ব্যক্তিগত

ব্যক্তিগত

অনুভৱ :: সন্তান --- মন্জুষা দেৱী

প্ৰতিযোগিতা ৰ যুগত আমি ল’ৰা ছোৱালীক যন্ত্ৰ কৰি পেলাইছোঁ । এখোপা গৃহ কৰ্ম লৈ যেতিয়া ৪ বছৰীয়া ল’ৰা ঘৰলৈ উভতি আহে মই অশ্ৰু সিক্ত হৈ পৰো ।। সি কয় মা মই কেতিয়া জনা হ’ম কেতিয়া সকলো বুজা হ’ম ।
.

অনুভৱ :: পিতৃ-মাতৃ আৰু বৃদ্ধাশ্ৰম --- দিপাংকৰ ভাগৱতী

আজি বহুত দিন অন্তৰ পাছত হঠাৎ মনলৈ কিছুমান প্ৰশ্ন আহিল, ভূল-শুদ্ধ যুক্তিৰে মনটো যেন অশান্তিকৰ কৰি তুলিছে ।প্ৰ শ্নবোৰৰ উত্তৰ বিচাৰি উলিওৱাতো কেতিয়াবা জটিল হৈ পৰে । এটা সন্তানৰ বাবে মাক-দেউতাকৰ প্ৰতি থকা কৰ্তব্যসমূহ কেনে হোৱা উচিত...? বিয়াৰ পাছত নতুন বোৱাৰীক পাই মাক আৰু দেউতাকৰ ত্যাগ সমূহক পাহৰি যোৱাবোৰ উচিত নে...? এনেবোৰ প্ৰশ্নৰে বৰ্তমান মোৰ মন অন্তৰ সকলো অশান্ত ।

অনুভৱ :: আন্তৰ্জাতিক নাৰী দিবসৰ চিন্তাৰ দোমোজাত মই --- মন্জুষা দেৱী

নাৰী কিমান সুৰক্ষিত তথা সংৰক্ষিত এচাম মানসিক বিকাৰ গ্ৰস্ত পুৰুষৰ হাতৰ পৰা ? নাৰী লাঞ্ছিতা অবহেলিত নিজৰ পৰিয়ালৰ সদস্যৰ পৰা, নিজৰ আপোন মানুহৰ পৰাই । ৮ মাৰ্চ (International Womans Day ) নাৰী দিবসৰ দিনা নাৰীক সন্মান কৰিলে নাইবা নাৰী সুৰক্ষাৰ বাবে শ্লো গান গালে জানো নাৰী সুৰক্ষিত হ’ব ? ৮ মাৰ্চ বিশ্ব নাৰী দিৱস । আমি বেলেগ দিৱস ৰ দৰে নাৰী দিৱসও পালন কৰি আহিছো আৰু পালন কৰি থাকিম , নহ’লে আমি অত্যাধুনিক অলংকাৰেৰে নিজকে কেনেকৈ অলং‌কৃত কৰিম ?? নাৰী দিৱসৰ গুৰুত্ব , প্ৰয়োজনীয়তা অনুভৱ

অনুভৱ :: অনুভৱী হৃদয়ত… সেইদিনা লগ পোৱা ল'ৰাটো --- জানকী ৰায়

কিছুদিন আগৰ কথা অফিচৰ কামত মোৰ বেংকত যাব লগা হৈছিল । অফিচৰ পৰা মাত্ৰ পাঁচ মিনিটৰ ৰাস্তা সেয়ে এইখিনি ৰাস্তা মই খোজকাঢ়িয়ে যাব ওলালো । অৱশ্যে মই আগে পিছেও নোজোৱা নহয় । ৰাস্তা কাষৰ ফুটপাথেৰে মই খোজ দিলো বেংক পোৱাৰ অলপ আগতে ফুটপাথটোৰ গাতে লগাকে এটা ডাঙৰ ডাষ্টবিন আৰু চাৰিওফালে খুব লেতেৰা আৰু দূৰগন্ধ সিচৰিত হৈ থাকে বাবে সেইখিনি ৰাস্তা নাকত খোপা দিয়ে পাৰ হ’ব লগা হয় । প্ৰায়ে সেই ডাষ্টবিনটোত ল'ৰা ছোৱালী, মতা মাইকী পিঠিত একোখন বস্তা ওলোমাই কিবাকিবি বিচাৰি থকা দেখা পোৱা যায় । মই যেতিয়া সেই ডাষ্টবিনটোৰ ওচৰ পাইছিলো তাত এজনি মাইকী মানুহে পিঠিত এটা বস্তা ওলোমাই কিবা কিবি বুট

অনুভৱ :: মৃত্যু --- মন্জুষা দেৱী

লিখিবলৈ বহি ভাৱিলো আজি কি লিখো কৰ পৰা আৰম্ভ কৰোঁ । কিনো লিখো । মানৱ জীৱনৰ চৰম সত্য হ’ল মৃত্যু । এই মৃত্যুৰ যন্ত্ৰণা কেনে হ’ব পাৰে কোনোবা প্ৰেমিক তথা প্ৰেমিকাক ।

মৰমৰ পাহি

কুশলে আছাতো ?

তুমি হীনতাৰ জীৱন মই সহিব নোৱাৰা হৈছো । কান্দি কান্দি চকুৰ পানী ও নোহোৱা হ’ল । চকুলো বিহীন কান্দোন আৰু বেছি কষ্টকৰ পাহি ।

পাহি তোমাক কোনোদিনে নাপাহৰিম মই । চকুৰে দেখা এই সুন্দৰ পৃথিৱীৰ সিপিনে কি আছে নাজানোঁ যদি আছে অইন এখন পৃথিৱী তেতিয়া হ’লে তুমি তাত শান্তিৰে থাকিবা । শশৰীৰ তুমি কাষত নাই যদিও মনৰ চকুৰে সদায় তোমাক দেখা পাওঁ , সদায় কথা পাতো তোমাৰ লগত ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:647
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,783
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,479
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,773
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:341