কবিতা :: আৱেগৰ চকুলোৱে --- চিত্ৰৰঞ্জন নাথ

আৱেগৰ চকুলোৱে ধুৱাই পেলাইছে
এলাগী হৈ পৰি থকা সমাজখনক !

হিংসুক জন্তুবোৰে
খেদি ফুৰিছে
সিহঁতবোৰক
একামোৰত নিশেষ কৰিবলৈ ৷

সিহঁতবোৰে জানে
দুৰ্বলী হ'লেও (??)
ভোক নিৰাময়ৰ বাবে
এয়াই এতিয়া
একমাত্ৰ খাদ্য ৷

হাতে ভৰিয়ে মূৰে
য'তে পাৰে
মাথো কামুৰিছে !

পিছে,
শৰীৰৰ মাংসবোৰ চোন চিঙিব পৰা নাই !
মাংসবোৰ কৰবাত শিলৰ দৰে টান,
কৰবাত ৰবৰৰ দৰে ঢিলা হৈ পৰিছে ৷

আক্ৰমন আৰু আক্ৰমন ৷
পত্যাক্ৰমন কৰাৰ মানসিকতা
তাহানিৰ পৰাই নাছিল
সেই জাতটোৰ ৷

নিজকে সঁপি দিছিল
তাহানিতেই সিহঁত বোৰৰ ওচৰত !

শিল আৰু ৰবৰ হৈছে ক্ৰমাৎ

google_ad_client = "ca-pub-7266255229823793"; google_ad_slot = "8669829143"; google_ad_width = 336; google_ad_height = 280;

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:907
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,264
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,467
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,367