কবিতা :: বন্ধু --- হেমেন দাস

ফটা জেপেৰে মাৰ্বল সৰি
পৰা দিনৰ কথা সেয়া,
মোৰ কিশোৰ জোনালী মেঘত
ঠুপি ঠুপি তৰাৰ সমাহাৰ আঁকি
পৰিপূৰ্ণ সুখৰ লালিমা সানিলা,
তোমাৰ পৰাই জানিছিলোঁ
সাগৰ ইমান বিশাল বুলি,
য’ত হাতী যেন তিমি মাছ
অনায়াসে সাঁতোৰে,
তোমাৰ পৰাই জানিছিলোঁ পাহাৰ খনৰ
সিপাৰেও যে বাস কৰে মানুহ,
মনত আছেনে ৰজা মন্ত্ৰীৰ খেল বোৰ
লুকা ভাকু খেলা দিনবোৰ,
সাঁচি ৰখা স্মৃতিবোৰ যেন
খোপাট গুজি থোৱা নাচনী
জনীৰ কঁপৌফুল পাহি,
তাৰেই ভেটিয়ে এদিন গঢ়িছিল
মোৰ অফুৰন্ত উদ্যম কলিজা,
ফেনে ফুটুকাৰে বাঢ়ি অহা মোৰ যৌৱন
তেজাল ঘোঁৰা হৈ দৌৰিছিল যিদিনা
তয়েই জানো লগোৱা নাচিলি লেকাম স্থিৰতাৰ,
মোৰ অস্থিৰ অগ্ৰাসী কামৰ
পাভূৱলী মনৰ ক্ষীপ্ৰতা
তয়েইতো কৈছিলি,
“অলপ সুস্থিৰে নাযাৱনে”
মই জানো মই হৈ থাকিলোঁ হয়
তই যদি তই ন’হলি হয়,
তোৰ সান্নিধ্যৰ নিভাঁজ আদৰ
মোৰ কোনোবা জনমৰ
কৰ্মৰ পবিত্ৰ প্ৰাপ্তি,
দিবলে একোকে নাই
ল’বলে অনেক ল’লো,
কি যাচিনো তোমাৰ ঋণ সুধাও
মৰমৰ সখা মোৰ,
সেয়েহে এই দুখীয়াৰ
বুকু খুলি যাচিছোঁ তোক
স্নেহৰ সেয়া এফাঁকি
সমীচিন যদি হয় লোৱা সাৱটি…

google_ad_client = "ca-pub-7266255229823793"; google_ad_slot = "8669829143"; google_ad_width = 336; google_ad_height = 280;

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,537
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,767
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,368
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,601