কবিতা

কবিতা :: উচুপনি --- সোণমণি গোহাঁই

নিজানত সাৰ পোৱা উচুপনিবোৰক
ফুচুলাই শান্ত কৰাৰ
আখৰাত মোহ গৈছোঁ ;
..
আঁৰি লৈছোঁ মনত
সাহৰ ভাগ পঁজাটো,
কোনোবাই বিচাৰি পোৱা
অবান্তৰ অভিমানবোৰো
খামোচি ধৰিছোঁ,
..
সমল নহ’লেওঁ জীৱন
আঁজুৰি আনিছোঁ ৷

কৃত্ৰিম হাঁহিৰ উম দি
উচুপনিবোৰ আকৌ শুৱাই ৰাখিছোঁ ৷

কবিতা :: আৱেগৰ চন্দোদয় --- তপন গগৈ

তুমি তুমি লগা
অনুভৱৰ পদূলিত
তুমি ৰোৱা শেৱালীৰ সুগন্ধী।
.
কুঁৱলীৰ সিপাৰে
জুমি চাওঁ তোমালৈ....
কিজানিবা দেখা পাওঁ তোমাৰ
উভতনি যাত্ৰা ।
.
জোনাক ভৰা আকাশত
তৰাৰহতে গণো ক্ষণ
তোমাৰ অনুভৱ বুকুত সাৱতি
শুই পৰো দুবৰী দেশত ॥
.
দুহাত মেলি আকাশলৈ চাওঁ....
আৰু
আৱেগতে কওঁ
"মুখ তোলা চন্দ্ৰবদনী
চাওঁ মই চন্দোদয়"
.
নিয়ৰৰ কপাহী ভাজত
উৰুৱাই দিওঁ জোনাকী জনী !
অচিন দিশত ভাহে
দৰদী বাঁহীৰ সুৰ ॥

কবিতা :: নীৰৱতাত তোমাৰ শব্দবোৰ --- পৰশমণি ডেকা

নীৰৱতাবোৰ ক্ৰমাৎ গধুৰ হৈ আহিছে
তোমাৰ স্নিগ্ধ জোনাকৰ ছায়াই
বৰকৈ আমনি কৰিছে ।
তুমি নীৰৱতাবোৰ ভাঙি নেপেলাবা অন্ধছায়া হৈ
তোমাৰ কবিতাবোৰেহে মোৰ নীৰৱতাক ভাঙিব খুজিছে....
তোমাৰ আৰু মোৰ সেই আবেলিবোৰ,নৈৰ পাৰৰ সন্ধিয়াবোৰ
প্ৰতিটোৱেই মোৰ নীৰৱতাক পাহৰাইছে...
শীতৰ ৰাতিটোও শেষ হ’বলৈ ধৰিছে
খিৰিকীৰে মলয়া এছাটিয়ে স্বপ্নৰ পৰা বাস্তৱলৈ আনিবলৈ আপ্ৰান চেষ্টা চলাইছে..
কুকুৰাতোৱেও নীৰৱতাবোৰ ভাঙিবলৈ ধৰিছে
মাথোন তোমাৰ আমেলিয়াই বৰকৈ আমনি কৰিছে.......

কবিতা :: কবিতাৰ সীমনা বিচাৰি --- পৰশমণি ডেকা

কবিতাক বিচাৰি ফুৰিছো কলমত
ভাৱবোৰক প্ৰকাশ কৰিব পৰা নাই
শব্দৰ অভাৱত........
অনুভৱবোৰক কিদৰে প্ৰকাশ কৰিম
প্ৰেয়সীৰ কলমেৰে
নে হিয়াত গ্ৰামফোন ৰাখি.....

কবিতা :: ছন্দহীনতা --- মহিদুল ইছলাম বুলবুল

কেতিয়াবা কবিতাও ভোগে ছন্দহীনতাত,
শব্দৰ উম বিচাৰি হাহাকাৰ কৰে এটি এটি কবিতা ;
মইয়ো প্ৰেম কৰিছিলোঁ
নিজতকৈও হয়তো বেছি
ভাল পাইছিলোঁ ,
.
মোৰ জীৱনৰ ৰংবোৰ সেই
তেতিয়াহে নোহোৱা হৈছিল
যেতিয়া তাই কৈছিল ,
মই প্ৰেম নহয় মাথোঁ মোৰ
সময় বোৰ হে তোমাৰ লগত অতিবাহিত
কৰি আছিলোঁ বুলি ।
.
এতিয়া সাহসেই নাই
আকৌ প্ৰেম কৰিম বুলি
মাথোঁ জীয়াই আছো
নিজৰ মাজত এখন নাটক কৰি ।
কোনে জানে
কাৰ বাবে কেতিয়া আহে শব্দৰ ধুমুহা,
এসাগৰ শব্দ..তথাপি কি যে অনন্ত পিয়াহ..
তোমাৰ বাবে আজি শব্দ বাঁচিছো..

কবিতা :: উদ্ভট ---শ্ৰী অবনী ডেকা

[১]
হেৰুৱাৰ আনন্দত হৃদয় নাচে
পোৱাৰ বেদনাত অন্তৰে কান্দে ?
সুখৰ অগনিত জ্বলা হৃদয় পৰে শাঁত
ঝংকাৰিত মন-প্ৰাণ শুনি শব্দহীন মাত।
[২]
হেপাঁহেৰে পান কৰি প্ৰিয় গৰল
বক্ৰতা ভৰাই হিয়াখনি কৰা সৰল
সমস্যাৰ সৌধ নিৰ্মান কৰি শান্তিৰ শয়ন
ক্ষোভৰ বহ্নিত ৰক্তিম শান্ত-সৌম্য আজি নয়ন।
[৩]
জনগণৰ শক্তিৰে ব্যক্তি বলীয়ান
সন্মানক সিংহাসনত বহাই অসন্মান
হত্যাৰে গাই আমি মানৱতাৰ জয়গান
স্বাধীনতা পোৱাৰ আনন্দত হওঁ ম্ৰিয়মান ।
[৪]
হৰণ কৰি পুৰণ কৰো ধনৰ লালসা

কবিতা :: এটি সপোন --- ৰাজিদুল ইছলাম

তোমাক অনুভৱ কৰিছিলো !
ৰাতিপুৱা বোকাত ফুলি থকা ;
পদুমৰ মাজত........
অনুভূতিয়ে,
জগাই তুলিছিল ;
এটি সপোন ৷
হৃদয়ৰ বহু গভীৰত !
শৰীৰৰ প্রতিটো অংগত,
শিয়ৰি উঠিছিল শিৰাই উপশিৰাই ;
তোমাৰ মাদকতা ৷
প্রতিটো ক্ষনে ক্ষনে
তোমাৰ স'তে ,
বাটে-ঘাটে সুমধুৰ মাতেৰে
মনটো আলোড়িত কৰা,
কেতিয়াবা হাঁহি ধেমালিৰে
উৎফুল্লিত কৰা ৷
প্রতিটো মূহর্তই যেন..........
তুমি আৰু তুমি
এটি বাস্তৱ পৃথিবী ;
মোৰ চৌপাশত ৷

কবিতা :: মই তোমাৰ তুমি মোৰ --- মহিদুল ইছলাম বুলবুল

কেনেকৈনো কওঁ
তুমিয়েইতো মোৰ হ’বা বুলি ৷
কেনেকৈনো কওঁ
তোমাৰ অবিহনে
মোৰ একোৱেই নাই বুলি ৷
..
আনৰ দৰে ..
হ’ব মই নোৱাৰোঁ ৷
আনৰ দৰে ..
কথাবোৰ ক’ব মই নোৱাৰোঁ ৷
..
তথাপিতো ক’ম মই
মইয়েতো তোমাৰ হ’ম বুলি ৷
তুমিয়েইতো মোৰ হ’বা বুলি ৷৷

কবিতা :: বুধবাৰে বিদ্যালয়লৈ অহা ছোৱালীজনী --- ঋতুপৰ্ণ ৰয়

প্ৰতি বুধবাৰে অহাৰ দৰে,
ঠিক ন বজাতেই তাই আহিছে।
যেন প্ৰতি দেওবাৰে অহা ফোন-ইন-কল্পতৰু।
পিঠিত বোজা মেটমৰা।
কিতাপ, ফলি, পেঞ্চিল, কাঁহী, বাতি।
প্ৰতি বুধবাৰৰ লগত সমান্তৰাল গতি।
ঠিক ন বজাতেই আহে তাই।
উজনিমুৱা ইন্টাৰচিটি।
..
গনৱেশ তাই অইন বিলাকৰ দৰেই পিন্ধিছে।
চুলিত তেল ঠিকেই ঘঁহিছে।
ৰঙা ফিটা দুডালো তাই ঠিকেই বান্ধিছে।
হাঁহিটোও তাইৰ অইন বিলাকৰ দৰেই।
মাত্ৰ এটাই পাৰ্থক্য,
তাই কেৱল বুধবাৰে আহে বিদ্যালয়লৈ।
..
তাই আহাৰৰ পথাৰখন যেন কিতাপখন মেলি
মুখৰ ভিতৰতে কিবা পঢ়িছে।

কবিতা :: ভুলতো তুমি লিমিট ক্ৰছ নকৰিবা --- সমুজ্জ্বল ডেকা

সপোনবোৰ ডাঙৰ হৈ হৈ যি সময়ত পাহি মেলি হাঁহে
সেয়াইতো তোমাৰ ভৰ যৌৱন ৷
মই ভালকৈয়ে বুজো তোমাৰ বিশাল মনৰ সমসাময়িক সমস্ত পৰিভাষা
সেয়েহে কল্পনাৰ সাগৰত সাঁতুৰি-নাদুৰি
আৰু তোমাৰ কোলাত মূৰ গুজি হ'লেও লিখো অলেখ ভালপোৱাৰ গীত আৰু কবিতা ৷
.
যৌৱনপ্ৰাপ্ত মোৰ চকুযুৰি
যৌৱনপ্ৰাপ্ত মোৰ হাত আৰু ভৰি
যৌৱনপ্ৰাপ্ত মোৰ উশাহ আৰু নিশাহ
পূৰ্ণ যৌৱনপ্ৰাপ্ত মোৰ দেহ আৰু মন
ঠিক তোমাৰ দৰেই!
.
নিঃসংগ হ'ব নিবিচাৰো
মোক সংগ দিবলৈ মাথো তুমিয়েতো আছা
তোমাৰ মনে নৰ'লে এবাৰ হ'লেও আহি দেখা দিবা

কবিতা :: জালুকবাৰী --- জিতুল কলিতা

মাতাল নগৰৰ উৰ্ধত যেতিয়া হওঁ নিশাচৰ,
সময়ৰ ব্যাকুলতাত জীৱন হয় বৰ ব্যস্ত,
অৰ্ধনগ্ন সমাজৰ ঢৌত বিচ্যুতি ঘতে লক্ষ্যৰ।
পথৰ দাঁতিৰে যেতিয়া খোজকাঢ়ি ফুৰোঁ
দেখো মানুহৰ হেজাৰ নতুন অৱতাৰ।
.
.
.
সময় তেনেকৈ ৰৈ যায়..
হয়তো সেইবোৰ কবিতা লিখিব নোৱাৰি।
জালুকবাৰীৰ নিমাসিকতাত যেতিয়া সময় উৰি ফুৰে
অযুহাত হয় সময়, নিসংগ হয় কলম
ষ্ট্ৰীট লাইটৰ পোহৰত হেৰাই কেতিয়াবা
কাৰোবাৰ সপোন, কাৰোবাৰ যৌৱন
হয়তো সেইবোৰ কবিতা লিখা নহয় কাহানিও
এই বিষাদ জালুকবাৰীৰ কথা।
.
.
.
ঘনে ঘনে হোৱা সময়ৰ মিছিল পৰিবেশত

কবিতা :: জীৱনৰ উকা কাগজ --- মহিদুল ইছলাম বুলবুল

জীৱনৰ উকা কাগজ
তুমি চাগে ভাবিছা
বহুত দিন তোমালৈ
চিঠি লিখা নাই
লিখিম বুলি লৈছিলোঁ
এখিলা কাগজ
লিখিছিলো "মোৰ মৰমৰ....
তাৰ পিছত যেন মৰমবোৰ
প্ৰকাশ কৰিবলৈ
শব্দ বিচাৰি ফুৰিছিলো
তুমিটো জানাই
সচাঁ প্ৰেমৰ শব্দবোৰ
এন্ধাৰলৈ গতি কৰিছে
সেয়েহে শব্দবোৰ
উকা কাগজত
ঘূৰাই আনোতে পলম হ’ল...

কবিতা :: প্ৰত্যাশা --- অনুপ হাজৰিকা

প্ৰতীক্ষাৰ প্ৰতিটো সন্ধিয়াই
মোৰ বাবে কঢ়িয়াই আনে
আমোলমোল শেৱালিৰ সুবাস
মোৰ দুখৰ চকুত উন্মোচিত হয়
সেউজ সোনোৱালী দুখৰীয়া ছবি
স্পৰ্শ কৰিছাহি, সপোনৰ চুবুৰি
তোমাক ভাল পাম বুলি ক’লে
সপোনবোৰ উটি যায় ক’ৰবালে ৷
মুখৰ মোহনাত মেলি দি আহো কথাৰ নৈ
আৰু মই নিৰ্বাক বালিচৰত
তোমাৰ দুভৰিত পিন্ধাই থৈ আহো উৎসাহৰ পায়েল ৷
এজাক টোপনিৰ বৰষুণ সিঁচি থৈ আহো
আৰু নিদ্ৰাহীনতাৰ জুয়ে মোক পুৰি মাৰে
তুমি বিচৰাহলে গঢ়িব পাৰিলোহেঁতেন
জীৱন ইতিহাস
স্পৰ্শ কৰিব পাৰিলোহেঁতেন প্ৰাণময় কবিতাৰ ভাষা
অনূৰ্বৰ পথাৰত পুৰ্নতাৰ সাজ পিন্ধি

কবিতা :: ভালপোৱা --- সমুজ্জ্বল ডেকা

এমুঠি এমুঠিকৈ যাচিলোঁ আমি কত যে হাঁহি
হাঁহিত লাগি উৰি গ'ল আমাৰ সপোনৰ কপৌযুৰি ৷
সৌ চিনাকীজোপা বটবৃক্ষৰ হৃদয়তে সৃষ্টি
ছাঁৰ স'তে বতাহজাঁকে নিতৌ আঁকি যাই জীৱন্ত কলা-কৃষ্টি
ভাগৰুৱা হৈ উভতি ইয়াতেই জিৰাবাহি
কৰি যোৱা হেঁপাহ আৰু সাধনাৰে মাথো প্ৰেমৰ মূষলধাৰ বৃষ্টি ৷

কবিতা :: মনে মাথো তোমাকে বিচাৰে --- সমুজ্জ্বল ডেকা

গছৰ পাত লৰে বতাহৰ বা লাগিলে
মন মোৰ শীতল হয় তোমাৰ কথাকে ভাবিলে
মনে মোৰ নামানে তথাপিও তোমাক নেদেখিলে
সাৰ পোৱা সপোনবোৰো শুই পৰে অজানিতে
তোমাৰ উপস্থিতিৰ উমান হৃদয়ে বিচাৰি ফুৰে ৷
.
মাতিলে আহিবা
তুমিয়েই ক'বা ক'ত কেনেকৈ লগ কৰিবা?
মনত হাবিয়াসৰ ৰহন বুলাই সুখক হাত বাউলি মাতিবা
অভিমান কি লৈ কৰা কৰিবা কিন্তু অহংকাৰী নহ'বা
গজালি মেলা ভালপোৱাৰ সঠিক ৰূপত পূৰ্ণতা আনিবা
তোমাৰ আধাৰতে মোৰো জীৱন হওঁক মাথো সেউজীয়া ৷
.
মনে মাথো তোমাকে বিচাৰে
তোমাৰ অমায়িকতাখিনিত নিভাঁজ প্ৰেমৰ সংকেত আছে
তোমাক কি যে ভাল লাগে !

কবিতা :: ফাইল --- অবিনাশ কলিতা

চেহেৰাত তোৰ
তেজ-মঙহৰ গঢ় নাথাকিল বুলি
কোনোবা কাৰখানাৰ কক্ষত
তোৰ জন্ম হ'ল বুলি
মাথোঁ ব্যাৱহাৰিক চাহিদাৰ মাপকাঠীৰে যে
তোৰ জীৱন জুখিব নোৱাৰি ।

বস্তুবাদৰ একপক্ষীয় বিচাৰ আৰু অনুদাৰ দৃষ্টিৰে
তোৰ বিচিত্র-বৈবিধ্যময় জীৱন চৰ্চা কৰিবলৈ
জান, মই বৰ কষ্ট পাওঁ, অন্তৰে হাহাকাৰ কৰে।

জীৱনত তোক প্ৰথম দেখাৰ কথা।ঠিক স্কুলত নাম লগাবলৈ অহা
বেণী গুঁঠা এজনী ছোৱালী যেন
তোৰ সেই আলফুলীয়া বেশ !
তোৰ বুকুৰ অভ্যন্তৰত মনৰ চকুৱে মোৰ
হয়তো সন্তৰ্পণে বিচাৰি ফুৰিছিল
ভৱিষ্যৎ সপোন-সম্ভাৱনাৰ আলেখ-লেখ।

সেইদিন ধৰি

কবিতা :: জনতা, ক'ত আছা ? --- সোণমণি গোহাঁই

দুপৰ নিশা
কোনোবা আত্মাৰ চিৎকাৰ,
কুকুৰৰ ভুকভুকনিতেই
সুৰক্ষাৰ অনুমান ।

অন্ধকাৰত সৌন্দৰ্য্যৰ অপমান ।

আমি যে কাপুৰুষ
তাৰ প্ৰমাণ;
নিদ্ৰা- ভুৱা ব্যস্ততা আমাৰ ।

কবিতা :: মৰা পাগলাদিয়াৰ মালিতা --- অবিনাশ কলিতা

মৰা পাগলাদিয়া নৈয়ে
নিৰন্তৰ জীপ দি ৰখা
সন্ধেলী–বৰপিট গাঁৱৰ
সেই পথাৰ–বননিকে
বুকুত বান্ধি অতকালে
নিৰ্বিঘ্নে জী আছিল তেওঁ।

যুগে যুগে অলেখ জীৱনৰ
প্ৰাপ্তি–হানি, অশ্ৰু–হাঁহিৰ
প্ৰত্যহ দ্বন্দ্ব–কোলাহল
সমস্ত যাৰ উদৰতে লুকায়
সুখে দুখে যাৰ দুয়োটি পাৰ
জীৱন–সোণাৰু ফুলি শুৱায়
সেয়া মৰাপাগলাদিয়া আই।

জন্ম–জন্মান্তৰৰ সংগী
সিখনি মৰাপাগলাদিয়াই
মন গ’লেই ক’তজনকে নচুৱায়
নৈপৰীয়াক থিতাতে কন্দুৱায় !

বৰপিটৰ ‘ভাল মানুহ’ এজন
সিদিনা অলপতে ঢুকাল।
নাই ক’তো খবৰৰ খলকনি,

কবিতা :: নিৰিবিলি --- সুদক্ষিণা ভূঞা

( ১)
আজি
নিৰিবিলি শব্দটোৱে
বাৰে বাৰে আমনি কৰিছে !
(২)
নিঃসংগতা
তুমিও নাই
সেই সন্ধিয়াও নাই
সেয়ে আজি জোনাকী ও জ্বলা নাই !
(৩)
বাস্তৱ
এইয়া মেঘে ওন্দোলাই অনা শাওণ
তুমি ভুল কৰিছা বুলি ভাবাৰ কোনো থল নাই !
(৪)
সান্তনা
অকাৰণে ফুলা বনৰীয়া ফুলৰ দৰেই
কেতিয়াবা আশাৰ ফুল ফুলে অকাৰণে !
মেঘবোৰ বৰষুণ হৈ
পৃথিৱীলৈ নামিলেই
মৰহি যাবলৈ !!

কবিতা :: গছবোৰ নাকাটিবা --- সমুজ্জ্বল ডেকা

গছ আমাক লাগে
যিমান পাৰা ৰোপন কৰা
জধে-মধে অকাৰণত গছবোৰ নাকাটিবা
ভালপোৱাৰ প্ৰতিশ্ৰুতিত শ্যামলী হওঁক এই ধৰা ৷

গছ নাথাকিলে কি হ'ব এবাৰ ভাবি চোৱা
গছৰ অবিহনে স্তব্ধ হ'ব আমাৰ উশাহ-নিশাহ
আমি নাথাকিলে গছো নাথাকিব মৰুভূ হ'ব ধৰা
জীয়াই থকাৰ হেঁপাহ কাৰনো নাই কোৱা ?

জীৱ শ্ৰেষ্ঠ যদি তুমি হোৱা
নিজে জীয়াই থাকি আনকো জীয়াই থাকিবলৈ দিয়া
বৃক্ষৰোপন কৰা আনকো অনুপ্ৰেৰণা জগোৱা ৷
"গছ ডাঙৰ হ'লে ছাঁ
লৰিলে বতাহ ৷"
— হাতযোৰ কৰিছোঁ গছবোৰ নাকাটিবা !

গছ বুঢ়া হয়
একেদৰে এসময়ত তুমিও হ'বা

কবিতা :: মোৰ অনুভৱৰ বংশিকা --- সমুজ্জ্বল ডেকা

তুমি বংশিকা
দিনে-দিনে ধুনীয়াজনী হৈ পৰিছা
চালেই চকুৰোৱা
"তুমি কিয় এনেকৈ মোলৈ চাই আছা ?"
- এইবুলি যেতিয়ালৈ নোকোৱা মোৰ মাথো তোমাকেই চাই থাকিবলৈকে মন যায় ৷
প্লিজ নক'বা !
জীৱনৰ সমস্ত ভালপোৱা তোমাৰ হৃদয়ত ঢালি দি
হৈ যাব বিচাৰো মাথো
তুমি বিচাৰি ফুৰা ধৰাৰ বুকুৰ চিৰন্তন শ্যামলিমা...!!

বেলি ডুবা আকাশখনি চাই ইমানেই ভালপোৱা যেতিয়া
একেলগে আবেলিৰ হেঙুলী ৰহন সানো আহা
পৰিভ্ৰমীচৰাইৰ জাঁকবোৰে তোমাকো চিনি পোৱা হ'ল
মোৰ স'তে সময়বোৰ যেতিয়াৰেপৰা
হাঁহি-আনন্দৰে ধৰি ৰাখিব পৰা হ'লা
উভতি যোৱাৰ পথত সিহঁতে সম্প্ৰতি

কবিতা :: জীৱন নদীৰ হেঁপাহ ঘাট --- সুদক্ষিণা ভূঞা

দুৰ্ব্বাসা মুনিৰ নিৰ্ব্বাসন
শকুন্তলাৰ অন্তৰ্দহনৰ শেহান্তৰ
হিঁয়া সাত পেলোৱা এজাক শীতল বৰষুণ
বুকুৰে নিগৰিত হিম শীতল যেন হিমস্খলন
পাহৰণি,দুখ,ক্ষোভ,অপবাদ ,অন্তৰবেদনাৰে
জৰ্জৰিত এটা কাল নিশাৰ অৱসান
...
হিল্লোলিত কালনিশাৰ বুকুত
পুঁৱতি নিশাৰ মিচিকিয়া হাঁহি
নাই ক'তো অলপো কপটতা নাই
নিষ্পাপ সৰল পৱিত্ৰতাৰে পূৰ্ণ
দশোদিশে বিয়পি পৰিছে মাথোঁ
হেঙুলী ঊষাৰ সাতোৰঙী কিৰণ

যেন এই ভূমিষ্ঠ হোৱা কোনো নৱজাতকৰ উজ্বল বৰণ

জীৱন নদীৰ কাব্যৰস নিগৰি নিগৰি বয়
যেন গলিত হিমমণ্ডল
কামছায়াত ৰ'দৰ জিলমিল

কবিতা :: স্বাধীনতা --- মহিদুল ইছলাম বুলবুল

কুৱলীৰ আৱৰণ ভেদি
ঘন বননিৰ পাতত
খুন্দা লাগি লাগি
সূৰ্য্যৰ কিৰণে কয়হি,
মই স্বাধীন ভাৱে আহি
তোমাৰ পদুলি পাইছোঁহি ।

টাৰ্বাইনত কেইপাক মান
ঘুৰি ঘুৰি
ডাইভাৰ্চন চেনেলৰ কেকুৰিত
পাক খাই খাই
পানীবোৰে আহি কয়হি
মই স্বাধীন ভাৱে আহি
তোমাৰ ভৰি চুইছোঁহি।

কবিতা :: তোমাৰ অনুপস্থিতিত --- দিপাংকৰ ভাগৱতী

তোমাৰ অনুপস্থিতিত আৱেলিৰ আকাশখনলৈ চাই ৰ'লে,
আৱেগ যেন হৈ পৰে সময়বোৰ,
তোমাৰ বাবে ৰচি ৰখা কবিতাবোৰেও আজি ,
সময়ৰ সোতঁত দিশহাৰা হৈ পৰে,
সন্ধিয়াৰ চেঁচা বতাহজাকে যেন,
আজি তোমাৰ অনুপস্থিতিক অনুভৱ কৰালেহি,
মই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকা এক অজান প্ৰেমিক।
অলেখ স্বপ্ন ৰচি পাৰ কৰা উজাগৰি নিশাবোৰ,
আৰু তোমাৰ বাবে সাচি ৰখা মৰমবোৰ,
বৰ যন্ত্ৰণা অ',
এতিয়া যেন সময়বোৰো নিষ্ঠুৰতাৰ মাজত আৱদ্ধ,
আকাশৰ উৰণীয়া নেজাল তৰা,
আৰু তোমাৰ সৈতে দেখা হোৱা একেই লগা হৈছে,
তোমাৰ অনুপস্থিতিত
বৰ মনত পৰে অ'।

কবিতা :: মা-দেউতা --- সমুজ্জ্বল ডেকা

জীৱন নামৰ নৈত ভালপোৱাবোৰ অহৰ্নিশে বয়

প্ৰতি নৈৰ মাথো দুটি পাৰ —

এটি পাৰ যদি মাৰ অমায়িকতাৰ পৰিচয়

আনটি পাৰ দেউতাৰ সাহসিকতাৰ পৰিচয় ৷

আৰু তেওঁলোকৰ সেই ভালপোৱাৰ পূৰ্ণতা

.....................নিঃসন্দেহে মই !

কবিতা :: অনুশীলন --- সমুজ্জ্বল ডেকা

তোমাৰ হিয়াখন মোৰ হিয়াত থ'লা বন্ধকত
নতুবা মোৰ হিয়াখন তোমাৰ তাত সীমাহীন আশাত
মুক্ত অনুশীলনেৰে সংপৃক্ত আজি জীৱনৰ বাট
কৰিম একেলগে আমি এখনি জীৱন নাট ৷
...
মোৰ দুহাতত তোমাৰ দুহাত থোৱা
চকু মুদি মুক্ত আকাশৰ তলত
অনুভৱ কৰাচোন বিশালতা
ৰামধেনুৰ ৰঙবোৰে সুধিব যেতিয়া কি ৰঙৰে সপোনবোৰ পূৰাবা
মই কিন্তু ক'ম —
য'ত আছে ভালপোৱাৰ গভীৰতা
য'ত আছে মৌনতাৰ অযুত আশা
য'ত আছে উশাহৰ লহৰৰ আধ্যাত্মিক বন্দনা
য'ত আছে দুটি উশাহ আৰু দুটি মন এটি হোৱাৰ চৰমসীমা
যিয়ে দেখুৱাব সুখ আৰু দুখ উভয়তে সমভাগিতা

কবিতা :: অগম্য --- প্ৰদীপ দাস

অনেকৰ মাজত
তেওঁৱেই একমাত্ৰ আছিল নেকি ?
যাৰ বাউসীত হাত থৈ
কবিয়ে মেঘৰ আঁৰৰ তৰাফুল গণিছিল !
---
সপোন তেওঁ ভাল নাপাইছিল
তথাপি তেওঁক লৈ
কবিৰ সপোনৰ শেষ নহৈছিল...
---
মৌন ওঁঠৰ শেৱালি হাঁহি
কবিৰ শিতানত বিৰহৰ বাঁহী...
---
বনফৰিং হৈ তেওঁ উৰি গৈছিল
দুচকুত পিন্ধাই মেঘফুলৰ থোপা ...
সেয়েহে কবি আকাশ আকলোৱা !
---
সপোন এটা দেখাৰ লোভতে
আজিও কবিয়ে ৰাতিতোক আজুৰি ধৰে...
তেওঁ জানো নাজানিছিল
কবিৰ এই সাহ যে ব্যৰ্থ নাছিল ?

কবিতা :: বিষন্নতা --- প্ৰদীপ দাস

এতিয়াও শেষ হোৱা নাই বৰষুণজাক !
যেন অনন্তকাললৈ পৰি থাকিব
টোপ টোপ কৈ...
ৰাতি শেষ হৈছে
দিন পাৰ হৈছে
দিন গৈ গৈ ৰাতি শেষ হৈ
নতুন পোহৰে পোহাৰ পাতিছে
অথচ বৰষুণজাক শেষ হোৱা নাই !
বৰষুণপ্ৰিয় মানুহ এজাকে
প্ৰথমকেইদিন আকাশলৈ মুখ এৰি
চিঞৰিছিল ফুৰ্তিত ,
কৃষকে হাঁহিছিল
ইঞ্জিনীয়াৰবোৰ কঁপিছিল
শ্ৰমিকৰ চৰুলৈ জুই যোৱা নাছিল !
হাঁহি
কান্দোন
আঘাত...
এইবোৰ বৰষুণে নাজানিছিল
বৰষুণজাক টোপ টোপ কৈ পৰিয়ে আছিল....
কবিয়ে বিষন্নতাৰ কাপ তুলি
আকাশলৈ চাইছিল
নাই

কবিতা :: এয়াই মোৰ চেনেহী আই --- সমুজ্জ্বল ডেকা

দূৰৈৰ বাঁহীৰ সুৰে ৰাতিৰ নিজানত
মনক বৰকৈ আমনি কৰে
তথাপিয়ো নালাগে এয়া !
টোপনি নিয়াবলৈ মোৰ আইৰ নিচুকনি গীত আছে
যাৰ সুৰীয়া মাতত
অনুভৱবোৰ সামৰি মোৰ প্ৰাণে ভোক-পিয়াহ পাহৰে ৷
কপালতে হাতখনি বুলাই
যিয়ে ভালপোৱাৰ আদিপাঠ শিকায়
এয়াই মোৰ চেনেহী আই!
সুখময় কোলাত শুৱাই ভাগৰ আঁতৰাই
আৰু সপোনবোৰৰ স'তে তুলি-টালি
যিয়ে দিনে-প্ৰতিদিনে ডাঙৰ হোৱাৰ অনুশীলন কৰোৱায়
এয়াই মোৰ চেনেহী আই !
দুখ মোৰ ক'ত আছে ?
সুখ মোৰ জীৱনৰ আকাশে-বতাহে
দোষ আৰু ভুল আঙুলিয়াই যিয়ে সাহসেৰে সততাৰ পথ দেখুৱায়
এয়াই মোৰ চেনেহী আই !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,257
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,282
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,607
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,665
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,052