কবিতা :: ৰে'ল ষ্টেচনৰ সেই ধুনীয়া ছোৱালীজনী --- সমুজ্জ্বল ডেকা

ৰে'ল ষ্টেচনৰ সেই ধুনীয়া ছোৱালীজনী
ৰৈ আছে উকি মাৰি মাৰি ৰে'লখন অহালৈ
তাইৰ হাঁহিটি মোৰ ইমানখিনি ভাল লাগে
দুখক চেপেটা কৰি সুখৰ সমাহাৰ যিদৰে কবিৰ জীৱনলৈ আনে
তাইৰ হাঁহিত ইমানখিনি তীক্ষ্মতা আছে
এন্ধাৰেও লাজতে সঘনাই ওৰণি টানে
মোৰ অনুভৱ এনে হয় তাইৰ বাবেই এই পৃথিৱীত এন্ধাৰ আঁতৰি জোনাকী সমদল নামে ৷

ৰে'লগাড়ীখন আহিল
এনে লাগিছে তাইৰ কাৰণেহে ষ্টেচনত ৰ'ব খুজিছে
তাই আৰু মই একেটি দবাত
উশাহ-নিশাহৰ চাপেও যেতিয়া জীৱনান্দৰ অনুভূতি আনে
সময়বোৰো যৌৱনা হৈ ৰাত্ৰিৰ কোলাত শুৱে ৷
মই বহা একেটি দবাত আৰু বহুতো বন্ধু আছে
সিহঁতৰো যাৰ যাৰ এখনি প্ৰেমিক হৃদয় আছে
এইটো খাটাং যে তাইৰ সেউজীয়া অনুভৱে হৃদয়ৰ ৰং তিলমান হ'লেও সলনি কৰিছে ৷
ঠিকেইতো ধুনীয়াবোৰ সকলোৰে চকুত লাগে সকলোৰে ভাল লাগে মোৰ দৰেই ৷

ৰে'লখনৰ প্ৰায়েই সম গতি আৰু তাইৰ মিঠা চাৱনি লাগি
এনে লাগিছে নিস্তব্ধতাৰ মাজতেই কৰিবলৈ লৈছো জীৱন জীয়াৰ সৰল আৱেদন
শূন্যতা ভৰি ভৰি কিয়বা নাজানো এতিয়াও অলপ আছে বাকী
জ্বলিলে প্ৰেমৰ এগছি চাকি
তাইৰ অৱদানেৰেই বিৰিঙিব ওঁঠত ও মনত মিঠা হাঁহি এটি ৷

তাইক মোৰ ভাল লাগে
জীৱনক আজি পৰ্যন্ত ভালপোৱাৰ সমানেই ৷
তাইৰ বাবে মোৰ গভীৰ এন্ধাৰ হ'বলৈ মন যাই
যাক তাই পোহৰাই সফলতাৰ সুখ পায় ৷
তাইৰ বাবে মোৰ দূৰণিৰপৰা উঁকি মাৰি অহা ৰে'লগড়ীখন হ'বহৈ মন যাই
যাৰ কোলাত উঠি তাই বিশ্ৰামেৰে গন্তব্য স্থান পায় ৷
তাইৰ বাবে মই ৰাতিৰ সুৰীয়া গীত হ'ম
তাইক টোপনি নিয়াবলৈ মই ওৰে ৰাতিটো সাৰে ৰ'ম ৷

সেই ষ্টেচনত দেখা পোৱা ছোৱালীজনীক আকৌ লগ পাবলৈ
ৰে'লগাড়ীখন হৈ মই ষ্টেচনে-ষ্টেচনে বহুখিনি আশাৰে ৰ'ম.....!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,202
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,679
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,707
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,788
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:155