যোগ্যতা --- ধনঞ্জয় কুৰ্মী

তোমাৰ প্ৰেমত
মই দৈনিক খৰচ কৰো
৩০ৰ পৰা ৪৫ টকা...

মই প্ৰেমিকৰ দৰে ধুনীয়া নহওঁ
ৰ'দৰ চেকা লগাৰ ভয়
যাতায়ত ২০ টকা । ।

তোমাৰ পানীপুৰি খোৱা চাই
শুৱনি লাগে—
বন্ধুৰ সতে,
সৎ সাহসেৰে থিয় হওঁ
তোমাৰ কাষত
আৰু ১০/২০ টকাৰ জৰিমনা...

লাজ লাগিলেও তোমাৰ ফালে চাওঁ
মূহুৰ্তে মূহুৰ্তে
চাৰি চকুৰ মিলনত তুমি হাঁহা
কেতিয়াবা কেতিয়াবা । । ।

তোমাৰ গাঁৱৰ বন্ধু এজনীক সুধিবা---
খুৰাদেওঁ ৩০ টকাৰে কি কৰে
লাজত তলমূৰ কৰি ক'ব
"সন্ধিয়া চাউল আনে"

আৰু মই বেকাৰ খৰচ কৰিছো
দৈনিক —
হয় এইটো সঁচা
তোমাৰ বাবে লাভাম্বিত হৈছে
ফুচকা বেপাৰীটো
অটোৱালাজন

২ টকা এটা নিজ উপাৰ্জন নাই
অথচ মই প্ৰেমিকগিৰি দেখুৱাওঁ
তুমি যদি কেতিয়াবা কোৱা
ব'লা অগ্নিগড়ৰ পৰা আহোগৈ
আহি
তুমি চাগে গোটেই ৰাতি ভাৱিবা
আগলৈ সম্পৰ্ক ৰখাটো সঠিক
হ'বনে—

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,601
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,537
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,767
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,368