শীত --- মুনমী ভট্টাচায্য

এইবেলি শীতৰ সভা বহিছে ।

পদপথত পৰি ৰোৱা

সৰাপাতবোৰ, লঠঙা গছ

আৰু জীৰ্ণ - শীৰ্ণ

মানৱবোৰৰ মাজত ।

আলোচ্য বিষয় -

" শীত কাৰ বাবে ?? "

হীমশীতল বতাহজাককো

আওকাণ কৰি সংগ্ৰামৰত

কণমানিজনী, তাইৰ ৰুগীয়া মাতৃ

অথবা কোনো দানৱৰ অত্যাচাৰত

পাগলী হোৱা মহিলাগৰাকী

সকলোৰে শীত একেইনে !

শীতৰ সমদলত

বাৰুকৈয়ে বিধস্ত হৈছে

ফুটপাথত পৰি ৰোৱা সেইসকল ।

যাৰ শীতৰ আগমনে

সংগ্ৰামৰ আন এটি

জীৱন্ত ৰুপ দাঙি ধৰে ।

লোকচক্ষুৰ মানসত

অস্তিত্বহীন নাগৰিকৰ তালিকাত

তেওঁলোকৰ স্হান শীৰ্ষত ।

এইবেলি শীতৰ সভাত

ৰাজকীয় অভিবাদন জনাইছে

এজন অশীতিপৰ বৃদ্ধ ভিক্ষাৰীয়ে ।

যাৰ একমাত্ৰ পঁজা হ’ল

মহানগৰীৰ ফুটপাথ ।

মেঘৰ কুঁৱলী ভেদি

এইবাৰ শীতৰ সভা পণ্ড কৰিলে

এজাক বৃষ্টিয়ে ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,264
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,340
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,467
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:806
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,271