প্ৰবন্ধ :: নাৰী --- ৰিমকি ভাগৱতী

ভগৱানৰ এই সৃষ্টিত প্ৰকৃতিৰ পাছতে সৃজন শক্তিৰ , দৈৱিক গুণৰ দ্বিতীয় জাগৃত কেন্দ্ৰ নাৰী । নাৰীৰ মাজত পৃথিৱীৰ দৰে সহনশীলতা, সূৰ্য্যৰ দৰে তেজ্বস্বীতা , সমুদ্ৰৰ দৰে গভীৰতা, ফুলৰ দৰে সৌন্দৰ্য্য আৰু কোমলতা, চন্দ্ৰৰ দৰে শীতলতা, এই দৈৱিক গুণ সৃষ্টিৰ আৰম্ভণিৰ পৰাই বিদ্যমান ।

ভাৰতীয় চিন্তনত নাৰীৰ মাতৃৰূপৰ সদায়েই বন্দনা কৰা হৈছে। যেতিয়া যুধিষ্ঠীৰক যক্ষই প্ৰশ্ন কৰিছিল, 'পৃথিৱীতকৈ গৰিমাময়ী কি ?' তেতিয়া যুধিষ্ঠীৰে সহজ ভাবেৰে উত্তৰ দিছিল - 'মা' । মা- দয়া, কৰুণা, মমতা, সহিষ্ণুতা আৰু প্ৰেমৰ এক পবিত্ৰ প্ৰতিমুৰ্তি । ভাৰতৰ নাৰীৰ ত্যাগ, কষ্ট সহিষ্ণুতা আৰু ধৈৰ্য্য দেখি জাৰ্মান পণ্ডিত মেক্সমোলাৰে কৈছিল - যদি পুনৰ জন্ম আছে ভগৱানে মোক যেন ভাৰতত মাতৃ হিচাপে জন্ম দিয়ে। পৃথিৱীৰ যি কোনো মহাপুৰুষৰ আত্মকথা পঢ়িলে ৯৯% মহাপুৰুষে এই কথা উল্লেখ কৰে যে, " মোৰ প্ৰগতিত মোৰ মাৰ বিশাল যোগদান আছে ।"

বৰ্তমান সময়তো অনেক ৰাষ্ট্ৰ পুৰুষে যেনে - শ্ৰদ্ধাৰ এ.পি. জে আব্দুল কালাম, নৰেন্দ্ৰ মোদী, শচীন তেন্দুলকাৰ, অমিতাভ বচ্ছন আদিয়ে নিজৰ সফলতাৰ বাবে মাককে প্ৰথম স্থান দিছে । মাতৃত্বৰ যি প্ৰেম, তাতকৈ অধিক ভালকৈ আন কি প্ৰেমে ঈশ্বৰৰ প্ৰেমক প্ৰতিনিধিত্ব কৰিব পাৰে ।

ভাৰতীয় দৰ্শনত নাৰীৰ দ্বিতীয় মহত্বপূৰ্ণ সম্বন্ধ পত্নী ৰুপ। পত্নীক সখা, অৰ্ধাঙ্গিনী, সহধৰ্মিণী, আদি বিভিন্ন ভাবেৰে ব্যক্ত কৰা হয় । নৰ আৰু নাৰীৰ ভেদ শৰীৰগতহে , আত্মাগত নহয় । পুৰুষ পবিত্ৰতা আৰু নাৰী শক্তিৰ প্ৰতীক । কোৱা হয় যে, শক্তিৰ অবিহনে শিৱ ও শৱ লৈ ৰূপান্তৰিত হয় । ঋক বেদত নৰ-নাৰীক 'দম্পতী ' অৰ্থাৎ ঘৰৰ সংযুক্ত স্বামী বুলি কোৱা হৈছে । সমাজ বিস্তাৰৰ কাৰণে মহিলা আৰু পুৰুষৰ জীৱনত সহভাগীতা অনিবাৰ্য্য - যাক পৰিয়াল বুলি কোৱা হয় । আমাৰ সংস্কৃতিত পুৰুষ আৰু মহিলা প্ৰতিদ্বন্দী নহয় - পৰিপূৰক হে । অৰ্ধনাৰীশ্বৰ আমাৰ দেশৰ আদৰ্শ । বনবাসৰ সময়ত এগৰাকী ঋষিয়ে সীতাক ক’লে- স্বামীৰ অনুগত হোৱাটো মহত্বম বৰ, তুমি তেনে হৈ নিশ্চয় সুখী । সীতাই উত্তৰ দিলে, এই ক্ষেত্ৰত মই কব নোৱাৰিম যে, মই তেওঁক মানি চলোনে তেঁও মোক মানি চলে । এটা কথাই মই মনত ৰাখো, যে হোমৰ গুৰিত , অগ্নি নিজেই প্ৰতিফলিত হৈ নে ভগৱানে নিজে মোৰ মনত ভাৱ জগাইছিল- যে মই তেওঁৰ আৰু তেঁও মোৰ । তেতিয়াৰ পৰাই মই বুজি আহিছোঁ যে মই তেওঁৰ জীৱনৰ আৰু তেঁও মোৰ জীৱনৰ পৰিপূৰক ।

আমাৰ দেশত বেদৰ কালৰ পৰাই নাৰীয়ে ঘৰৰ চাৰিসীমাৰ বাহিৰতো ৰাজনৈতিক, সামাজিক, ধাৰ্মিক আৰু প্ৰশাসনিক কাৰ্য্যত সক্ৰীয় ও মহত্ব পূৰ্ণ ভূমিকা পালন কৰি আহিছে । অনেক কৰ্তৃত্ব সম্পন্ন মহিলা- গাৰ্গী, মৈত্ৰেয়ী,বিদূলা, জীজামাতা, কনকলতা, জয়মতী, মূলাগাভৰু আদিয়ে সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত নাম আৰু খ্যাতি অৰ্জন কৰিছে । আজিও জীৱনৰ যিমান বিবিধ ক্ষেত্ৰ আছে সকলোতে নাৰীয়ে নিজৰ ক্ষমতাৰে অগ্ৰগামী হৈছে । আজি পাহাৰৰ উচ্চতা জুখিবলৈ বা সমুদ্ৰৰ গভীৰতাৰ মাপ ল'বলৈ এই সকলো ক্ষেত্ৰতে দক্ষতাৰে মহিলাই নিৰ্ণয লৈ আছে । নিজৰ কৌশলেৰে ৰাষ্ট্ৰপতিৰ দায়িত্ব সুদক্ষতাৰে পালন কৰাৰ পৰা ৰন্ধন কাৰ্য্য নিয়াৰিকৈ কৰালৈকে নাৰীয়ে নিজৰ ক্ষমতা প্ৰদৰ্শন কৰি আহিছে । গাঁৱৰ মহিলা সকলেও আমাৰ দেশৰ আৰ্থিক বিকাশত সহযোগিতা যেনে পশু পালন, শস্য উৎপাদন, বস্ত তৈয়াৰ, আদিৰ মাধ্যমে কৰি আছে ।

পৰিতাপৰ বিষয় এইয়া যে ইমানৰ পাছতো আজিও নাৰীক অবলা বুলি হেয় জ্ঞান কৰাৰ মানসিকতাৰ মানুহ আমাৰ মাজত আছে । আজিও সমাজত নাৰী প্ৰতাৰিত হৈ আছে - কেতিয়াবা কন্যা ভ্ৰূণ হত্যাৰ ৰূপত, যৌতুকৰ গ্ৰাখত, ঘৰুৱা হিংসাৰ বলি হৈ বা শাৰীৰিক শোষণৰ ৰূপত । আজি সংবিধানে নাৰী পুৰুষক সমান অধিকাৰ দিছে কিন্তু বাস্তবিকতাত ইয়াৰ স্থিতি সমানতাৰ দেখাপোৱা নাযায় । আমাৰ ইতিহাস সাক্ষী আছে যে নাৰীয়ে নিজকে সুৰক্ষা দিব নোৱাৰিলে আন কোনেও সুৰক্ষা দিব নোৱাৰে ।

বৰ্তমান পৰিস্থিতিয়ে ও ইয়াকে প্ৰমাণ কৰিছে । আজিৰ আৱশ্যকতা - সমাজৰ মানসিকতাৰ পৰিবৰ্তন । আৰু এই পৰিবৰ্তন আমি মহিলা সকলে নিজৰ পৰাই আৰম্ভ কৰিব লাগিব । নাৰীয়ে প্ৰথমে নিজেই একোগৰাকী নাৰী হিচাপে আত্মগৌৰব বোধ অনুভৱ কৰিব লাগিব । ইয়াৰ উপৰিও প্ৰতিগৰাকী মহিলাই প্ৰত্যেক স্তৰৰ মহিলাক সমানে মৰ্য্যদা প্ৰদান কৰিব লাগিব । তেতিয়াহে নাৰীয়ে নিজৰ সমস্যা নিজেই নিজৰ প্ৰয়োজন মতে সমাধান কৰিব পাৰিব । ইয়াৰ বাবে মহিলাই নিজৰ ভিতৰত থকা শক্তিক জাগৃত কৰিব লাগিব । গীতাত শ্ৰীকৃষ্ণই কৈছে - মই পক্ষীৰ ভিতৰত গৰুড় পক্ষীত, নদীৰ - গংগাত, পৰ্বতৰ-হিমালয়, শস্ত্ৰধাৰিৰ- শ্ৰীৰাম, পুৰুষৰ- ৰজাৰ গাত আৰু স্ত্ৰীৰ মাজত সপ্ত শক্তি - কীৰ্তী, শ্ৰী, বাক, স্মৃতি, মেধা, ধৃতি আৰু ক্ষমা এই গুণৰ ৰূপত বাস কৰো । এই সপ্ত শক্তিৰ আধাৰতে নাৰীয়ে সৃজন বা সংহাৰ দুয়োটাই কৰিব পাৰে। মহিলা সকলে আত্মউৎকৰ্ষ সাধনৰ দ্বাৰা এই শক্তিৰ যিদিনা উমান পাব- তেতিয়া হে নিজকে শাৰীৰিক, মানসিক তথা বৌদ্ধিক দিশত দক্ষ কৰি পৰিয়াল, সমাজ, আৰু ৰাষ্ট্ৰ ৰ উথ্থানৰ বাবে নিজকে সমৰ্পণ কৰিব পাৰিব ।

নাৰীয়ে সৌন্দৰ্য্য চৰ্চাৰ লগতে শৰীৰৰ চৰ্চা ও কৰিব লাগিব। মানুহ হিচাপে জীয়াই থাকিবলৈ প্ৰথম প্ৰয়োজন হৈছে অজেয় শাৰীৰিক শক্তি, আমি ইমানেই শক্তিশালী হ’ব লাগিব যে আমাক যাতে কোনেও ভয় প্ৰদৰ্শন কৰিব নোৱাৰে বা দমন কৰিব নোৱাৰে । শৰীৰ কৰ্তব্য পালনৰ প্ৰধান আহিলা । সেয়ে সঠিক ব্যায়াম আৰু সুঅভ্যাস গঠনৰ জড়িয়তে জীৱনৰ প্ৰতিটো প্ৰত্যাহবানকে মূৰ পাতি ল’ব পৰা একোটা সুস্থ শৰীৰৰ গঠনত আমি মনোযোগ দিয়াটো উচিত ।

এই পৃথিৱীত মানুহে নিজৰ আচৰণৰ তথা কৰ্তৃত্বৰ দ্বাৰাই নিজৰ পৰিচয় দাঙি ধৰে। আমিও প্ৰথমে নিজকে উত্তৰণৰ দ্বাৰা অহোপুৰুষাৰ্থ কৰি মৰ্যদাৰ যোগ্য কৰি তুলিব লাগিব । অধিকাৰ যেতিয়া লৈকে আমি আনৰ ওচৰত বিচাৰিম, ইয়াৰ অৰ্থ পৰোক্ষ ভাৱে আমি নিজকে সৰু হে প্ৰতিপন্ন কৰিম । কাৰণ দিয়া জন লোৱা জনতকৈ সদায়েই শ্ৰেষ্ঠ । অধিকাৰ নহয় কৰ্তব্য পালন হে আমাৰ লক্ষ্য হোৱাটো উচিত । কৰ্তব্যই হে আমাক প্ৰকৃতাৰ্থত সফলতাৰ দিশে আগোৱাই নিব ।

সকলো মহিলাই যিদিনা একাত্মবোধ অনুভৱ কৰিব, যিদিনা যি কোনো এগৰাকী মহিলা দুখে, তেওঁ লাগিলে আমাৰ পৰিচিতই হওক অথৱা কোনো অপৰিচিত, চহকীয়েই হওক অথৱা মলিয়ন বেশ ভূষা ধাৰি কোনো দৰিদ্ৰ ভীক্ষাৰীয়েই হওঁক - সেই দুখে যিদিনা সমগ্ৰ নাৰী জাতিৰ হৃদয় বিচলিত কৰি তোলিব , সেই দিনাই আমাৰ প্ৰকৃত পুনৰুথ্থান হ’ব । আমি সকলোৱে পুৰুষ আৰু নাৰী বুলি নাভাবি নিজকে মানুহ হিচাপে লৈ পৰস্পৰৰ সহায় আৰু বিকাশৰ বাবে জন্ম লাভ কৰিছোঁ বুলিয়েই ভবা উচিত । সমাজৰূপী ৰথ খনৰ যিদিনা আমি নিজেই সাৰথি হ’ম, সেই দিনা ধৰ্মৰ অৰ্থাৎ সততাৰ জয় আৰু অধৰ্মৰ অৰ্থাৎ অন্যায় অনীতিৰ পৰাজয় সুনিশ্চিত হ’ব ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,767
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,368
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,601
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,537