সুৱণখাটা --- মৃণালৰাজ কলিতা

মৃণালৰাজ কলিতা's picture

চিৰচেনেহী অসমীৰ বুকুত বহুতো জাতি-জনজাতিৰে পৰিপূৰ্ণ হৈ আছে । সেই জাতি-জনগোষ্ঠীৰে ভৰপূৰ অসমত নতুনকৈ গঠিত হোৱা বাক্সা জিলাৰ (বি. টি. চি.) মধ্যম বাক্সা মৌজাৰ অন্তৰ্গত এখন সৰু ভিতৰুৱা গাওঁ । আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ । ‘সুৱণখাটা’ নামটো কেনেকৈ বা কি শব্দৰ পৰা সৃষ্টি হৈছিল তাৰ সঠিক তথ্য পোৱা নাযায় । তথাপিওঁ, আইতাহঁতৰ মূখৰ পৰা জানিব পৰা মতে দুটা তথ্য দাঙি ধৰিব পাৰি ।

প্রথম হ’ল, তাহানি যেতিয়া জনবসতি হ’বলৈ ধৰিছিল তেতিয়া গোটেই সুৱণখাটা অঞ্চলটোত ‘সজনকাটা’ নামৰ এবিধ গৰুৱে খোৱা ঘাঁ জাতীয় বন ইমান বেছিকৈ আছিল যে পায়জামা, ধুতি, গামোচা, শাৰি আদি দীঘল কাপোৰ পিন্ধি বাটত বা পথাৰত খোজ দিয়াৰ লগে লগে কাপোৰবোৰত খামোচ খাই ধৰিছিল । সেইবাবে আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ শব্দৰ অপভ্রংশ হৈ সুৱণখাটা হোৱা বুলি প্রবাদ আছে ।

দ্বিতীয়টো হ’ল, আমাৰ সুৱণখাটা অঞ্চলটোত বহুত বেছিকৈ শিল আৰু বালিময় ঠাই থকাৰ বাবে শিলকে সোণ বুলি ভাবি ‘সুৱৰ্ণ’ আখ্যা দিয়া হৈছিল । সেই ‘সুৱৰ্ণ’ শব্দটিৰ পৰা অপভ্রংশ হৈ আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ হোৱা বুলি প্রবাদ আছে ।

আমাৰ গাওঁখনৰ জনগাঁঠনি বিচিত্রময় । অসমৰ প্রায় সকলো জনগোষ্ঠীৰ মানুহে বসবাস কৰে বুলি ক’লেও হয়তো ভুল নহ’ব । অসমীয়া, বড়ো, নেপালী, আদিবাসী, ৰাভা, চাওতাল, কোচ-ৰাজবংশী, মদাহী আদিয়ে প্রধান ।

আমাৰ গাওঁ সুৱণখাটাত প্রতিবছৰে মাঘ মাহৰ তিনি তাৰিখৰ পৰা ‘সুৱণখাটা মাঘ মেলা’ নামেৰে ডাঙৰ মেলা হয় । ১৯৫২ চনৰ পৰা বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ ভেটিস্বৰূপে এই মেলাখন স্থাপন কৰা হৈছে আৰু এইবাৰ মেলাখনে ৬১ বছৰত ভৰি দিছে । ইয়াৰ মূল উদ্দেশ্য হৈছে মাঘৰ বিহুত জন-প্রতিনিধি মন্ত্ৰী, বিধায়ক সকলক আমন্ত্ৰণ কৰি আমাৰ অঞ্চলটোৰ ৰাজহুৱা অভাব-অভিযোগ দৃষ্টিগোচৰ কৰি অনুষ্ঠান-প্রতিষ্ঠান স্থাপন কৰা । কিন্তু বৰ্ত্তমান সেই উদ্দেশ্যতকৈ জাক্-জমকতাইহে বেছিকৈ প্রাধন্য পাইছে । ‘সুৱণখাটা মাঘ মেলাৰ’ লগতে এইবাৰ তৃতীয় ‘ভাৰত-ভূটান বন্ধুত্ব মেলা’ অতি জাক্-জমকতাৰে সাত দিনীয়াকৈ পালন কৰা হয় । এই মেলাত যাত্রা-পাটি, ঢুলীয়া, যাদু, মিনা বজাৰ, বিভিন্ন জনগোষ্ঠীৰ নৃত্য ( যেনে- খেৰাই, ঝুমুৰ, ভূটীয়া, চাওঁতালী, তাখাং, মদাহী আদি) ইয়াৰ উপৰিও বি. টি. চি. ৰ হস্ততাঁত বস্ত্র মেলাইয়ো অংশগ্ৰহণ কৰি আহিছে ।

আমাৰ গাওঁখনৰ পৰা প্রায় ৫ কিঃমিঃ আতঁৰত উত্তৰে ভাৰত-ভূটান সীমান্তত থকা “পগলাদিয়া” আৰু “দিয়া” নদীৰ সংগমস্থানত “চৌকি” নামেৰে এখন পাহাৰীয়া ঠাই আছে । ‘চৌকি’ত ইংৰাজী নৱবৰ্ষৰ সময়ত বহুতো পর্যটক আৰু বনভোজ খাবলৈ আহে । লগতে পাৰ্ক, পাহাৰৰ ওপৰত ৰেষ্ট হাউচ, কংক্রিট ব্রীজ, শিলাময়, পাহাৰৰ পৰা বৈ অহা পগলাদিয়া নদীৰ প্রাকৃতিৰ দৃশ্য আদি চাবলগীয়া ।

আমাৰ গাওঁখন ভাৰত-ভূটান সীমান্তত থকা বাবে বেপাৰ-বাণিজ্যৰ ক্ষেত্রত বহু পৰিমাণে উন্নতি লাভ কৰা দেখা যায় । তাহানিৰ সুৱণখাটাত ভূটান ৰাষ্ট্রৰ ভূটীয়াসকলৰ লগত এক নিবিড় সম্পর্ক আছিল । ভূটীয়াসকলে তেওঁলোকৰ ঠাইত উৎপাদিত আদা, জলকীয়া, কমলা, লিচি, ধুনা আদিবোৰ বস্তু সুৱণখাটা সাপ্তাহিক বজাৰ’ক কেন্দ্র কৰি বিক্রী কৰিবলৈ আহিছিল । সাপ্তাহটোৰ তিনি-চাৰি দিন ধৰি সাপ্তাহিকে লৈ অহা বস্তুবোৰ বিক্রী কৰি ইয়াৰ পৰা নিমখ, চাউল, মাছ-মংস আদি কিনি নিজৰ ঘৰলৈ লৈ গৈছিল । ‘কুৰমা’ সম্বোধনেৰে সুৱণখাটা বাসীৰ লগত মিতিৰালি পাতিছিল আৰু তেওঁলোকে সৰু-ডাঙৰ সকললোৰে বাবে ‘চাজি’ আছিল । তাৰ ফলত সুৱণখাটা অঞ্চলৰ বেপাৰ-বাণিজ্য বহু পৰিমাণে উন্নত হৈছিল । কিন্তু বৰ্ত্তমান বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ প্রভাবে সুৱণখাটাবাসী আৰু ভূটীয়াসকলৰ মাজত বেপাৰ-বাণিজ্যই কিছু সাম কাটিছে ।

সুৱণখাটাত শিক্ষাৰ ক্ষেত্রত তাহানিৰ পৰাই কিছু ব্যৱস্থা হৈছিল যদিও এতিয়াও উচ্চ শিক্ষাৰ বাবে কোনো ব্যৱস্থা হোৱা নাই । একমাত্র ১৯৬৯ ইং চনতে স্থাপন কৰা সুৱণখাটা হাই স্কুলতে সীমাবদ্ধ হৈ আছে । আমাৰ গাওঁখনৰ প্রাই ৯৫ শতাংশই কৃষিজীৱি । উচ্চ শিক্ষাৰ অভাবৰ বাবেই হয়তো শিক্ষিতৰ হাৰ দুখ লগা । বি. টি. চি. গঠন হোৱাৰ পিছত ৰাস্তা-ঘাট, স্বাস্থ্য-ব্যবস্থা, বিজুলীবাতিৰ ক্ষেত্রত কিছু উন্নতি হৈছে যদিও অন্য ঠাইৰ তুলনাত এতিয়াও বহু পিছ পৰি আছে । খোৱাপানীৰ ক্ষেত্রতো একেবাৰে পিছ পৰি আছে । খোৱাপানীৰ বাবে PHE য়ে বহু বছৰ আগতে এটা আঁচনি কৰিছিল যদিও আজিলৈকে সেই আঁচনিৰ কাম সম্পর্ণ হোৱা নাই । বি. টি. চি. গঠন হোৱাৰ ‘ৰিগ বোৰিং’ কৰি প্রতি চুপাতে খোৱাপানীৰ বাবে কিছু ব্যবস্থা হৈছে যদিও ই যথেষ্ট্য নহয় । ভৱিষ্যতে, চৰকাৰে সমূহ সুৱণখাটাবাসী ৰাইজক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিব বুলি আশা কৰিছো । লগতে আমাৰ অতিকে আপোন গাওঁ সুৱণখাটাৰ ভৱিষ্যত উজ্জল কামনা কৰাৰ বাবে চৰকাৰ ওচৰত কাতৰ অনুৰোধ জনাইছো ।।

আমাৰ গাঁও

মুঠ পঢ়ুৱৈ সংখ্যা: 735

"আমাৰ গাওঁ শুৱনি গাওঁ
প্ৰগতিৰে শান্তিৰে আমি আগুৱাওঁ ৷
জাতি-ধৰ্ম নিৰ্বিশেষে আমি ভাই-ভাই
জীৱন গঢ়িবলৈ ক'তোৱেই নাই ইয়াতকৈ পূণ্য ঠাই ৷৷"

প্ৰাকৃতিক সৌন্দৰ্যবোৰ আমি নিজৰ নিজৰ গাওঁ সমূহতে কম-বেছি পৰিমানে দেখা পাওঁ ৷ মোৰ গাওঁখনিও প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৷ মই যিখন গাৱত বসবাস কৰোঁ সেইখন শিক্ষাৰ নৱদীপ নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ অন্তৰ্গত ৷ মোৰ গাঁৱৰ নাম হ'ল জাহা ; যিখন নলবাৰী চহৰৰ দক্ষিনে প্ৰায় ৯ কিঃমিঃ নিলগত অৱস্থিত ৷ খেতি-বাতিৰ ক্ষেত্ৰত আগবঢ়া এই গাওঁখনি শিক্ষাৰ ক্ষেত্ৰতো যথেষ্টখিনি আগবঢ়া ৷ কেৱল হিন্দু ধৰ্মাৱলম্বী লোকৰ বাসস্থানথলী এই গাঁৱৰ ৮০-৯০% লোকেই শিক্ষিত ৷ পুৰুষৰ লগতে মহিলাসকলেও প্ৰায় সমানে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে ৷ সৰহ সংখ্যক মহিলাই স্বাৱলম্বী হ'বলৈ আত্মনিৰ্ভৰশীলতাৰ সুপথ বাচি লৈছে ৷ মূলতঃ আত্ম সহায়ক গোটৰ লগত জড়িত হৈ নিজকে কৰ্মমুখী কৰি তুলিছে ৷ এই গাৱৰ কিছু সংখ্যক মানুহে বিল-পুখুৰী আদিত মৎস্য পালন কৰিও জীৱিকা নিৰ্বাহ কৰি আছে ৷ বহু দূৰ-দূৰণিৰ ঠাইলৈ ইয়াৰ মাছ ৰপ্তানি হয় ৷

আমাৰ গাৱত এখন প্ৰাথমিক বিদ্যালয় আছে যিখনৰ নিচেই কাষেৰে এটি ডাঙৰ জান বৈ গৈছে ৷ এই জানটিত খেতিয়কসকলৰ উপযোগী হোৱাকৈ ৬ বছৰমান আগতে এটি চুইট্ছ গেট স্হাপন কৰা হৈছিল ৷ তাৰোপৰি আমাৰ গাৱৰ এমূৰে এখন মধ্য ইংৰাজী বিদ্যালয়ো আছে ৷ আন এটা মূৰত শ্ৰীশ্ৰী মহাপ্ৰভু বাৰ গোপাল জাগ্ৰত থান এখন আছে ৷ য'ত দৈনিক হিন্দু ধৰ্মাৱলম্বী লোকৰ সমাগম হয় ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 1,189

সচাঁকৈয়ে আমাৰ গাঁওখন এক শান্তিৰ পৰিবেশ ৷ সকলোৱে মিলি একতাৰে বাস কৰা এক শৃংখলাবদ্ধ গাঁও ৷ আমাৰ গাঁওখনত হিন্দু-মুছলমান একেলগে মিলি যিকোনো

উৎসৱ পালন কৰো ৷

বিহুৰে বতৰত,

উখল-মাখল পৰিবেশ

দুয়ো সম্প্ৰদায়ৰ মিল ৷

কোন হিন্দু,

কোন মুছলমান-

নাই কাৰো তাৰ চিন ৷

আমাৰ গাঁওখনৰ নাম পাখিৰীগুৰী ৷ কৃষ্ণই চহৰৰ পৰা দুই কি.মি ৷ প্ৰায়ভাগ মানুহে খেতিৰ লগত জড়িত ৷ গাঁওখনৰ গোটেই ৰাস্তাৰ কাষত আহল-বহল ধাননি পথাৰ ৷
খেতিৰ বতৰত গোটেই গাঁওখন সেউজীয়া ৰঙেৰে ভৰি পৰে ৷ বয়সীয়াল লোকসকলৰ মতে গাঁওখনত আগতে পাহিৰি নামৰ কিবা গছ আছিল , সেইবাবে ইয়াৰ নাম
পাখিৰীগুৰী হৈছে ৷ আমাৰ গাঁওখনত দুখন প্ৰাথমিক বিদ্যালয় আৰু এখন পানী যোগান আচনিৰ টেংক আছে ৷ সচাঁকৈয়ে ই এক শান্তিৰে বসবাস কৰা ধুনীয়া ঠাই ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 1,509

শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলীৰ পৰা সাত কিলোমিটাৰ পূৱত বেলশ্ৰী নৈৰ পূৱ পাৰে '৪২ ৰ শ্বহীদ দয়াল পনিকাৰ গাওঁখন অৱস্থিত, আমাৰ মৰমৰ গাঁওখন অৱস্থিত, নাম "কাঠনিবাৰী" ।

আমাৰ গাওঁখন যদিও ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ গাতে লগা, ঢেকীয়াজুলীৰ ওচৰত তথাপি বহু পিছপৰা । আমাৰ গাঁৱখনৰ পূৱত কোঁচগাঁও, কাটনীগাওঁ, ভেড়গাওঁ পশ্চিমত বেলশ্ৰী নৈ উত্তৰত বৰডুবি আৰু দক্ষিণত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ, ৰোহিনীবিল । ।

ওচৰত নদী থকাতো বিশুদ্ধ খোৱা পানীৰ অভাৱ , চাফ চিকুণ আছে যদিওবা আৰু প্ৰয়োজন । কৃষি প্ৰধান গাঁওখনত বিভিন্ন সমস্যা আৱৰি আছে । কৃষি সামগ্ৰী কঢ়িয়াবৰ বাবে সময়ে সময়ে গাঁওবাসীয়ে পকি ৰাস্তাৰ বাৰুকৈয়ে অভাৱ অনুভৱ কৰে ।

আমাৰ গাঁৱত মিলা প্ৰীতিৰে হিন্দু মুচলিম ধৰ্মালম্বী লোকে বাস কৰে । বিহু পূজা ঈদ গাঁওবাসী উৎযাপন কৰে । আমাৰ সৰু গাঁওখনত তিনিটা দূৰ্গা পূজা মণ্ডৱ আছে । পূজাৰ সময়ত এই মণ্ডৱ সমূহত যাত্ৰা(নাটক) পাতা হয় । পূজাৰ প্ৰতিমা সমূহ বেলশ্ৰী নৈত বিশৰ্জন কৰা হয় । ঢেকীয়াজুলীৰ প্ৰতিমা সমূহো ইয়াতে বিশৰ্জন কৰে ।

আমাৰ গাঁৱৰ কৃষক সকল সম্পূৰ্ণ নহলেও আংক্ষিক বিজ্ঞান সন্মত ভাৱেৰেই খেতি কৰে । পৰিবেশ বহন কৰিব পৰা প্ৰায় বোৰ খেতিয়ে আমাৰ গাঁৱৰ কৃষক সকল কৰিব পাৰে । যেনে :- কবি তৰমুজ ইছকচ বিলাহী বেঙেনা পটল জিকা কেৰেলা মটৰ জলকীয়া ইত্যাদি ।

এইখনি গাঁও আপোন আপোন । । ।

মুঠ পঢ়ুৱৈ সংখ্যা: 2,132

ভৌগোলিক অৱস্থান :-

মাদুৰি হৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত জোকতলি মৌজাৰ এখন গাঁও । নাজিৰা নগৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত।
মাদুৰি নামৰ উৎপত্তি :-

মাদুৰি নামৰ এবিধ বন থকাৰ বাবে ঠাইখনৰ নাম হল বুলি জনা যায়। মাদুৰি হৈছে এবিধ চোকা ধাৰৰ ক্ষুৰ সদৃশ পাতৰ উদ্ভিদ । এই অঞ্চলৰ পূৱখণ্ডত এখন বিল আছে আৰু ইয়াৰ কাষৰ হাবিত এনে ধৰণৰ বন প্ৰচুৰ পৰিমাণে পোৱা গৈছিল । হাবিৰ মাজত ছেগা -চোৰোকাকৈ এজোপা দুজোপা প্ৰায় ৭০ বছৰমান আগলৈকে দেখা গৈছিল যদিও আজিকালি এই বন একেবাৰেই নাইকিয়া হৈ গৈছে । এই মাদুৰি বনৰ উৎপত্তিৰ কথা মহাভাৰত উল্লেখ পোৱা যায়। আহোম ৰজাৰ দিনত
এই মাদুৰি বনেৰে সজা কথ বৰ আপুৰুগীয়া বুলি পৰিগণিত হৈছিল । জিকিৰত এই সম্পৰ্কে উল্লেখ পোৱা যায় ----

সৰাগুৰি চাপৰি দিখৌ নৈ কাষৰি
ৰজাই বন্ধাই দিয়া মঠ।
ছকুৰি ভকতে লয় আল্লাৰ নাম
মাদুৰি বনৰে কঠ॥

বুৰঞ্জী :-

মাদুৰি হৈছে আহোম ৰাজত্ব কালৰ দুখন পুৰণি চহৰৰ ভিতৰত এখন। চুহুংমুং দিহিঙ্গীয়া ৰজাৰ ৰাজত্ব কালত ১৪৯৭-১৫৩৯ চনৰ মাজ ভাগত দিখৌ নৈৰ উত্তৰ পাৰে দিলিহিত বুঢ়াগোহাঁই ডাঙৰীয়া সকলৰ কাৰণে বাসস্থান আৰু দিখৌনৈৰ দক্ষিণ পাৰে মাদুৰিত বৰগোহাঁই ডাঙৰীয়া সকলৰ কাৰণে স্থায়ী বাসস্থান পাতি দিয়ে। মাদুৰিত পোন প্ৰথমে কিলিংখাম বৰগোহাঁই ডাঙৰীয়াক বাসস্থান দিয়ে। মাদুৰিত প্ৰথম বাসস্থান লোৱা কিলিংখাম ডাঙৰীয়াৰ পৰা ১৭ জন ডাঙৰীয়াৰ বাসস্থানৰ পিছত বৰগোহাঁই সকলৰ প্ৰথম ৰাজমন্ত্ৰী বিষয় বাপ পোৱা লাইথেপেনা বৰগোহাঁইয়ে বাসস্থান লয়।

মুঠ পঢ়ুৱৈ সংখ্যা: 1,733

চিৰচেনেহী অসমীৰ বুকুত বহুতো জাতি-জনজাতিৰে পৰিপূৰ্ণ হৈ আছে । সেই জাতি-জনগোষ্ঠীৰে ভৰপূৰ অসমত নতুনকৈ গঠিত হোৱা বাক্সা জিলাৰ (বি. টি. চি.) মধ্যম বাক্সা মৌজাৰ অন্তৰ্গত এখন সৰু ভিতৰুৱা গাওঁ । আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ । ‘সুৱণখাটা’ নামটো কেনেকৈ বা কি শব্দৰ পৰা সৃষ্টি হৈছিল তাৰ সঠিক তথ্য পোৱা নাযায় । তথাপিওঁ, আইতাহঁতৰ মূখৰ পৰা জানিব পৰা মতে দুটা তথ্য দাঙি ধৰিব পাৰি ।

প্রথম হ’ল, তাহানি যেতিয়া জনবসতি হ’বলৈ ধৰিছিল তেতিয়া গোটেই সুৱণখাটা অঞ্চলটোত ‘সজনকাটা’ নামৰ এবিধ গৰুৱে খোৱা ঘাঁ জাতীয় বন ইমান বেছিকৈ আছিল যে পায়জামা, ধুতি, গামোচা, শাৰি আদি দীঘল কাপোৰ পিন্ধি বাটত বা পথাৰত খোজ দিয়াৰ লগে লগে কাপোৰবোৰত খামোচ খাই ধৰিছিল । সেইবাবে আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ শব্দৰ অপভ্রংশ হৈ সুৱণখাটা হোৱা বুলি প্রবাদ আছে ।

দ্বিতীয়টো হ’ল, আমাৰ সুৱণখাটা অঞ্চলটোত বহুত বেছিকৈ শিল আৰু বালিময় ঠাই থকাৰ বাবে শিলকে সোণ বুলি ভাবি ‘সুৱৰ্ণ’ আখ্যা দিয়া হৈছিল । সেই ‘সুৱৰ্ণ’ শব্দটিৰ পৰা অপভ্রংশ হৈ আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ হোৱা বুলি প্রবাদ আছে ।

আমাৰ গাওঁখনৰ জনগাঁঠনি বিচিত্রময় । অসমৰ প্রায় সকলো জনগোষ্ঠীৰ মানুহে বসবাস কৰে বুলি ক’লেও হয়তো ভুল নহ’ব । অসমীয়া, বড়ো, নেপালী, আদিবাসী, ৰাভা, চাওতাল, কোচ-ৰাজবংশী, মদাহী আদিয়ে প্রধান ।

মুঠ পঢ়ুৱৈ সংখ্যা: 2,013

শুৱনি আমাৰ গাওঁখনি অতি শুৱনি গছেৰে ভৰা
ডাল ভৰি ভৰি ফল ফুল লাগে
কত পাঁও তলসৰা......

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা