১০০ দিন আৰু সেই সন্ধিয়াতো --- বিকাশ কলিতা

এইটো এটা সচাঁ ঘটনাৰ ওপৰত লিখা হৈছে………………
যেতিয়া ল’ৰা-ছোৱালীবোৰ স্কুলৰ পৰা পাচ কৰি কলেজ পায় তেতিয়া প্রায় ভাগ ল’ৰা-ছোৱালী পঢ়াৰ লগতে প্রেমত পৰা দেখা যায় । কলেজ পোৱাৰ লগে লগে হাত এটি ধুনীয়া মোবাইল ফোনৰ লগতে আৰু প্রায়বোৰ ল’ৰাবোৰৰ লগত বাইক এখন দেখা যায় ।
ঠিক তেনেদৰে মোৰ ও নলে-গলে লগা বন্ধু জন এজনী অচিনাকী ছোৱালীৰ প্রেমত পৰিল । ছোৱালী জনীৰ ঘৰ নগাঁও ওত ।
মই জনা মতে সিহতঁৰ চিনাকী হয় ৰং নাম্বৰৰ সৈতে । তেনেকৈ বহু দিন কথা পতাৰ পিচত এদিন প্রোপজ (Propose) দিলে । তাৰ পিচত ছোৱালী জনীয়ে ক’লে মই তুমাক নেদেখাকে কেনেকৈ ভাল পাওঁ বুলি কওঁ । তেতিয়া কলে ঠিক আছে তুমাৰ ফেচবুক একাউত আছেনে ? আছে বুলি কৈছিল যদিও তাই হেনু বহু দিন ব্যবহাৰ কৰা নাই । তাৰ পিচত মেচেজৰ জড়িয়তে তাইৰ Email আৰু Password দিলে আৰু লিখা আছিল হয়তো তাত মোৰ ফটো থাকিব পাৰে, তুমিও মোৰ (Profile) প্রফাইলতে তুমাৰ ফটো এখন Upload কৰি দিবা । ৰ্দুভাগ্যবশত তেতিয়া তাইৰ ফেচবুক একাউতটো বন্ধ হৈ গৈছিল ।
পিচ দিনাখন আবেলি তাৰ নামত এটা একাউত খুলি Email আৰু Password তাইক মেচেজ কৰি দিয়াৰ লগতে বন্ধুজনৰ একাউতৰ লগত Add Friend কৰি ৰাখিছিল । তাৰ পিছত সন্ধিয়া প্রায় ৭ মান বজাত তাই একাউতটো খুলি ফটো Upload কৰাৰ লগতে বন্ধুজনৰো Profileটো খুলি ফটো চাই লৈছিল । দুয়ো দুই তাৰ দেখাৰ পিচত, ছোৱালীজনীয়ে মেচেজৰ জড়িয়তে প্রায় ১১:৪৫ মান বজাত তাক ভাল পাম বুলি কৈছিল ।
পিচ দিনাখন ৰাতিপুৱা মেচেজত (Propose) প্রোপজৰ উত্তৰ পায় বহুত আনন্দ পাইছিল যদিও সেই দিনাখন আছিল এপ্রিল ফুল (১এপ্রিল) । সি ভাবিছিল যে তাই হেনু তাক আগতিয়াকৈ এপ্রিল ফুল বনালে । তেনেকৈ কথা পাতি থাকতেই সিহঁত এদিন গভীৰ প্রেমত পৰি যায় । তাই তেতিয়া HS Final পৰীক্ষা দিছিল । হঠাৎ এদিন তাৰ খুড়ীমায়েকে গুৱাহাটীত আলহী খাব যাবলৈ ল’গ ধৰিলে । তেতিয়া মোৰ বন্ধু জনক ফোন কৰি ক’লে । গুৱাহাটীলৈ তাই আহিলে, গুৱাহাটীৰ বামুনীমৈদান ৰেলৱে কল’নী তাৰ আলহীৰ ঘৰ । মোৰ বন্ধুৰ সৈতে তাক লগ ধৰিবলৈ গ’লো কিন্তু তাই হেনু সঠিক ঠাইটো কব (ঘৰ নং) নোবাৰিলে আৰু কাকো সুধিবও নোৱাৰে ভয় কৰে আৰু গুৱাহাটীলৈ হেনু এই প্রথমবাৰ আহিছে । গোতেই ৰেলৱে কল’নী বিচাৰিলো তাক বিচাৰি নাপালো । খং উঠি গুচি আহিলো মোৰ লগৰ বন্ধু এটাৰ ভাড়া ঘৰলে । সন্ধিয়া হেনু তাই ৰেলৱে কল’নীৰ বজাৰলৈ ওলাব । আমিও ওলাই আহিলো বজাৰৰ ফালে হঠাৎ বন্ধুজনে ৰেললাইনৰ সিতোপাৰে ছোৱালী জনীক দেখিলে । কিন্তু ওচৰত গৈ ও মাতিব নোৱাৰিলে । তাৰ ওচৰত খুড়ীয়েক ও আছিলে, ফোনতে কথা পাতিলে । সিহঁতে বজাৰ কৰি ঘৰ লৈ গ’ল, বন্ধুৰ সৈতে মইও সিহঁতৰ পিচ পিনে গৈ আছিলো আলহীৰ ঘৰতো জনাৰ বাবে । তাৰ পিচত দেখিলো যে আমিও ৰাতিপুৱা আলহীৰ ঘৰৰ সন্মুখেৰে দুবাৰ অহা-যোৱা কৰিছো তথাপিও বিছাৰি নাপালো ।
পিচ দিনাখন আবেলি ছোৱালী জনীক লগ কৰি, ফুৰিলো আইচক্রিম খালো আৰু মোৰ বন্ধু জনে খোৱা আইচক্রিমটো তাই খাইছিলে মই সেই দৃশ্য এতিয়াও পাহৰিব পৰা নাই । পাহৰিব পৰা নাই সেই সন্ধিয়াতোৰ কথাবোৰ আজিও যিবোৰ কথা আমাৰ দুই জনৰ লগত পাতিছিল । ছোৱালী গুৱাহাটীত তিনিদিন থাকি ঘৰলৈ গ’ল ।
মই জনা মতে গুৱাহাটীৰ পৰা যোৱাৰ কেইদিন মান পিচতে পৰীক্ষাৰ ফলাফল দিলে 2nd Div পালে । নগাঁও কলেজত নাম ভৰ্তি কৰিলে । কেইদিমান যোৱাৰ পিচতে হঠাৎ সিহঁতৰ মাজত নামি আহিল এজাক ধুমুহা.........
মোক বন্ধু জনে জনোৱা মতে ছোৱালী জনীয়ে গম নোপোৱাকৈ ঘৰৰ পৰা এজন ল’ৰা লগত বিয়া ঠিক কৰিছিল । ল’ৰাজনে পুলিচৰ চাকৰি কৰিছিল । ল’ৰাজন ছোৱালী জনীৰ ঘৰত আহি পচন্দ কৰি বিয়াৰ ঠিক-থাক কৰি যায়, ইমান সোনকালে বিয়াৰ ঠিক-থাক হৈ যায়, আমি একো কথাই ভাবিব নোৱাৰিলো । সিহঁত দুই জনে দুই জনৰ জীবনৰ লক্ষ্য নিধাৰণ কৰি আগবাঢ়ি গ’ল আৰু এতিয়াও সিহঁৰ দুইজনৰ মাজোত মৰম ভাল পোৱা জীয়াই আছে আৰু এতিয়াও মাজে মাজে ফোনত কথা পাতে । এই ভাল পোৱাত কোনেও সিহঁতৰ মাক-দেউতাক কাকো কষ্ট দিয়া নাছিল নিজে নিজৰ লক্ষ্যত উপনীত হৈছিল ।
বিশেষ উল্লেশযোগ্য কথা যে সিহঁতৰ মৰম ভাল পোৱা বা প্রেম কাহানীটো আছিল মাথো ১০০ দিনৰ ( ১ এপ্রিল পৰা বিয়াৰ দিনতলৈ) ।
আজিও পাহৰিব পৰা নাই বন্ধুজনৰ সেই ১০০ দিনৰ ভাল পোৱা কাহানীটো আৰু সেই সন্ধিয়াতো, যিটো সন্ধিয়াত মই সিহঁতৰ লগত আছিলো..................।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,189
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:994
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,084
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:310
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,555
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,805