শাওণৰ কবিতা --- শ্ৰী ভাস্কৰ জিৎ নাথ

বুকুত এবুকু উদাস স্বপ্ন লৈ সংগোপনে জোনজনী বহি থাকে,
পথাৰৰ চিৰালফটা মৃত দেহটো লৈ ।
তাৰ সোঁ-মাজতে বহি হাঁকুটিয়া স্তুতি,
কজলা বৰষুণৰ নিটোল বন্দনা,
এবাৰ..,
এবাৰ মাথো দেখা দিয়া...

বছৰেকীয়া সপোনটো গোটাওঁতেই আইৰ তিনিলোচা হাঁহি বন্ধকীত ৰ'ল....
হালৰ গৰু, ৰোৱণীৰ হাতৰ পৰশ পথাৰত নপৰা হল,

বৰষুণহীনতাৰ প্রতিবাদী হৃদয়খন ক্রমশ: হৃদয়তে মৰহিল,
ধর্না-আন্দোলন-বন্ধৰ আবেদনখন কাৰো চকুত নপৰিল ।

বাৰিষাৰ বাবে থোৱা চাকিটো নুমাই শেষ হ'বৰ হল,
সোণালী আঘোণৰ ছবি শুকাই মৰহি গ'ল ।

শাওণে এতিয়া কান্দে...
জীপালহীন বৰষুণত তিতি,
মন গলেই হাঁহে মৰহা শস্যবোৰ সাবটি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:145
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,703
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,699