সপোন ( মই ,ক'লা ধন আৰু এটা পৰুৱা ) --- ডিম্বেশ্বৰ কোচ

পুৱাই বাতৰি কাকত খন হাতত লৈ আগফালৰ বাৰান্দাত বহিলো ৷ পেপাৰ খনত চকু গ'ল ," বৰ বৰ ৰাজনীতিকৰ ক'লা ধন চুইছ বেংকত" ৷ মনটো গধুৰ লাগি আহিল ৷ পুঁৱাতে ফিকা চাহ এবাতি আৰু এটা চিগাৰেট নহলে মনটো ভাল নালাগে ৷ গধুৰ গধুৰ লাগে ৷ পেপাৰ খন সামৰি তিনিআলিলৈ ওলাই আহিলো ৷ চিগাৰেট এটাকে ফুকি আঁহো ৷ ঠিক তিনিআলি পোৱাৰ আগতে এটা খিটিং খিটিং শব্দত চকু আলিবাটত পৰিল ৷

এটি সোণবৰণীয়া গোলাকাৰ বস্তু এটাই জপিয়াই আছে ৷ বুটলি ললো ৷ হাতৰ তলুৱাত এটি পুৰণিকলিয়া সোনৰ পইছাই নাছি আছে ৷ লিড়িকি বিদাৰি চালো ৷ হনুমান থকা পইচা ৷ পইচাটো পকেটত ভৰাই চাহৰ দোকান পালোগৈ ৷ চাহকাপ আৰু চিগাৰেটৰ সোৱাদ লৈ থাকোতে অনুমান কৰিছো , পকেটত পইচাটোৱে জপিয়াই আছে ৷ চাহকাপ খাইয়ে ঘৰ মুৱা হলো ৷

যোৱাকালি ঘটিৰামে কৈছিল বোলে চলিহা বেজে হনুমান থকা পুৰণা পইচা বিচাৰি আছে ৷ গুপ্তধন উলিয়াই আনিব পাৰে বোলে ! মোৰ পইচাটো জীয়া চাগে ! কথাবোৰ ভাৱি ভাৱি ঘৰ পালোহি ৷ চলিহাবেজক কথাটো জনাও নেকি? যদি চুইছ বেংকৰ পৰা ক'লাধন বা গুপ্তধন আনিব পাৰো ! আকৌ ভাৱিলো চলিহাবেজক খৱৰ দিয়া মানে ৫০ - ৫০ কৰিব লাগিব দেখোন ৷ নাই নামতো ৷ নিজে কিবা এটা কৰিব লাগিব ৷ ঘৰৰ বুকচেল্ফত থকা কৌটিল্য অৰ্থশাত্ৰখন উলিয়াই ললো ৷ চকু ফুৰালো কিবা যাদু মন্ত্ৰৰে ধন আয়ত্ব কৰা কৌশল আছে নেকি ৷ নাই বিচাৰি নাপালো ৷ অদৃশ্য হোৱাৰ মন্ত্ৰ , আঙঠিৰে গছৰ পৰা পকাফল পৰা , নিশা খালি চকুৰে সকলো দেখা আদি মন্ত্ৰ কৰ্ম হে আছে ৷ ভাৱিলো চলিহা বেজক মাতিবই লাগিব ৷ যি হওক আজি নিশাটোতে ধনি হবই লাগিব ৷ বাঃ কিযে ভাল লাগিছে ৷

গধুলি চলিহা বেজ ওলালহি ৷ মাজনিশা ধুপ ধুণাৰে পুজা পাঠ আৰম্ভ হ'ল ৷ চলিহাৰ মুখত কাহানিও নোশুনা মন্ত্ৰ ৷ মন্ত্ৰ যিমানেই মাতিছে সিমানেই পইচাটোৱে নাচিছে ৷ হঠাৎ ডাঙৰ এমোনীয়া বস্তা এটা হাজিৰ ! তেনেতে নাকটো বৰ বিষ এটা হ'ল ৷ বহি পৰিলো ৷ নাকটো খেপিয়াই চালো ৷ এটা ৰঙা পৰুৱাই কামোৰি আছে ৷ এফালে নাকৰ বিষ আনফালে টকাৰ বেগ(?) অ ,মই দেখোন সপোনহে দেখি আছিলো ! ক'লাধন গোটাই একে দিনাই ধনী হোৱাৰ সপোন ৷ বাঃ কি মস্তি সপোন ! পিছে বাস্তৱলৈ ঘুৰি আহি সেই পৰুৱাটোলৈ লাজ লাগিল ৷ বিচনাখনৰ কাষেদি এটা পৰুৱাৰ লানি নিচিগা সমদল ৷ সহযোগীতাৰে নিজ নিজ কৰ্ম কৰি গৈছে ৷ কৰ্ম ই যে সিঁহতৰ ধৰ্ম

(এটা সঁছা সপোন ,সেয়ে লিখি পালো ৷ দিনটো সকলোৰে শুভ হওক )

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,499
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,536
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,399
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:995