গল্প :: দেহ --- নিৰজ ভাৰদ্বাজ

"নাই ন’কও আগৰ বাৰৰ দৰে আধাতে আমনি পাই নুশুনিবা তুমি " কৃত্ৰিম খং দেখুৱাই নিজৰ বাগদত্তা অৰ্পনাক ক’লে প্লাৱনে, "ধেৎ কি যে কোৱা সেইদিনা ফোনত কথা পাতি থাকোতে মা আহিছিল অ’, আজি একেলগে আছো কোৱানা প্লিজ" হাতত হাত ধৰি অৰ্পনাই ক’লে ।

"শুনিবাতো ? "

" অ’ কোৱা আকৌ"

"আইতাই কৈছিল মোক কাহিনীটো বহু বছৰ আগৰ কাহিনী, মানুহ দুনুহ কম, পাহাৰৰ দাতিত থকা এক সুন্দৰ গাওঁত তেতিয়া আমাৰ ঘৰ । গাওঁখনতে আছিল ভোলা আৰু.. ..................."

ভোলাই , দুজনী ছোৱালী ইন্দু আৰু বিন্দুৰ লগত ভাত খাই ওলাই গ’ল কামলৈ । তাৰ পত্নী মিনাৰ দ্বিতীয়জনী ছোৱালীৰ জন্মৰ সময়তে মৃত্যু হৈছিল । তেতিয়াৰে পৰা দুজনী ছোৱালীক সি অতি মৰমত ডাঙৰ দীঘল কৰিছে । কেতিয়াবা পত্নী মিনাৰ স্মৃতিয়ে মনত দোলা দি যায়হি । আজি তাৰ মনত বহু কথাই পাক ঘূৰণি মাৰি আছে । ডাঙৰজনী ছোৱালী ইন্দুৰ বয়স বিয়া দিবৰ হৈছেহি, যেনে তেনে দুবেলা দুমুঠি যোগাৰ কৰিব পৰা ভোলাৰ বাবে এয়াই এতিয়া চিন্তাৰ বিষয় । কথাবিলাক ভাবি থাকোতেই সি মহাজনৰ ঘৰ পালেহি । "ভোলা ইমান দেৰিকৈ আহিছ যে, যা সোনকালে যা গৈ আজি গোটেইখিনি ধান কাটি শেষ কৰিবই লাগিব" মাত শুনাৰ লগে লগে ভোলা গুচি গ’ল পথাৰলৈ ।

চাৰিওপিনে হুৱা দুৱা লাগিল, কাম কৰি থকা অৱস্থাতে ভোলাক ঘেৰি ধৰিছে সকলোৱে । ওচৰৰ গাঁৱৰে ওজাক মাতিবলৈ দুজনমান ল'ৰা দৌৰি গ'ল । কিছু সময়ৰ পিছতে ওজা আহিল," কিছু দেৰি হোৱাৰ বাবে বচাব নোৱাৰিলো, সাপৰ বিষ মূৰ লৈকে উঠিল" । ছোৱালী দুজনীক এৰি গুচি গ’ল ভোলা । দেউতাকে অতি মৰমৰে ৰখা ছোৱালী দুজনী হ’ল ঘাট মাউৰা । সৰুজনী ছোৱালী বিন্দুৰ দায়িত্বও আহিল ইন্দুৰ ওপৰতে ।

জীৱনৰ ওঠৰটা বসন্ত গৰকা ইন্দু দেখিবলৈ বহু ধুনীয়া । ইষৎ ক’লা বৰণৰ তাইৰ চেহেৰা, ওঁঠৰ বাঁওপিনে গালত থকা এক তিলে যেন তাইক দেখিবলৈ আৰু ধুনীয়া কৰি তুলিছে । ইন্দুৰ জীৱনত এতিয়া প্ৰতীক্ষা সেইজনৰ, যিজনে আকৌ ফুলাই উঠাব পাৰে দেউতাৰ মৃত্যুত লেৰেলি যোৱা ফুল পাহিক , যিয়ে পূৰ্ণতা প্ৰদান কৰিব তাইক , যিজনে জীৱনত সুৰক্ষা প্ৰদান কৰিব তাইক আৰু তাইৰ মৰমৰ ভনীজনীকো । গাৱঁতো চলিছে গুণাগথা , ভোলাৰ মৃত্যুক কোনেও সহজভাৱে লৱ পৰা নাই , ছোৱালী দুজনৰ প্ৰতিও চিন্তা হৈছে বহুতৰে । হঠাৎ ডাঙৰ ছোৱালী ইন্দুৰ প্ৰতিও সদয় হৈ উঠিছে গাৱঁৰ মহাজন । প্ৰায় ৬৫ বছৰ বয়সৰ মহাজনৰ সা সম্পত্তি বহুত, চহৰতো ঘৰ আছে তেওঁৰ, ল'ৰা দুজন বিয়া কৰি তাতে আছে, মহাজনে জন্ম হোৱা গাঁওখন এৰি নাযায় । গাঁওৰ প্ৰতিজন ব্যক্তিয়েই মহাজনক সমীহ কৰি চলে, তেওঁৰ কথাৰ ওপৰত যাবলৈ কোনেও সাহ নকৰে ।

"ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই মই এই সিদ্ধান্ত লৈছো, আপোনালোকৰ মতামত বা কি?" - মহাজনৰ কথাত সকলোৱেই স্তম্ভিত হ’লেও কোনেওঁ মুখেৰে একো কৱ নোৱাৰিলে । নিৰ্দিষ্ট হোৱা দিনটোত বৃদ্ধ এজনৰ লগত ইন্দুৰ বিয়া হ'ল । সকলোৱে ভৱিষ্যত ভাল হ’ল বুলি ইন্দুক বুজনি দিলে । ইন্দু হৈ পৰিল ৬৫ বছৰীয়া বৃদ্ধ মহাজনৰ ১৮ বছৰীয়া পত্নী । ভোলাৰ সৰুজনী ছোৱালীও বায়েকৰ লগতে ভিনিয়েকৰ ঘৰলৈ আহিল ।

দোভাগ নিশা দুৱাৰত হোৱা টুকুৰনিত সাৰ পালে হীৰাই । দুৱাৰ খুলি আচৰিত হ'ল তেওঁ । বিন্দুক আৰু ইন্দুক কোনোবাই দেখিব বুলি ভিতৰলৈ আনিলে তেওঁ । "মহাজনে মোৰ যৌৱনৰ কামনাৰ বলি হৈ মোক বিয়া কৰাইছে খুৰী, তাৰ সম্পতি ধন সোণ এই বিলাকে মোক সুখী কৰিব নোৱাৰে, তাৰ বাবে হৈ পৰিছো মই ৰাত্ৰি উদযাপনৰ সংগী মাথো, দিনত কৰা অশেষ পৰিশ্ৰম আৰু ৰাতি নিজৰ যৌৱনৰ তৃপ্তি তাক প্ৰদান কৰি মই নিজেই শোষিত, মই জীয়াই থাকিব নিবিচাৰো খুৰী, আপুনিয়েই মোৰ শেষ ভৰসা, আজি যেনেতেনে বিন্দুক লৈ আপোনাৰ ওচৰত আহিছো, মই নিবিচাৰো মই যি ভোগ কৰিছো বিন্দুৰো সেই অৱস্থা হওঁক, আপোনাৰ ওচৰত বিন্দুক এৰিলো ।" কথাখিনি কৈ অহা বাটে গুচি গ’ল ইন্দু, হীৰাৰ কোনো কথা নুশুনাকৈয়েও কান্দি কান্দি তাই গ’লগৈ ।

গাওঁৰ কিছু নিলগত নদীৰ বালিচৰত নিথৰ হৈ পৰি আছে এক দেহ । জীৱনৰ বাস্তৱ সত্যৰ ওচৰত হাৰ মানিলে তাই । মহাজনৰ মানুহবিলাকে অৱশেষত তাইক বিচাৰি পালে । গাঁৱৰ মানুহ সকলে বুজি উঠিল ইন্দুৰ দুখ, তাইৰ কিয় সেই অৱস্থা হ'ল ।

মহাজনৰ বিৰুদ্ধে মাত লাহে লাহে উঠিব ধৰিলে ।

হীৰাৰ পৰিয়ালো ইন্দুক লগত লৈ দুই বছৰৰ পিচত গাঁৱখন এৰি অন্য ঠাইলৈ গ'ল । মহাজনৰ প্ৰতিপত্তি কমি আহিল, নিজৰ মাত গাঁৱৰ ৰাইজে ঘুৰাই পালে ইন্দুৰ দেহৰ বিনিময়ত ।

-------ফোনৰ শব্দত অৰ্পনা অতীতৰ পৰা ঘুৰি আহিল বৰ্তমানলৈ ।"বহু দেৰি হ’ল যাও বলা" প্লাৱন বহাৰ পৰা উঠিল । "হীৰা কোন প্লাৱন ? " হীৰা মোৰ আইতা অৰ্পণা চুটি উত্তৰ দিলে প্লাৱনে । দিগন্তত চকু ফুৰালে দুয়ো, অস্তমিত সূৰ্যক চাই দুয়োৰে মনত একেই প্ৰশ্ন নাৰীৰ দেহটোৱেই কেতিয়াবা কিয় তাইৰ শত্ৰু হয় ?

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,368
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,601
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,537
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,767