প্ৰবন্ধ :: অসমৰ কৃষি আৰু কৰনীয় --- শ্ৰী ভাস্কৰ প্ৰতিম শইকীয়া

অৰ্থনৈতিক উন্নয়নৰ দিশৰ পৰা লক্ষ্য কৰিলে পৰিলক্ষিত হয় যে স্বাধীনতাৰ প্ৰাগ মূৰ্হতই হয়তো অসমৰ অৰ্থনৈতিক উন্নয়নৰ সোণালী সময় আছিল | ১৮২৬ চনত বিট্ৰিছ সান্ম্ৰাজ্যৰ অন্তভূক্ত হোৱা লগে লগে এক বৈপ্লবিক পৰিবৰ্তনৰ সূচনা হয় | অন্যহাতে বহু দশকৰ আগতে স্বৰ্গদেও চাউলুং চুকাফাই অসমৰ অনবিল প্ৰাকৃতিক সৌন্দৰ্য আৰু অত্যাধিক মাত্ৰাৰ উৰ্বৰা শক্তিৰ প্ৰেমত পৰিছিল | পৰাক্ৰমী দুবাহুৰে চুকাফাই সৃষ্টি কৰিছিল এখন বৰ অসমৰ | কিন্তু সময়ৰ সোঁতত যেন পাহৰি পেলালো আমি সেইখন বৰ অসমৰ কথা | বৰ্তমান সময়ত মুঠ ঘৰুবা উত্পাদনলৈ কৃষিখণ্ডৰ বৰঙণি ১৫% ৰ তলত কিন্তু প্ৰথম পঞ্চবাষিৰ্ক পৰিকল্পনাৰ সময়ত কৃষিয়ে ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ ৫০% ৰ অধিক অবদান আগবঢ়াইছিল | বৰ্তমান আমাৰ একাংশ কৃষকৰ কৃষিৰ ব্যবস্থাৰ প্ৰতি যেন অনিশ্চয়তাৰ সৃষ্টি হৈছে | কিন্তু আমাৰ এষাৰ কথা আছে -”কৃষি কৃষকত নকৰি মন বৃথাই যায় গৃহৰ ধন ” |

প্ৰচুৰ কেঁচা সামগ্ৰীৰে পৰিপূৰ্ণ এখন ৰাজ্য হ’ল অসম | অসমৰ অৰ্থনীতিত বিকাশৰ ধাৰা অতীতৰ পৰা বৰ্তমান পৰ্য্যন্ত অক্ষুন্ন আছে কিন্তু এই বিকাশৰ ধাৰা অতি লেহেমীয়া গতিৰে আগবাঢিছে | পৰিণতি হিচাবে প্ৰচুৰ পৰিমাণৰ প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতা থকাৰ পাছতো কিন্তু বৰ্তমানো অসম দেশৰ অন্যান আগশাৰী ৰাজ্যৰ তুলনাত অনগ্ৰসৰহৈ আছে | অসমৰ অৰ্থনীতিৰ গুৰিধৰোতা ভবানন্দ ডেকাৰ ১৯৬৩ চনতে প্ৰকাশ পোৱা অসমৰ অৰ্থনীতি নামৰ কিতাপখনেই অসমৰ বিকাশৰ ধাৰা পৰিস্ফূত | অসমৰ প্ৰায় ৭০% লোক প্ৰতক্ষ্য বা পৰোক্ষ ভাবে কৃষিৰ লগত জড়িত | কিন্তু লক্ষ্যনীয় কথা এই যে অসমৰ অধিকাংশ লোক কৃষিৰ লগত জড়িত যদিও অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অভূতপূৰ্ণ পৰিবৰ্তনৰ সৃষ্টি কৰিব পৰা নাই | অসমৰ কৃষিজাত সামগ্ৰী উত্পাদন নিম্ন মানৰ | ২০০৯-১০ চনৰ অৰ্থনীতি আৰু পৰিসাংখ্যিক সঞ্চালকৰ তথ্য মতে অসমৰ প্ৰায় ২৯ লাখ হেক্টৰ মাটি কৃষি কৰিবৰ বাবে উপযোগী ইয়াৰে কিন্তু ৮৮% মাটিত কৃষি কৰা হয় বাকী ১২% মাটি পেলনীয়া হৈ ৰয় | অসমৰ কৃষকৰ কৃষিৰ ওপৰত অনিশ্চয়তাৰ অন্য এক কাৰণ হ’ল উত্পাদিত দব্যৰ প্ৰকৃত বজাৰ আৰু মূল্যৰ অভাব পৰিলক্ষিত হয় | এই ক্ষেত্ৰত চৰকাৰে ব্যবস্থা ল’লে কৃষক সকল উপকৃত হ’ব | অবশ্যে বৰ্তমান চৰকাৰ খনে কৃষক সকল উপকৃত হোৱাকৈ কিছুমান ব্যবস্থা গ্ৰহণ কৰিছে | যদিহে চৰকাৰে কৃষিজাত সামগ্ৰীৰ ওপৰত এটা সন্তুলিত দৰ নিধাৰন কৰি দিয়ে তেতিয়া নিশ্চয় আমাৰ কৃষক সকল উপকৃত হ’ব | কৃষকৰ সমস্যাৰ আদি অন্ত নাই এনে এক পৰিপ্ৰেক্ষিতত চৰকাৰে কৃষকৰ প্ৰতি আগবঢ়োবা বীজ বা সাহায্যৰ এটা অংশ কিছুমান মধ্যভোগীয়ে দুৰ্নীতি সহায় লৈ ভোগ কৰি আছে এই ক্ষেত্ৰত চৰকাৰে এনে এচাম দুৰ্নীতি পৰায়ন লোকক কঠোৰ হাতেৰে দমন কৰিব লাগে যাতে কৃষক সকলে সকাহ পায় | তদুপৰি অসমৰ কৃষিৰ আন এক সমস্যা হ’ল পৰম্পৰাগত কৃষি পদ্ধতি | দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ একাংশ কৃষকে কিছুমান পৰম্পৰাগত এলান্ধু কলীয়া নীতি নিয়মেৰে কৃষি কাৰ্য সম্পাদন কৰি আছে এই ক্ষেত্ৰত কৃষক সকলৰ হাৰভঙা শ্ৰমৰ লগতে কেতিয়াবা শ্ৰম অনুযায়ী ফচল উত্পাদন কম হয় | এই ক্ষেত্ৰত চৰকাৰ কিছুমান কৰনীয় আছে উদাহৰণ স্বৰূপে আমাৰ কিছুমান কৃষকৰ পৰম্পৰাগত বীজৰ বাহিৰে বজাৰত উপলব্ধ কিছুমান উচ্চ প্ৰজাতিৰ বীজৰ বিষয়ে অবগত নহয় এনে ক্ষেত্ৰত চৰকাৰে গাওঁ সমূহত কৃষকৰ সজাগতা সভা পাতি তেওঁলোক এই বীজ সমূহৰ বিষয়ে অবগত কৰাৰ লগতে কৃষি সমন্ধীয় আনুসংগীক বিষয়ৰ ওপৰত জ্ঞান প্ৰদান কৰিলে তেওঁলোক যথেষ্ট উপকৃত হ’ব | তদুপৰি খৰালি সময়ত কৃষক সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয় এই ক্ষেত্ৰত চৰকাৰ জলসিঞ্চন নামৰ বিভাগতোৰ যথেষ্ট কৰনীয় আছে | অসমৰ কৃষিভূমি মৰাপাট , ধান, ঘেঁহু , মাহজাতীয় শস্য , উদ্যান শস্যৰ বাবে উপযোগী কিন্তু এই কৃষি শস্য সমূহে উপযুক্ত বজাৰ মূল্য পোৱাত ব্যৰ্থ হৈছে | সামগ্ৰীৰ মূল্যৰ নিম্নগামীতাই কৃষকক হতাশ কৰি তোলে গতিকে চৰকাৰে উপযুক্ত ব্যবস্থা গ্ৰহণ কৰা প্ৰয়োজন | অসমৰ যাতায়ত ব্যবস্থাইয়ো অসম কৃষিৰ ওপৰত বিৰূপ প্ৰভাবৰ সৃষ্টি কৰিছে | অসমৰ চৰ অঞ্চলৰ কৃষক সকল সৰ্বদা বঞ্চিত হৈ আহিছে উত্পাদিত শস্য সমূহ বজাৰলৈ নিয়াৰ বাবে বাট-পথৰ অভাবৰ বাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰ বাবে সুচল পৰিবহন ব্যবস্থা অতি প্ৰয়োজন | অসমৰ কৃষকৰ সমস্যাৰ আদি অন্ত নাই, আমাৰ চৰ অঞ্চলৰ কৃষকৰ সমস্যা সমূহৰ বাবে মাত মতা লোকৰ কিছু অভাব আছে সমস্যা সমূহ জনমানসত প্ৰতিষ্ঠা কৰিব নোৱাৰা বাবেও ইয়াৰ সমাধান লেহেমীয়া হৈছে | অবশ্যে বৰ্তমান চৰকাৰে কৃষকৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এই আঁচনি সমূহৰ যাতে সফল প্ৰয়োগ হয় তাঁৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষই চকু ৰখা প্ৰয়োজন | বৰ্তমানৰ নৱ গঠিত চৰকাৰ ওপৰত আমাৰ যথেষ্ট আস্থা আছে আৰু এই আস্থা যেন সদায় অক্ষুন্ন থাকে |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:188
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,728
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,019
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:233