম বোৰ যেন সৰিব ধৰিছে
টুপুৰ টুপুৰ কৈ আৰু মই গৈ বুতলি আনিম ।
দুবছৰে হ’ল বোধ হয়
মই আধা পাগল সেই সৰি পৰা মৰম বিছাৰি বিছাৰি,
আৰু তুমি গুৰুত্বই নিদিয়া ।

ভয় লাগে ভাল পাওঁ বুলি ক’ব,
জানোছা খঙত ৰঙা চিঙা পৰা
উচাৎ মাৰি আতৰি যোৱা
তাতকৈ এনেদৰেই ভাল
তোমাৰ ভাৱনাত উপঙি পাৰ হৈ গৈছে
দিনৰ পিচত দিন ।

তোমাৰ দুয়োখন ওঁঠত
নয়নতৰাৰ ৰঙ সানিবলে বৰ মন যাই

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,884
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,683
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,734
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,731
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:194
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,672