যদি মই প্ৰশ্ন ক‌ৰো….??

যদি মই প্ৰশ্ন কৰো..??

তুমি কোন..?

পাৰিবানে দিব তুমি..,

সঠিক পৰিচয়…??

তোমাৰ নিষ্ঠুৰ হৃদয়্ত লুকাই থকা,

সেই হিংস্ৰ ‌পশু‌‌টোক দলিয়াই….

এখনি কোমল হৃদয়ৰ গৰা‌কী হʼবলই…?

ক্ষন্তেকীয়া জীৱ্ন…!!

আজি আছে কালি নাই…!

তথাপিও কিয় খেলা তোমালোকে….

তেজেৰে ফাঁকু….?

বন্দুকৰ সৈতে…,

লুকা-ভাকু…??

“৩০ অক্টোবৰ”ৰ সেই কʼলা দিনটো…!!

ভাবিলে আজিও বুকু উঠে কঁপি…!

শ-শ পৰিয়ালৰ জীৱ্নলৈ…,

অন্ধকাৰ নমাই আনি….

তুমি নিজকে কি বুলি

প্ৰমাণিত কৰিব বিচাৰিলা…?

এজন দেশ-প্ৰেমিক, এজন বিদ্ৰোহী, নে

এজন সম্পূৰ্ণ‌ মানসিকভাৱে বিকাৰগ্ৰস্ত…

এটী দানৱ…??

আজি তুমি নীল গগণ‌ৰ তলত…

মুক্তভাৱে, নিঃসকোচে…

বিচৰণ কৰি ফুৰিছা…,

অনুভৱ‌ হ্য়নে কেতিয়াবা…?

তোমাৰ সেই নিকৃষ্ট স্বাৰ্থৰ বাবে…

বলি হোৱা নিষ্পাপ পৰিয়াল কেইটিৰ কথা…??

প্ৰতিজ্ঞা কৰা, ত্যাগ কৰা…

নিজৰ বঙহৰ লগত কৰা এই

গোলা-বাৰোদৰ খেলা…!!

তোমাৰ হাতৰ বাৰোদ‌ৰ চিকাৰ...,

হʼব পাৰে কেতিয়াবা…

তোমাৰ নিজৰ পৰিয়ালো…..!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,727
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,275
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,649
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,915
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,107
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,620