শব্দ, শোষন ইত্যাদি --- দাদুল ভূঞা(জোনাক)

শব্দবোৰে মোৰ বুকুত আক্রমন কৰে,
কেতিয়াবা নিশা কেতিয়াবা পুরা।

বৰ জোৰকৈ খুন্দা মাৰি মোক কোঙা কৰি পেলাই,
কহুনাৰে ধান চপোরাদি চপাই আনো শব্দবোৰ।

বগা কাগজৰ উকা পাতত লিখি যাওঁ ধনতন্ত্র কিম্বা শোষনৰ বিৰুদ্ধে ,
উকমুকাই থকা দন্তবিষ্ফোৰক শব্দবোৰ।

উকা কাগজৰ পাতত শব্দৰে দেখা পাওঁ স্বাধীনতাৰ সপোন,
দেখা পাওঁ আইৰ বুকুত শোষন বিহীন স্বতন্ত সমাজ।

পিতাইৰ নাঙলৰ মুঠিত জীয়াই থকাৰ বাসনা ,
এন্ধাৰত সাবটো পিতাইক শোষন কৰা ধনতন্ত্রৰ কৰাল গ্রাস।

পিতাইয়েও স্বাধীনতা বিচাৰে নাঙলৰ মুঠিত,
নাঙলৰ সিৰলুৰে সৃষ্টিৰ পথাৰত আকি যায় অসমতল ভূগোল।

ৰজাৰ শোষনত পৃষ্ট মোৰ দৰে প্রজা তেওঁ,
তেওঁকো স্বাধীনতা লাগে, লাগে উচিত মূল্য খেতিৰ।

পিতাইয়েও প্রতিবাদ কৰে ধনতন্ত্রৰ বিপৰিতে,
গঢ় দিব খুজে শোষন বিহীন এখন স্বতন্ত্র সমাজবাদ।

+++++++++++++++++++++++++

দাদুল ভূঞা(জোনাক)
জিলা:- শোনিতপুৰ,গহপুৰ(মাগনি)
মো:-৭৮৯৬৫০৬১৫৫/9859289325

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,766
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,728
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,019