প্ৰবন্ধ :: ছেবা / চিবিএছই বনাম মেডিকেল এন্ট্ৰেন্স --- অভিনন্দন গোস্বামী

বর্তমান যুগত ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগীতামূলক মনোভাৱ যিমানেই বাঢ়ি গৈ আছে সিমানেই শিক্ষা ব্যৱস্হাতো বিভিন্ন পৰিবর্তন তথা সংস্কাৰ দেখিবলৈ পোৱা গৈছে৷ সর্বভাৰতীয় প্ৰতিযোগীতামূলক পৰীক্ষাত নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সকলোৱেই যেন উঠি-পৰি লগা পৰিলক্ষিত হৈছে৷ তাৰ সমানে অভিভাৱকসকলো পিছ পৰি থকা নাই, কোন পাঠ্যক্ৰম বা শিক্ষানুষ্ঠানত পঢ়িলে ভৱিষ্যতে উজলি উঠিব পাৰিব তাকে লৈ সকলোৰে মাজত গুনা-গঁথা৷ এইখিনিতে আমাৰ সমাজত সকলোতকৈ চর্চিত বিষয়টো হৈ পৰে ছেবা বনাম চিবিএছই৷ নিজৰ সন্তানক কোনখন বর্ডৰ অধীনৰ স্কুলত নাম লগালে ভাল হ’ব তাক লৈ বিতর্কৰ যেন শেষেই নহ’ব ৷

কেইদিনমান পূর্বে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে যে ছেবাৰ অধীনৰ বিদ্যালয় সমূহ চিবিএছইৰ অধীনলৈ যোৱাৰ বাবে চৰকাৰে উৎসাহ যোগাব৷ এইবছৰত ৫০ খন তেনে বিদ্যালয় চিবিএছইৰ অধীনলৈ যাব বুলি শুনিবলৈ পাইছো৷ ইয়াৰ আৰঁত তেওঁৰ উদ্দেশ্য এটাই যে সর্বভাৰতীয় মেডিকেল বাছনি পৰীক্ষাত ছেবাত অধীনৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফল দেখুৱাব নোৱাৰে যাৰ ফলত ৪০% আসন চিবিএছইৰ ছাত্ৰ-ছাত্ৰীয়ে লৈ যায়৷ অহাবছৰৰ পৰা ৯০% আসন ছিবিএছইৰ ছাত্ৰ-ছাত্ৰীয়ে লৈ যাব বুলি তেওঁৰ ঘোষণা৷ পৰিসংখ্যাৰ ফালৰ পৰা চালে কথাখিনি ঠিকেই আছে৷ ছিবিএছইৰ অধীনতো যিহেটো বৃহৎসংখ্যক মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে গতিকে তেওঁলোকে সর্বভাৰতীয় পৰীক্ষাত ভালেসংখ্যক আসন আজুঁৰি অনাটো অস্বাভাৱিক নহয়৷ ইয়াৰ উপৰিও তেওঁলোকে প্ৰবেশিকা পৰীক্ষাৰ বাবে বিশেষধৰণৰ প্ৰস্তুতি অৱলম্বন কৰে৷ কিন্তু কেৱল মেডিকেলত ছিট পাবৰ বাবেই ছেবাৰ বিদ্যালয়সমূহ চিবিএছইৰ অধীনলৈ আনিবলৈ বিচৰাটো যুক্তিকৰ হব নোৱাৰে৷ ছেবাৰ প্ৰশাসনীয় অদক্ষতা তথা বিভিন্ন বেমেজালিৰ বাবে যদি কোনো বিদ্যালয়ে চিবিএছইলৈ যাবলৈ আগ্ৰহ প্ৰকাশ কিৰিছে তাত চৰকাৰৰ উৎসাহ দিয়াটো কর্তব্য নহয়৷ বৰঞ্চ ছেবাৰ কর্মকুশলতা তথা কার্যদক্ষতা বৃদ্ধি কৰি ছাত্ৰ ছাত্ৰীক সকাহ দিব পৰাটোহে চৰকাৰৰ দ্বায়িত্ব৷ এতিয়া আহো মেডিকেল বা অভিযান্ত্ৰিক বাছনি পৰীক্ষাৰ প্ৰসংগলৈ৷ ছেবাৰ বিদ্যালয় চিবিএছইৰ অধীনলৈ গ’লেই ছাত্ৰ ছাত্ৰীয়ে মেডিকেলত ছিট পাব বুলি কোনো কথা নাই, কাৰণ ইতিমধ্যে চিবিএছইত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসমূহ আছেই৷ তেওঁলোকৰ লগত সফলতাৰে যুঁজ দিব পাৰিলেহে সর্বভাৰতীয় পর্যায়ত আসন আজুঁৰি আনিবলৈ তেওঁলোক সক্ষম হ’ব ৷

দেখা যায় যে দশম শ্ৰেণী পর্যন্ত ছেবা আৰু চিবিএছই উভয়ে NCERT পাঠ্যক্ৰম অনুসৰন কৰে৷ অর্থ্যাৎ এজন দশম শ্ৰেণীৰ ছাত্ৰই ছেবাত যি অংক শিকিব চিবিএছইতো সেই একেই অংকই শিকিব৷ গনিত, বিজ্ঞান, সমাজ বিজ্ঞান আদি বিভিন্ন বিষয়ৰ ক্ষেত্ৰত দুয়োখন বর্ডৰ পাঠ্যক্ৰম একেই৷ অৱশ্যে প্ৰশ্নকাকত তথা পৰীক্ষন পদ্ধতিৰ কিছু তাৰতম্য আছে৷ কিন্তু ইয়াত লগত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিসৰ কোনো কাৰণতে নির্ভৰ নকৰে৷ এনে অৱস্হাত ছেবাৰ পাঠ্যক্ৰম চিবিএছইৰ সমপর্যায়ৰ কৰিবলৈ গ’লে তৃতীয় বিভাগ লাভ কৰা ছাত্ৰ-ছাত্ৰী ফেইল কৰিব বুলি ভবাৰ কোনো যুক্তি নাই৷ কাৰণ ইতিমধ্যে ছেবা আৰু ছিবিএছইয়ে সমপর্যায়ৰ পাঠ্যক্ৰমেই অনুসৰন কৰি আহিছে৷ চিবিএছইৰ লগত খোজ মিলাবলৈকে ছেবাই ইতিমধ্যে বিদ্যালয় সমূহক ২০ নম্বৰ Internal Marks দিয়াৰ কৃতিত্ব প্ৰদান কৰি আহিছে৷ এনে সমূহ কার্যপন্থা লোৱাৰ পাছতো বিদ্যালয়সমূহক চিবিএছইলৈ যোৱাৰ অনুমোদন দিলে ছাত্ৰ-ছাত্ৰীৰ ডাক্তৰ-অভিযন্তা হোৱাত কিদৰে সহায়ক হ’ব সেয়াহে এক ৰহস্যৰ বিষয় ৷

মেডিকেল বা অভিযান্ত্ৰিক প্ৰবেশ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ মূলতে নির্ভৰ কৰে উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰা পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত তথা জীৱ বিজ্ঞানৰ ওপৰত জ্ঞান তথা পাৰদর্শিতা৷ ইয়াৰ ওপৰিও নির্ভৰ কৰে তেওঁলোকে প্ৰতিযোগীতা মূলক পৰীক্ষাৰ বাবে কিদৰে প্ৰস্তুতি চলায়৷ সেয়েহে হাইস্কুল এখনক চিবিএছইৰ অধীনলৈ যোৱাত উৎসাহ যোগালেও প্ৰৱেশিকা পৰীক্ষাৰ ওপৰত যে কোনো প্ৰভাৱ নপৰে সেয়া খাটাং৷ ৰাজ্যত থকা চৰকাৰী বেচৰকাৰী মহাবিদ্যালয় তথা ব্যক্তিগত খন্ডৰ জুনিয়ৰ কলেজসমূহৰ অধিকাংশই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা অনুমোদিত পাঠ্যক্ৰম অনুসৰণ কৰে৷ সেইসমূহ মহাবিদ্যালয়/কলেজকো চৰকাৰে চিবিএছইৰ অধীনলৈ যোৱাত উৎসাহ তথা অনুমোদন জনাব নেকি? দেশৰ বিভিন্ন ৰাজ্যত থকা শৈক্ষিক বর্ড সমূহে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ বাবে এক উমৈহতীয়া পাঠ্যক্ৰম অনুসৰণ কৰে৷ অর্থ্যাৎ অনুমোদিত পাঠ্যপুথি ভিন্ন হ’লেও পাঠ্যক্ৰম সকলো বর্ডতে একেই আৰু চিবিএছইয়েও সেই পাঠ্যক্ৰমেই অনুসৰণ কৰে৷ সর্বভাৰতীয় প্ৰৱেশীকা পৰীক্ষাৰ বাবেও এক উমৈহতীয়া Syllabus থাকে৷ এনে অৱস্হাত চিবিএছইৰ ছাত্ৰ ছাত্ৰীয়ে গৰিষ্ঠসংখ্যক আসন আজুঁৰি অনাৰ প্ৰধান কাৰণ হ’ল যে চিবিএছইৰ বিদ্যালয় সমূহত উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ সমান্তৰালকৈ প্ৰৱেশিকা পৰীক্ষাৰ বাবেও বিশেষ ক’চিং প্ৰদান কৰা হয় আৰু ছাত্ৰ-ছাত্ৰীক দুয়োটা পৰীক্ষাৰ বাবে সমানে গুৰুত্ব প্ৰদান কৰে কাৰণ চিবিএছই পাঠ্যক্ৰমত যিহেটো ‘ষ্টেন্ড’ কৰাৰ ব্যৱস্হা নাথাকে গতিকে বিদ্যালয়খনৰ কিমান ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হ’ল তাৰ ওপৰতে বিদ্যালয়খনৰ মানদন্ড নির্ভৰ কৰে আৰু ইয়াক লৈ বিদ্যালয়সমূহ খুবেই সচেতন৷ কিন্তু সংসদৰ অধীনৰ মহাবিদ্যালয় বা কলেজ সমূহত প্ৰৱেশিকা পৰীক্ষাৰ দিশটো সম্পূর্ণৰূপে উলাই কৰা পৰিলক্ষিত হয়৷ সংসদৰ মহাবিদ্যালয়সমূহৰ মানদন্ড নির্ভৰ কৰে কিমান ছাত্ৰ-ছাত্ৰীয়ে ‘ষ্টেন্ড’ কৰিলে, কিমানে প্ৰথম বিভাগ পালে, ষ্টাৰ পালে ইত্যাদিৰ ওপৰত৷ কোনখন কলেজৰ কিমান ছাত্ৰ-ছাত্ৰীয়ে IIT, NIT বা অভিযান্ত্ৰিক মহাবিদ্যালয়ত ছিট পালে ,কিমানে Medical Entrance বা অন্যান্য প্ৰৱেশিকা পৰীক্ষাত সফলতাৰে উত্তীর্ণ হ’ল তাক জনাৰ উৎকন্ঠা কাৰো নাথাকে আৰু ইয়াৰ বাবেই এনে শৈক্ষিক পৰিবেশৰ কবলত পৰি সংসদৰ ছাত্ৰ-ছাত্ৰীয়ে সর্বভাৰতীয় প্ৰৱেশিকা পৰীক্ষাত ভাল ফল প্ৰদর্শন কৰিব পৰা নাই আৰু ইয়াৰে সুযোগ গ্ৰহন কৰি চিবিএছইৰ ছাত্ৰ-ছাত্ৰীয়ে গৰিষ্ঠসংখ্যক আসন লাভ কৰি আহিছে৷ সেয়েহে অন্ততঃ উচ্চতৰ মাধ্যমিক পর্যায়ত ‘ষ্টেন্ড’ কৰাৰ ব্যৱস্হাটো বিলুপ্ত কৰি প্ৰৱেশিকা পৰীক্ষাত লাভ কৰা আসনৰ ওপৰত ভিত্তি কৰি কলেজসমূহক ‘গ্ৰেড’ দিয়াৰ ব্যৱস্হা কৰিব লাগে৷ তদুপৰি প্ৰবেশিকা পৰীক্ষাৰ বাবে সমান্তৰালভাবে ক’চিং ক্লাছৰ ব্যৱস্হা কৰাটো কলেজসমূহত বাধ্যতামূলক কৰা উচিত৷ এনে কৰিলে সংসদৰ ছাত্ৰ-ছাত্ৰীসকলেও ভাল ফল প্ৰদর্শন কৰিব নোৱাৰাৰ কোনো কাৰণ নাই৷ এনেধৰণে শৈক্ষিক পৰিবেশৰ কিছু পৰিবর্তন সাধন নকৰি ছেবাৰ বিদ্যালয় চিবিএছইলৈ নিলে ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল কলেজত ছিট পাব বুলি ভবাটো ভুল কিয়নো নৱম-দশম শ্ৰেনীত চিবিএছইৰ লগত সমসাময়িক পাঠ্যক্ৰম অনুসৰণ কৰা বিদ্যালয় এখনক চিবিএছইলৈ যোৱাত অনুমোদন জনালেও প্ৰৱেশিকা পৰীক্ষাৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে৷ বৰন্চ ই হ’ব আমাৰ ৰাজ্যখনৰ শিক্ষা ব্যৱস্হাটোৰ প্ৰতিয়েই এক দুর্ভাগ্যজনক ঘটনা কিয়নো ইয়াৰ লগত মাতৃভাষা মাধ্যমৰ ভৱিষ্যৎৰ প্ৰসংগও জড়িত হৈ আছে৷ ছেবাত সর্বোতোপ্ৰকাৰৰ সংস্কাৰ সাধন কৰি এক সবাংর্গসুন্দৰ অনুষ্ঠানৰূপে গঢ়ি তুলিবলৈহে চৰকাৰ বদ্ধপৰিকৰ হ’ব লাগে৷ ছেবাক শক্তিশালী কৰি সর্বসাধাৰণৰ বিশ্বাস ঘূৰাই অনাতোহে আমি কামনা কৰো৷ ছেবাৰ দৰে জাতীয় অনুষ্ঠান এটাক কিছুমান ভুল সিদ্ধান্তৰ বাবে মৃত্যুৰ মুখলৈ ঠেলি দি ৰাজ্যখনৰ সমাজ-জীৱনক বিপদাপন্ন কৰাটো আমি নিবিচাৰো৷ এইক্ষেত্ৰত চৰকাৰে পৰৱর্তী দিনত কি পদক্ষেপ গ্ৰহন কৰে তাৰ ওপৰতে নির্ভৰ কৰিব ৰাজ্যখনৰ শৈক্ষিক ভৱিষ্যৎ ৷

শিতান: কবিতা
যিমান যি হলেওঁ আপোনাৰ এটা চাকৰি আছে --- প্ৰাণজিৎ বৰুৱা
মুঠ পঢ়ুৱৈ সংখ্যা:1,503
শিতান: আমাৰ গাঁও
কাঠনিবাৰী ----- ধনঞ্জয় কুৰ্মী
মুঠ পঢ়ুৱৈ সংখ্যা:1,767
শিতান: কবিতা
ধন্য অসম --- শ্ৰী ভাস্কৰ জিৎ নাথ
মুঠ পঢ়ুৱৈ সংখ্যা:1,368
শিতান: কবিতা
অনুপমা --- হেমেন নাথ
মুঠ পঢ়ুৱৈ সংখ্যা:1,601
শিতান: কবিতা
ভোক --- কিশোৰ বড়ো
মুঠ পঢ়ুৱৈ সংখ্যা:1,537