লাচিত --- কিশোৰ বড়ো

পিতাইৰ পথাৰ প্রেমক সৰগত কৰি
পথাৰৰ পৰা ভোকে-ভাগৰে
গৰুহালক ঘৰমুৱা কৰি
সন্ধিয়া ঘৰ সোমায়হি লেবেজান লাচিত

সন্ধিয়া গা-মুখ ধুই
লাচিতে ফিকা চাহ একাপ আৰু
হাজাৰমুখী পিঠাৰে জলপান খায়
বাতৰি কাকত নাপায় কাৰণে
গাঁৱৰ এঘৰত চৈধ্য ইঙ্কিৰ
কলা-বগা টি ভিৰ ওচৰত বহেগৈ
লাচিতে চাই ভাল পায় “নিউজ লাইভ”
“ডি ৱাই ৩৬৫”আৰু “নিউজ টাইম অসম”
বাতৰিৰ সময়তে গুছি যায় কাৰেন্ট
তেতিয়া বিজ্ঞজনেৰে কিছু মতবিনিময় কৰে
ভোক আৰু নৈৰাজ্য
লাচিতহঁতৰ আলোচনাৰ মূলবিষয়

ফটিকাৰ গোলাপী ৰাগীত
গালে মুখে ভাত কেইটামান খাই
লাচিতে বিছনাত বাগৰে
টোপনি নহোৱা ৰাতিত
বুকুত বাঢ়ি আহে বেকাৰত্বৰ শোষণত
প্রেয়সীয়ে আনলৈ গুছি যোৱাৰ বিষাদ গাঁথা
লাচিতে আত্মহত্যাৰ কথা সামৰি সুতৰি
পিতাই চক্ৰধ্বজৰ জীৱনৰ পৃষ্ঠা পঢ়ে

নিমাত-নিতাল গভীৰ ৰাতি
লাচিতে শুনে যন্ত্রনাত কাতৰ
বুভূক্ষ মানুহৰ চিঞঁৰ
জলমল দুচকুৰ কেনভাচত প্রতিফলিত হয়
ঘোলাপানীত আৰ্চেনিক আৰু কলেৰা খাই
মৃত্যুৰ বাটে খোজ দিয়া শৈশৱ
সীমাৰ সিপাৰৰ পৰা
মোগল সম্রাট ঔৰংগজেব সোমাই আহে
লগত সেনাপতি ৰামসিংহ আৰু সাংগোপাংগো
এটা অজুহাতৰ গইনালৈ
দলিচা পাৰি দিয়ে মোমাই ৰূপি দালাল
তেতিয়া লাচিতৰ তেজ গৰম হয়

লাচিতে বিছনাৰ পৰা জাপ মাৰি উঠে
মোমাই কটা গড় সাজি
হেংদানৰ সলনি হাতত এ কে ৪৭ লৈ
শৰাইঘাটলৈ যোৱাৰ যো-যা চলায়

কিন্তু শৰাইঘাট গৈ নাপায় লাচিত
ৰুগীয়া আই আৰু পিতাই
ঘৰত আছে দুজনীকৈ আবিয়ৈ বাই
লাচিতে ইমানতে যাত্ৰা সামৰে

ৰাতিপুৱা নাঙলৰ মুঠিত
লাচিতে বিছাৰি পায় জীৱনৰ সংজ্ঞা ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,480
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,577
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,579
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,585
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,612