অনুভৱ

অনুভৱ :: সন্তান --- মন্জুষা দেৱী

প্ৰতিযোগিতা ৰ যুগত আমি ল’ৰা ছোৱালীক যন্ত্ৰ কৰি পেলাইছোঁ । এখোপা গৃহ কৰ্ম লৈ যেতিয়া ৪ বছৰীয়া ল’ৰা ঘৰলৈ উভতি আহে মই অশ্ৰু সিক্ত হৈ পৰো ।। সি কয় মা মই কেতিয়া জনা হ’ম কেতিয়া সকলো বুজা হ’ম ।
.

চিঠিৰ শিৰোনাম : সপোনলৈ আহিবা --- সোণমণি গোহাঁই

প্ৰতি,
মৰমৰ প্ৰাপ্তি,
.
এতিয়া দোভাগ নিশা। কোনোবা তৃষ্ণাতুৰ নিদ্ৰাই তোমাক গিলি পেলাইছে ছাগৈ, মেঘৰ কোমল পাটীত । সুখত আছানে বাৰু তুমি ? মোৰ খুব মন যায় জানা, সুখী তোমাৰ নাচোন চাবলৈ, সন্তুষ্টিৰ লয়-লাসেৰে…
.
তোমাৰ বিফল প্ৰেমিক মই। অৱশ্যে ফলৰ লোভত নহয় প্ৰেমৰ সৃষ্টি! তথাপিও কৈছোঁ কাৰণ তুমি যোৱাৰ দিন ধৰি সেই সপোনবোৰেইতো মোৰ জীৱন। এতিয়াও বুজা নাই মই, এয়া মোৰ জীৱন নে সপোন।তোমাৰ স্মৃতিবোৰে কথা কয়, মোৰ চিঠিবোৰ আধালিখা হৈ ৰয়। তোমাৰ নিথৰ দেহাটোৰ সমুখত কলমৰ শব্দ উকা হৈ বয়।
.

অনুভৱ :: পিতৃ-মাতৃ আৰু বৃদ্ধাশ্ৰম --- দিপাংকৰ ভাগৱতী

আজি বহুত দিন অন্তৰ পাছত হঠাৎ মনলৈ কিছুমান প্ৰশ্ন আহিল, ভূল-শুদ্ধ যুক্তিৰে মনটো যেন অশান্তিকৰ কৰি তুলিছে ।প্ৰ শ্নবোৰৰ উত্তৰ বিচাৰি উলিওৱাতো কেতিয়াবা জটিল হৈ পৰে । এটা সন্তানৰ বাবে মাক-দেউতাকৰ প্ৰতি থকা কৰ্তব্যসমূহ কেনে হোৱা উচিত...? বিয়াৰ পাছত নতুন বোৱাৰীক পাই মাক আৰু দেউতাকৰ ত্যাগ সমূহক পাহৰি যোৱাবোৰ উচিত নে...? এনেবোৰ প্ৰশ্নৰে বৰ্তমান মোৰ মন অন্তৰ সকলো অশান্ত ।

অনুভৱ :: অনুভৱী হৃদয়ত… সেইদিনা লগ পোৱা ল'ৰাটো --- জানকী ৰায়

কিছুদিন আগৰ কথা অফিচৰ কামত মোৰ বেংকত যাব লগা হৈছিল । অফিচৰ পৰা মাত্ৰ পাঁচ মিনিটৰ ৰাস্তা সেয়ে এইখিনি ৰাস্তা মই খোজকাঢ়িয়ে যাব ওলালো । অৱশ্যে মই আগে পিছেও নোজোৱা নহয় । ৰাস্তা কাষৰ ফুটপাথেৰে মই খোজ দিলো বেংক পোৱাৰ অলপ আগতে ফুটপাথটোৰ গাতে লগাকে এটা ডাঙৰ ডাষ্টবিন আৰু চাৰিওফালে খুব লেতেৰা আৰু দূৰগন্ধ সিচৰিত হৈ থাকে বাবে সেইখিনি ৰাস্তা নাকত খোপা দিয়ে পাৰ হ’ব লগা হয় । প্ৰায়ে সেই ডাষ্টবিনটোত ল'ৰা ছোৱালী, মতা মাইকী পিঠিত একোখন বস্তা ওলোমাই কিবাকিবি বিচাৰি থকা দেখা পোৱা যায় । মই যেতিয়া সেই ডাষ্টবিনটোৰ ওচৰ পাইছিলো তাত এজনি মাইকী মানুহে পিঠিত এটা বস্তা ওলোমাই কিবা কিবি বুট

অনুভৱ :: পৰিৱৰ্তনশীল সমাজ --- মন্জুষা দেৱী

সমাজ পৰিৱৰ্তনশীল .. সমাজৰ লগত খাপ খাই আমাৰ মন ধ্যান ধাৰণাৰ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক যি হেতু পৰিৱৰ্তনৰ নিজস্ব সুকীয়া সৌন্দৰ্য্য আছে ... আগতে প্রেমৰ আৰম্ভণি হৈছিল দুই চকুৰ মিলনত...চিঠিৰ মিঠা মিঠা আবেগতত !!!! সময়ৰ লগে লগে প্ৰেমৰ ৰূপ ও সলনি হ’ল ...এতিয়া দুই চকুৰ মিলনত প্ৰেম নহয় প্ৰেম হয় ইন্টাৰনেটত .... য’ত চকুৰ মিলন দূৰৰ কথা ইজনে সিজনৰ মুখ খনেই ভালকৈ দেখা নাপায় .. আগতে প্ৰেমৰ প্ৰস্তাৱ দিছিল চিঠিৰ যোগেদি ‘ মই তোমাক খুউব ভাল পাওঁ তুমি মোক ভাল পোৱা নে ? ' লাহে লাহে প্ৰেমৰ প্ৰস্তাৱত ও পৰিৱৰ্তনে ভুমুকি মাৰিলে.... বৰ্তমানৰ প্ৰেমৰ প্ৰস্তাৱ এনেকোৱা ' তই মোৰ ল’ৰা ছোৱালীৰ মাক হ’বি নেকি ?

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,618
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,789
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,101
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,380
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,144