লজ্জা --- মুনমী ভট্টাচাৰ্য

শীৰ্ণ হাতেৰে

জৰাজীৰ্ণ দেহাটি ঢাকিবলৈ

সাৱটি লৈছে উৱলি যোৱা

কাপোৰখন ।

বৃথা প্ৰয়াস !

ঢাকেই নাখাইচোন দেহাটি ।

তথাপিও আটোমটোকাৰিকৈ আদৰিছে

সেই নিৰাভৰণক ।

তৃষ্ঞাসিক্ত মলয়াক ৰুধিবলৈ

তাই যে অপৰাগ ।

তথাপি তাই গৰকিবই লাগিব

তীক্ষ্ণ ধাৰাৰ প্ৰতিটি দংশন ।

প্ৰতিডাল কাঁইটৰ

আতুৰ চাৱনিয়ে দহিছে

তাইৰ জীৱনৰ অন্ধকাৰখিনিক ।

অথচ আশাৰ বলুকাত

দিগন্তৰ ৰহন সিঁচি

অপেক্ষা ন প্ৰভাতৰ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,665
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,756
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:104
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,205
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,288
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,538