কবিতা :: অসহায় কবিৰ স্বীকাৰোক্তি --- সমুজ্জ্বল ডেকা

মই অসহায় কবি
তই হ'বি মোৰ প্ৰেয়সী
মোৰ জেপ উদং
নকৰিবি তই খং
নাপালে ধন
লগাবলৈ প্ৰসাধনৰ ৰং ৷

মই দুখীয়া
তথাপিও কিয় তই মিচিকিয়াই হাঁহা ?
তই লখিমী
ফুটা মোৰ ঘৰৰ চালি
বৰষুণ আহিলে নিতিতি ক'ত যাবি ?
লঘোণ মোৰটো সদায়ৰে চিনাকি
উজাগৰে নোখোৱাকৈ কটাব লাগিব
তইও দীঘলীয়া বহু ৰাতি
দুখ লাগিব হ'লে তই বেমাৰীজনী ৷

মই প্ৰেমিক
সমগ্ৰ জগতখনেই
মোৰ কাৰণে প্ৰেমৰ প্ৰতীক
তথাপিও পুষ্প বৃষ্টি
তই যে ঈশ্বৰৰ সুকীয়া সৃষ্টি;
তই বিচাৰিলে মৰমেৰে উপচাবলৈ
নালাগে মোক বসন্ত কিম্বা শীত.....!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,707
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:151
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,679
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,997
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,752