শূন্যতাৰ আলিঙ্গন --- ৰিয়ান স্মিথ্

নিশাৰ বুকুত সন্ধিয়া নমাৰ দৰেই

বৰষুণজাক নামি আহিছিল চহৰ খনলৈ,

যি চহৰৰ মাজ মজিয়াত থুপ খাই আছিল

মোৰ অভিনৱ হৃদয়ৰ এজাক সপোন |

বুকুৰ এচুকত মৰহি যোৱা মৰমবোৰ

মৰা সুতিটোৰ দৰে আজিও বৈ আছে নীৰৱে ,

চেঁচা বতাহজাকত কেতিয়াবা সাৰপাই উঠে

সময়ৰ জোলোঙাৰে নিগৰি থকা অতীতৰ শব্দবোৰ |

সাগৰ তীৰৰ ছবি দুচকুত আঁকি

মৌনতাৰ সতে উদযাপন কৰিছো,

নপোৱা হৃদয়ৰ বেদনাৰ স্মৃতি,

কোনো অভিমান ৰখা নাই কাৰো ওচৰত

কোনো অভিযোগ কৰা নাই সময়ৰ হাতত

মাথো দুহাত মেলি বুকুপাতি লৈছো শূন্যতাৰ আলিঙ্গন !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,279
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,280
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,946
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,485
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581