প্ৰবন্ধ :: বিহু আৰু অসমীয়া সমাজ --- অৰূপ কুমাৰ দাস

অৰূপ কুমাৰ দাস's picture

বিহু অসমৰ জাতীয় উৎসৱ ।‌ অসম আৰু অসমীয়া জনসমাজৰ নিৰ্ভূল দাপোণ এই বিহু ।‌ বিহু যদিওবা কৃষিভিত্তিক উৎসৱ বৰ্তমান ই কৃষিভিত্তিক উৎসৱ হয় থকা নাই ।‌ ইয়াক এক সামাজিক ৰীতি বুলি হে মানিবলৈ ধৰিলে ।‌ বিহুৰ আধুনিকীকৰণৰ নামত গছৰ তলৰ বিহু আহি পালে মঞ্চলৈ ।‌ এই আধুনিকীকৰণে বিহুৰ সাত্বিক ৰূপটোক ক্ৰমাণ্বয়ে লুকুৱাই আনি আছে ।‌ সময়ৰ লগতে বিহুও আধুনিক হয় পৰিল ।‌ যুগ পৰিবৰ্তনৰ লগতে অসমীয়া সমাজৰ স্বৰূপ,গাঁথনি মূল্যবোৰ সালসলনি হৈছে ।‌ পূৰ্বৰ কৃষিভিত্তিক চহা অসমীয়া হ্ৰাস পাই আহি আছে ।‌ কাৰণ কৃষি-কৰ্মত যন্ত্ৰ ব্যৱহাৰে মানুহৰ শ্ৰম লাঘৱ কৰাৰ লগতে সময় ৰাহি কৰিছে ।‌ সেইবাবেই এতিয়াৰ কৃষকে চ'ত,বহাগ,জেঠ মাহত পথাৰত গৈ শ্ৰম কৰিব নালাগে ।‌ পথাৰত যাব নালাগে যিহেতু পথাৰত গৈ চেনাইক লগ কৰাৰো কোনো প্ৰয়োজন নাই ।‌ সেয়ে পথাৰ বা গছৰ তলৰ বিহু কৰাও তেওঁলোকৰ যেন সমাজঞ্জ্যহীন কাৰবাৰ ।‌ চহা জীৱনৰ এনে ধৰণৰ পৰিবৰ্তনে বিহুৰ লোকাচাৰলৈয়ো পৰিবৰ্তন অনাতো অৱশ্যম্ভবীয় কাৰণ চহাৰ বোকোচাত উঠিয়েই বিহুৱে আধুনিক কালত অসমীয়াৰ জাতীয় মৰ্য্যদা লাভ কৰিছিল ।‌ গাঁৱৰ বোকা-পানী গচকি মতলীয়া হোৱা বাপতিসাহোন বিহুটিয়ে মঞ্চ বিহুলৈ ঢাপলি মেলিলে ।‌ ঠিক তেনেদৰেই বিহুনামতো কৃত্ৰিম ৰং ৰহইচৰ পয়োভৰ আৰু জাকজমকতা পৰিল ।‌ পশ্চিমীয়া বাদ্যযন্ত্ৰৰ অবাধ সংগতকৰণ আদিয়ে বিহু সংস্কৃতিক হ্ৰাস কৰি আহিছে ।‌

অকল চহা লোকসকলক দোষীলে নহয় ।‌ কিছুমান অভিজাত সকলৰ বাবে বিহু আছিল "নিষিদ্ধ নিম্ন শ্ৰেণীৰ অশ্লীল নাচ-গান" ।‌ ইংৰাজ শাসনৰ পাছত সেই সময়ৰ একাংশ শিক্ষক সমাজে বিহুক নিষিদ্ধ কৰিবলৈ খাটনি ধৰিছিল ।‌ আনকি হলিৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য আদি ব্যক্তিসকলে বাতৰি কাকতত বিহুৰ বিৰুদ্ধে লিখিছিল ।‌ ১৮৯৮ চনত বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্যদেৱে এই কামৰ বাবে ইংৰাজ চৰকাৰক পৰামৰ্শ আগবঢ়াইছিল ।‌ চৰকাৰেও বিভিন্ন ব্যক্তিৰ প্ৰতিবাদী আলোচনাবোৰ শুনি বিহুক সম্পূৰ্ণ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয় ।‌ এই কথা সেই সময়ৰ নগাওঁ কছাৰীৰ তৰণি আনন্দ দাসে গমপাই গাঁৱত আলোচনা কৰে ।‌ সিদ্ধান্তমৰ্মে গাঁৱৰ ঢুলীয়া মইমত টাটিঙা হাজৰিকাই এটা বিহুৱা দল সাজু কৰি একমাত্ৰ নাচনী হিচাপে ভনীয়েক চেনিমাইক লৈ গুৱাহাটীত চাহাবৰ আগত বিহু দেখুৱাই ।‌ সেই বিহু চাই চাহাবে একো অশ্লীল নেদেখি ধন্যবাদহে দিয়ে ।‌ আনকি গৰ্ডন চাহাবে বিহুৰ সমৰ্থনত কাকতত প্ৰবন্ধও লিখে ।‌ এনেদৰেই সেইবোৰলৈ বিহুলৈ অহা সংকতে মেলানি মাগে । ‌১৯৪১ চনত পোনপ্ৰথমবাৰৰ বাবে মহেশ্বৰ নেওগ আদি ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰৰ, মঞ্চত বিহু প্ৰদৰ্শন কৰা হয় ।‌ ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱাৰ পৃষ্ঠপোষকতাত গুৱাহাটীত বিহু সন্মিলনৰ আয়োজন কৰা হয় ।‌ তাৰপাচতে মঞ্চ বিহুৱে সমগ্ৰ অসমজুৰি অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে ।‌

তাৰ পিছৰে পৰাই বিহু পতাৰ নামত কাম কাজলৈ পিঠি দি তিনি মাহ অপচয় কৰ চান্দ তোলাৰ নামত ঘৰ-বাহিৰে, ৰাস্তাই-ঘাটে, গাড়ী-মটৰে সকলোতে অপ্ৰীতিকৰ পৰিস্থিতিৰ পয়োভৰ ।‌ চন্দা পাৰ্টিৰ উৎপাতত হহাকাৰ অৱস্থা ।‌ বাপতিসাহোন বিহুটিৰ গইনা লৈ চলি থকা অবাস্তবিক আৰু জাতিৰ সভ্যতা-সংস্কৃতি বিকৃতি কাৰক ক্ৰিয়া-কালপে অসমীয়া সমাজক লাভালাভ দিছে ? বিহু অসমীয়া সংস্কৃতিৰ প্ৰান স্বৰূপ ।‌ লুইতপৰীয়া অসমীয়া সমাজৰ বৰেৰহনীয়া, ঐশ্বৰ্যশীল সভ্যতাৰ উপাদানবোৰ যেন নিখুঁত, শুদ্ধ ৰূপত অসমী আইৰ বুকুত অনন্ত কাললৈ ৰৈ বৈ যায় ।‌

---------------------------

(প্ৰবন্ধটিত সংযোজিত ফটোখনি ইণ্টাৰনেটৰ পৰা সংগ্ৰহিত)

শেহতীয়া প্ৰৱন্ধ

মুঠ পঢ়ুৱৈ সংখ্যা: 1,352

জীৱন! তিনিটি বৰ্ণৰ একত্ৰিত এটি চিনাকি শব্দ ৷ কিন্তু ইয়াৰ পৰিসৰ ইমান বহল যিটো সংক্ষিপ্ত ৰূপত উপস্থাপন কৰিব পৰাতো মোৰ বোধেৰে সম্তৱপৰ নহয় ৷ যদি জীৱন এগছি চাকি হয়; যেতিয়ালৈকে শলিতা আৰু তেলৰে ভৰি থাকিব তেতিয়ালৈকেহে ই উজলি থাকিব ৷ জীৱননো কি? আজি ঠিকেই আছে ; কাইলৈ হয়তো নাই ৷ মানুহক ভাল পাবলৈকেই সময়ৰ অভাৱ; বেয়া পাই জানো কাৰোবাৰ কিবা লাভ আছে ? একো লাভ নাই ! সেয়েহে আমি জীয়াই থকা দিনকেইটা আটাইৰে লগত সহযোগিতাৰে খুব আনন্দ-স্ফূৰ্তিৰে কটাব লাগে ৷ আমি জীৱনৰ দুৰ্দান্ত প্ৰেমিক হোৱাৰ চেষ্টা কৰিব লাগে ৷

কেঁচা তেজ-মঙহৰ জীৱন বুলিলে ঘাট-প্ৰতিঘাট থাকেই ৷ কাৰোবাৰ হয়তো কম আৰু কাৰোবাৰ হয়তো বেছি ৷ আমি যদি ইতিবাচক মনোভাৱেৰে চাওঁ তেন্তে ঘাট-প্ৰতিঘাটে আমাক ভৱিষ্যত জীৱনত ধৈৰ্যশীলতা আৰু সহনশীলতাৰ সুস্থিৰ মনোবল গঢ়ি তোলে ৷ অন্যহাতে যদি নেতিবাচক মনোভাৱেৰে চাওঁ তেন্তে ই জীৱনৰ ৰঙবোৰ নোহোৱা কৰি নিঃশেষ কৰিব পাৰে ৷ আমাৰ প্ৰতিভা কিম্বা কিবা কৰাৰ ক্ষমতা আছে ; সেইবুলিয়েই আমাৰ সীমাহীন অহংকাৰ আছে ৷ এয়াটো মানৱীয় গুণাধিকাৰী কোনো ব্যক্তিৰেই জীৱনৰ মূলমন্ত্ৰ হ'ব নোৱাৰে ৷

আমি জীৱনটোক উপভোগ কৰিবলৈ শিকিব লাগে ৷আমাৰ জীৱনৰ লক্ষ্য থাকিলে আৰু ভবা ধৰণে উপনীত হ'ব পাৰিলে জীয়াই থকাৰ মাদকতা অন্যধৰণে জাগে ৷ যিকোনো লক্ষ্যতে উপনীত হ'বলৈ আমাক সাধনা কিম্বা ধ্যান লাগে ৷ সাধনাই কোনো এটা বিষয়বস্তুৰ ওপৰত একাগ্ৰতাৰে মনোনিবেশ কৰাটোকে বুজায় ৷ আমাৰ যদি সাধনা থাকে অৰ্থাৎ কোনো এটা বস্তুৰ ওপৰত একাণপটীয়াকৈ লাগি থকাৰ ধৈৰ্য্য ৰাখিব পাৰোঁ তেন্তে আমাৰ জীৱনত বিফলতা বুলি শব্দটোৱেই হেৰাই যাব ৷ বিফলতা কিবা কাৰণত আহিলেও ইয়ে আমাক জীৱনক আৰু ভালদৰে উপলব্ধি কৰোৱাতহে অনুপ্ৰেৰণা যোগাব ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 1,459

ভগৱানৰ এই সৃষ্টিত প্ৰকৃতিৰ পাছতে সৃজন শক্তিৰ , দৈৱিক গুণৰ দ্বিতীয় জাগৃত কেন্দ্ৰ নাৰী । নাৰীৰ মাজত পৃথিৱীৰ দৰে সহনশীলতা, সূৰ্য্যৰ দৰে তেজ্বস্বীতা , সমুদ্ৰৰ দৰে গভীৰতা, ফুলৰ দৰে সৌন্দৰ্য্য আৰু কোমলতা, চন্দ্ৰৰ দৰে শীতলতা, এই দৈৱিক গুণ সৃষ্টিৰ আৰম্ভণিৰ পৰাই বিদ্যমান ।

ভাৰতীয় চিন্তনত নাৰীৰ মাতৃৰূপৰ সদায়েই বন্দনা কৰা হৈছে। যেতিয়া যুধিষ্ঠীৰক যক্ষই প্ৰশ্ন কৰিছিল, 'পৃথিৱীতকৈ গৰিমাময়ী কি ?' তেতিয়া যুধিষ্ঠীৰে সহজ ভাবেৰে উত্তৰ দিছিল - 'মা' । মা- দয়া, কৰুণা, মমতা, সহিষ্ণুতা আৰু প্ৰেমৰ এক পবিত্ৰ প্ৰতিমুৰ্তি । ভাৰতৰ নাৰীৰ ত্যাগ, কষ্ট সহিষ্ণুতা আৰু ধৈৰ্য্য দেখি জাৰ্মান পণ্ডিত মেক্সমোলাৰে কৈছিল - যদি পুনৰ জন্ম আছে ভগৱানে মোক যেন ভাৰতত মাতৃ হিচাপে জন্ম দিয়ে। পৃথিৱীৰ যি কোনো মহাপুৰুষৰ আত্মকথা পঢ়িলে ৯৯% মহাপুৰুষে এই কথা উল্লেখ কৰে যে, " মোৰ প্ৰগতিত মোৰ মাৰ বিশাল যোগদান আছে ।"

বৰ্তমান সময়তো অনেক ৰাষ্ট্ৰ পুৰুষে যেনে - শ্ৰদ্ধাৰ এ.পি. জে আব্দুল কালাম, নৰেন্দ্ৰ মোদী, শচীন তেন্দুলকাৰ, অমিতাভ বচ্ছন আদিয়ে নিজৰ সফলতাৰ বাবে মাককে প্ৰথম স্থান দিছে । মাতৃত্বৰ যি প্ৰেম, তাতকৈ অধিক ভালকৈ আন কি প্ৰেমে ঈশ্বৰৰ প্ৰেমক প্ৰতিনিধিত্ব কৰিব পাৰে ।

মুঠ পঢ়ুৱৈ সংখ্যা: 1,438

অৰ্থনৈতিক উন্নয়নৰ দিশৰ পৰা লক্ষ্য কৰিলে পৰিলক্ষিত হয় যে স্বাধীনতাৰ প্ৰাগ মূৰ্হতই হয়তো অসমৰ অৰ্থনৈতিক উন্নয়নৰ সোণালী সময় আছিল | ১৮২৬ চনত বিট্ৰিছ সান্ম্ৰাজ্যৰ অন্তভূক্ত হোৱা লগে লগে এক বৈপ্লবিক পৰিবৰ্তনৰ সূচনা হয় | অন্যহাতে বহু দশকৰ আগতে স্বৰ্গদেও চাউলুং চুকাফাই অসমৰ অনবিল প্ৰাকৃতিক সৌন্দৰ্য আৰু অত্যাধিক মাত্ৰাৰ উৰ্বৰা শক্তিৰ প্ৰেমত পৰিছিল | পৰাক্ৰমী দুবাহুৰে চুকাফাই সৃষ্টি কৰিছিল এখন বৰ অসমৰ | কিন্তু সময়ৰ সোঁতত যেন পাহৰি পেলালো আমি সেইখন বৰ অসমৰ কথা | বৰ্তমান সময়ত মুঠ ঘৰুবা উত্পাদনলৈ কৃষিখণ্ডৰ বৰঙণি ১৫% ৰ তলত কিন্তু প্ৰথম পঞ্চবাষিৰ্ক পৰিকল্পনাৰ সময়ত কৃষিয়ে ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ ৫০% ৰ অধিক অবদান আগবঢ়াইছিল | বৰ্তমান আমাৰ একাংশ কৃষকৰ কৃষিৰ ব্যবস্থাৰ প্ৰতি যেন অনিশ্চয়তাৰ সৃষ্টি হৈছে | কিন্তু আমাৰ এষাৰ কথা আছে -”কৃষি কৃষকত নকৰি মন বৃথাই যায় গৃহৰ ধন ” |

মুঠ পঢ়ুৱৈ সংখ্যা: 2,050

বর্তমান যুগত ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগীতামূলক মনোভাৱ যিমানেই বাঢ়ি গৈ আছে সিমানেই শিক্ষা ব্যৱস্হাতো বিভিন্ন পৰিবর্তন তথা সংস্কাৰ দেখিবলৈ পোৱা গৈছে৷ সর্বভাৰতীয় প্ৰতিযোগীতামূলক পৰীক্ষাত নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সকলোৱেই যেন উঠি-পৰি লগা পৰিলক্ষিত হৈছে৷ তাৰ সমানে অভিভাৱকসকলো পিছ পৰি থকা নাই, কোন পাঠ্যক্ৰম বা শিক্ষানুষ্ঠানত পঢ়িলে ভৱিষ্যতে উজলি উঠিব পাৰিব তাকে লৈ সকলোৰে মাজত গুনা-গঁথা৷ এইখিনিতে আমাৰ সমাজত সকলোতকৈ চর্চিত বিষয়টো হৈ পৰে ছেবা বনাম চিবিএছই৷ নিজৰ সন্তানক কোনখন বর্ডৰ অধীনৰ স্কুলত নাম লগালে ভাল হ’ব তাক লৈ বিতর্কৰ যেন শেষেই নহ’ব ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 2,877

বিহু অসমৰ জাতীয় উৎসৱ ।‌ অসম আৰু অসমীয়া জনসমাজৰ নিৰ্ভূল দাপোণ এই বিহু ।‌ বিহু যদিওবা কৃষিভিত্তিক উৎসৱ বৰ্তমান ই কৃষিভিত্তিক উৎসৱ হয় থকা নাই ।‌ ইয়াক এক সামাজিক ৰীতি বুলি হে মানিবলৈ ধৰিলে ।‌ বিহুৰ আধুনিকীকৰণৰ নামত গছৰ তলৰ বিহু আহি পালে মঞ্চলৈ ।‌ এই আধুনিকীকৰণে বিহুৰ সাত্বিক ৰূপটোক ক্ৰমাণ্বয়ে লুকুৱাই আনি আছে ।‌ সময়ৰ লগতে বিহুও আধুনিক হয় পৰিল ।‌ যুগ পৰিবৰ্তনৰ লগতে অসমীয়া সমাজৰ স্বৰূপ,গাঁথনি মূল্যবোৰ সালসলনি হৈছে ।‌ পূৰ্বৰ কৃষিভিত্তিক চহা অসমীয়া হ্ৰাস পাই আহি আছে ।‌ কাৰণ কৃষি-কৰ্মত যন্ত্ৰ ব্যৱহাৰে মানুহৰ শ্ৰম লাঘৱ কৰাৰ লগতে সময় ৰাহি কৰিছে ।‌ সেইবাবেই এতিয়াৰ কৃষকে চ'ত,বহাগ,জেঠ মাহত পথাৰত গৈ শ্ৰম কৰিব নালাগে ।‌ পথাৰত যাব নালাগে যিহেতু পথাৰত গৈ চেনাইক লগ কৰাৰো কোনো প্ৰয়োজন নাই ।‌ সেয়ে পথাৰ বা গছৰ তলৰ বিহু কৰাও তেওঁলোকৰ যেন সমাজঞ্জ্যহীন কাৰবাৰ ।‌ চহা জীৱনৰ এনে ধৰণৰ পৰিবৰ্তনে বিহুৰ লোকাচাৰলৈয়ো পৰিবৰ্তন অনাতো অৱশ্যম্ভবীয় কাৰণ চহাৰ বোকোচাত উঠিয়েই বিহুৱে আধুনিক কালত অসমীয়াৰ জাতীয় মৰ্য্যদা লাভ কৰিছিল ।‌ গাঁৱৰ বোকা-পানী গচকি মতলীয়া হোৱা বাপতিসাহোন বিহুটিয়ে মঞ্চ বিহুলৈ ঢাপলি মেলিলে ।‌ ঠিক তেনেদৰেই বিহুনামতো কৃত্ৰিম ৰং ৰহইচৰ পয়োভৰ আৰু জাকজমকতা পৰিল ।‌ পশ্চিমীয়া বাদ্যযন্ত্ৰৰ অবাধ সংগতকৰণ আদিয়ে বিহু সংস্কৃতিক হ্ৰাস কৰি আহিছে ।‌

মুঠ পঢ়ুৱৈ সংখ্যা: 3,295

মই সপোন এটা দেখিছিলো !!! এক ব্যতিক্ৰমী সপোন !

নাৰী স্বাধীন হোৱাৰ সপোন !

সপোনবোৰ জানো বাস্তৱ হ’ব পাৰে !!! কিন্তু বাস্তৱ মুখী কৰাৰ প্ৰয়াস নিশ্চয় কৰোঁ ।

লিখিবলৈ হাতত কলম লৈ ভাবিছো হৃদয়ৰ ভিতৰত কোনেও কাকো চুব নোৱাৰা এমুঠি বিষাদৰ জুই দেখোন মোৰ হিয়াত জ্বলিব লৈছে । এই জুই নুনুমোৱালৈকে মই লিখি যাম আজি ।

নাৰী দিৱস কেৱল শব্দত নহয় ব্যৱহাৰৰ পৰা হে চলাই যাব লাগিব । অত্যাচাৰ কৰাজনতকৈ অত্যাচাৰ সহ্য কৰা বেছি দোষী । হৈ থকা অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ সৎ সাহস সকলো নাৰীৰ থাকিব লাগে ।
এই দিৱস পোন প্ৰথমে আমেৰিকাত ১৯০৯ চনত পালন কৰা হৈছিল । ১৯১৪ চনৰ ৮ মাৰ্চ ৰ পৰা নাৰী দিৱস হিচাপে পালন কৰা হ’ল ।

নাৰী দিৱসৰ মূল উদ্দেশ্য হ’ল লিংগ বৈষম্য আতৰাই সমতাৰ অধিকাৰ প্ৰদান কৰা , নাৰী সকলৰ সকলো শোষণৰ পৰা মুক্ত কৰা ইত্যাদি ।

নাৰী সকলক ভোট দিয়াৰ অধিকাৰ আছে । আজিও বহুতো ঠাইত নাৰীক ভোট দিব নিদিয়ে । নাৰী দিৱসৰ অইন এক উদ্দেশ্য হ’ল নাৰী জাতিক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ দিয়া । মহিলা অবিহনে সৃষ্টি অসম্ভৱ । সেয়ে নাৰীক ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সকলো সুখ সুবিধা দিয়াৰ উদ্দেশ্যে গোটেই বিশ্বত নাৰী দিৱস উৎযাপন কৰা হয় ।

কিন্তু এইখিনিতে প্ৰশ্ন আহে কিয় পালন কৰি আছোঁ এই দিৱস আমি ? এই দিৱস পালন কৰিলে নাৰীৰ মৰ্যাদা বাঢ়িছে ? নাৰীৰ সবলীকৰণৰ প্ৰতি সমাজ অধিক সজাগ হৈছে ? যদি এই কথাবোৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা হৈছে তেন্তে অত্যন্ত সুখবৰ কিন্তু মোৰ বোধেৰে এই এটি মাথোঁ দিৱস হে মাথোঁ হৈ পৰিছে । যেনেকৈ পাশ্চাত্যৰ জুইকুৰা আমাৰ সাহিত্য সংস্কৃতিত শিপাই সৈতে বহি আছে এই দিৱস ও সেই একেই দৰে আমাৰ মাজত আছে ।

মুঠ পঢ়ুৱৈ সংখ্যা: 2,403

মই বাস কৰো বাক্সা জিলাৰ সৰু পিছপৰা গাওঁ এখনত !! শিক্ষাৰ পোহৰে বহল ৰূপত আৱৰি ধৰি থকা নাই যদিও শিক্ষিত লোকৰ হাৰ কম নহয় !!!

অসমৰ সৰহ সংখ্যক লোকেই গাওঁ বাসী আৰু কৃষিভিত্তিক । তেওঁলোক পৰম্পৰা আশ্ৰয়ী । বিশ্বাস প্ৰৱন সমাজত লোক বিশ্বাস পৰম্পৰাগত ভাৱেই চলি থাকে । লোক বিশ্বাসে বহল পৰিসৰত অন্ধবিশ্বাসক সাঙুৰি লয় !!!

অন্ধবিশ্বাসৰ ইংৰাজী প্ৰতিশব্দ হল superstition !!! লেটিন শব্দ stare ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হল survival (উদ্ধৰ্তন ) |

য'ত বিজ্ঞান বিফল হৈছে তাতে অন্ধবিশ্বাসৰ সৃষ্টি হৈছে !

অন্ধবিশ্বাস যে অকল শিক্ষাৰ পোহৰ নপৰা ঠাইত জন্ম লৈছে সেই কথা নহয় । শিক্ষাৰ পোহৰ পৰা বহুতো উন্নত দেশ বোৰত ও প্ৰৱল ৰূপত অন্ধবিশ্বাসৰ প্ৰচলন আছে !!

ইংলেণ্ডৰ দৰে উন্নত দেশবোৰত ও ডাইনী হত্যাৰ দৰেই কু প্ৰথা চলি আছে !! তেনেহ'লে শিক্ষাৰ পোহৰ নপৰা ঠাইত অন্ধবিশ্বাস যাদু বিদ্যাৰ প্ৰচলন হোৱা তেনেই সাধাৰণ কথা (মোৰ লিখনিৰ মূল বিষয় ডাইনী হত্যা নহয় । সময় সুবিধা পালে নিশ্চয় এই বিষয়ে বিতং ভাৱে আলোচনা কৰিম)

বৰ্তমান ফেচবুক টুইটাৰৰ দিনতো অন্ধবিশ্বাসে নিজকে জনমানসৰ মানস পটত নিজৰ আখন সংৰক্ষিত কৰিবলৈ সক্ষম হৈছে !! এই দৃষ্টি কোণৰ পৰা চাবলৈ গলে সমগ্র আধুনিকতা বাদৰ প্ৰক্ৰিয়া টোকে ভেঙুচালি কৰি আজিও জয়জয় ময়ময় খোপনি পুতি আছে আমাৰ মনত এই অন্ধবিশ্বাস কু সংস্কাৰ বোৰে !!

মোৰ একমাত্র পুত্ৰ সন্তান দৰ্শিল !! দহ মহীয়া মোৰ শিশু সন্তানৰ যোৱা কালিৰ পৰা বসন্ত হৈছে !! অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি এইয়া কোনো বেমাৰ নহয় !!! মা মনসাৰ জীয়ৰী শীতলা মায়ে পুত্ৰ সন্তানৰ গাত আশীৰ্বাদ হিচাবে ফুল দিছে !!! পুজা পাঠ চাফ চিকুণতাই ইয়াৰ চিকিৎসা !! হয় পূজা পাঠ নাম কীৰ্ত্তন কৰিলে আমাৰ মন শান্ত হয় তেনেহলে পূজা কৰাত আপত্তি কিহৰ কিন্তু পুজা পাঠৰ ঠাইত অন্ধবিশ্বাসে প্ৰৱল ৰূপত থিতাপি লয় তেতিয়া আপত্তি আহি পৰে ।

মুঠ পঢ়ুৱৈ সংখ্যা: 2,362

আদিম মানুহে যিদিনাৰ পৰা অঘৰী জীৱন ত্যাগ কৰি সমাজ পাতি সভ্য ভাৱে জীৱন নিৰ্বাহ কৰিব লৈছিল তেতিয়াৰ পৰা অন্ধবিশ্বাসৰ সুচনা ও হৈছিল ।

বিশ্বাস প্ৰৱন সমাজত লোকবিশ্বাস পৰম্পৰাগত ভাৱে চলি থাকে । লোক বিশ্বাসে বহল পৰিসৰত অন্ধবিশ্বাসকো সামৰি লয় । অন্ধবিশ্বাসৰ ইংৰাজী প্ৰতিশব্দ superstition পদটো লেটিন stareৰ পৰা উদ্ভৱ হৈছে । stareৰ প্ৰতিশব্দ হল survival (উদ্ধৰ্তন ) ।

মানুহ যিমানে শিক্ষা দীক্ষা আদিত আগবঢ়া নহ'ওক কিয় শতকৰা ৯০% ভাগ মানুহেই লোকবিশ্বাস অন্ধবিশ্বাসত আস্হা স্হাপন কৰে !!

বৰ্তমানৰ ইলেক্ট্ৰনিক যুগত মানুহ যিমানেই আধুনিক , আল্ট্ৰা আধুনিক নহ'ওক কিয় সকলোৱে অন্ধবিশ্বাসত আস্হা ৰাখে ।

একবিংশ শতিকাৰ তথ্য প্ৰযুক্তিৰ বিদ্যাৰ যুগতো অন্ধবিশ্বাসে কুসংস্কাৰ বোৰে কলুষিত কৰিছে অসমক ! দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে "ডিজিটেল ইন্ডিয়া " ৰ কথা কৈছে আৰু আমিও সকলোৱে নিজৰ প্ৰফাইল ফটো ডিজিটেল কৰিব লৈছো সেই সময়ত অসমত অন্ধবিশ্বাস কুসংস্কাৰ থকাটো আমাৰ বাবে দুৰ্ভাগ্য জনক কথা !

বিজ্ঞান যত বিফল হৈছে তাতেই অন্ধবিশ্বাসৰ জন্ম হৈছে । বিজ্ঞানে দ্ৰত গতিত আগুৱাই যোৱাৰ পিছত ও বহুতো ঠাইত শিক্ষাৰ পোহৰ পৰাগৈ নাই । অন্ধবিশ্বাস কুসংস্কাৰ যে অকল অশিক্ষিত ঠাইত শিপাইছে তেনে কথা নহয় শিক্ষাৰ পোহৰ পৰা উন্নয়ন শীল দেশ বোৰ ও এই কুসংস্কাৰৰ বলি হৈ আহিছে !
ডাইনী হত্যা এবিধ অন্ধবিশ্বাসৰ মহামাৰী ৰূপত দাত নিকটাই গিজগিজাই আছে আমাক তাচ্ছিল্য কৰি !! "জীৱ শ্ৰেষ্ঠ মানব তহঁত পশুতকৈ অধম"!!

এটা দৃষ্টি কোণৰ পৰা চাবলৈ গলে সমগ্র আধুনিকতাবাদৰ প্ৰক্ৰিয়াটোক ভেঙুচালি কৰি আজিও জয়জয় ময়ময় হৈ খোপনি পুতি আছে মানুহৰ মনত অন্ধবিশ্বাস কুসংস্কাৰ বোৰে ।

মুঠ পঢ়ুৱৈ সংখ্যা: 2,397

সমস্যাৰে জর্জৰিত বর্তমানৰ সমাজখনৰ সন্মুখত HIV/AIDS ও এক জটিল সামাজিক প্রত্যাহ্বান হিচাপে থিয় দিছে। ই ব্যক্তি বিশেষৰ মাজতে সীমাৱদ্ধ নাথাকি সামাজিক ব্যাধিলৈ ৰূপান্তৰ হৈছে, যিহেতু ই সাঙোৰ খাই আছে, যৌনতা আৰু কিছুমান সমাজৰ অপবাদ সূচক আচৰণৰ সৈতে। HIV য়ে ব্যক্তিৰ শৰীৰৰ প্রতিৰোধ ক্ষমতা ধ্বংস কৰাৰ লগতে বিভিন্ন মানসিক জটিলতা- আত্ম-মর্যাদা, হতাশা, পীড়ন, অহেতুক ভয়, সামাজিকভাৱে বহিষ্কাৰ, দুঃচিন্তাৰ সৃষ্টি কৰে। এই ৰোগৰ সৈতে জড়িত অপবাদ আৰু অবহেলাই এতিয়াও হাজাৰজন মানুহক চিকিৎসা গ্রহণ কৰিবলৈ আগুৱাই অহাত বাধা প্রদান কৰিছে। আক্রান্তসকলৰ প্রায় ৫০% - ৬০% মানুহে তেওঁলোকৰ ব্যাধিৰ সম্বন্ধে এতিয়াও অজ্ঞাত। শংকাৰ বশবর্তি হৈ কিছুৱে নিজৰ ব্যাধিৰ কথা লুকুৱাই ৰাখে। এনে কাৰণবোৰেই HIV বিয়পোৱাৰ সহায়ক হৈ পৰিছে।
বিভিন্ন সময়ত বিভিন্ন দেশত কৰা ৰিচার্চে, এটা কথাকে প্রতিফলিত কৰিছে যে – সামাজিক সহযোগিতাইহে এজন HIV/AIDS ৰোগীক যোগাত্মাক দৃষ্টিভংগীৰে জীয়াই থকাৰ আনন্দ দিব পাৰে। যিসকল ব্যক্তিয়ে নিজৰ সন্তুষ্টিৰ জোখাৰে সামাজিক সহযোগিতা লাভ কৰিছে, তেওঁলোকে এক উন্নতমানৰ জীৱন নির্বাহ কৰিবলৈ সক্ষম হৈছে। আনহাতে অসহযোগিতাৰ কবলত পৰা ব্যক্তিসকল অতি সোনকালে শাৰীৰিক ও মানসিকভাৱে বিধস্ত হৈছে। জীৱনে উপহাৰ দিয়া আশীষ গ্রহণ কৰিবলৈ যেনেদৰে সুস্থ শৰীৰ আৰু মনৰ প্রয়োজন, তেনেদৰে অভিশাপ গ্রহণ কৰিবলৈ এক শক্তিশালী শৰীৰ ও মন অপৰিহার্য। HIV ৰ দ্বাৰা আক্রান্ত ব্যক্তিৰ শৰীৰিক সুস্থতা আমি ঘূৰাই দিব নোৱাৰো সঁচা, কিন্তু তেওঁলোকক মানসিকভাৱে সবলতা কৰাতো আমাৰ মনুষ্যত্বৰ দায়ৱদ্ধতা। এগৰাকী AIDS ৰোগীয়ে কৈছিল – “HIV য়ে মোক ইমান যন্ত্রণা দিয়া নাই, যিমানখিনি যন্ত্রণা মোক চাৰিওফালে আগুৰি থকা মানুহখিনিয়ে দিলে।”

মুঠ পঢ়ুৱৈ সংখ্যা: 3,141

সাধাৰণতে পৰিবেশ আৰু বনৰীয়া জীৱজন্তু সমূহৰ ওপৰত থকা লিখনিসমূহ মোৰ অতিকৈ প্ৰিয় । বিশেষকৈ সেইবোৰ যদি অসমীয়া ভাষাত হয়, কিন্তু দুখৰ বিষয় এয়ে যে পৰিবেশ আৰু বনৰীয়া জীৱজন্তুৰ ওপৰত অসমীয়া কিতাপপত্ৰ বাদেই সাধাৰণ ভাৱে ভাল প্ৰবন্ধ এটাও বিচাৰি পোৱাটো যথেষ্ট কঠিন। কালি ৰাতি অসমীয়াত এটা সুন্দৰ ভ্ৰমনকাহিনী পঢ়ি থাকোতে হঠাতে চকুত পঢ়িলে দক্ষিণ ভাৰতৰ এখন ৰাষ্টীয় উদ্যানতো হেনো সোনালী বান্দৰ যথেষ্টপৰিমাণে পোৱা যায় ! লিখক জনৰ প্ৰতি পূৰ্ণ সন্মান ৰাখিয়েই কৈছোঁ এনে ভুলবোৰ হোৱাৰ প্ৰধান কাৰণ হৈছে আমাৰ নিজা বন্যপ্ৰাণী সমূহৰ প্ৰতি আমাৰ জ্ঞানৰ অভাৱ আৰু এই অভাৱৰ মূল কাৰণেই হ'ল বন্যপ্ৰাণৰ ওপৰত আমাৰ লিখনীৰ অভাৱগ্ৰস্থতা ।

অসমত প্ৰাপ্ত স্তন্যপায়ী প্ৰাণীসমূহৰ ভিতৰত বাঘ, গঁড়, নলগাহৰী, খাগৰিকটা শহাৰ দৰেই সোনালী বান্দৰো আমাৰ অসমত প্ৰাপ্ত বিলুপ্তপ্ৰায় তালিকাভুক্ত এক আপুৰুগীয়া প্ৰাণী। পিছে আন প্ৰাণীসমূহৰ পৰা এই সোনালী বান্দৰক স্পষ্টকৈ বেলেগ এক শাৰীত ৰাখিব পাৰি কাৰণ এই প্ৰাণীক অসমৰ এটা সৰু অঞ্চল আৰু ভূটানৰ পাহাৰৰ এক বিশেষ অঞ্চলৰ বাদে পৃথিবীৰ আন ক'তোই পোৱা নাযায়। ভাৰতৰ ভিতৰত কেৱল অসমতে সোনালী বান্দৰ পায়। পূৱে মানাহ নৈৰ পৰা পশ্চিমে সোণকোষনৈ আৰু উত্তৰে ভূটান পাহাৰৰ (ব্লেক মাউন্টেন) ২৪০০ মিটাৰ উচ্চতাৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদলৈ এক সৰু অঞ্চলৰ জংগল সমূহে এই প্ৰাণী বিধৰ বিচৰণস্হলী। কিন্তু কিয়...? মজাৰ কথা হ'ল এই বান্দৰে সাঁতুৰিবলৈ নজনাৰ বাবে এই ডাঙৰ নৈ কেইখনৰ মাজতেই গোটেই প্ৰজাতিটোই আবদ্ধ হৈ ৰ'ল। দেখাত প্ৰায় একেই হোৱা বাবে বহুতেই টুপিমূৰিয়া বান্দৰকে সোনালী বান্দৰ বুলি ভুল কৰে ।

মুঠ পঢ়ুৱৈ সংখ্যা: 2,891

(১)
ইংৰাজী কোৱা দেশবিলাকতো ফেঁচা আছে। আমাৰ ইয়াত ফেঁচাই ‘নিউ’ (নিওঁ) বুলি মাতিলে আমি গম পাই যাওঁ – হয়, কাৰোবাক ‘নিব’, অৰ্থাৎ কাৰোবাৰ মৃত্যু হ’ব। ইংৰাজীভাষী দেশত ফেঁচাই ‘নিউ’ (new) বুলি মাতিলে মানুহে চাগে ভাবে – হয়, কিবা ‘নতুন’ ঘটনা এটা ঘটিব এতিয়া। তেনেহ’লে আমি বুজিম নেকি যে অসমৰ ফেঁচাবোৰে অসমীয়া ভাষাত মাতে, ইংৰাজীভাষী মানুহ বাস কৰা ঠাইৰ ফেঁচাবোৰে ইংৰাজী ভাষাত মাতে? তেনেহ’লে বুজা যাব যে ফেঁচা এটাই যি ভাষাভাষী লোকৰ ঠাইত বাস কৰে সেই ভাষাতে আমি তাৰ মাতটোৰ অৰ্থোদ্ধাৰ কৰিব লাগিব। কিন্তু ফেঁচাটোৱেতো যিকোনো ঠাইতেই তাৰ নিৰ্দিষ্টধৰণৰ মাতেই মাতিব – মানুহেহে নিজা নিজা ভাষাত তাৰ অৰ্থ উলিয়ায়। তেন্তে ভাবকচোন, ‘নিউ’ শব্দটোৰ অৰ্থ বিভিন্ন ভাষাভাষীয়ে নিজাকৈ বুজিবলৈ হ’লে কেনে পৰিস্থিতিৰ সৃষ্টি হ’ব! সৰহভাগ ভাষাতে ই এটা অৰ্থহীন ধ্বনিসমষ্টিহে হ’ব হয়তো। আচলতে ‘নিউ নিউ’, ‘কু কু’, ‘চিপ্ চিপ্’ আদিবোৰ কিছুমান ধ্বন্যাত্মক শব্দ : জীৱ-জন্তুৰ মাত বা প্ৰকৃতিত সৃষ্ট বিভিন্ন ধ্বনিৰ অনুকৰণত কোনো এটা ভাষাত থকা যথাসম্ভৱ সাদৃশ্যযুক্ত ধ্বনিৰে এই শব্দবোৰৰ সৃষ্টি হৈছে। সেইবাবেই ভাষাভেদে ধ্বন্যাত্মক শব্দ বেলেগ বেলেগ হয়। ‘নিউ নিউ’টো অসমীয়া ভাষাৰ ধ্বন্যাত্মক শব্দহে, ইংৰাজীত ফেঁচাৰ মাতটোক hoot hoot বুলিহে কয়! আকৌ, কুলিয়ে ক-বৰ্ণটো উচ্চাৰণ কৰি কু কু নকৰে, কৰিব নোৱাৰে, সেই ক্ষমতা কেৱল মানুহৰহে আছে। কুলিৰ মাতটো যদি কু কু নকৈ টু টু বা টৌ টৌ বা কিবাকিবি কওঁ তথাপি ভুল নহ’ব, আপুনি কুলিৰ মাতটো শুনি পৰীক্ষা কৰি চাব পাৰে। (এই লেখকে সৰুতে বৰ একাগ্ৰতাৰে সেই পৰীক্ষা কৰি চাইছিল কিবা অনুসন্ধিৎসাত।) একেদৰে বৰষুণজাক দিওঁতেও চি-ৰ লগত ব্যঞ্জনান্ত প এটা উচ্চাৰিত (চিপ্ চিপ্) নহয়। ফেঁচাৰ মাতটোৰ ক্ষেত্ৰতো এয়া প্ৰযোজ্য ।

(২)

“অ’ ফ্ৰা বান্ লাই চক্-লং চি-চিম্ হেউ টিম।”

মুঠ পঢ়ুৱৈ সংখ্যা: 3,177

সাপৰ বিষ সাপৰ লালটি গ্ৰন্থীৰ নিঃসৰণ (salivary secretion), সাধাৰণ ভাষাত ক'বলৈ গলে সাপৰ লেলাতি, যাৰ আচল কাম চিকাৰ, প্ৰতিৰক্ষা আৰু খাদ্য পৰিপাকৰ কামত ব্যৱহাৰ কৰা। সাপৰ বিষ নানাবিধ এঞ্জাইমৰ দ্বাৰা উৎপন্ন যাৰ ভিতৰত phospholipidase, protease, hyaluronidase, ATPase, cholinesterase, lecithinase, ribonuclease, deoxyribonuclease আদিয়েই প্ৰমুখ। উপৰোক্ত এই এঞ্জাইমবোৰৰ বহুকেইটাই পিছে আমাৰ দেহৰ পৰিপাক তন্ত্ৰতে (digestive system) পোৱা যায়, যিবোৰ এঞ্জাইমে আমাক খাদ্য পৰিপাকৰ হোৱাৰ কামত সহায়হে কৰে। এনে ধৰণৰ তথ্যৰ পৰা পিছে আমাৰ মনত ডাঙৰ এটা প্ৰশ্নৰহে উদয় হয় যদি সাপৰ মাৰাত্মক বিষ এনে এক সাধাৰণ এঞ্জাইমহে, তেনেহ'লে সাপৰ বিষ আমাৰ দেহৰ বাবে বিষাক্ত হয় কিয় ?

আচলতে সাপৰ বিষ আমাৰ দেহৰ বাবে তেতিয়াই বিষাক্ত হয়, যেতিয়া এই বিষ আমাৰ তেজত মিহলিহৈ দেহৰ বিভিন্ন অংশত দ্ৰুতভাৱে সিচৰিত হয়, এই বিষ তেতিয়া প্ৰাণঘাতী হৈ পৰে, কিয়নো এই এঞ্জাইমবোৰে আমাৰ দেহৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় অংশৰ ক্ষতিসাধন কৰে। সাপৰ বিষ সাধাৰণতে দুই ধৰণৰ হয়, এবিধ বিষে (নিউৰোটক্সিক) মানুহৰ স্নায়ৱিক তন্ত্ৰৰ ওপৰত প্ৰতিক্ৰিয়াশীল হয় আৰু এই বিষৰ প্ৰভাৱৰ বাবে মুখেৰে লেলাটি ওলোৱা, দেহা ঘামি যোৱা, টোপনীৰ ভাৱ হোৱা, পেটৰ বিষ আদি লক্ষণ হিচাবে দেখা দিয়ে। আমাৰ অসমৰ ফেঁটি, শংখচূড় সাপত এই বিষ আছে। আনবিধ বিষে (হিমোটক্সিক) মানুহৰ তেজ আৰু তেজ প্ৰৱাহিকা তন্ত্ৰৰ ওপৰত প্ৰতিক্ৰিয়াশীল হয়। আৰু এই বিষৰ প্ৰভাৱৰ বাবে সাপে কামোৰা ঠাইডোখৰ ফুলিউঠা, জুয়ে পোৰাৰ দৰে ক'লা হোৱা, কামোৰা ঠাই ডোখৰত সাংঘাতিক ভাৱে বিহ হোৱাৰ লগতে নাকেমুখে আৰু প্ৰস্ৰাৱৰ লগত তেজ ওলাব পাৰে, অসমৰ ভাইপাৰ সাপৰ মাজত এই বিষ দেখা যায় ।

সাপে কামোৰা চিন
চিত্ৰ :: সাপে কামোৰা চিন

মুঠ পঢ়ুৱৈ সংখ্যা: 4,568

অসমত প্ৰাপ্ত বেছিভাগ সাপৰেই বিষ নাই, কিন্তু মানুহৰ সাপকলৈ থকা অহেতুক ভীতি, আমাৰ ধৰ্মীয় কাহিনীবোৰত সাপকলৈ ৰচনা কৰা অতিৰঞ্জিত কল্পকাহিনীবোৰ, সাপকলৈ বনোৱা নানান চলচিত্ৰত সাপৰ ভূমিকাই সৰুৰেপৰা আমাৰ মনত প্ৰকৃতিৰ এই অপূৰ্ব সৃষ্টিৰ প্ৰতি মিছাতেই এক অসহনীয়তা আনি দিছে। আন বেছিভাগ জীৱ-জন্তুৰ দৰেই সাপো এক নিৰিহ জন্তুহে মাত্ৰ। ফেঁটি, ক্ৰেইট আৰু ভাইপাৰ জাতীয় এই তিনিবিধ সাপৰ বাহিৰে অসমত প্ৰাপ্ত আন কনো সাপৰেই বিষ নাই। কিন্তু বাটেঘাটে, পথাৰত এই সাপবোৰৰ খাদ্যৰ সন্ধানত বাহিৰলৈ ওলাই আহিলেই এচাম মানুহৰ চকুত পৰা মাত্ৰকে নিজৰ জীৱন দিব লগীয়া হয় এই প্ৰাণীবিধক, বিনাকাৰণতে কেৱল মানুহৰ অসহনশীলতা আৰু সাপৰ প্ৰতি থকা জ্ঞানৰ অভাৱগ্ৰস্থতাৰ বাবে।

সাপ সম্পৰ্কে থকা কেইটামান ভ্ৰান্ত ধাৰণা :

  • সাপে গাখীৰ খায়।
  • কিছুমান সাপৰ মনি থাকে, যি মনি অতি আপুৰুগীয়া আৰু মূল্যবান।
  • সাপে মনত ৰাখিব পাৰে, আৰু এবাৰ আক্ৰমণ কৰা মানুহক পিছত খেদি প্ৰতিশোধ লব আহে।
  • সাপে পেঁপাৰ তালেতালে নাচে।
  • সাপে কামুৰিলে বেজে মন্ত্ৰ-তন্ত্ৰৰ দ্বাৰা আৰোগ্য কৰিব পাৰে।
  • কিছমান সাপে উৰিব পাৰে।

এইবোৰ অবৈজ্ঞানিক আৰু গোটক মিছা কথা । আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ শিক্ষিত প্ৰায় মানুহো এইবোৰ কথা বিশ্বাস কৰে । কেৱল উৰণীয়া সাপ বোলা এটা প্ৰজাতীৰ সাপে নিজৰ দেহাটো চেপেটা কৰি গ্লাইডাৰৰ দৰে কিছুদেৰিলৈকে যাবহে পাৰে ।

অসমত প্ৰাপ্ত বিষাক্ত সাপ কেই বিধৰ লগত চিনাকি হওঁ আহক---

সৰু পৰ্বতীয়া ভাইপাৰ (Mountain Pit Viper)

ডাঙৰ পৰ্বতীয়া ভাইপাৰ (Jerden's Pit Viper)

হালধীয়া ভাইপাৰ (White-lipped Pit viper)

মুঠ পঢ়ুৱৈ সংখ্যা: 4,587

বিহু অসমীয়াৰ বাপতি সাহোন ৷ বিহু অসমীয়াৰ জাতীয় জীৱনৰ দাপোণ ৷ বিহু প্ৰকৃততে কৃষিৰ লগত জড়িত, যিয়ে আহোম ৰাজতন্ত্ৰ দিনত স্বীকৃতি লাভ কৰিছিল ৷ স্বৰ্গদেউ কুদ্ৰসিংহই ৰাজকীয় আমোদ- প্ৰমোদৰ লগতে সাধাৰণ প্ৰজাইও যাতে বিহুৰ ৰং ৰইহচ উপভোগ কৰিব পাৰে তাৰে প্ৰয়াস কৰি ৰংঘৰৰ বাকৰিত বিহু নচা বা গোৱাৰ ব্যৱস্থা কৰি দিছিল ৷ তাৰে পৰাই মুকলি বিহুৰ উৎপত্তি হোৱা বুলি কোৱা হয় ৷

অসমৰ বিহু উৎসৱৰ লগত অসমৰ প্ৰকৃতিৰ নিবিড় সম্পৰ্ক আছে ৷ অষ্টিক, দ্ৰাবিড়, তিৰ্ব্বত ধৰ্মী আহোম, মুছলমান আদি বিভিন্ন জনগোষ্ঠিৰ সংস্কৃতিৰে অসমৰ জনসংস্কৃতি পুৰঠ হৈ পৰিছে ৷ বাৰেবৰণীয়া প্ৰকৃতিৰ লগতে ব্ৰহ্মপুত্ৰকে আদি কৰি নৈ, নিজৰা, জান, জুৰি বিল, পুখুৰি আদিৰ মোহনীয় ৰূপে লোক সংস্কৃতিক এক অনন্য ৰূপ প্ৰদান কৰি আহিছে ৷

চাৰিওফালে পৰ্বতমালাই অসমৰ সীমা আগুৰি আছে ৷ নদ-নদীয়ে অসমৰ জাতীয় জীৱন গঢ় দিয়ে ৷ কেতিয়াবা হাহাকাৰৰো সৃষ্টি কৰে ৷ আঘোণত ধান চপায় ৷ মাঘৰ বিহুত ভোগৰ তৃপ্তিয়ে আমোনভোলা হয় ৷ শীতৰ হাড় কপোৱা জাৰৰ অন্তত ফাগুণৰ পৰশে জগত নতুন কুহিপাত আৰু ফুলেৰে জাতিষ্কাৰ কৰি তোলে ৷ কুলিয়ে কু কু কৈ মাতি ডেকা গাভৰুৰ মন বলিয়া কৰে ৷ শুকাই যোৱা নদ নদী, জান জুৰিত আনে ন ঢল ৷ কেতিয়াব ন পানী নাহে - "ন পানী বঢ়া নাই বিহু বিহু লগা নাই গাত" বুলি হুমুনিয়াহ কাঢ়ে ৷

বিহুগীত সমূহ বিশ্লেষণ কৰিলে তাত অসমৰ প্ৰকৃতিৰ প্ৰধান চাৰিটা চবি পৰিস্ফুটিত হয় ৷ সেয়া হৈছে-আমাৰ নদ-নদী, গৰু মহ'ৰ চৰণীয়া উদং চাপৰি আৰু বহল পথাৰ, পৰ্বতৰাজি আৰু বিচিত্ৰ বৰ্ণ আৰু সংগীত সৃষ্টি কৰা পশু পক্ষী বোৰ ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 2,576

নিজৰ ঐকান্তিক প্ৰচেষ্টা আৰু গুৰু দক্ষিণাৰ বাবে জগতত নিজ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা মহাভাৰতৰ এক উল্লেখযোগ্য চৰিত্ৰ হৈছে একলব্য ৷ নিষাদ ৰাজ হিৰণ্যধনুৰ পুত্ৰ আছিল এওঁ ৷ প্ৰচণ্ড আত্মবিশ্বাসী একলব্যই মহাভাৰতত এক উল্লেখযেগ্য আসন অধিকাৰ কৰি আছে ৷

শৈশৱত ধনুবিদ্যা যাৰ শিক্ষা লাভ কৰাৰ উদ্দেশ্য একলব্য আচাৰ্য দ্ৰোণৰ কাষ চাপে ৷ কিন্তু নিষাধক অস্ত্ৰ শিক্ষা দান নিদিও বুলি দ্ৰোণই একলব্যক নিৰাশ কৰে ৷ দ্ৰোণৰ ওচৰত উপেক্ষিত একলব্য নিজ ৰাজ্যলৈ ঘুৰি নগৈ অৰণ্যলৈ গুচি গল আৰু অৰণ্যতেই আশ্ৰম পাতি, গুৰু দ্ৰোণৰ এক প্ৰিতমুৰ্তি প্ৰতিস্থা কৰি তেওঁকেই মানস গুৰু মানি ধনুবিদ্যাৰ চৰ্চা কৰিবলৈ ধৰে ৷ ক্ৰমে ক্ৰমে নিজৰ সাধনাৰ বলত তেওঁ ধনুবিদ্যাত নিপুণ হৈ পৰে ৷

এদিনৰ কথা গুৰু দ্ৰোণই কৌৰৱ-পাণ্ডৱ ৰাজকুমাৰ সকলৰ সৈতে বনলৈ গৈছিল ৷ সেই বনতেই আছিল একলব্য ৷ ৰাজকুমাৰসকলৰ লগত গৈছিল কিছুমান কুকুৰ ৷ কেইটামান কুকুৰ বনৰ মাজত ঘুৰি ফুৰুতে একলব্যৰ আশ্ৰমৰ কাষত উপস্থিত হল আৰু একলব্যক দেখি ভুকিবলৈ ধৰিলে ৷ কুকুৰৰ ভুকভুকনিত অতিষ্ঠ হৈ একলব্যই কুকুৰকেইটালৈ লক্ষ্য কৰি এনে কৌশলেৰে শৰ প্ৰহ্ৰ কৰিলে যে কুকুৰ কেইটাৰ মুখো বন্ধ হল আৰু সিহঁতে কোনো আঘাটো নাপালে ৷ ভয় খাই কুকুৰকেইটা ৰাজকুমাৰসকলৰ কাষ পালেহি ৷ কুকুৰকেইটাৰ অৱস্থা দেখি ৰাজকুমাৰ সকলৰ লগতে স্বয়ং দ্ৰোণও আচৰিত হ’ল ৷ তেওঁলোকে এই আচৰিত কৌশলৰ যোদ্ধাজনক বিচাৰি কুকুৰকেইটাক অনুসৰণ কৰিলে ৷ গৈ গৈ তেওঁলোকে একলব্যৰ আশ্ৰম পালে আৰু একলব্যক গুৰু দ্ৰোণৰ প্ৰতিমুৰ্ত্তিৰ সন্মুখত একলব্যক ধনুবিদ্যাৰ চৰ্চা কৰি থকা দেখি সকলো আচৰিত হ’ল ৷ একলব্যই গুৰু দ্ৰোণক দেখি সেৱা জনালে ৷

গুৰু দ্ৰোণই একলব্যক সুধিলে, তোমাৰ গুৰু কোন ?

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা