ৰত্নপ্ৰস্তৰ পাশ্চাৎ --- ইনতাজ হক

তুমি:
কোনো এক নিৰ্জন দ্বীপত
জীৱনহীনতাৰ এটি প্ৰাচীন বসন্তত
আহোৰাত্ৰি জপি আছিলা
হৃদয়ময়তাৰ এক প্ৰাচীন মন্ত্ৰ ।

তেতিয়াও:
নীলাই আছিল আকাশ ,
আৰু নীলা আছিল সপোন,
আৰু সপোন ভাল পাও বাবেই
মই হৈ পৰিছিলো-
সপোনপ্ৰিয় দেহবোৰৰ আজন্ম প্ৰেমিক ।

এনেদৰেই:
কালান্তৰত হৃদয়বোৰ ৰঙীন হৈছিল ।
তেজবোৰৰ মাজতো গজি উঠিছিল
বিভেদকামী কিছু বীজতৰিয়া বীজ,
আৰু দেহৰ বৰনে সলাই পেলাইছিল
সিৰা উপসিৰাৰ প্ৰাচীন বৰন;
আৰু বৰনে বৰনে গঢ়ি উঠিছিল
চাৰিবেৰৰ কিছুমান নানাৰঙী ঘৰ !
মন্দিৰ মছজিদ বা গিৰ্জা !

আৰু:
আন্ধাৰত দুচকু মেলিলেই
সন্তৰ্পনে মোৰ হৃদস্পন্দনত অনুৰনিত তেতিয়াও -
"কূণ" "কূণ" " কূণ"
"কূণ ফায়া কূণ!"

তুমি :
মহাশূন্যৰ কোনো নিৰ্জন দ্বীপত
এতিয়াও আছা
পোহৰৰ মাজত জিলিকি থকা
এবিন্দু প্ৰত্নপ্ৰস্তৰিক আন্ধাৰ হৈ
"কূণ ফায়া কূণ" হৈ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,665
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,756
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:104
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,538
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,309
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,288