অনুভৱ :: পিতৃ-মাতৃ আৰু বৃদ্ধাশ্ৰম --- দিপাংকৰ ভাগৱতী
Submitted by দিপাংকৰ ভাগৱতী on Mon, 07/01/2019 - 07:03আজি বহুত দিন অন্তৰ পাছত হঠাৎ মনলৈ কিছুমান প্ৰশ্ন আহিল, ভূল-শুদ্ধ যুক্তিৰে মনটো যেন অশান্তিকৰ কৰি তুলিছে ।প্ৰ শ্নবোৰৰ উত্তৰ বিচাৰি উলিওৱাতো কেতিয়াবা জটিল হৈ পৰে । এটা সন্তানৰ বাবে মাক-দেউতাকৰ প্ৰতি থকা কৰ্তব্যসমূহ কেনে হোৱা উচিত...? বিয়াৰ পাছত নতুন বোৱাৰীক পাই মাক আৰু দেউতাকৰ ত্যাগ সমূহক পাহৰি যোৱাবোৰ উচিত নে...? এনেবোৰ প্ৰশ্নৰে বৰ্তমান মোৰ মন অন্তৰ সকলো অশান্ত ।