ৰাজপথ কমা ভিক্ষাৰী --- পল্লৱ কুমাৰ নাথ

ৰাস্তাৰ কাষত জঠৰ হৈ পৰি ৰয়,
প্ৰকাণ্ড ট্ৰাকৰ গৰ্জ্জনত
মোৰ কাণত নপৰেহি...
সিহঁতৰ ভোকৰ আৰ্তনাদ
কিম্বা আতংকত হৃদয় কপোঁৱা চিঞৰ ।

অসময় ৰোডচাইড গাড়ীৰ হেডলাইটৰ পোহৰত
জিলিকি উঠে হাড়ত চাল লগা
শুকান শৰীৰ !
কংকাল মানব !!

হাতৰ পৰা সৰি নপৰে ব্যস্তময়ী সময়
ইণ্ডকাৰ চাইড গ্লাছত জিলিকি উঠে
কুৎচিত মুখ !
লেতেৰা দেহাবোৰ !!

চকু ফুৰাই, এক অভাৱী সমাজ
চিনাকী মুখ ?
নাই ! কয়লা জীৱনৰ উপন্যাস ;
জটা চুলিৰ ওপৰত ধূলিৰ ময়লাময় চামনী ।

আন্ধাৰে আন্ধাৰে উঠি আহি পৰেহি
ৰাজপথ ! অনন্য নগৰ ! চহকী পৃথিৱী !
বিলাসী সমাবেস ! গতিশীল মানৱৰ কাষত ;
চিকাৰীয়ে মাৰি থৈ যোৱা চৰাইৰ দৰে...
নিথৰ হৈ!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,072
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,328
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,038
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,930
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,635