স্মৃতিৰ উচুপনি --- মুনমী ভট্টাচায্য

আই, মই ডাঙৰ হ'লো ।

এতিয়া নালাগে মোক

তোৰ চাদৰৰ আঁচল,

নালাগে পিতাইৰ আঙুলিৰ সম্বল ।

মই ডাঙৰ হ'লো আই ।

তোৰ পোনাকণ বহুত ডাঙৰ হ'ল,

এতিয়া তইও অপ্ৰয়োজনীয়

অ' আই !!!

মোৰ পত্নীৰ দৰে সুন্দৰী

আৰু ইমান টকাৰ

চাকৰিটোৰ তুলনাত

পিতাইৰ সেই ঠেলাখনৰ

কি মূল্য ??

যিখন ঠেলাত উঠি

শিকিছিলো জীৱনৰ আদিপাঠ,

যাৰ উপাৰ্জনৰ ফচল

মোৰ আজিৰ এই

আধুনিক জীৱন ।

সকলো বুজো মই

তই গৰ্ব কৰ ,

তোৰ পোনাকণ

ই-মা-ন

ডাঙৰ মানুহ ।

কিন্তু আই,

এতিয়া তোৰ মমতাৰ

দৰকাৰ নাই ।

তোৰ সেই ছাঁই লাগি

ময়লা হোৱা চাদৰখন !

ছিহ, ওকালি আহিছে ।

চৌখিন পত্নীৰ ভৰি মোচা

কাপোৰ হোৱাৰো অযোগ্য ।

আমাৰ ভঙা ঘৰটোৰ ফুটাৰে যে

আকাশৰ জোন চাইছিলো,

মাটিৰ শলিতা গচিত

ৰাতিৰ গভীৰতাবোৰ

সামৰি লৈছিলো,

আৰু তোৰ বুকুত

কুচি- মুচি সোমাই

জিলিৰ আৰ্তনাদবোৰ পাহৰি

নিৰ্ভয়ে সপোনৰ দেশলৈ

ডেউকা কোবাইছিলো ।

এইবোৰ পাহৰি যা আই !

এতিয়া আৰু তোৰ পোনাকণক

এইবোৰ নালাগে ।

তই ঢুকি নোপোৱা হ'লি

তোৰ পোনাকণক ।

ক্ষমা কৰ আই,

তোৰ মৰমক আঁকোৱালিলে

মোৰ সংসাৰ তাচপাতৰ দৰে

খহি পৰিব ।

মই বোজা ল'ব নোৱাৰিম আই ।

ক্ষমা কৰ মোক ।

পাহৰি যা তোৰ

মমতাৰ স্পৰ্শ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,894
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:111
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,890
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,492
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,707
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:997