কবিতা :: অভিমান --- সমুজ্জ্বল ডেকা

ওন্দোলা মুখনি দেখি
মোৰ মুখত হেৰাল হেঁপাহৰ হাঁহি
তুমি নক'লা নাই
জানিব বিচাৰো যদিও
চৰ্ত ৰাখি তোমাক বাধ্য কৰাৰ ভুলো মই নকৰোঁ
উপায়হীনভাৱে নিজকে বাৰে বাৰে প্ৰশ্ন কৰোঁ
কিয় কৰিছা তুমি আজি ইমানকৈ অভিমান?
কাৰ ভুলৰ বাবে তোমাৰ এই কঠোৰ জীৱন সংগ্ৰাম?
ফৰকাল বতৰত আকাশ ঢাকি
কজলা মেঘে নমাই যিদৰে ক'লা ক'লা অন্ধকাৰ
মই নুবুজিলোঁ কিয় মিছাতে আনক দেখুৱাই ফুৰিছা
তোমাৰ হৃদয়খনি জুইয়ে পোৰা এটুকুৰা এঙাৰ
য'ত অনুভৱ থাকিও মুঠেই ৰস নাই
উশাহ-নিশাহ থাকিও জীৱনৰ নিজস্ব কোনো দাম নাই ৷
মই হাঁহিব খুজো
কিন্তু তোমাৰ এই স্হিতিত আদিতে ভাগৰো
হাঁহিটি পাহৰো
এয়া কাৰ ভুল— তোমাৰ নে মোৰ?
ভালপোৱাত অভিমানী হোৱা
অভিমানে বঢ়াই তোলে ভালপোৱাৰ গভীৰতা
কিছু পৰিমানে হ'লেও লাগে পাৰস্পৰিক সমভাগিতা...!

সেইটি শীৰ্ষবিন্দু স্পৰ্শ কৰি তুমি দোষী নহ'বা
যি বিন্দুত অৰ্থ সদায় জীৱন ও প্ৰেম মানে মাথো ৰিক্ততা...!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,594
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,000
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,793
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,196
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,511
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,624