কবিতা

কবিতা :: এটি হেৰুৱা সপোন তুমি --- প্ৰীতি বৰা

যোৱা ৰাতি দেখিছিলো সপোনত তোমাক

সেমেকা দুটি নয়নেৰে

এপাহি ৰক্তজবা আগবঢ়াই দিছিলা তুমি মোক ।

তোমাৰ ঢৌ তোলা সেই বাদামী চুলিটাৰিত

নাছিল তেতিয়া জোনাকৰ স্নিগ্ধতা

নাছিল ডাৱৰৰ চেঁচা অনুভৱবোৰ

ঠিকনাবিহীন তৰাবোৰো নিস্প্ৰভ হৈ উঠিছিল

সিদিনা সন্ধিয়া ......

নীলা নীলা ডাৱৰবোৰ চপৰা চপৰে খহিছিল

তোমাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা ।

এতিয়া গভীৰ নিশা

মোৰ উশাহবোৰ মিলি যাব খুজিছে

এন্ধাৰৰ স'তে ।

ঘন হৈ আহিছে কলিজাৰ ভিতৰখন

বুকুৰ চামিয়ানাবোৰ খুলকি পৰিছে নিৰৱে

এখলপ এখলপ কৈ

তোমাৰ দুচকুৰ মুকুতা বিচাৰি ।

কবিতা :: সেই সময় সেই সমীক্ষা --- পল্লৱ কুমাৰ নাথ

সেই সময় নিৰব আছিল আবেলিৰ দৰেই
যাৰ বাবে ঘূণে ধৰা নাছিল সেই সময়ৰ বুকুত

অতীতৰ গান
সুৰৰ অতীত

কোন সেই নাৰীৰ দৰে হৃদয়ৰ নদীৰ দৰে শৰীৰৰ
শস্য শ্যামলা বুকুত অঁকা হালধীয়া বুটা

যৌৱনৰ গান
সুৰৰ যৌৱন

সেই সময়ৰ বুকুত আছে এটি দশকৰ নিতুল ভাষ্কৰ্য্য
শৈশৱৰ পৰা যৌৱনলৈ জীৱনৰ সমীক্ষা

জীৱনৰ গান
সুৰৰ জীৱন

সেই সমীক্ষায়ে ইতিহাস হোৱাৰ দুখত ৰিঙিয়াই
কলঙৰ ঘাটতো নিথৰ লাগে,পুৰণি সাঁকোডালে সাৱটি লয় অতীত

মিলনৰ গান
সুৰৰ মিলন

সেই সময়ত যি আছিল
সেই সমীক্ষাত নিৰ্ভূল বাখ্যা !

সেই সময়, সেই সমীক্ষা

কবিতা :: যৌৱন --- কৰবী ফুকন নাথ

নিশাৰ দলিচাত

ফুলাম কবিতা

কোনে চতিয়ালে ?

কোনে ৰং বুলায়

ৰামধেণু আঁকিলে

কলিজাত মোৰ ?

শব্দই শব্দই

কথা পাতি

কবিতাৰ মালা গাঠি

বুকুৰ পদূলীত

ৰজনীগন্ধা

আমোল মোলাই ৷

নিৰবতা ভাঙি

পাৰ হয়

গুনগুননি

শাওনৰ এজাক বৰষুণ ৷৷

কবিতা :: আত্মানুভূতি --- প্ৰদীপ দাস

(১)

প্ৰাতঃ বেলা ।‌ আকাশত নৱ সূৰুযৰ স্থিতি ।‌ বিৰিখত কিচিৰ-মিছিৰ শব্দৰে
জাগ্ৰত বিহংগৰ জাক ।‌ এছাটি চঞ্চল বতাহ ।‌ মৌন পদপথত নিস্তব্ধতাৰে
নিঃসঙ্গ যাত্ৰা...।‌ এনে পৰিৱেশত হিয়াৰ গোপন কোনত আলোড়িত হয় এক বাখ্যা
কৰিব নোৱাৰা সুখময় অনুভূতি ।‌ বিগত দিন আৰু ৰাতিৰ মলিনতাৰে পূৰ্ণ
ক্ষণবোৰৰ বিষস্মৃতি ক্ষণিকৰ বাবে লোপ পায় ।‌ তাৰ ঠাই লয় সুখানুভূতিয়ে !
... মই যেন এটি নৱজাত শিশু ! নতুন মোৰ প্ৰাণ , নতুন মন ... ।‌ নাই মোৰ
অতীত ; আতীতৰ পোৱা নোপোৱা , ভুল শুদ্ধৰ হিচাপ ।‌ সুষমামণ্ডিত বৰ্তমান আৰু
প্ৰাপ্তিৰ কলেবৰ লৈ ৰৈ আছে যেন সেউজীয়া ভৱিষ্যত...!

(২)

কবিতা :: শাওনৰ কোমল মাটিৰ পথাৰৰ স্মৃতি সোঁৱৰি --- বিষ্ণু বড়া

দল মেটেকা এৰালীৰে হেন্দোলি থকা
থপথপীয়া ক্লেদময় পথাৰৰ বুকুত
মই সপোন ৰচিছিলোঁ

দোকমোকালিতে শুৱা ঢাৰি এৰি
কান্ধত নাঙল
এহাতে খেৰৰ জুমুঠিটো লৈ
জেপজেপীয়া বৰষুণ জাকৰ স'তে
থৰক- বৰক খোজেৰে চিকুণ আলিটো পৰা
বাঁহতলীয়া জেকা আলিটোৰে
পথাৰলৈ ঢাপলি মেলিছিলোঁ

ভাষাৰে বুজাব নোৱাৰা
শাওনীয়া পথাৰৰ বতৰা
মাথোঁ বুকুত বাজি আছে সেই অনুৰাগীৰ সুৰ...

পথাৰত.......
মই অনুভৱেই কৰিব পৰা নাছিলোঁ
ৰ'দ-বৰষুণ
আৰু
ম'হ-ডাঁহ-চেৰেপাৰ আক্ৰমণ
শাওনীয়া আৱেগত
বিলীন হৈছিল ছাগে সকলোবোৰ কষ্ট....

কবিতা :: পিতাই --- ডিম্বেশ্বৰ কোচ

পিতাই অ,

ইমান দুখেৰে কথা বোৰ নকবিচোন…

দিহিঙৰ সিপাৰৰ পৰা

চপাব পৰা নাই নাও

তোৰ কাষলে, তোৰ দুখৰ দিনত…

পিতাই অ,

তোৰ দেহাইও নটনা হৈছে,

নাঙলৰ মুঠিত ধৰোঁতেই হোৱা ঘাঁবোৰ

আজিও শুকোৱা নাই তোৰ ।

পিতাই অ,

মোৰো কঁকালৰ বিষটোৱে

কেতিয়াবা বৰকৈ ধৰে…

হাতুৰী মুঠিত ধৰোঁতে ধৰোঁতে

আঙুলিবোৰ ক্ষয় গ'ল,

সুখৰ চকুলো বোৰ

আঙুলিৰ ফাঁকেৰে সৰে ।

পিতাই অ,

দুখ লগাকৈ কথাবোৰ নকবি,

তই দুখ পালে মইও দুখ পাওঁ ।

কবিতা :: ৰোৱনি --- দীপংকৰ শৰ্মা

তেওঁ অহাৰ বাটত

শাওণৰ মেঘ জিৰ জিৰ কৈ নামি

সাৱতি লৈছিল সেউজীয়াক ৷

নাঙলৰ মৈথুনত অন্তঃসত্বা সময়ে

কঢ়িয়াই আনিছিল

এজাক সৰল বতাহ

তেওঁ অহাৰ বাবেই ৷

তেওঁ মোৰ আই

যাৰ নখৰ চুক বিষাইছিল

সৃষ্টিৰ আনন্দত ৷

কবিতা :: বৃদ্ধ নগৰ --- ময়ূৰকৃষ্ণা ফুকন

অভাৰকোট, চিগাৰেট আৰু এটা সুহুৰি

মাতালতাত ভৰ দি তেওঁ

নিৰ্বিঘ্নে বিচাৰি ফুৰে

ছায়াময় ৰঙীণ ৰাতিৰ চিঞৰত

নে, সুউচ্চ বিলাসী মনৰ

শেলুৱৈৰ আঁৰত হেৰাল

মাটিৰ পুৰাতন প্ৰেয়সী.....

কবিতা :: ভালপোৱাৰ বিশেষ দিন --- শেখৰ ভট্ৰাচাৰ্য

বহুতো অপেক্ষাৰ পিছত

তোমাৰ লগত মোৰ

প্ৰেমৰ অধ্যায় আৰম্ভ হৈছিল ।

তুমি মোৰ ওচৰত

ভালপোৱাৰ বাবে এটা

বিশেষ দিন বিচাৰিছিলা ।

সেইদিনটো হ’ল অহাকালি

তোমাৰ সৈতে ফুৰিবলৈ

যাম মই অচিন ঠাইলৈ ,

য’ত তোমাৰ আৰু মোৰ

বাহিৰে কোনেও নাথাকিব ।

হাতত হাত ধৰি যাম দুয়োজনে,

চকুত চকু থৈ মধুময়

প্ৰেমৰ কথা পাতিম

হেৰাই যাম সপোনৰ সাগৰত ,

কথাবিলাক ভাবিলেই

উৎকণ্ঠাবোৰে ডোঙা বান্ধে মনত ।

ৰায়ডাক নদীৰ পাৰৰ

বতাহ জাকে উজাই আহি

তোমাৰ শাৰীৰ আঁচল উৰুৱাব ।

ধূলিকনাই উৰুৱাই নিব

কবিতা :: নৈ --- দীপংকৰ শৰ্মা

সম্ভাৱনাক সাৱটি
তোমাৰ নিৰবধি গতি
পলসুৱা চেতনাত উজলে
চহা জীৱনৰ সপোন,
দুখনী হৃদয়ৰ গৰাকী
একেই অনুভৱ একেই চেতনা ।

তোমাৰ উৰ্বৰতাত প্ৰাণ ঢালিলে
অনাৰ্য সভ্যতাই
শ্যামলী কলিজাত তোমাৰ
আৰ্যৰ গৌৰৱে হেম্বেলিয়াই ।

জ্ঞানৰ গৰিমা আঁকিবলে
তোমাৰ হৃদয়ত গজিল পেপিৰাছ
সভ্যতাৰ ধ্বজা উৰুৱাই ,
মোহনা সুন্দৰবন
সৌন্দৰ্যৰ হ'ল মহা আয়োজন ।

কত যুগৰ ক্লেদ কঢ়িয়াই
বৈ থাকা ভাগীৰথি
সজাবলে পূণ্য বসূন্ধৰা ।

কবিতা :: বৰষুণত এখন মুখ --- ময়ূৰকৃষ্ণা ফুকন

খিৰিকিৰ সিপাৰে যেতিয়া
নেদেখি জোন..টোপ টোপ বৰষুণ
বহুদিনৰ কথা ,
তেতিয়াও বৰষুণত আছিল একেই নুবুজা গান
আজিৰ দৰেই চিপ্ চিপিয়া অনুৰাগৰ দুবৰি

এতিয়া মেলা খিৰিকি জপাই
সিপাৰত এৰিছো চিনাকী সুৰ,
বুজি নুবুজি আমনি লাগে
বৰষুণত কিয় তিতে হৃদয়ৰ গোপন চোতাল
নিবিচাৰিও কিয় সজতনে কঢ়িয়াও
বৰষুণত এখন মুখ...

কবিতা :: বাৰিষাৰ গান --- কবিৰঞ্জন দাস

নিৰৱ নিশব্দ ৰাতিটো কাতিহৈ পৰি আছে মোৰ শেতেলীত

বাৰিষাৰ বৰষুণ জাকে পানীপোতাত হাঁহি আছে

জোনজনীৰ শেতাঁ হাঁহি

চাবযে নোৱাৰি কিমানযে বিষাদৰ চকুপানী বৈছে

বাৰীৰ চুকৰ পুখুৰীত দুটি ভেকুলীয়ে প্ৰণয়ৰ গীত জুৰিছে

গোপনে গোপনে

বাৰিষা ঋতুৰ মিলন সংগীত চাৰিওফালে শুনিছোঁ ;

যদিওবা আন্ধাৰ এতিয়া !

কবিতা :: বসন্তৰ ৰাতি --- শেখৰ ভট্ৰাচাৰ্য

আজি বসন্তৰ আকাশত

ৰঙা তেজৰ ঢৌ

নিৰ্জন ৰাতি

সাৰে আছো মই

সাৰে আছে বকুল পাহি

নিৰ্জন ৰাতিত ভাহি আহিছে

এটি কৰুণ বাঁহীৰ সুৰ

এই সুৰে মোক

বলীয়া কৰি তোলে

নাজানো

কোনে আন্ধাৰ ৰাতিত

বজাই বাঁহী ?

কবিতা :: ৰ’দ --- মন্জুষা দেৱী

বেলিৰ অঙঠা ৰ’দ

বাহিৰত প্ৰকৃতিৰ নঙঠা ৰূপ

বহাগৰ আগমনীত

ফাগুণৰ তাচ্ছল্যপূৰ্ণ মন

বাহিৰে ৰ’দৰ জুই

বুকুত মোৰ অঙঠাৰ জুই

প্ৰতিশোধ লবলৈ জ্বলি আছে হিয়া

ৰ’দৰ উত্তাপত জ্বলিছে দেহা ।

ৰ’দ বৰষুণ বতাহৰ কোবত

লাঞ্চিতা হ’ল আকাশ

আকাশৰ দুখত প্ৰকৃতিৰ হৈছে বিনাশ

কবিতা :: বিহুৱান --- সত্যম কুমাৰ চাহু

চেনাই ঐ তই আহিবি দেই

শোঁৱনশিৰিৰ সেই পাৰ ঘাটলৈ

তইযে মোক ভাল পোৱাৰ পাছত

প্ৰথম বিহুৱান খন দিছিলি

ইজনে সিজনৰ চকুলৈ চায় থাকোতেই

গমেইযে পোৱা নাছিলো

দুপৰিয়াৰ বেলি গই গধুলি হ’ল বুলি

চেনাই ঐ কেৰেলাত থাকিলেও

তোক সদায় মনত ৰাখো ঐ

কোম্পানিৰ কামত যোৱাৰ আগত আৰু পাছত

জাননে তই দিয়া বিহুৱান খন

এবাৰ চুমি যাও সদায়

মোৰ কলা দুওঠেৰে

যোৱাবাৰ বিহুত নগলোযে

তই বেয়া পাইছ মই জানো

কিন্ত্ত কোম্পানিৰ চাকৰিযে

কি কৰিবি ক

মালিকে জাবলৈয়ে নিদিলে

এইবাৰ তই চিন্তা নকৰিবি

কবিতা :: ব্যৰ্থ প্ৰেমিকৰ অ-কবিতা --- সাগৰ সঞ্জীৱ

হেল্লো মিছ নীলনয়না !
এদিন তোমাক হেৰুৱাই
মই যন্ত্ৰণাত চটফটিয়াইছিলো,
প্ৰেমৰ মন্দিৰত
আমাৰ ভালপোৱাৰ সমাধি দেখি ।
আৰু তুমি হাঁহি হাঁহি
মোৰ সমাধিত ফুল চটিয়াইছিলা ।।

কবিতা :: জোনাকৰ সপোন --- সাগৰ সঞ্জীৱ

আজি জোনবাইৰ স'তে কথা পাতিম

জোনাকৰ স'তে উমলিম

এই নিৰিবিলি সন্ধিয়াটি.....

সেয়েহে জোনাকৰ দেশলৈ বাট বুলিছো

অকণমান আশাৰ ৰেঙণি বিছাৰি ।।

কিন্তু নীলা আকাশখন এতিয়া

কলা ডাৱৰে আৱৰিছে,

জোনবাইলৈ চাইছো

অভিমান কৰিছে,

তৰাবোৰলৈ চাইছো

সিহতেওঁ মোলৈ চাই হাঁহিছে ,

দুখৰ ধূলিকণাবোৰ উৰুৱাই

বতাহজাকেওঁ যেন মোকেই আৱৰি ধৰিছে,

উশাহ ল'ৱ নোৱাৰাকৈ;

বৰ অসহায়,

অসহায় অনুভৱ হৈছে ।।

কবিতা :: নভবা কথাবোৰ --- কবিৰঞ্জন দাস

কেতিয়াবা ভাব হয় মই কিয় জীয়াই আছোঁ

কিমানবাৰ মৰিছোঁ কিমানবাৰ জী উঠিছোঁ

নিজৰ বাবে জীয়াই থকাটো কিমান কষ্টকৰ

কোনে বুজি পাব

যি হ'ম বুলি ভাবিছিলোঁ

যি কৰিম বুলি ভাবিছিলোঁ

হৈ নুঠিল গৈ চোন

আগুৱাই যাওঁতে যাওঁতে

কিমানযে ভৰিৰ নখ চিঙিল

মোৰ ভাগত সদায় পিছল ৰাস্তাটোহে পৰিল

ধুৱলি কুৱলি দূৰৈৰ পাহাৰ

সদায়েই দেখিছোঁ

''য'তে ৰাতি ততে কাটি'' -

কথাষাৰ মৰ্মে মৰ্মে বুজিছোঁ

আৰু কি জানে - এই ভোকাতুৰ পেটতো সিয়ো মোক লগ নেৰে

এইটো নথকাহেতেন !

মানুহৰ জীৱনত আশা বোলে বহুত থাকে, হয় কথাটো

কবিতা :: ব'হাগ --- প্রদীপ দাস

ব'হাগ বিনন্দীয়া ৰূপ ;
কুঁহিপাতত আশাৰ সপোন ।‌

তোৰ কজলা চকুত
আইলিনা নাসানিবি
নাসানিবি ওঁঠত ব্ৰেণ্ডেদ লিপিষ্টিক ...
ব'হাগে লাজ পাব !
টোপাই বুৰ মৰাদি
কুলিটোও আঁতৰি যাবগৈ
সেউজীয়া আঁচল গুছাই
প্ৰকৃতিও নঙঠা হ'বগৈ ...।‌

বাৰিষাৰ বৰষুণত তই তিতা নাই
হাতত তোৰ ফুলাম ছাটি ।‌
যৌৱনৰ বৰষুণত তই তিতিছ
গাৰ হালধীয়াবোৰ অকপটে বিলাই দিছ ...।‌

কবিতা :: তোমাৰ প্ৰেমত পৰিছো নেকি ? --- সাগৰ সঞ্জীৱ

প্ৰেমত পৰিছো নেকি ?

হয়! তুমি ঠিকেই শুনিছা....

মই তোমাৰ প্ৰেমত পৰিছো নেকি ?

কিন্তু কিয় ? ময়ো নাজানো...

জোনাকৰ বৰষুণজাকত তিতিলে,

প্ৰকৃতিৰ সেউজীয়াবোৰ দেখিলে,

কবিতা :: প্ৰেক্ষাপট --- ধনঞ্জয় কুৰ্মী

সময় এতিয়া উৰণীয়া সেতু
বিনা দ্বিধাই দ্ৰুত আগবাঢ়িছে
ৰঙীন গাড়ীবোৰ

আমি বিশেষ ভঙ্গীমাত চাই আছোঁ ।

চাৰিওফালে ফুলঝাৰি
শস্য-শ্যামলা নদন-বদন
কুলাই পাচিয়ে নধৰা

আমি বিশেষ ভঙ্গীমাত শুনিছোঁ

সেই একেই ষাঠীৰ উৰ্ধত
লোকেল চুলাইৰ ঠাইত বিলাতী ৰস
দহ টকাৰ ঠাইত দহ হেজাৰ

আমি মাথোঁ বিশেষ ভঙ্গীমাত শিক্ষিত হৈছোঁ ।

কবিতা :: বৰষুণ ভালপোৱা ছোৱালীজনী --- সাগৰ সঞ্জীৱ

বৰ্ষামূখৰ এটি সন্ধিয়া
বসন্তৰ প্ৰথমটো দিন
দিঘলীপুখুৰীৰ পাৰত অকলশৰে
বিন্দাছ ধোৱা উৰুৱাইছো
বৰষুণ ভালপোৱা ছোৱালীজনীৰ অপেক্ষাত ।
আৰু মোৰ প্ৰেয়সী
কল্পনাৰ আঁৰৰ সিপাৰত ।।

ক্ৰিং, ক্ৰিং, ক্ৰিং
নিসংগতাই গ্ৰাস কৰা সন্ধিয়াটিত
বৰ উৎসুকতাৰে তোমালৈ এটি ফোন ;
চাৰিওফালৰ অন্ধকাৰ, বুকুৰ ধপধপনিয়ে
হেচাঁ মাৰি ধৰিছে একো নুশুনাকৈ,
এনেতে আই.ভি.আৰ. ত নাৰীৰ কন্ঠস্বৰ - ব্যস্ত!
আস! বুকুত অকণ বিষ অনুভৱ
ব্যস্ততা ! তোমাৰ নে মোৰ ?

কবিতা :: আকৌ আহিছে ফাগুণ --- সাগৰ সঞ্জীৱ

আকৌ আহিছে ফাগুণ
ধূলিকণাবোৰ উৰুৱাই, ডেউকা মেলি,
নষ্টালজিক কবিতাবোৰৰ সৈতে
চন্দ নিমিলা মোৰ জীৱনলৈ ।।

আকৌ আহিছে ফাগুণ
মোক বলিয়া কৰিৱলৈ,
বিষাদৰ ৰংবোৰত মতলীয়া হৈ
জীৱন পাহৰাৰ অভিনয় কৰাৱলৈ ।।

আকৌ আহিছে ফাগুণ
মোৰ নিৰস পৃথিৱীখনত
বসন্তৰ আগজাননী লৈ,
প্ৰেমৰ সুৱাস বিলাৱলৈ;
মৰমৰ ধূমূহাজাকেৰে
বেইমান কলিজাটো ৰাঙলী কৰিবলৈ,
আকৌ আহিছে ফাগুণ
আকৌ আহিছে ফাগুণ ।।

কবিতা :: হেপাহৰ বৰষুণ --- মন্জুষা দেৱী

মুকুতা সৰা দুপৰবোৰৰ সেউজীয়া সপোন হৈ আহিছে বৰষুণ এজাক

পুনৰাই মোৰ হেপাহৰ বৰষুণ ।

বৰষুণ মোৰ অনুভৱত, বৰষুণ মোৰ হৃদয়ত

উন্মাদ বৰষুণৰ টোপাল বোৰ

মুকুতা যেন জিলিকি উঠে ।

বৰষুণ জাকৰ মাজত মই আৰু মোৰ উন্মনা মই

নাচনী হৈ নাচিছো বৰষুণজাকক বুকুত সাৱটি লৈ ...

কবিতা :: গুৱাহাটীত এদিন --- শেখৰ ভট্ৰাচাৰ্য

আমি গৈছিলো হালাকুৰাৰ পৰা গুৱাহাটীলৈ

মই-ৰাহুল-বিশ্ব

এখন ৰেলত আমি সকলো সহযাত্ৰী

আৰু পৰিপূৰক সকলো সকলোৰে

ওৰে বাটটো আমি হাঁহিছিলো

খুহুতীয়া কথাৰে,

খাইছিলোঁ বহুতো পিঠা-বিস্কুট-কণী

খেলিছিলোঁ অন্তাক্ষৰী

গাইছিলোঁ প্ৰেমৰ গান,

চাইছিলোঁ ৰেলত থকা ছোৱালীবিলাক ,

ইজনে সিজনৰ ওচৰৰ পৰা

আৰু আৱিষ্কাৰ কৰিছিলোঁ

আমাৰ মাজত আমিয়েই

আগতে নোপোৱা একো একোটা পৰিচয় ।

জীৱনত প্ৰথমবাৰ গৈ পাইছিলোঁ

এখন অপৰিচিত চহৰত ,

উঠিছিলোঁ চিটি বাছত ,

থিয় হৈ আছিলো লেডিজ ছীটৰ কাষত ,

কবিতা :: হৃদয়ৰ ৰক্তলাল গান --- দলিল আহমেদ

সমীৰৰ মৃদু হিল্লোলত

ফুলৰ গোন্ধ বিয়পায় হৃদয়ত,

তেজ ৰঙা জবা নে ৰক্তলাল গানত

তোমাৰ স্নিগ্ধ সুৰীয়া ঢৌত

স্বৰ্গ – মৈৰ্ত আনন্দত মচগুল ।

মৌপিয়া আৰু ভোমোৰাৰ লগত

তোমাৰ নিৰৱ প্ৰণয়ত,

স্পৰ্শহীন সৌন্দৰ্যত

জ্বলিছে আত্মাৰ সুৰভি ।

হৃদয়ৰ ৰাগিনীয়ে

চৌদিশ কৰি তুলে জীপাল,

কাৰ, কি,ক’ত হেৰায়,

স্মৃতি সজাগ হয়

আৰু

প্ৰকৃতিও যেন থমকি ৰয় ।

------------------------
(ৰচনা কাল - ৪ এপ্ৰিল ২০১৬)

কবিতা :: তুমি পাৰস্মিতা শৰ্মা --- শেখৰ ভট্ৰাচাৰ্য

কলেজৰ ইউনিৰ্ফম আৰু

কিতাপৰ বোজাৰ মাজত

তুমি পাৰস্মিতা শৰ্মা ।

কলেজৰ কেমপাছত

গহীন খোজ

মায়াভৰা দুচকুত মানুহ

হোৱাৰ সপোন

লগৰীয়াৰ উচ্ছৃংখল হাঁহিৰ মাজতো

মিচিকিয়া হাঁহিয়েই

তোমাৰ পৰিচয়

তুমি পাৰস্মিতা শৰ্মা ।

এডাল ৰঙা ৰঙৰ ছাতি লৈ

আনৰ দৰে খট খট কৰি

হিলৰ শব্দ নুতুলিলেও

তুমি উপভোগ কৰা

কলেজীয়া জীৱন

এহাতত সময়ৰ হিচাপ

আনটো হাতত অসমীয়া অৰ্নাছৰ কিতাপখন

প্ৰতিটো শ্ৰেণীকোঠাতে

বিয়পি পৰে

তোমাৰ সুগন্ধ ।

অকল সোনালী চুলিকোছা

এৰি দি ,

কবিতা :: প্ৰাৰ্থনা --- প্ৰভাকৰ শৰ্মা নেওগ

মন গহনত ৰিণি ৰিণি জ্বলি থাকাঁ তুমি
এটি শিখা হৈ ।

তোমাক বিচাৰি পোৱাৰ উচ্চাকাংখা মোৰ নাই।
তথাপিও থাকিব বিচাৰোঁ তোমাতে বিলয় হৈ।
এটি ঘনঘোৰ নিশাৰ পথদৰ্শা হৈ তুমি জ্বলি উঠাঁ যেন মোৰ মনত
এটি শিখা হৈ ।

পুৱতি ফেঁচাৰ ৰুণ হৈ ধৰা দিয়াঁ যেন তুমি মোৰ দুৰ্বাৰ নিশাত
এচাটি মৰমৰ মলয়াৰে সাৱতি ধৰি মোৰ ক্লান্ত মন
শীতৰ নিশাত দুৰণিৰ উম যেন তোমাক খামুচি ধৰিব খোজোঁ বুকুৰ মাজত-
জ্বলি থাকাঁ যেন তুমি মোৰ মনত
সেই শিখা হৈ ।

কবিতা :: নীলা নীলা বেদনা --- ৰতন ভট্টাচাৰ্য

এতিয়া গভীৰ নিশা

মই তোমাৰ কথাই ভাবি আছো

তুমি যে মোক স্নিগ্ধ জোনাকভৰা

সান্নিধ্য দিছা

তুমি নামি আহিছা

এটুপি মিঠা বৰষুণৰ দৰে

হৃদয়ৰ নিভৃতি কোনত

মই তোমাক আলফুলে ৰাখিব খুজিছিলো

কিন্তু হঠাতে তুমি ক’ত হেৰাই গলা.....

এতিয়া যে মই যন্ত্রনাপ্রীত

মোৰ জীৱনলৈ আগ বাঢ়িছো

অকলশৰীয়া ভাবে

তুমি মোক কৈছিলা

তৰাবোৰ যে ইমান তিৰবিৰাই

কিন্তু মই দেখো অকলশৰীয়া সাগৰৰ দৰে হৈ গৈছো

নীলা নীলা বেদনাই মোক

খামুচি ধৰিছে ঢৌ হৈ

তথাপিও মই বহি আছো

ৰাতিপুৱা হ’বলৈ ধৰিছে

কবিতা :: আইৰ নাঙঠ বুকুত ভোকৰ উঁইহাফলু --- দাদুল ভূঞা

সেইদিনাখন আয়ে কান্দো বুলিও কান্দিব পৰা নাছিল
আলিটোৰ সিপাৰে তেতিয়া সূৰুযে মেলানি মাগিছিল

কৰ পৰা জানো বতাহ এজাক আহি
খুলি পেলাইছিল আইৰ বুকুৰ আঁচল

আইৰ বুকুৰ তলত লুকাই আছিল শুকান কামিহাড়
আৰু ভোকৰ লেলাউটিত লুকাইছিল লাজ আৰু সময়

আলিকেকুৰিটোতে আই বাগৰি পৰিছিল
ভোকাতুৰ কুকুৰ এজাক সান্ধ্যভ্ৰমনত আহি থমকি ৰৈছিল
আৰু আইৰ শুকান স্তনত মুখ গুজি টোপনি গৈছিল

আইয়ে জানিছিল
আইৰ দৰে সিহঁতৰ বুকুতো প্ৰতিদিনেই গজিছিল
ভোকৰ উঁইহাফলু

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,514
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,408
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,068
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,250
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,551
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,324