জীৱন

জীৱন

অনুভৱ :: সন্তান --- মন্জুষা দেৱী

প্ৰতিযোগিতা ৰ যুগত আমি ল’ৰা ছোৱালীক যন্ত্ৰ কৰি পেলাইছোঁ । এখোপা গৃহ কৰ্ম লৈ যেতিয়া ৪ বছৰীয়া ল’ৰা ঘৰলৈ উভতি আহে মই অশ্ৰু সিক্ত হৈ পৰো ।। সি কয় মা মই কেতিয়া জনা হ’ম কেতিয়া সকলো বুজা হ’ম ।
.

অনুভৱ :: অনুভৱী হৃদয়ত… সেইদিনা লগ পোৱা ল'ৰাটো --- জানকী ৰায়

কিছুদিন আগৰ কথা অফিচৰ কামত মোৰ বেংকত যাব লগা হৈছিল । অফিচৰ পৰা মাত্ৰ পাঁচ মিনিটৰ ৰাস্তা সেয়ে এইখিনি ৰাস্তা মই খোজকাঢ়িয়ে যাব ওলালো । অৱশ্যে মই আগে পিছেও নোজোৱা নহয় । ৰাস্তা কাষৰ ফুটপাথেৰে মই খোজ দিলো বেংক পোৱাৰ অলপ আগতে ফুটপাথটোৰ গাতে লগাকে এটা ডাঙৰ ডাষ্টবিন আৰু চাৰিওফালে খুব লেতেৰা আৰু দূৰগন্ধ সিচৰিত হৈ থাকে বাবে সেইখিনি ৰাস্তা নাকত খোপা দিয়ে পাৰ হ’ব লগা হয় । প্ৰায়ে সেই ডাষ্টবিনটোত ল'ৰা ছোৱালী, মতা মাইকী পিঠিত একোখন বস্তা ওলোমাই কিবাকিবি বিচাৰি থকা দেখা পোৱা যায় । মই যেতিয়া সেই ডাষ্টবিনটোৰ ওচৰ পাইছিলো তাত এজনি মাইকী মানুহে পিঠিত এটা বস্তা ওলোমাই কিবা কিবি বুট

অনুভৱ :: অনুভৱৰ দলিচা --- মন্জুষা দেৱী

২০০৬ চনৰ ঘটনা ।

দিল্লীৰ কৰোলবাগত মই মোৰ বাইদেউৰ ঘৰলৈ গৈছিলোঁ । তাৰেই ওচৰত সংগীত অনুষ্ঠানৰ শব্দ মোৰ কাণত বাজি উঠিল । মই অলপ ওলাই গ’লো । এঘৰ মানুহৰ ঘৰত সন্তান জন্মিছে আৰু সেই উৎসৱ মুৱা পৰিবেশক আৰু ৰহণ সানিছিল হিজড়া (কিন্নৰ) ৰ নৃত্য বোৰে । পৰিবশটো মোৰ বাবে বহুতো আচহুৱা কিয়নো টিভিতেই অকল এইবোৰ দৃশ্য দেখা পোৱা আছিলো । মই আৰু আগবাঢ়ি গ’লো কিন্তু পৰিবেশৰ গোটেই ৰঙ সলনি হৈ গ’ল হঠাতে যেতিয়া আদহীয়া মাইকী এজনীৰ প্ৰচণ্ড চৰ এজনী হিজৰাৰ গালত পৰিল । সেই দৃশ্যই মোক বহুত কষ্ট দিছিল হয় কিন্তু তাতোকৈ বেছি কষ্ট দিছিল যেতিয়া সেই প্ৰচণ্ড চৰৰ আৰৰ কাহিনী গম পাইছিলো ।

অনুভৱ :: অনুভৱী হৃদয় (১) : মানৱ সভ্যতা,অন্ধবিশ্বাস,ডাইনী হত্যা ইত্যাদি --- মন্জুষা দেৱী

বিশ্বৰ প্ৰাচীনতম গ্ৰন্থ ঋগবেদক পণ্ডিত সকলে প্ৰাচীন ভাৰতীয় সংস্কৃতি অধ্যয়নৰ সমল পুথি ৰূপে ব্যৱহাৰ কৰে । ভাৰততেই মানৱ সভ্যতাৰ আৰম্ভণি বুলি ক'লেও ভুল কোৱা নহ’ব ।

মানুহে প্ৰথম বাৰ জন্ম লাভ কৰে মাকৰ গৰ্ভৰ পৰা আৰু দ্বিতীয় বাৰ জন্ম লাভ কৰে সংস্কাৰৰ জৰিয়তে । "জন্মনা জয়তে শুদ্ৰং সংস্কাৰাৎ দ্বিজ উচ্যতে।"

অনুভৱ :: মৃত্যু --- মন্জুষা দেৱী

লিখিবলৈ বহি ভাৱিলো আজি কি লিখো কৰ পৰা আৰম্ভ কৰোঁ । কিনো লিখো । মানৱ জীৱনৰ চৰম সত্য হ’ল মৃত্যু । এই মৃত্যুৰ যন্ত্ৰণা কেনে হ’ব পাৰে কোনোবা প্ৰেমিক তথা প্ৰেমিকাক ।

মৰমৰ পাহি

কুশলে আছাতো ?

তুমি হীনতাৰ জীৱন মই সহিব নোৱাৰা হৈছো । কান্দি কান্দি চকুৰ পানী ও নোহোৱা হ’ল । চকুলো বিহীন কান্দোন আৰু বেছি কষ্টকৰ পাহি ।

পাহি তোমাক কোনোদিনে নাপাহৰিম মই । চকুৰে দেখা এই সুন্দৰ পৃথিৱীৰ সিপিনে কি আছে নাজানোঁ যদি আছে অইন এখন পৃথিৱী তেতিয়া হ’লে তুমি তাত শান্তিৰে থাকিবা । শশৰীৰ তুমি কাষত নাই যদিও মনৰ চকুৰে সদায় তোমাক দেখা পাওঁ , সদায় কথা পাতো তোমাৰ লগত ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,422
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,286
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:245
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,066
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:2,031