স্নেপচট্ --- বিকিৰণ পাঠক

আবেগময় জীৱনৰ সুকোমল দলিচাত

পাৰি থবি স্মৃতিবোৰ

মই আহি শুম...

সপোনে আহি যেতিয়া উকিয়াই ফুৰিব,

সিঁচি দিবি ধূসৰ বীজবোৰ

মই আহি বুটলিম...

প্ৰাণোচ্ছল নিশা কিদৰে ভটিয়াই যায়

অনাখৰী কথাবোৰ ?

কিদৰে চেকুৰী যায় অনৰ্গল বাট

ধূলি উৰুৱাই - ঢৌ সিঁচি সিঁচি ??

এই যেন চকাছন্দা পৰত কুহেলিকাই আকৌ কৈছে তোৰ কথা -

নে মোৰ ?

নে তেওঁৰ ?

কাৰ ?? কাৰ কথা ???

মই কৈ যাও আৰু তই শুন

তই কৈ যা আৰু মই শুনো

আৰু তেওঁ ? তেওঁ কৈছিল জানো ?

হয়তো কৈছিল - মাথো তই নুশুনিলি

- মাথো মই নুশুনিলো

কোলা পোচাকৰ আঁৰত যেতিয়া লুকাই পৰে পৃথিৱী,

অস্থিৰ ওঠৰ অস্থিৰ ৰামায়ণে কিদৰে খেলে লুকাভাকু ?

মই নাজানো

হয়তো তয়ো নাজান

আৰু তেওঁ - হিঃহিঃ মই জানো - তেৱোঁ নাজানে

কোনেও নাজানে !

কোনেও নাজানিব !!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:231
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:936
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:208
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,960
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:217