শব্দৰে সমাপ্ত --- ধনঞ্জয় কুৰ্মী

জিলিকি উঠিছে পাই মমৰ পোহৰ
সন্মুখত ৰখা এখিলা উকা বগা কাগজ
অন্ধকাৰ কোঠালিৰ মমৰ পোহৰে
তিৰবিৰকৈ জ্বলি কিবা ক'ব খুজিছে
কোৱা নাই
কিন্তু যি বুজিছো;
এয়া কবিতা লিখাৰ আহ্বান ।

কবিতা...
কবিতা লিখিম মই
কিন্তু বিচাৰি পোৱা নাই শব্দ
কিহক যে লৈ লিখিম পদ্য
কেনেকৈ দিওঁ শব্দৰ জন্ম
শব্দ পালেও
নাপাওঁ বিচাৰি চন্দ...

মমৰ শিখা তেতিয়াও জ্বলি আছিল
আৰু মই আছিলো বিচৰাত ব্যস্ত
অন্ধকাৰ কোঠালিত কেইটামান শব্দ
তেতিয়াও নগ্ন নিস্তব্ধ হৈ পৰি আছিল
এখিলা কাগজ ...

শব্দ!
মোক লাগে মাথো কেইটামান শব্দ
সঙ্গ দিবলৈ নিসঙ্গ কাগজ খিলাক
হঠাত বিচাৰি পালো এটা শব্দ
শব্দটোৱে আৰু শব্দ বিচৰাত জন্মালে ব্যাঘাত।
নগ্ন কাগজখিলায়ো লুকাই পৰিল লাজ ঢাকিবলৈ
এয়া আছিল ভয়ংকৰ বুকু কপোৱা শব্দ
মিহিকৈ দুৱাৰ খোলাৰ শব্দ ।
দুৱাৰ খুলি সোমাই আহিল
কিচ্ কিচিয়া ক'লা মেকুৰী এজনী
ভৰিৰ ওচৰত আহি দিলে আৰু এটি শব্দ
এটি এটি শব্দ বিচাৰি বহুত শব্দৰ মাজত
নগ্ন কাগজ খিলাৰ তলত লিখিলো ...
সমাপ্ত ।।

(২০০৮ চনত ঠেলামৰা মধ্য, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আলোচনী "প্ৰয়াস"ত প্ৰকাশিত)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,019
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,766
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,728
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,787