সি মোৰ স্বপ্নৰ ভগৱান --- ইনতাজ হক

দ্বাৰকাত তাৰ জন্ম

মদিনাত তাৰ ঘৰ ।

সি কোঙা,

সি খোৰা,

সি বোবা,

সি কলা ।

ভিৰ ঠেলি যেতিয়া সি ভাত ভাত কৰে

দুটা কুকুৰৰ যুজত এডাল কামিহাৰ ভাঙে !

কি নাম তাৰ ?

হজৰত,কৃষ্ণ,যীচু,বুদ্ধ ?

ফুটপাথত যেতিয়া সি বাগৰি ফুৰে,

শুকুৰবাৰে দুপৰীয়া বাৰতা বাজে ।

সি আল্লাহ্ বুলি চিঞৰে,

মুদ্ৰা যেন শুনা যায় আজানৰ সুৰ ।

কল্ড ড্ৰিংকচৰ বটলত কোনোবাই চুমুক মাৰে ।

হাইৰে দুনিয়য়া !গ্ৰীষ্মও কি এতিয়া নপুংসক বিলাসিতা ?

কাশীৰ পৰা সি এখন চিটীবাছত উঠে,

"একোজন মাৱৰ দুজন পুত্ৰ

দুজন নয়নৰ মনি

একেজন থাকে আকাশে বিমানে

একেজন গছৰ তলে পৰি"

এনেদৰে ক্ৰমশ সি বৃদ্ধ হয়

জেৰুজেলেম অথবা পাতলিপুত্ৰ ।

তাৰ মৃত্যু তাৰ ঐশ্বৰ্য্যবিলাস !

ভাত আৰু ভোকৰ যুদ্ধত

ভগৱান হৈ পৰে অস্পৃশ্য লেলাৱতি !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,038
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,930
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,635
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,092