কবিতা

কবিতা :: নিৰিবিলি --- সুদক্ষিণা ভূঞা

( ১)
আজি
নিৰিবিলি শব্দটোৱে
বাৰে বাৰে আমনি কৰিছে !
(২)
নিঃসংগতা
তুমিও নাই
সেই সন্ধিয়াও নাই
সেয়ে আজি জোনাকী ও জ্বলা নাই !
(৩)
বাস্তৱ
এইয়া মেঘে ওন্দোলাই অনা শাওণ
তুমি ভুল কৰিছা বুলি ভাবাৰ কোনো থল নাই !
(৪)
সান্তনা
অকাৰণে ফুলা বনৰীয়া ফুলৰ দৰেই
কেতিয়াবা আশাৰ ফুল ফুলে অকাৰণে !
মেঘবোৰ বৰষুণ হৈ
পৃথিৱীলৈ নামিলেই
মৰহি যাবলৈ !!

কবিতা :: গছবোৰ নাকাটিবা --- সমুজ্জ্বল ডেকা

গছ আমাক লাগে
যিমান পাৰা ৰোপন কৰা
জধে-মধে অকাৰণত গছবোৰ নাকাটিবা
ভালপোৱাৰ প্ৰতিশ্ৰুতিত শ্যামলী হওঁক এই ধৰা ৷

গছ নাথাকিলে কি হ'ব এবাৰ ভাবি চোৱা
গছৰ অবিহনে স্তব্ধ হ'ব আমাৰ উশাহ-নিশাহ
আমি নাথাকিলে গছো নাথাকিব মৰুভূ হ'ব ধৰা
জীয়াই থকাৰ হেঁপাহ কাৰনো নাই কোৱা ?

জীৱ শ্ৰেষ্ঠ যদি তুমি হোৱা
নিজে জীয়াই থাকি আনকো জীয়াই থাকিবলৈ দিয়া
বৃক্ষৰোপন কৰা আনকো অনুপ্ৰেৰণা জগোৱা ৷
"গছ ডাঙৰ হ'লে ছাঁ
লৰিলে বতাহ ৷"
— হাতযোৰ কৰিছোঁ গছবোৰ নাকাটিবা !

গছ বুঢ়া হয়
একেদৰে এসময়ত তুমিও হ'বা

কবিতা :: মোৰ অনুভৱৰ বংশিকা --- সমুজ্জ্বল ডেকা

তুমি বংশিকা
দিনে-দিনে ধুনীয়াজনী হৈ পৰিছা
চালেই চকুৰোৱা
"তুমি কিয় এনেকৈ মোলৈ চাই আছা ?"
- এইবুলি যেতিয়ালৈ নোকোৱা মোৰ মাথো তোমাকেই চাই থাকিবলৈকে মন যায় ৷
প্লিজ নক'বা !
জীৱনৰ সমস্ত ভালপোৱা তোমাৰ হৃদয়ত ঢালি দি
হৈ যাব বিচাৰো মাথো
তুমি বিচাৰি ফুৰা ধৰাৰ বুকুৰ চিৰন্তন শ্যামলিমা...!!

বেলি ডুবা আকাশখনি চাই ইমানেই ভালপোৱা যেতিয়া
একেলগে আবেলিৰ হেঙুলী ৰহন সানো আহা
পৰিভ্ৰমীচৰাইৰ জাঁকবোৰে তোমাকো চিনি পোৱা হ'ল
মোৰ স'তে সময়বোৰ যেতিয়াৰেপৰা
হাঁহি-আনন্দৰে ধৰি ৰাখিব পৰা হ'লা
উভতি যোৱাৰ পথত সিহঁতে সম্প্ৰতি

কবিতা :: জীৱন নদীৰ হেঁপাহ ঘাট --- সুদক্ষিণা ভূঞা

দুৰ্ব্বাসা মুনিৰ নিৰ্ব্বাসন
শকুন্তলাৰ অন্তৰ্দহনৰ শেহান্তৰ
হিঁয়া সাত পেলোৱা এজাক শীতল বৰষুণ
বুকুৰে নিগৰিত হিম শীতল যেন হিমস্খলন
পাহৰণি,দুখ,ক্ষোভ,অপবাদ ,অন্তৰবেদনাৰে
জৰ্জৰিত এটা কাল নিশাৰ অৱসান
...
হিল্লোলিত কালনিশাৰ বুকুত
পুঁৱতি নিশাৰ মিচিকিয়া হাঁহি
নাই ক'তো অলপো কপটতা নাই
নিষ্পাপ সৰল পৱিত্ৰতাৰে পূৰ্ণ
দশোদিশে বিয়পি পৰিছে মাথোঁ
হেঙুলী ঊষাৰ সাতোৰঙী কিৰণ

যেন এই ভূমিষ্ঠ হোৱা কোনো নৱজাতকৰ উজ্বল বৰণ

জীৱন নদীৰ কাব্যৰস নিগৰি নিগৰি বয়
যেন গলিত হিমমণ্ডল
কামছায়াত ৰ'দৰ জিলমিল

কবিতা :: তোমাৰ অনুপস্থিতিত --- দিপাংকৰ ভাগৱতী

তোমাৰ অনুপস্থিতিত আৱেলিৰ আকাশখনলৈ চাই ৰ'লে,
আৱেগ যেন হৈ পৰে সময়বোৰ,
তোমাৰ বাবে ৰচি ৰখা কবিতাবোৰেও আজি ,
সময়ৰ সোতঁত দিশহাৰা হৈ পৰে,
সন্ধিয়াৰ চেঁচা বতাহজাকে যেন,
আজি তোমাৰ অনুপস্থিতিক অনুভৱ কৰালেহি,
মই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকা এক অজান প্ৰেমিক।
অলেখ স্বপ্ন ৰচি পাৰ কৰা উজাগৰি নিশাবোৰ,
আৰু তোমাৰ বাবে সাচি ৰখা মৰমবোৰ,
বৰ যন্ত্ৰণা অ',
এতিয়া যেন সময়বোৰো নিষ্ঠুৰতাৰ মাজত আৱদ্ধ,
আকাশৰ উৰণীয়া নেজাল তৰা,
আৰু তোমাৰ সৈতে দেখা হোৱা একেই লগা হৈছে,
তোমাৰ অনুপস্থিতিত
বৰ মনত পৰে অ'।

কবিতা :: মা-দেউতা --- সমুজ্জ্বল ডেকা

জীৱন নামৰ নৈত ভালপোৱাবোৰ অহৰ্নিশে বয়

প্ৰতি নৈৰ মাথো দুটি পাৰ —

এটি পাৰ যদি মাৰ অমায়িকতাৰ পৰিচয়

আনটি পাৰ দেউতাৰ সাহসিকতাৰ পৰিচয় ৷

আৰু তেওঁলোকৰ সেই ভালপোৱাৰ পূৰ্ণতা

.....................নিঃসন্দেহে মই !

কবিতা :: অনুশীলন --- সমুজ্জ্বল ডেকা

তোমাৰ হিয়াখন মোৰ হিয়াত থ'লা বন্ধকত
নতুবা মোৰ হিয়াখন তোমাৰ তাত সীমাহীন আশাত
মুক্ত অনুশীলনেৰে সংপৃক্ত আজি জীৱনৰ বাট
কৰিম একেলগে আমি এখনি জীৱন নাট ৷
...
মোৰ দুহাতত তোমাৰ দুহাত থোৱা
চকু মুদি মুক্ত আকাশৰ তলত
অনুভৱ কৰাচোন বিশালতা
ৰামধেনুৰ ৰঙবোৰে সুধিব যেতিয়া কি ৰঙৰে সপোনবোৰ পূৰাবা
মই কিন্তু ক'ম —
য'ত আছে ভালপোৱাৰ গভীৰতা
য'ত আছে মৌনতাৰ অযুত আশা
য'ত আছে উশাহৰ লহৰৰ আধ্যাত্মিক বন্দনা
য'ত আছে দুটি উশাহ আৰু দুটি মন এটি হোৱাৰ চৰমসীমা
যিয়ে দেখুৱাব সুখ আৰু দুখ উভয়তে সমভাগিতা

কবিতা :: অগম্য --- প্ৰদীপ দাস

অনেকৰ মাজত
তেওঁৱেই একমাত্ৰ আছিল নেকি ?
যাৰ বাউসীত হাত থৈ
কবিয়ে মেঘৰ আঁৰৰ তৰাফুল গণিছিল !
---
সপোন তেওঁ ভাল নাপাইছিল
তথাপি তেওঁক লৈ
কবিৰ সপোনৰ শেষ নহৈছিল...
---
মৌন ওঁঠৰ শেৱালি হাঁহি
কবিৰ শিতানত বিৰহৰ বাঁহী...
---
বনফৰিং হৈ তেওঁ উৰি গৈছিল
দুচকুত পিন্ধাই মেঘফুলৰ থোপা ...
সেয়েহে কবি আকাশ আকলোৱা !
---
সপোন এটা দেখাৰ লোভতে
আজিও কবিয়ে ৰাতিতোক আজুৰি ধৰে...
তেওঁ জানো নাজানিছিল
কবিৰ এই সাহ যে ব্যৰ্থ নাছিল ?

কবিতা :: বিষন্নতা --- প্ৰদীপ দাস

এতিয়াও শেষ হোৱা নাই বৰষুণজাক !
যেন অনন্তকাললৈ পৰি থাকিব
টোপ টোপ কৈ...
ৰাতি শেষ হৈছে
দিন পাৰ হৈছে
দিন গৈ গৈ ৰাতি শেষ হৈ
নতুন পোহৰে পোহাৰ পাতিছে
অথচ বৰষুণজাক শেষ হোৱা নাই !
বৰষুণপ্ৰিয় মানুহ এজাকে
প্ৰথমকেইদিন আকাশলৈ মুখ এৰি
চিঞৰিছিল ফুৰ্তিত ,
কৃষকে হাঁহিছিল
ইঞ্জিনীয়াৰবোৰ কঁপিছিল
শ্ৰমিকৰ চৰুলৈ জুই যোৱা নাছিল !
হাঁহি
কান্দোন
আঘাত...
এইবোৰ বৰষুণে নাজানিছিল
বৰষুণজাক টোপ টোপ কৈ পৰিয়ে আছিল....
কবিয়ে বিষন্নতাৰ কাপ তুলি
আকাশলৈ চাইছিল
নাই

কবিতা :: এয়াই মোৰ চেনেহী আই --- সমুজ্জ্বল ডেকা

দূৰৈৰ বাঁহীৰ সুৰে ৰাতিৰ নিজানত
মনক বৰকৈ আমনি কৰে
তথাপিয়ো নালাগে এয়া !
টোপনি নিয়াবলৈ মোৰ আইৰ নিচুকনি গীত আছে
যাৰ সুৰীয়া মাতত
অনুভৱবোৰ সামৰি মোৰ প্ৰাণে ভোক-পিয়াহ পাহৰে ৷
কপালতে হাতখনি বুলাই
যিয়ে ভালপোৱাৰ আদিপাঠ শিকায়
এয়াই মোৰ চেনেহী আই!
সুখময় কোলাত শুৱাই ভাগৰ আঁতৰাই
আৰু সপোনবোৰৰ স'তে তুলি-টালি
যিয়ে দিনে-প্ৰতিদিনে ডাঙৰ হোৱাৰ অনুশীলন কৰোৱায়
এয়াই মোৰ চেনেহী আই !
দুখ মোৰ ক'ত আছে ?
সুখ মোৰ জীৱনৰ আকাশে-বতাহে
দোষ আৰু ভুল আঙুলিয়াই যিয়ে সাহসেৰে সততাৰ পথ দেখুৱায়
এয়াই মোৰ চেনেহী আই !

কবিতা :: আপোন --- সোণমণি গোহাঁই

আঙুলিৰ ফাঁকেৰে সৰকে ঠুনুকা সময়

জন্ম দি কিছু নতুনত্বৰ,

তুমিওতো মোৰ সময়ৰে মহৎ উপহাৰ;

দুচকুত মৰম, দুবাহু ৰক্ষাৰ কৱচ ।

মোৰ জুনুকাৰ তীক্ষ্ণ শব্দ নিগৰে তোমাৰ বাবে,

মোৰ খৰখোজৰ লগে লগে,

হৃদয়ৰ হিমবাহেও অস্তিত্বৰ উমান দিয়ে ।

কবিতা :: মোৰ নাম কিতাপ --- জাহাঙ্গীৰ আলম

মোৰ নাম কিতাপ
আকাৰত বৰ সৰু যেন লাগিলেও
মই অসীম জ্ঞানেৰে পৰিপূৰ্ণ
মোক যিজন ব্যক্তিয়ে অধ্যয়ন কৰে
তেওঁ বিশ্বক জয় কৰিব পাৰে ৷
মোৰ জ্ঞান অবিহনে
বিশ্বৰ সমস্ত মানৱজাতিটো অন্ধ
আৰু বিকলাংগৰ দৰে
মোৰ প্ৰতিটো পৃষ্ঠাত আছে
নানা ধৰণৰ জ্ঞানৰ সাৰ ৷
মোক অধ্যয়ন কৰি
মোক সজীৱ কৰি ৰখা পাঠকক
মই কাহানিও খালী হাতে নপঠিয়াও
উপহাৰ হিচাপে জ্ঞানৰ টোপোলা এটি দিওঁ
যাৰ সহায় লৈ চিৰজীৱন স্বাধীন ভাবে
নিজৰ লগত আনকো উজ্জ্বলাই ৰাখিব পাৰে ৷
মোৰ অন্তৰখন নিকা আৰু পৱিত্ৰ
মোৰ দৃষ্টিত সকোলো মানুহ সমান

কবিতা :: তুমি কেতিয়া আহিবা --- ৰাজিদুল ইছলাম

হৃদয়ত এথোপা গোলাপেৰে,
সজাই ৰাখিছো !
"একাজ্বলি ভালপোৱা"
মাথো তোমাৰ অপেক্ষাই,
তুমি কেতিয়া আহিবা ??
গোলাপ পাহিওঁ শুকাই গ'ল
তুমি যে এতিয়াওঁ নাহিলা ?
কিহেৰে তুলনা কৰিম
নাই যে একো,
তোমাৰ লগত ৰিজোৱাৰ;
কিয়োনো......?
তুমি যে তুলনাবিহীন
সাগৰৰ দৰে গভীৰ
আকাশৰ দৰে বিশাল ৷
হাজাৰ দুখ নেওঁচিও
তুমি যে হৃদয়ৰ বান্ধোনত
জীয়াই ৰাখিছা ?
একাজ্বলি ভালপোৱা ৷

কবিতা :: ফুল - তোমাৰ মৰম --- সোণমণি গোহাঁই

সিদিনা যে তুমি দিছিলা
তেনে এপাহি গোলাপ তেজৰঙা,
আজিও সাঁচি থৈছোঁ জানা !
তাৰেই গোন্ধেৰে আমোলমোল
মোৰ হৃদয়ৰ সৰু খোটালি,
য'ত তোমাৰ বসতি ।
অভিমানবোৰো যে আৰু...
বাৰে বাৰে আহে;
অৱশ্যে নাহিবনো কিয়,
ফাগুন যদি প্ৰেম, পছোৱা তাৰ স্নেহ ।
ফাগুনে হৃদয় বান্ধে,
পছোৱাই কাষ চপাই আনে ।
বহাগে ৰহন সানে, শাওনে জীপাল কৰে,
আৰু আহিনে...
আহিনে কান্দোন জোৰে,
যি কান্দোনে চকুহাল মেলে
কণমানি এপাহি ফুল হৈ ।

কবিতা :: তোমাক ভালপোৱাৰ সুবাস --- ৰাজিদুল ইছলাম

উশাহত মাথো তোমাৰ সুগোন্ধ,

দৃষ্টিত তোমাৰেই নানা ছবি !

মাটি পানী বতাহত,

কেৱল তোমাৰেই খোজৰ চাপ৷

গভীৰ নিশা কন্ঠস্বৰে.....

শুনিবলৈ পাওঁ৷

কেৱল তোমাৰেই মাত ৷

ৰাতিপুৱা নিয়ৰবোৰ

টোপ টোপ সৰে

তোমাৰেই চকুলো !

সকলোতেই কেৱল

তোমাক ভালপোৱাৰ সুবাস ৷

কবিতা :: নতুন দিগন্ত --- ধীৰাজ কলিতা

নতুন দিগন্তৰ হেঙুলীয়া সুৰুজে
মেঘৰ জুলুঙা ভেটি যেতিয়া
আশাৰ কিৰণেৰে এটা
নতুন দিনৰ বতৰা আনে
নিদ্ৰা ভগ্ন হোৱাৰ পৰাই
তেনেদৰে আমাৰ মৰমবোৰো
পুনৰ প্ৰাণপাই উঠে

এটি দুটি কৈ আৰম্ভ হ’ব ধৰে
মৰমৰ বাৰ্তালাপবোৰ
নিৰস দিনবোৰ ৰসাল হৈ পৰে
মেচেজ ফোন ক’ল বোৰত
নতুন প্ৰেমৰ উন্মাদনাই
দৈন্যন্দিন বিৰক্তিকৰ জীৱনটোক
বাৰুকৈয়ে সলনি কৰি তুলিলে এটা
নতুন তথা পৃথক জীৱনলৈ

কবিতা :: আমি ইমান নিষ্ঠুৰ কেনেকৈ হওঁ --- জাহাঙ্গীৰ আলম

সেইদিনা আছিল ভেলেণ্টাইনডে
ইফালে সমগ্ৰ দেশৰ নবীন তৰুণতৰুণীৰ
ব্যাকুল মনৰ ভাৱবোৰ ব্যক্ত কৰাৰ ক্ষণ
এজনে আনজনৰ নয়নৰ সতে নয়ন মিলাই
ভৱিষ্যতৰ বাবে প্ৰতিশ্ৰুতি দিয়াৰ মন ৷

কিন্তু এইবাৰৰ ভেলেণ্টাইনডে যেন
আপোন ভাতৃ হেৰুৱাৰ দুখ আৰু শোকত
কান্দি কান্দিহে পাৰ কৰিব লাগাত পৰিল ৷

এই দিনটোতে কাশ্মীৰৰ পলৱামাত
এক বৃহৎ বোমা বিস্ফোৰণ হয়
আৰু দুইকুৰিমান জোৱান শ্বহীদ হয়
শ্বহীদৰ ছিন্ন বিছিন্ন দেহৰ টুকুৰাবোৰ
মেৰিয়াই বান্ধি অনা হৈছিল ৷

কবিতা :: কেনভাচ --- সোনমনি ৰাজ বৰুৱা

সপোনবোৰ থান-বান হৈ ভাঙিব ধৰিছে

সেউজীয়া পাহাৰখনৰ পৰা

জিৰ জিৰকৈ বৈ অহা পানী বোৰ

এতিয়া যেন স্তব্ধ হৈ পৰিছে ??

দূৰণিৰ শুকুলা আকাশখন

ক’লা ডাৱৰে আৱৰি ধৰিছে

অসহায় তাই আজি

দানৱ জাতি মানুহ বোৰে

তাইৰ কোমল দেহা তোৰ

সোৱাদ ল’ব ধৰিছে

তাই বাৰে বাৰে চিঞৰি উঠিছিল

মোৰ জীৱনটো এখন

কেনভাছৰে অঁকা ছবি নহয়

যাক মই মচি আঁকিম

এইটো মোৰ জীৱন

মই নোৱাৰিম আকৌ আঁকিব

এখন ৰঙীন ছবি ৷

কবিতা :: এজাক বতাহ বলিছে --- ৰাজিদুল ইছলাম

এজাক বতাহ বলিছে !

"প্রেমৰ বতাহ"

মোৰ হিয়াত উপচি পৰিছে ৷

হৃদয়ত থৰ থৰ কপনি হৈছে ৷

বলিয়া মনটোৱে,

ক্রমশ মাতাল হৈ পৰিছে

অন্তৰৰ টিঘিল ঘিলত

হুমিয়াই এটা সপোন,

অতি সন্তপর্নে,অতি নিৰৱে ৷

যিয়ে মোক লৈ যায়.....

গহীন বনলৈ অথবা

মাজ সাগৰৰ কোবাল সোঁতত !

যিয়ে মোৰ বাবে

প্রেমৰ সফুঁৰা জগায় !!

আৰু.....

সিয়েই নিশা মোক

প্রেমৰ গীত শুনাই ৷

আৰু কানে কানে কয়

তাই অবিহনে,

উদং হৈ ৰৱ বুকু !!

কবিতা :: সপোন --- সোনমনি ৰাজ বৰুৱা

নাজানো কিয় আজি

বাৰে বাৰে বুকুখন কঁপিব ধৰিছে

নাজানো … ?

দুচকুৰে বৈ গৈছে অশ্ৰু

চাৰিওফালে যেন অন্ধকাৰ

পোহৰ বিচাৰি হাবাথুৰি খাইছোঁ

দুচকুত অলেখ সপোন

উজুটি খাই থমকি ৰৈ গৈছোঁ

যেন ভাগি যোৱা সপোন বোৰ

জোৰা লগাব বিচাৰিছোঁ

অনুভৱৰ দলিছাত

মাঁথো তোমাৰ ছবি আঁকিম

তুমিয়েই তো মোৰ

বিষাদ ৰাতিৰ লগৰী

অপেক্ষা মাঁথো এতিয়া

আবেলি বৰষুণজাকৰ বাবে ৷

কবিতা :: স্মৃতিয়ে ৰিঙিয়াই --- ৰাজিদুল ইছলাম

স্মৃতিয়ে ৰিঙিয়াই...

সৌ সিদিনাৰ কথা !

তুমি আৰু মই !!

উইংগাৰত একেলগে

যাত্রা কৰাৰ সময়ত ৷

সেই মূহর্তত....

আনন্দ মূখৰ এটি বাস্তৱতা,

হৃদয়ত খুন্দিয়াই....

খিৰকীৰ মাজেৰে

সোমাই অহা বতাহ জাকে.....

তোমাৰ চুলি কোচা,

হালি-জালি কপাল খন

ঢাকি দিয়া,

আনন্দত মতলীয়া এটি মূহর্ত !

স্মৃতিয়ে ৰিঙিয়াই......

কবিতা :: শব্দহীন কবিতা --- দিলীপ কুমাৰ শৰ্মা

এখন উকা কাগজ
আৰু কিছু বহুৰঙী আক্-বাক্
নীলাৰ বুকুত শুকুলা মেঘৰ ধীৰ গতি
উদিত সূৰ্য্যৰ সেন্দুৰীয়া ফোঁট
মৌপিয়া চৰাইৰ ধেনুভিৰীয়া ঠোঁট
দিন-ৰাতি, ৰ'দ-বৰষুণ, স্বৰ্গ-মৰ্ত্য ...
সেউজীয়া পাহাৰৰ খলা-বমা
কংক্ৰিটৰ মায়াপুৰী...।

বহুৰঙী আক্-বাকেৰে
এখন জীৱন্ত ছবি ।
হৃদয়ৰ ছন্দময় অনুভূতি...
ছবিয়ে কথা কয়, গান গায়
মিচিকিয়াই হাঁহে, হিয়া উজাৰি কান্দে !
চুকে কোণে উৰি ফুৰে
সুখৰ সংজ্ঞা বিচাৰি
সাক্ষী হয় অলেখ বেদনাসিক্ত অন্তৰৰ ।

কবিতা :: মই দেখোন অকলশৰীয়া --- ৰাজিদুল ইছলাম

কাৰ বাবে, কিহৰ বাবে

মই এতিয়ালৈকে

ইয়াতেই ৰৈ আছো ৷

কি কৰিম ইয়াতে ?

সকলো দেখোন

গুছি গৈছে......

ইয়াৰ পৰা !

মই আচলতে কি ??

এতিয়াওঁ যে,

ৰৈ আছো.....

কাৰ অপেক্ষাত

কিহৰ আশাত,

মই দেখোন অকলশৰীয়া ৷

কবিতা :: হোলী --- জাহাঙ্গীৰ আলম

মলয়া বতাহ জাকে

গোপনে বিৰবিৰাকৈ আহি

কিবা এটি ক’লে মোৰ কাণেকাণে৷

ৰংবিৰঙৰ ৰঙেৰে লগৰীয়াহঁতৰ লগত

এক ৰোমাণ্টিক খেল খেলিলোঁ

যাৰ নাম হ'ল হোলী ৷

ৰংবিৰঙৰ ৰং সানি

নিজেই নিজকে যেন

চিনিব নোৱাৰা হৈ পৰিলোঁ ৷

ৰংবিৰঙৰ ৰঙৰ মুখা পিন্ধি

ফাকু খেলাৰ ছলনাৰে

মোৰ প্ৰেয়সীৰ ঘৰলৈ গৈ

অকণমান ৰং দিয়াৰ ছলনাৰে

কাণেকাণে কৈ পেলালোঁ

হৃদয়ৰ আঁৰেআঁৰে থকা

সমস্ত গোপন কথাবোৰ ৷

তেনেতে মোৰ প্ৰেয়সীয়ে ক’লে

তুমি মোৰ মৰমৰ জাননে ?

হয়,মইয়ে হয় প্ৰিয়া

তেনেতে আনন্দত আত্মাহাৰা হৈ

কেঁচা ৰঙৰ ৰঙেৰে

কবিতা :: মনত হেপাহঁ লৈ --- ৰাজিদুল ইছলাম

মনত হেপাহঁ লৈ

অপেক্ষাই আছো তোমাৰ কাৰণে

তুমি কেতিয়া আহিবা ??

মনৰ মাজত উমাল হৈ থকা

কথাবোৰ....

কেতিয়া শুনিবা ?

মই যে তোমাৰ কাৰণে

ভোকাতুৰ প্রেমিক !

তুমি যে মায়াবিনী

"জোনাকী তৰা"

আহিবা বুলি

আছো বাট চাই.......
.

কবিতা :: সৃষ্টিৰ মহত্ত্ব --- জাহাঙ্গীৰ আলম

এক উন্নতমানৰ সৃষ্টিৰ আঁৰত
লুকাই থাকে এজন মহৎ লোক
যিয়ে ওৰে জীৱন এক সৃষ্টিৰ সন্ধানত
নিজৰ জীৱনক সমৰ্পিত কৰে
এক নতুন সৃষ্টিৰ নামত ৷

নতুন নতুন সৃষ্টিৰে
পৃথিৱীখনক আলোকিত কৰে
এইখন বসুন্ধৰাৰ বুকুত
নিজৰ সৃষ্টিশীল সৃষ্টিৰে
নিজৰ পৰিচয় দাঙি ধৰে ৷

নতুন সৃষ্টি অবিহনে
এইখন বসুন্ধৰাৰ বুকুখন
এদিন উকা হৈ সেমেকি যাব
আমিও কিজানি এদিন
চিঙি পেলাম ভাতৃত্ববোধৰ এনাজৰী ৷

নতুন নতুন সৃষ্টিৰে
বসুন্ধৰাৰ উকা বুকুখন
ৰংচঙীয়া আৰু সেউজীয়া হৈ পৰে
এক উন্নতমানৰ সৃষ্টিয়ে
সকলোকে এক মৰমৰ এনাজৰীৰে বান্ধে ৷

কবিতা :: নালাগে --- জাহাঙ্গীৰ আলম

নালাগে তোমাৰ মৰম
নালাগে তোমাৰ প্ৰেৰণা
তুমি বিহীন এই জীৱন
অকলশৰেই মই পাৰ কৰিম ৷

নালাগে তোমাৰ মিচিকিয়া হাঁহি
নালাগে তোমাৰ উষ্ম বুকুৰ পৰশ
নালাগে তোমাৰ সঁহাৰি
জীৱনৰ যাত্ৰাটো মই অকলেই পাৰ কৰিম ৷

নালাগে তোমাৰ মিছা প্ৰতিশ্ৰুতি
নালাগে তোমাৰ উকা বুকুৰ আলিংগন
নিজেই নিজকে সাৱটি ধৰি
নীৰৱে জীৱনটো পাৰ কৰিম ৷

তোমাৰ ছলনাত বিতৃষ্ণা হৈ
অকলশৰেই জীয়াই থকাৰ
এক কঠোৰ সিদ্ধান্ত ললোঁ
কাৰণ তুমিযে ছলনাময়ী ৷

কবিতা :: পিতা --- জাহাঙ্গীৰ আলম

সন্তানৰ সুখ শান্তিৰ বাবে
ভৱিষ্যতৰ মংগলৰ বাবে
নিজৰ আৰামৰ বিসৰ্জন দি
দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি
সন্তানৰ এটি মাত্ৰ সপোন পূৰণৰ বাবে
এক দীঘলীয়া যাত্ৰালৈ ওলাই পৰে ৷

পিতা হ'ল এটা পৰিয়ালৰ ছায়া
যি ছায়াৰ আঁৰত লুকাই থাকে
মৰম আৰু স্নেহৰ খাজনা
যি খাজনাৰ মৰম আৰু স্নেহ
সন্তানৰ বাবে কাহানিও শেষ নহয় ৷

ওৰে জীৱন মৰম আৰু ভালপোৱাৰে
পৰিয়ালটোক আলফুলে আৱৰি ৰাখে
ভোক পিয়াহৰ যন্ত্ৰণা নিজে সহি
নিজৰ যন্ত্ৰণাক যেন কোনেও বুজিব নোৱাৰে
অনবৰতে হাঁহিমুখে হাঁহি হাঁহি
সন্তানৰ সুখৰ বাবে জীয়াই থাকে ৷

কবিতা :: হৃদয়ত ফুলি থকা এপাহি ফুল --- ৰাজিদুল ইছলাম

জন্মৰ পৰাই চিনাকি তুমি

মোৰ হৃদয়ত ফুলি থকা

এপাহি ফুল ৷

তোমাৰ সুগোন্ধত

বিয়পি পৰিছিল গাত

প্রেমৰ কেঁচা কেঁচা সুভাস

কিন্তু,নিৰুপায় মই

তোমাকতো চুব পৰা নাই

চাৰিও ফালে কাঁইটে

আগুৰি আছে তোমাক ৷

তাৰ মাজতে

তোমাৰ মধুৰ সৌৰভে

মৌ-মাখি মাতাল হৈ ফুৰিছে

চাৰিওপিনে ৷

হয়তো তুমি মোৰ বাবে নকৰিবা

বেছিদিন অপেক্ষা ৷

আন কাৰোবাৰ স’তে

প্রেমত পৰিবা ৷

সেই দিনাই হ'ব তোমাৰ বাবে

পোহৰৰ বাট

মোৰ বাবে আহিব

আন্ধাৰৰ ঠিকনা ৷

কবিতা :: শ্ৰদ্ধেয় দেউতা --- দিলীপ কুমাৰ শৰ্মা

আজি তোমালৈ বৰকৈ মনত পৰিছে
কৰ্তব্য আৰু দায়িত্বৰ আবেষ্টনিৰ মাজত
তোমাৰ সেই সদাব্যস্ত মুখখন
প্ৰতিশ্ৰুতিৰে ভৰা সুউজ্জ্বল চকুহাল
সোণালী সপোণ কঢ়িয়াই ফুৰা বিশাল অন্তৰখন
আজি বাৰে বাৰে মনলৈ আহিছে ।

শৈশৱত তুমিয়েই আছিলা মোৰ পৰম সুহৃদ
শাওনীয়া পথাৰৰ বোকাপানীৰ মাজত
মুৰত তাল পাতৰ জাপি আৰু হাতত কোৰ লৈ
কিমান যে পুৰণি আলি চিকুণাই নকৈ সঁজাইছিলা ।
আজি বাৰে বাৰে মনত পৰিছে
ধাননি পথাৰখন সঁজাল হৈ উঠিলে
তোমাৰ চকুত ভাঁহি উঠা সুখৰ অনুভূতি !
আৰু বানে ধুই নিয়া পথাৰখন দেখি
তোমাৰ শিল হৈ যোৱা বুকুখন !!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,188
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,472
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,410
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,259
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,694
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,399