সীমাৰেখা --- ৰাজীৱ কায়স্থ

এইফালে এডাল সীমাৰেখা আছে দৃশ্যপটৰ দলিচাত অদৃশ্য হৈ,

এইফালে এডাল সীমাৰেখা আছে বৈসাদৃশৰ মাজতো অৰ্থৱহ হৈ ।

সীমাৰেখা ডালৰ
পূৱ প্ৰান্তৰ ব্যায়বহুল পথটোত বৰ বৰ অট্টালিকাৰ গপছ আৰু
খিলখিল হাঁহি ।।

তাত অভাৱৰ চকুহালত নাৰণিৰ পথাৰৰ দৰে অশুৱনিৰ লেখমানো চিন নেথাকে,

থাকে বেহুচ মদিৰাৰে মাতাল ।

সীমাৰেখাৰ
পশ্চিমি প্ৰান্তত
বিধৱা আকাশখনত দুলি থাকে দুখ

মেঘেৰে সৰি পৰে বতাহৰ বঙহ খোৱা এডোঙা তেজ তৰলীকৃত ঘড়ীৰ ৰাজহাড় ।

পূৱৰ জাঠি বুকুত বিন্ধাই জহি খহি ধলি পৰে ৰক্তিম বেলি পশ্চিমত ।

সীমাৰেখাৰ এইফালে অন্ন-বস্ত্ৰৰ সন্ত্ৰাস; পদে পদে আন্দোলন,
ধৰ্মঘটৰ তপত ঘাম ।

অদৃশ্য এখনি মৰুভূমিৰ জীৱন্ত যন্ত্ৰণা এয়াই দৰিদ্ৰাতুৰৰ সীমাৰেখা;

য'ত কন্যাকালৰ জবা তেজ আজিকোপতি শুকুৱা নাই ।

য'ত হালোৱাৰ গৰুহাল পৰ্য্যন্ত উলতি অহা নাই মহাজনৰ গোহালিৰ পৰা ।

এই সীমাৰেখাৰ ক'ৰবাত পচি আছে আজুদেউতাৰ হাড় ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,124
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:266
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,011
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,527
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,981