শৰত আহিছে অনুৰাধা---- কিশোৰ বড়ো

শুকুলা মেঘৰ আঁচলত ধৰি
শৰত আহিছে অনুৰাধা
নিৰ্মল নদীৰ প্রতিশ্রুত উশাহেৰে
তোৰ বুকুত ফুলিছিনে শুভ্র কঁহুৱা

ৰিব্ ৰিব্ মলয়া বতাহৰ তালত তাল মিলাই
জাক পাতি শৰালি উৰে
বগলী উৰে বগাকৈ পাখি নচুৱাই
হঠাৎ কৰ পৰা আহিল জানো ক’লা ধোঁৱা
বতাহৰ ঘোঁৰা চেকুৰাই
শৰালি-বগলীয়ে উভতি অহাৰ বাট হেৰায়

“ আদা ডেউল ডেউল, আদা ডেউল
অন্যৰ ধান আউল-জাউল
আমাৰ ধান মইলখা চাউল………”
ঔ খলপৰ চাকি জ্বলাবি ক’ত
দেখিছানে অনুৰাধা
কাঁচৰ দৰে ভাঙি পৰা আহিনৰ গৰ্ভৱতী সপোন
যাতনাৰ আঙুলি গজা বানে ধোৱা মাটি
জিৰ জিৰ বৈ আহে শোকৰ দীঘলীয়া উকি

জোনালী ৰাতি শেৱালী ফুল ফুলে
বেলিয়ে সাৰ পোৱাৰ আগতেই সৰে
তই জানো বুজা অনুৰাধা
শেৱালী গছৰ বিষাদ গাঁথা
উৱলি যোৱা মানবতা বৰকৈ গোন্ধাইছে
তই উশাহ ল’ব পাৰিছানে অনুৰাধা
শেৱালী ফুলে তল পেলাব পৰা নাই
সেই কেচেমা-কেচেম গোন্ধ
নিৰ্মল নদীখনো তেজ ৰঙা ঢৌ কঢ়িয়ায়

কাকো বিশ্বাসত নলবি অনুৰাধা
চকুত কুটুম বুকুত হুল
শতৰু চিনিবি , জুখি-মাখি দিবি খোজ
য’তে ত’তে মেলি নিদিবি
তোৰ কঁহুৱা কোমল মন
ৰাতিৰ বুকু চিৰাচিৰ কৰি চিঞৰিছে কোনে
কোনে চিঞৰিছে , শুনিছানে অনুৰাধা
কোনোবাই কাৰোবাৰ সতীত্বত দাগ বহুৱাইছে
কোনোবাই কাৰোবাক ছুৰিকাঘাট কৰিছে
কোনোবাই কাৰোবাৰ দেহত মাৰণাস্ত্রৰে ছৱি আঁকিছে
জোনে মৃতদেহবোৰ মুখস্থ কৰি
মৰানদীত আত্মজাহ দিছে

দুৱৰিয়ে নিয়ৰৰ কাণফুলি পিন্ধি
শৰতৰ কথা পাতে , আকাশৰ স’তে
তেজৰ ডোঙাত দুৱৰিবোৰ ওপঙি থকা দেখি
উচুপি উঠে জোনাকী পৰুৱাই
হায় ! হায় ! ইয়াত কাৰো যে ক’তো ভৰসা নাই

এনেদৰেই শৰত আহিছে অনুৰাধা
সেইবুলি য’তে ত’তে মেলি নিদিবি
তোৰ কঁহুৱা কোমল মন ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,395
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,885
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,398
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,188
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:322