গল্প :: নকওঁ বুলিহে বাৰয়ু - পাপৰি বৰ্মন

গ্ৰুপ মিটত যাবলৈ খুব হেঁপাহ থকাৰ পিছত যাব নাপায় বৰুৱানী আৰু বৰ্মননীৰ আলোচনা ৷

বৰুৱানী: হেৰি শুনিছে বৰ্মননী, এই শৰ্মাৰ কাৰণে হৈছে সব ৷

অ বাইদেউ এথানে আইছি আহক আহক৷ মই বৰ্মননী নহয় (বৰ্মনে গুৱাহাটীলৈ আহি জিভা ঘূৰাব শিকিছে অলপমান ।)

হিচাপত তালুকদাৰনীহে৷ মানে মোৰ মানুহজন তালুকদাৰ৷ বৰুৱানীয়ে মিলমিলিয়া হাঁহিটো মাৰি কলে,

বৰুৱানী: বুইছো বাৰু৷ চুলি সৰি তালু ওলোৱা মানুহবোৰৰ উপাধি তালুকদাৰ থাকে নেকি?

বৰ্মননী: কি বুইছেহে বাইদেউ? মাচৰাজ সূতা না ধলা ৷

বৰুৱানী: হে কি কয়? বুজিছেক বুইছে কওঁ৷ বহুত শব্দয়ে সলালো গুৱাহাটীত থাকি৷ নহলে শুদ্ধকৈ অসমীয়া শব্দ নকলে মানুহে আমাক গাঁৱলীয়া কবনে নাই ?

বৰ্মননী: ভাল কথা কৈছি বাইদেউ৷ মই সিদিনা মেজত পঢ় বুলি কলো৷ ভাইটোৱে মেচ চাবা গুচি গেল৷ আপনাকো মই এটা কথা কওঁ তালুকদাৰ তপা মুৰৰ মানুহক নকয়৷ উপাধি সেইটো ৷

বৰুৱানী: অ এইটো মোৰ নলেজত নাছিল৷ পিছে কথা এটা কওঁ মিটত কিয় নগ’ল৷ মই ’গলোহয়, শৰ্মাই নামাতিলে৷ মেচেজ এটাও নিদিলে ৷

বৰ্মননী: শৰ্মাই বিয়া কৰা নাই নেকিহে? এনেহেন থৌগা আপাটো৷ তাৰ চুলিকেইডাল কি কব ? চলন্ত খান হানে পাও৷ চাইয়ে থাকো দেক প্ৰফাইলখান জুম কৰি কৰি ৷

বৰুৱানী: চাবই দিয়কচোন৷ আপোনাৰো মানুহটোৰ মূৰটো তপা না৷ সিহঁতে মিটত যাই হাঁহ খাম কলে নহয়৷ মোৰো ভয়ে লাগিল হাঁহ খাই হাগা বাইটা হব বুলি ৷ সেই ভয়তে নগ’লো ৷

বৰ্মননী: হাগা বাইটাৰ লিখিত কিহে বাইদেউ ৷

বৰুৱানী: শৰ্মাকে সুধিম ৰব৷ বিদগ্ধ পণ্ডিত অসমীয়াত ৷

বৰ্মননীঃ (দুখেৰে) আপনাৰে ভাল দেক বাইদেউ বিগদ্ধ পণ্ডিতৰ লগতো কানেকচন, মোৰ হে এইখান কপাল ৷

এনেতে বৰ্মননীৰ সাত বছৰীয়া ল’ৰাই বৰুৱানীৰ কাষতে থকা মাকক আহি কলে, “মাম্মী গিভ মি এ চকলেট৷“ বৰুৱানীয়ে অভিজ্ঞ মানুহৰ দৰেই কলে, “মাম্মী নকবা, মোম কবা৷ আগতে মম কৈছিল; পিছে মই ছোৱালীজনীক কৈছো মোম কবি৷ ইভোলুচ্যন বুইছে৷“

বৰ্মননী: চকলেট নাই বাবা৷ খেলগৈ যা ৷

বৰুৱানী: অ মাই গড৷ আপুনি কি বাবা কৈছে ৷

বৰুৱানীৰ লিখিতত মৰা চিঞৰত বৰ্মননীয়ে আঁঠুলৈ মেখেলা কোঁচাই জাঁপ মাৰি উঠিল ৷

বৰুৱানী: পুৰণি কালত হে বাবা মাতে৷ এতিয়া মডাৰ্ন বুইছে৷ ফাডাৰ, আংকুল, বাদাৰ, চন সেইবোৰ সম্পৰ্কক ওল দেইজত বাবা মাতে৷ এতিয়া মাতিব নিদিব৷ মেখেলা নমাই দিয়ক৷ কিয় মিনিস্কাৰ্ট কৰিছে ৷

বৰ্মননী: মই তেলভৌকা থকা বুলি ভাবিলো আপানাৰ চিঞৰত ৷

বৰুৱানী: নাক কোঁচাই হোৱাট তেলভৌকা চে ককৰোজ৷ আপুনি সন্মান খাই দিব দে মডাৰ্ন দিনৰ ৷

বৰ্মননী: আমি কিতাপত পঁইতাচোৰাহে পাইছিলো ৷

এনেতে পুতেকে চকলেট খাব নাপাই হলৌ বান্দৰৰ দৰেই খিৰিকীত উঠি ভেণ্টিলেটৰত উঠিবলৈ চেষ্টা কৰি আছে৷

বৰুৱানীয়ে পুনৰ দুখ মনেৰে কবলৈ ধৰিলে, “শৰ্মাই কিয় বিয়া নাপাতে জানেনে? বহুত কাৰণ আছে এবাৰ কৈছিল তেওঁ ৷“

বৰ্মননী: আপুনি লগ পাইছিল বাইদেউ ?

বৰুৱানী: অঁ ৷

বৰ্মননী: ক’ত ?
বৰুৱানী: হোৱাটচ আপত ৷

বৰ্মননী: (জ্বলি পুৰি) সেইটো কিবা ডাঙৰ কথানা৷ ময়ো কৰিম হোৱাটচ আপ৷ নম্বৰ খুজিম একদিন৷ ফেচবুকত ফেণ্ড ৰিকুৱেষ্ট পঠাম৷ অণুগল্প লিখিম, গল্প লিখিম৷ তেওঁ থকা ফেচবুকৰ গোটকেইটাত পোষ্ট কৰিম৷ মোৰ ৰিকুৱেষ্টো এদিন একচেপ কৰিব৷ ময়ো ভাষা শিকিম নতুনকৈ৷ পাৰিম বাইদেউ ৷

তেনেতে বৰ্মননীৰ পুতেকে ভেণ্টিলেটৰত উঠিলেই৷ বৰুৱানীৰ আগত নিজৰ সন্মান ৰক্ষা কৰি বৰ্মননীয়ে শুৱলাকৈ লিখিতত কলে, “বাবা (হঠাৎ মনত পৰি গল বৰুৱানীৰ লিখিতত মৰা চিঞৰ৷ সেয়ে মডাৰ্ন নাম এটা মনত পেলাই) ন’ ৰিকি ন’৷ নামি আহা৷ পৰি যাবা ৷

পুতেকে ভেণ্টিলেটৰত ওলমি ক’বলৈ ধৰিলে, “মম, গিভ মি এ চকলেট৷ অডাৰৱৱাইচ আই উইল জাম্প৷“

বৰ্মননী সৰুৰ পৰা ইংৰাজীত বেয়া সেয়ে পুতেকে আৰু ইংৰাজী কলে বৰুৱানীৰ আগত কি উত্তৰ দিব ভাবি পুতেকক চাব বাদ দিলে ৷

বৰ্মননী: বাইদেউ আপোনালোকে নলবাৰী পূৰা এৰিলে ?

বৰুৱানী: অঁ, (অলপ লাজ কৰি) এবাৰ নলবাৰীৰ ৰাসত মোৰ আগৰ বয়ফ্ৰেডটোৰ লগত গলো৷ কি হল জানে ?

তেনেতে হলৌ বান্দৰৰ দৰেই ভেণ্টিলেটৰত ওলমি থকা পুতেকে ধামকৈ তাৰে তলতে থকা ডাইনিং টেবুলখনত পৰিল৷ টেবুলত থকা বস্তুবোৰ চিটিকি অ’ত ত’ত পৰিল৷ কাচৰ গিলাচ তিনিটা জন্‌ জন্‌কৈ ভাঙিল৷ বৰ্মননীয়ে খঙৰ জ্বলাত বাবা নে ৰিকি মাতিব সকলো পাহৰি পুতেকক দুচাট দি বকিলে, “বাপেৰেক কম তেওঁৰ লগতে ৰাইখবা৷ চালা শগুনে নাখ চলি৷ খাইছা মোক জ্বলা কালা কৰি৷ চাকৰি বাদ দি বাপেৰেৰ লগত থাকি মই কি উলটাম হাঁ? ৰাতিপুৱাৰ পৰা ৰাতিলৈ বাপেৰেৰ পিছে পিছে থাকিম ফাফৰে খ কুকুৰটোৰ দৰেই ৷“

বৰুৱানী: অ এম জি৷ ন’, ন’, প্লিজ মনে মনে থাকক৷ এনেকৈ গালি পৰা শুনিলে কোনে আপোনাৰ গল্প, কবিতা পঢ়িব ?

বৰ্মননীয়ে অলপ লাজ পাই চকুৰ পানী মচিলে ৷

বৰ্মননী: অত পঢ়া শুনা কৰিলো৷ অসমীয়া, বঙালী, ইংৰাজী৷ তথাপি নলবৰীয়া ঢেকেৰা ভাষাটো সলনি নহল৷ এতিয়া ভাবিছো অসমীয়া পূৰা শিকা হ’লে বড়োও শিকিম৷ সেই ভাষাটোৰ উচ্চাৰণবোৰ বৰ টান৷ তেতিয়াহে কিজানি নলবৰীয়া গুচে মুখৰ পৰা ৷

বৰুৱানী: আপুনি শুদ্ধ অসমীয়াত এনেকৈ গালি পাৰিব৷ ৰিকি, ফাডাৰক কম তেওঁৰ লগত ৰাখিব৷ ভালচাৰে নোখোৱা চিবলিং৷ শগুন বুলি কলে বেয়া শুনি দিয়কচোন৷ ডগিৰ দৰেই ফাডাৰৰ বেকত থাকিম নেকি? ফাফৰে চাফৰে নকব৷ ডগি বুলিয়েই কওক ইংৰাজীত তেতিয়াহে ফৰেইনৰ ডগি বুলি ভাবিব৷ কুকুৰ বুলিলে লগে লগে অসমীয়া ৰাস্তাৰ কুকুৰকেইটালৈ মনত পৰে দিয়কচোন আৰু আপুনি লিপষ্টিক কিয় নলগায়? লগাব বুইচে অসমীয়া শব্দবোৰ অলপ দামী দেখি ৷

বৰ্মননী: ভূটানখন দেখোন বিদেশ হয়৷ তাৰে কুকুৰ বিলাকক কি কমনো ?

বৰুৱানী: শৰ্মাক সুধিম ৰ'ব ৷

সিদিনা গোটেই দিনটো হলৌ বান্দৰটো ভিজা মেকুৰী হৈ মাকৰ পৰা দুচাট খাই মায়ে মায়ে কৈ কান্দি থাকিল ৷
বৰুৱানীৰ অলপ বিৰক্তিলগা যেন পাই বৰ্মননীয়ে কলে, “এনেয়ে ইংৰাজী কয় কিন্তু কান্দিলে বা জোৰকৈ পায়খানা লাগিলে বা ৰাতি আন্ধাৰত ভয় লাগিলে অসমীয়া কয়৷“

বৰ্মননী: বাইদেউ, শৰ্মাই এতিয়ালৈ বিয়া পতা নাই যে ৷

বৰুৱানী: নকব বুইছে৷ শৰ্মা তেতিয়া বোধহয় ক্লাছ থ্ৰি নে ফোৰত পঢ়ি আছিল ৷

বৰ্মননী: আপুনি ক’ত ইমান জানে ?

বৰুৱানী: হোৱাট এপচ৷
বৰ্মননীয়ে সঁহাৰি জনাই খুব মনোযোগ দি শুনিলে ৷

বৰুৱানী: সৰু আছিল বেচেৰা৷ ব্ৰেইনত চক পাই গ'ল ৷
বৰ্মননীয়ে এনেও শৰ্ম্মাৰ ফটোখন চায়ে থাকে জুম কৰি কৰি ৷ সুন্দৰ কপালত পৰি থকা চুলি খিনিৰে ল’ৰাটো খুব ধুনীয়া দেখি৷ বৰুৱানীৰ কথা শুনি বৰ্মননীৰ হাৰ্টত লাগি গল লগে লগে ৷

বৰ্মননী: কি? ( উশাহ ঘনকৈ)

বৰুৱানীয়ে পৰিস্থিতিটো বুজি বৰ্মননীক বুজাই ক'লে, “শুনক চোন৷ দুখ নকৰিব কৈ আছো ৷“

বৰুৱানী: সেই সময়ৰ কথা৷ শৰ্মাই পঢ়া টেবুলত বহি কাষৰ মানুহ ঘৰলৈ জুমি জুমি চায়৷ শৰ্মাৰ মাক ভাল সমাজসেৱিকা ৷ সমাজৰ নাৰীৰ দুখ বা অত্যাচাৰত শৰ্মাৰ মাকে সদায় সহায় কৰিবলৈ আগবাঢ়ি যায়৷ মুঠৰ ওপৰত খুব ভাল লেডি৷ শৰ্মাই ৰাতিপুৱাই পঢ়িবলৈ উঠিলে শুনে কাষৰ ঘৰৰ মানুহৰ চিঞৰা চিঞৰিকৈ পতা কথাবোৰ৷ শৰ্মাহতৰ কাষৰ ঘৰৰ বৰুৱাই তাৰেই কাষতে থকা কলিতাক চিঞৰে, “অ’ কলিতা, চোতাল সৰা হ'লনে ?“
কলিতায়ো সিপিনৰ পৰা চিঞৰে, “হ’ল ৰব বৰুৱাদা৷ আপোনাৰ হ’লনে ? মই বাহী বাচনখিনি ধুই লৰা ছোৱালীহালক ভাত খুৱাই স্কুললৈ পঠিয়াও৷ আপুনি মাজনীক পঠিয়ালে ?“ বৰুৱাই চিঞৰে, “কাপোৰ কেইখন ধোৱা হ’লে ভাত ৰান্ধি খুৱাই পঠিয়াম ৰ’ব৷“ বুইছে বৰ্মননী সেই দুঘৰ মানুহেই কাল হ’ল শৰ্মাৰ বাবেই৷ সদায় পঢ়া টেবুলত বহি সেই সোপা কথা শুনি তেওঁ ধৰিয়ে ললে যে বিয়া পাতিলে এনেকৈ বাহী কাম শেষ কৰিহে অফিচ যাব লাগিব৷ ভাবি ভাবি বেচেৰাই সপোনত চিঞৰি উঠে৷ মই নকৰো, ন ক ৰো৷ এনেকৈ কিছুদিন যোৱাৰ পিছত মাকে ডাক্তৰক দেখুৱালে৷ ডাক্তৰে সোধোতে শৰ্মাই কলে আচলতে কলিতা আৰু বৰুৱাই ঘৰৰ সকলো কাম কৰি অফিচত যায়৷ তাতকৈ কলিতানী আৰু বৰুৱানী খুৰীদেউহঁতৰে ভাল৷ ধুনীয়াকৈ সাজি কাচি ক্লাৱলৈ ওলায় যায়৷ শৰ্মাৰ কথা তেতিয়াহে ডাক্তৰে বুজিলে৷ সাময়িকভাৱে সপোনৰ পৰা মুক্তি পাবলৈ ডাক্তৰে শৰ্মাক বুজাই দিলে যে এতিয়া তুমি সৰু লৰা৷ মাৰাই তোমাক ভাত ৰান্ধি খুৱাবই৷ সেয়ে ভয়ে নাখাবা৷ লগাহ’লে তুমি বিয়াই নাপাতিবা৷ সদায় মাৰাই ৰান্ধি দিয়া খাবা৷ ডাক্তৰৰ কথাত হয়ভৰ দি মাকে ডাক্তৰক ফিজটো দিওঁতে বোলে ডাক্তৰে কলে, বাইদেউ ইয়াক পঢ়া টেবুলৰ ঠাই সলনি কৰাওক৷ তাতেই বহি সি শুনি থাকে বৰুৱাই কলিতাই কি কথা পাতে৷ শৰ্ম্মালৈ চাই কলে তুমিও নুশুনিবা তেতিয়া সপোন নেদেখা৷

বৰ্মননী: বৰুৱানী, কলিতানী চাগে বেমাৰী আছিল ন বাইদেউ৷

বৰুৱানী: নহয় শৰ্মাক মাকে বুজাই কোৱামতে সিহঁত দুটাই ৰাতিপুৱাৰ পৰা ৰাতিলৈ নিৰ্যাতিত মহিলাৰ হৈ কাম কৰিছিল৷ ঘৰবোৰত চাৰ্ভেও কৰিছিল৷ কোন কোন পুৰুষে নাৰীক অত্যাচাৰ কৰে৷ সেই তেতিয়াৰ পৰা আজিও সপোনত মাজে মাজে শৰ্মাই চিঞৰে ন ক ৰো৷

বৰুৱানীয়ে হুমুনিয়াহ চাৰি পুনৰ ক’বলৈ ধৰিলে, তেতিয়া শৰ্মা ক্লাছ চেভেনত বোলে৷ শৰ্ম্মাৰ মাকে বৰুৱা আৰু কলিতাক সিহঁতৰ ঘৰতে পতা সত্য নাৰায়ণ পূজাত নিমন্ত্ৰণ দিবলৈ শৰ্মাক পঠালে৷ তেঁৱো বোলে বৰুৱা খুৰা আমাৰ ঘৰত ৰাতি যাব বুলি কৈ আধাতে ৰৈ গ’ল আৰু চিঞৰত চুবুৰীৰ সকলো মানুহক বৰুৱা খুৰাকৰ ঘৰত ভৰ্ত্তি কৰালে৷ সিহঁতেও আহি লাইট জ্বলাই বৰুৱানীক দেখি অবাক৷ বৰুৱাই বোলে চুবুৰীৰ মানুহবোৰ দেখি লাজতে বিছনাৰ তলত ঘৰৰে পোহনীয়া মেকুৰীটোৰ লগত সোমাইছিল৷

বৰ্মননীঃ কি নো হল হে তাত৷ সোনকালে কক মোৰ চিন্তা লাগ্‌ছি শৰ্মাক লেগি৷

বৰুৱানীয়ে পুনৰ দুখেৰে কলে, কি হব আৰু ব্ৰেইনত চক লাগিল৷

বৰ্মননী: আৰু? বাপাঐ, (যিমানেই উৎকণ্ঠা বাঢ়ে সিমানেই বৰ্মননীৰ মুখত লিখিত ভাষা বাদ পৰি নলবৰীয়া আহে) এনেহেন কথা ন? সেয়েহে তেখেতৰ চকুৰ গুৰিটো অলপ ক’লা৷

বৰুৱানী: আপুনি চকুৰ গুৰিটোও চাব বাদ নিদিলে৷ কি চেমলেচ ওমেন আপুনি৷

বৰ্মননী: কক হে বাইদেউ, মৰিম শৰ্মাৰ চিন্তাত হাৰ্ট এটাক্ট কৰি৷

বৰুৱানী: মই ইপিনে ফ্ৰেন্দ মিটৰ ফটো চাই চাই জ্বলি পুৰি আছো৷ প্ৰেচাৰৰ টেবলেটৰ পাৱাৰে বঢ়াই দিলো বুইছে৷ তথাপি কওঁ ৰ’ব শৰ্মাই বৰুৱাৰ ঘৰত কি দেখা পাইছিল৷ বৰুৱানী আৰু কলিতানী ফেমাছ নাৰীবাদী জানেইতো৷ সিহঁতে কোনোবা এটা এন জি ওৰ যোগেদি দিল্লীত যোৱাৰ সুযোগ পাইছিল৷ তেতিয়াৰ দিনত বিউটি পাৰ্লাৰবোৰ ইমান আগবঢ়া নাছিল৷ শৰ্মাই মোক জনোৱা মতে বৰুৱাই উইথ আউট ব্লাউচ উইথ গেঞ্জি শাৰী এখন পিন্ধি আছে৷ সন্ধিয়া তেতিয়া কাণিমুনি পোহৰ৷ শৰ্মাই বৰুৱাক চিনিব নোৱাৰি ভূত বুলি পেণ্টতে পেচাৱ কৰি জোৰেৰে চিঞৰি দিলে৷ গোটেই চুবুৰীৰ মানুহ গোট খালে৷ সিহঁতে দেখিলে মডাৰ্ন বৰুৱানীয়ে এটা লুজ পায়জামা আৰু এটা স্পটিং পিন্ধি মুখত কেঁচা হালধিৰ লেপন লৈ ফোঁপাই আছে৷ মানে সদায় গধূলি বৰুৱানীয়ে ক্ষীণাবলৈ কচৰৎ কৰি থাকে৷ মানুহবোৰে বৰুৱা ক’ত কি হ’ল হে বুলি ঘৰত বিচাৰি চলাথ কৰি ফুৰিল৷ মেকুৰীটোৱে মিউ মিউ কৰোতে মানুহ দুজনমানে হাউলি বিছনাৰ তললৈ চাই বৰুৱাক উলিয়াই আনিলে৷ বৰুৱাই লাজ পাই সমাজৰ আগত কলে বোলে আমাৰ এওঁ মস্ত শকত যে দাপোণত পিছফালটো নেদেখে৷ বেলেগ এখন সৰু দাপোণৰ সহায় লৈয়ো লাভ নহ’ল দেখি মোক শাৰীবোৰ পিন্ধাই চাই পৰীক্ষা কৰি আছে কোনখন কোনখন শাৰী তেওঁৰ লগত দিল্লী ফুৰিব৷ তাকে দেখি পোণাকণে চিঞৰি পেণ্টতে মুতিলে৷ চুবুৰীৰ মানুহৰ মাজত তেতিয়া কলিতাও বিৰাজ মান৷ কলিতাই তেতিয়া নিজৰ ওঁঠ দুটা হাতেৰে পিহি আছে আৰু পাৰে মানে হাতৰ আৰু ভৰিৰ নখবোৰ লুকাব চেষ্টা কৰিছে৷ বুজাই বুজিছে আৰু কলিতানীয়ে বোধহয় লিপষ্টিক আৰু নেইল পলিচৰ কোনটো কালাৰ লগালে ভাল হ’ব কলিতাৰ ওপৰত তাকেই এপ্লাই কৰি আছিল৷ সিদিনাৰ পৰা চুবুৰীৰ মানুহে বৰুৱাক জোকাই, আপুনি খীন মীন যে শাৰীতে ভাল লাগে আৰু কলিতাক জোকাই লিপষ্টিক আৰু নেইল পলিচ লাগিব নেকি বুলি৷ শৰ্মাই চুবুৰীৰে তৰামাইক এদিন চাইছিল৷ শৰ্মাৰ হাৰ্টটো বোলে পিং পঙ বলৰ দৰেই হৈছিল৷ পেণ্টত মুতাৰ পিছৰ পৰাই শৰ্মাই তৰামাইক তাতেই বাই বাই দিলে৷ ইপিনে বৰুৱায়ো মেকুৰীটোৰ বাবেই যত সব হল বুলি মেকুৰীটোক খেদিলে৷

বৰ্মননীৰ চকুৰ পানীয়ে ওলাল৷ বৰুৱানীয়ে ক’ব ধৰিলে তৰামাইৰ লগত উইথ আউট ডেটিং, চে আই লাভ ইউ বেক আপ হৈ গ’ল৷ শৰ্মাই আৰু বিয়াৰ কথা ভাবিব পাৰিবনে? শাৰী দেখিলে পেচাৱ লাগে বেচেৰাৰ৷ শৰ্ম্মাক মই নকওঁ দিয়কচোন হোৱাতচ আপত৷ ময়ো আমাৰ এওঁক ৰান্ধিব লগাও৷ আটা মাৰিব লগাও৷ গাৰ বল আছে, ভাল হয় ৰুটিবোৰ৷

বৰ্মননী: হে বাইদেউ ময়ো ডাবোল বেডচিটৰ দায়িত্ব তালুকদাৰকে দিছো৷ শনিবাৰলৈ ৰাখি থওঁ, আহিলে ধোৱে৷ পিছে আপোনালোকে নলবাৰী কিয় এৰিলে নকলে দেখোন৷

বৰুৱানী: আগৰ বয়ফ্ৰেন্দৰ লগত নলবাৰীৰ ৰাস চাব গ’লো৷ গাঁৱৰ মানুহবোৰ বৰ আপটুডেট নহয় দিয়কচোন৷ আমাৰ দিনত আৰু লংপেণ্ট পিন্ধা ছোৱালী গাঁৱত নাছিলেই৷ ময়ো গুৱাহাটীত পঢ়িব গৈছিলো৷ ফাঁচী বজাৰৰ পৰা লংপেণ্ট এটা কিনিলো বৰ হেঁপাহেৰে ৰাসত পিন্ধিম বুলি৷ তেতিয়া অসমখন অলপ গাঁৱলীয়া টাইপ আছিলতো সেয়ে মাই পিতে মাতিছিলো৷ আগৰ বয়ফ্ৰেন্দটো মাজুলীৰ৷ পঢ়াত মস্ত ভাল আছিল৷ মই পিতেক কলো লগৰ ছোৱালী আৰু দাদাক আহিব দে ৰাস চাবা৷ ছোৱালীতো অহা কথা নায়ে, পিতেও মস্ত বুৰ্বক৷ সঁচা বুলি ভাবিলে৷ সি আহিল আমাৰ ঘৰত ৰাস চাব তাকো মাজুলী হেন প্লেচৰ ৰাস এৰি৷ আমাৰ কথিত নলবাৰীৰ ভাষা বুজিবলৈ তাৰ কি কষ্ট হ’ল৷ পিতেক কওঁ তইতো ইমান পঢ়া শুনা জানা লিখিত ক, নুশুনে৷ সিও ঘৰৰ চোতালতে খেলি থকা লৰাটোক মাইনা বুলি মাতে৷ চোতালৰ ল’ৰাই নামাতি পিছপিনে থকা সৰু ছোৱালীজনী দৌৰি যায় তাৰ কোলাত বহে৷ অ পাই, হয়নে বাৰয়ু কথাটো৷ মায়েও নুবুজি সোধে কি পাইছা৷ হয়তো, বায়ু নহলে ক’ত পৃথিৱী থাকিব৷ মুঠতে সকলো উল্টা পুল্টা৷ ৰাসত যাবলৈ মৰমেৰে কিনা লংপেণ্টটো পিন্ধিলো৷ তাৰ আগতে সকলোৱে মোক ক’বলৈ ধৰিলে দাদাৰেৰে লংপেণ্টটো কিয় পিন্ধিলি বুলি৷ ইমান লাজ পালো৷ বয়ফ্ৰেণ্ডৰো হিচাপত মাজুলীৰ শান্ত সৌম্য ড্ৰেচ, পিৰণ চুৰিয়া৷ দুয়ো ৰাসত গৈ লাচিতৰ ঘোঁৰাত উঠিলো৷ বয়ফ্ৰেণ্ডে লাচিতৰ ঘোঁৰাত উঠি আছে নানামেহে নানামে৷ মই বুজোৱাত নামিল৷ পিছপিনে হাতদুখন৷ মোক কলে বোলে লাচিতৰ ঘোঁৰাত উঠোতে তাত বোলে চুৰিয়াৰ পিছপিনে পূৰা মাজতে ফাটিল৷ মই যদি তাক ইমান ভাল পাওঁ তেন্তে কিয় তাৰ সাজপাৰত মন নিদিলো৷ সি জানে নেকি নলবাৰীৰ ৰাসত লাচিতৰ ঘোঁৰা পায়৷ মূৰ্ত্তিৰ ৰাস হয়৷ আমাৰ মাজুলীৰ ৰাস ইমান ভাল পাই মানুহে ভাওনা কৰে৷ ফৌ ফৌ নলবাৰীখনত ৰাসৰ নামত বগৰী গুটি৷ অত জাকে জাকে ধুনীয়া ছোৱালী মই পিছপিনটো দেখি মুখখন চাওঁ বুলি বেঙা মেলি দিলো৷ এটাই চিঞৰিলে, আইঔ দাদা বাপাহাৰে মইলো মই কি যোৰত চটকিচিহে, ভেটা কাণা না কি? বয়ফ্ৰেডে চিঞৰিলে কৈছো নহয় আৰু পাই এই ঢেকেৰা জেগাত ৰাস চাব কেতিয়াও নাহিম৷ মই নামানো নলবাৰীৰ ৰাস ঢেকেৰা বুলি, দুয়োৰে তাতেই চুলিত ধৰি টনাটনি লাগিল৷ সি মোক গালি দিলে মৰতী৷ মই ওলোটাই নলবৰীয়া গালি দিওঁ৷ কোনোদিন নোকোৱা ভাষাবোৰ কলো, মৰণ নহ ….গেল্লাই য৷ প্ৰতিটো গালিত প্ৰতি বাৰ হাৰ্টটো বিষাই যায়৷ শেষত সি মোক কলে, তয়ে থাক নলবাৰীৰ ৰাস চাই লংপেণ্ট পিন্ধি লাচিতৰ ঘোঁৰাত উঠি৷ মই ফটা চুৰিয়াৰেও বিহু নাচিব জানো মাজুলীত৷ তহঁতৰ এই গাঁৱলৈ ছোৱালী নিব নাহো কেতিয়াও৷ ময়ো সমানে কলো, ময়ো কষ্ট কৰি পঢ়িম৷ তোৰ সমানে আগবাঢ়িম৷ এনেও ছোৱালীৰ লগত কাজিয়া কৰি কোনটো ল’ৰা জয় হৈছে নো? সি পৰাজয় হোৱা যেন পাই মোক ক’বলৈ ধৰিলে বোলে নিজৰ গাঁৱতে আমাৰ দৰেই লিখিত কৈ চাচোন৷ দম আছে যদি৷ ঢেকেৰা নলবৰীয়া মৰাবোৰক এনেও বিয়া নকৰাও৷ তাৰ কথাখিনিৰ লগে লগে ৰাসৰ খোলাত বৰদৈচিলা থিয়েটাৰৰ পৰাই অহা কৰুণ সুৰ এটাও ভাহি আহিল৷ ফটা চুৰিয়াৰে পিছপিনে হাতদুখন দি সি মানুহৰ মাজত নোহোৱা হল৷ তেতিয়াৰ পৰাই মেলাৰ লাচিতৰ ঘোঁৰা দেখিলে বৰদৈচিলা থিয়েটাৰৰ সেই কৰুণ সুৰটো হাৰ্টত বাজে৷ ঘৰত আহি পিতেক কলো বল পিতে একচনীয়া মাটি লৈ হলেও গুৱাহাটীত ঘৰ বান্ধি দে৷ পঢ়াৰ সুবিধাও বহুত গুৱাহাটীত৷ হোষ্টেলৰ খানা খালি বাইটাও বাইটাও লাগে৷ মূৰটো ঘূৰে পৰো৷ পিতেৰো আপীৰ কথা শুনি বুকুখন হান মাইল্লাক৷

এনেও নলবাৰীৰ মেডিপাট্টা মাটিত থাকিও লিখিত ক’ব নোৱাৰি দিয়কচোন বৰ্মননী৷

বৰ্মননী: কথাই প্ৰতি আগৰ বয়ফ্ৰেণ্ড কৈ আছে যে আৰু আছিল নেকি?

বৰুৱানী: নকওঁ বুলিহে পাঁচটামান আছিল৷ মাজুলীৰ পিছতো আছিল…, আজি যাওঁ দিয়ক৷ হাবিক এডভাইচ দিছো কি কি ৰেচিপি বনাব লাগে৷

বৰুৱানী ওলাই আহোঁতে বৰ্মননীৰ ল’ৰাটোক মৰম কৰি কোঁচত ললে, ৰিকি বাই বাই টেক কেয়াৰ বেটা৷ বৰ্মননীৰ পুতেকৰ জেগাত সন্মুখৰ বড়োদাহঁতৰ ডগিটোৱে চিঞৰি উঠিল, ভুক ভুক৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,767
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,368
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,601
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,537
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704