কবিতা

কবিতা :: স্মৃতিৰ ৰোমন্থন --- সোণমণি গোহাঁই

স্তব্ধ সময়,স্তব্ধ ঠাই ,
বেদনাবোৰ কিন্তু বৈ গৈ আছে,
নৈৰ পানীৰ দৰে
কেতিয়াবা,
বতাহৰ দৰে ।

মৰমবোৰ আঘাত হৈ ভিতৰি ভিতৰি
কোঙা কৰি পেলাইছে
জীয়াই থাকিব বিচৰা মনটোক ;

আৰু হৃদয়খন !
সমাধিস্থ সিদিনাৰ চকুৰ বানত ।

কবিতা :: জীৱন --- সোনমনি ৰাজ বৰুৱা

এইয়াই নেকি জীৱন …?

পোৱাবোৰ হেৰুৱাই

নোপোৱাবোৰ পাবলৈ

জীৱনৰ সৈতে যুঁজি থকা

দুখৰ হিমনাত ৰৈ

হুমুনিয়াহ কঢ়া

দুখৰ ভাৰ লৈ

ৰৈ আছোঁ মই

জীৱনৰ সন্ধিয়া বেলাত

দুখৰ বন্যাত উঠি যাবলৈ

এটি পথৰ অপেক্ষাত … !!

কবিতা :: নিসংগতা --- সোনমনি ৰাজ বৰুৱা

লিসংগতাই এতিয়া মোৰ সন্মুখত

এখনি নৈ হৈ ধৰা দিয়ে

নদীৰ সোঁতহৈ এফালৰ পৰা

খহাই নিয়ে মোৰ হৃদয়ৰ কোঠালিৰ সপোনবোৰ

দৰিদ্ৰতাই এতিয়া মোৰ সন্মুখত

আঁউসীৰ এন্ধাৰৰ দৰে ধৰা দিয়ে

বিয়পি পৰে চৌদিশে

বিচাৰি নাপাওঁ অলপো সুৰুঙা

বাওনা হৈ আকাশ ঢুকি পোৱাৰ সপোন

নিমিষতে ভাঙি যায়

জীৱনটো এতিয়া এখনি নৈ বৈ যায় অবিৰাম

বন জুইৰ দৰে জ্বলি চাৰ খাৰ হৈ গৈছে

এফালৰ পৰা আশাবোৰ ৷

কবিতা :: যন্ত্ৰণা --- ধীৰাজ কলিতা

যন্ত্ৰণাই হেচামাৰি ধৰা বুকুখনত
তোৰ অকণমান সহাঁৰিয়ে
সাহস দিছিল বাস্তবৰ লগত
একেলগে খোজ দিবলৈ ।
কিন্তু.....

সেই হাঁহি মুখৰ উৎফুল্লিত বাসনাক
আজুৰি কাঢ়ি নিলে নিষ্ঠুৰ নিয়তিয়ে

সঁচাই সময় বৰ নিষ্ঠুৰ....

বিশেষ একোকে দেখোন বিচৰা নাছিলো তোৰ পৰা
মাত্ৰ বিচাৰিছিলো এবুকু সঁচা মৰম
আৰু মোৰ বাবে তোৰ কিছু সময়......
কিন্তু মোৰ উকা কপালত সেইয়া যেন এক
কাল্পনিক সপোন হৈ ৰ’ল

কবিতা :: সন্ধিয়াৰ ছবি --- দিলীপ কুমাৰ শৰ্মা

হাচনাহানাই গোলাপৰ স’তে
মিচিকিয়াঁ হাঁহিৰে
চকুৱে চকুৱে কথা পাতে ।
সেন্দুৰীয়া বেলিৰ হেঙুলী ৰহনবোৰে
চুমা আঁকি দিয়ে সেউজীৰ দুগালত ।

আকাশী পথেৰে উভতনি চৰাইজাকৰ
শৃংখলিত চিক্ চিকনি
সৰিয়হ তলিৰ জাবৰ জ্বলা গোন্ধ
শুকুঁলা ডাৱৰৰ কণিকাবোৰ চুই চাবলৈ
উৰ্ধমুখি ধোৱাবোৰৰ হেতাওপৰা !

বাহনি ডৰাৰ মাজে মাজে
গো-বাটটোৰে ঘৰমুৱা গৰুজাক
মলয়া চাটিৰ স’তে ভাহি আহে
গৰখীয়াৰ বাঁহীৰ মন পৰশা সুৰ ।
মন্দিৰৰ ডবা বৰকাহৰ ধ্বনিৰে
মুখৰিত আকাশ বতাহ
অন্য এক সুপ্ৰভাতৰ প্ৰতিশ্ৰুতিৰে
অৰুণে মেলানি মাগে
মহাসমুদ্ৰৰ সিপাৰলৈ ।।

কবিতা :: স্মৃতি --- সোনমনি ৰাজ বৰুৱা

আপোনজনৰ পৰা আঁতৰি থাকি

কোনে কয় সুখী হ’ব পাৰি

প্ৰতিটো দিনেই যেন নাযায় নোপোৱায় ৷

দুচকুত … ??

অহৰনিশে ভাঁহি ফুৰে

অতীতৰ জালিকটা

স্মৃতিবোৰে ৷

দুহাত মেলিলেই শূণ্যতাবোৰ উলমি

পৰেহি মোৰ আঙলিৰ ফাঁকত

হৃদয়ৰ চাৰিকৰিয়াই

উচুপি থাকে … ???

তেওঁৰ স’তে কটোৱা সেই

ৰঙীন আবেলিবোৰ বিচাৰি ৷

কবিতা :: ফাগুনৰ বতৰা --- দিলীপ কুমাৰ শৰ্মা

ধূসৰ উদং পথাৰত
সেন্দুৰ সনা ৰঙৰ
পোহাৰ লৈ
তুমি পলাশ ।
লঠঙা গছবোৰৰ ডালে ডালে
পছোৱা বতাহে সিঁচি দিয়ে
তোমাৰেই ৰং ...

শুকান পথাৰৰ
আলিয়ে আলিয়ে
চিনাকী সুৰৰ মাজত
তুমি ফাগুনৰ পলাশ ।
উন্মনা প্ৰেমিকাৰ
ধমনীৰ চালিকা শক্তি
হৃদয়ৰ ৰং...

তুমি উতনুৱা ফাগুনৰ পলাশ
তোমাৰ ৰঙেৰে
ৰাঙলী হয়
সন্ধিয়াৰ বিস্তৃত পৰিধি ।
মৌন আকাশে মিচিকিয়াই হাঁহে
নিলাজ সময়ে সখীৰ সতে
আলিঙ্গন কৰে
সৰা পাতবোৰে প্ৰাণ পায় ।

কবিতা :: সৈনিকৰ মহত্ত্ব --- জাহাঙ্গীৰ আলম

এজন সৈনিকৰ মৃত্যু কাহানিও নহয়
নিজৰ মাতৃভূমিৰ বাবে শ্বহীদহে হয়
শ্বহীদ সেনাৰ নাম কাহানিও বিলিন হৈ নাযায়
ইতিহাসৰ পৃষ্ঠাত সদায়ে জিলিকি ৰয় ৷

সেনা অবিহনে দেশৰ নিৰাপত্তা অসম্ভৱ
সেনাই ওৰে নিশা উজাগৰে কটাই
দেশৰ অন্তৰাষ্ট্ৰীয় সীমাক পহৰা দিয়ে
সেনাই নিজৰ জীৱন দিওঁ দেশৰ গৰিমা ৰক্ষা কৰে ৷

সেনাই ওৰে নিশা উজাগৰে থাকে বাবে
দেশৰ এশ ত্ৰিশ কোটি জনগনে
নিচিন্তা মনে ওৰে নিশা হেঁপাহ পলুৱাই শুৱ পাৰে
অন্যথা দেশৰ নিৰাপত্তাৰ যে কি দশা হলহেঁতেন ৷

কবিতা :: নিষ্ঠুৰ প্ৰিয়তমা --- জাহাঙ্গীৰ আলম

ভবা নাছিলো কাহানিও মই
তুমি যে পেলাই থৈ যাবা
অকলে মোক অথাই সাগৰত ৷

এতিয়া আছো মই অকলে
এটি নিজান দ্বীপৰ মাজত
লগত আছে মাথোঁ মোৰ
তোমাৰ স্মৃতিৰ চাদৰখন ৷

ইমান নিষ্ঠুৰ হ'লা তুমি কেনেকৈ
ভবা নাছিলো কাহানিও মই
ভাবিচানে এবাৰ তুমি
তোমাৰ অবিহনে থাকিম কেনেকৈ ?

তুমি দিয়া গীতৰ কলিবোৰ
বুকুৰ মাজত বুলাই লৈ
অনুভৱ কৰি আছো মই
শত শত মুকুতাৰ স্পশ’ ৷

কবিতা :: শেষ চিঠি --- জাহাঙ্গীৰ আলম

কিমান চিঠি দিলোঁ তোমালৈ
এখনৰো উত্তৰ নিদিলা মোলৈ
দিন গৈ গৈ বছৰ পাৰ হ'ল
তথাপিও মোলৈ চিঠি এখন লিখা ন'হল ৷

এতিয়াও বুজিব নোৱাৰিলোঁ মই
তোমাৰ হৃদয়ৰ গোপন গতি
কিয় মিছায়ে বাৰেবাৰে তুমি
মোক কৰা আমনি ৷

বুজিব পাৰিছোঁ মই এতিয়া
তোমাৰ নিভাঁজ হৃদয়ৰ গোপনতা
তোমাৰ হৃদয়ৰ ভাঁজে ভাঁজে
নিশ্চয় কোনোবা লুকাই আছে ৷

মই নকৰোঁ তোমাক আমনি
আকৌ চিঠিৰ ভাষাৰে
তোমালৈ এইখনেই মোৰ শেষ চিঠি
পাৰিলে তুমি ল’বা আকোঁৱালি ৷

কবিতা :: পথভ্ৰষ্টৰ কবিতা --- অৰ্চনা জি. শইকীয়া

অনুগ্ৰহ কৰি মোক মোৰ ঠিকনা নুসুধিব..
ক্লেদময় পিছলাঘাটত মই
কাহানিবাই হেৰুৱাই পেলাইছো
মোৰ ভাল লগা- ভালপোৱা।

মোৰ তিক্ত ঘামত লাগি
আহত জোনাকীকেইজনীও অপাৰগ,
নোৱাৰে দিব মোৰ ঠিকনা।

মোৰ মন-মগজুত লাগি থকা
ঘাঁ বোৰৰ বিষপানী খাই
মই জীয়াই আছোঁ।

তেজ বুলিবলৈ মোৰ গাত
পুখুৰীৰ ঘোলাপানী।

এটুকুৰা বায়ুত দুটা নিশাহ নিদিয়াকৈ
সেউজীয়াই নীলাই মই বাগৰি ফুৰোঁ।

ক'ত পাব আপুনি মোৰ ঠিকনা!!
গৰমত পুখুৰী,
ঠাণ্ডাত জ্বলাই দিয়া খেৰৰ দ'ম
বৰষুণত কাঠফুলাৰ পৃথিৱী;
প্ৰতিনিয়ত সলনি হয় মোৰ ঠিকনা।

কবিতা :: মৰমৰ পাহিবোৰ যে মৰহি গ'ল --- সোণমণি গোহাঁই

তেওঁৰ স'তে মোৰ দূৰত্ব...

বহুত নাছিল, একেটা কোঠাৰ দুটা চুক ।

তথাপিও...

অতিক্ৰম কৰাৰ সাহস যে কাৰো নহ'ল।

মানুহ কেনেকৈ ইমান নিৰ্বিকাৰ হ'ব পাৰে ???

মই...

আগত মই আছিলোঁ

ইপাহ সিপাহ ফুলত উৰি ফুৰা

এজনী চঞ্চল পখিলা,

আৰু এতিয়া ?

কাৰাবন্দী নিৰৱতাৰ আৱৰ্তত,

তেওঁ যে নিৰৱ!

আচলতে তেওঁ নিৰৱ নাছিল,

আছিল নিবোকা ।

তেওঁ নিবোকা হোৱাৰ বাবেই

মৰহি গৈছিল মোৰ-তেওঁৰ আৰু

আমাৰ ঘৰদুখনৰ জীৱন ।

অতীতৰ সপোনত তেওঁ তেতিয়াও মগ্ন আছিল

অথচ সমাজৰ সাক্ষীত আছিলোঁ

মই তেওঁৰ বৰ্তমান ।

কবিতা :: শিমলু --- বিক্ৰম কলিতা

শিমলু

গছৰ ডালত ৰক্ত ৰঙৰে

আভূষণ পিন্ধিছে,

বহুদিন হ'ল শিমলু দেখা নাই...

চুই চাওঁ তাৰ সুকোমল পাপৰি ।

সুঘ্ৰাণ লওঁ তাৰ মাতাল গোন্ধ,

যেন মই মদিৰাত আসক্ত ।

এইয়া শিমলু ফুলাৰ বতৰ

শিমলু ফুলা বতৰত হেনো এজাৰে

বেজাৰ মনেৰে নুফুলে ।

শিমলু ফুলা মানে প্ৰেমৰ বতৰা

শিমলু ফুলে দিয়ে ফাগুনৰ জাননী,

লহপহকৈ বাঢ়ি সোঁৱৰাই দিয়ে

বসন্তৰ উপস্থিতি ।

জীৱন বাটত গৈ থাকোঁতে কেতিয়া

শিমলুৰ দৰে ৰক্তাক্ত হৈ গ'ল গমেই নাপালোঁ ।

এনেকুৱা যেন লাগে পথৰ দাঁতিত

শিমলু পৰি থাকিলে হৃদয়খন

ৰক্তাক্ত হৈ ধূলিয়ৰিত

কবিতা :: সাম্প্ৰতিক --- দীপংকৰ শৰ্মা

কাৰ বুকুৰ এন্ধাৰ নাশিবলে
কোন জ্বলিল
কাৰ জীৱনৰ স’তে কাক সাঙুৰি
গাভৰু হ'ল পৃথিৱী
মাতৃ হ'ল নদী

আকাশ কঁপাই
উৰি অহা চিলনী জাকৰ কোলাহলত
নিঃস্বৰ চিৎকাৰ
ঈশ্বৰে নকটা বাটত সময়ৰ হুংকাৰ
মুখা পিন্ধা সমাজত
মানৱতাৰ সাঁথৰ

তুমি মই আমি কেন্দ্ৰীভূত
বিকেন্দ্ৰীকৰণৰ তৰাং চিন্তাৰে -----

কবিতা :: জীয়াই আছোঁ --- মিৰ্জা ফাইজুৰ ৰহমান

মই যে এতিয়াও জীয়াই আছোঁ

মাঁথো তোমাৰ বাবে

তুমি আহিবা বুলি

গভীৰ নিশা চকুলো টুকো

নিৰাশ নহঁও যেন মই

তুমি আহিবা বুলি

সাজোন কাচোনেৰে আগবাঢ়ি যাওঁ

তোমাক আদৰিবলৈ

তুমি সঁচাকৈয়ে কাষত থকা হʼলে

সুখী হঁলোহেতেন মই

মনত পৰেনে

সোঁতৰ ডিচেম্বৰতেই

তোমাৰ বুকুত গুজি দিছিলোঁ

জীৱনৰ সেউজীয়া কবিতাটো

তুমি আহিবা বুলি

মই যে এতিয়াও জীয়াই আছোঁ ।

কবিতা :: তোমাৰ পৰশ পোৱা নাই --- ধীৰাজ কুমাৰ বৰা

তোমাৰ পৰশ পোৱা নাই

ওঁঠৰ,

তোমাৰ গুন্ধ পোৱা নাই

দেহৰ,

তোমাৰ দৃষ্টি পোৱা নাই

দুচকুৰ,

কিন্তু.....

অনুভৱ পাইছো মনৰ ।

কবিতা :: ফাগুন --- সাগৰ সঞ্জীৱ

ফাগুন........
পাৰ' যদি উভতাই দে মোৰ শৈশৱ
পাৰ' যদি শুকুৱাই দে মোৰ চকুপানী
শুকান পাতবোৰৰ দৰে
উৰুৱাই লৈ যা মোৰ দুখবোৰ
নীলিম আকাশৰ বুকুলৈ ।।

ফাগুন.....
পাৰ' যদি উভতাই দে মোক ভালপোৱা
পাৰ' যদি উৰুৱাই লৈ যা মোৰ বিলাসী সপোন
ধূলিকণা বীজানুৰ দৰে
ইহতঁবোৰো মোৰ দেহৰ বাৱে
এতিয়া হেজাৰ বেমাৰৰ বীজানু।।

কবিতা :: প্ৰিয়তমা তুমি ক'ত ? --- জাহাঙ্গীৰ আলম

কি কৰি আছা ?

জনসমুদ্ৰৰ কোন আঁৰালত ?

বিচাৰি তোমাক ভাগৰি পৰিছোঁ

ফাগুনৰ পছোৱা জাকত

নীলিমাৰ শূন্যতাৰ মাজত

জাঁকে জাঁকে উৰি যোৱা বিহংগৰ মাজত

তোমাকেই বিচাৰিছো মই ।

বাটে বাটে ঘূৰিফুৰি

হাবি জংগল একাকাৰ কৰি

শুধিছো মই শ শ যাত্ৰীক

তুমি থকা ঠাইৰ বতৰা

কোনেও দেখোন ক'ব নোৱাৰে

তুমি ক'ত থাকা ?

হেৰা ! মোৰ প্ৰিয়তমা ।

তথাপিও হোৱা নাই মই জুৰুলা

ৰাখিছো মই অসীম আস্থা

হিয়াত বান্ধিছো বিশ্বাসৰ সাঁকো

তোমাক বিচাৰি পাম বুলি

এই আশা বুকুত লৈ

আৰম্ভ কৰিলোঁ আকৌ মই

কবিতা :: প্ৰতিশ্ৰুতি --- জাহাঙ্গীৰ আলম

হাতৰ ওপৰত হাত ৰাখি তুমি
মোক দিছিলা প্ৰতিশ্ৰুতি
কাহানিও ন’হও বিচ্ছেদ দুয়ো
বাছি থাকো যদি ।

প্ৰতিশ্ৰুতিৰ সময়ত তুমি বুকু উজাৰি
ব্যাক্ত কৰিছিলা প্ৰেমৰ অনুভূতি
তুমি বিনে নাই কেও মোৰ
এই বিশাল পৃথিৱীত ।

আছেনে মনত তোমাৰ ? তুমি দিয়া কথাটি
দুয়ো হ'ম চিৰ সুখী এই বিশাল পৃথিৱীত
জীৱনৰ বাটত কোনো বাধাক প্ৰশ্ৰয় নিধি
আগুৱাই যাম দুয়ো হাতত হাত ধৰি ।

জীৱনৰ আধা বাটতেই আজি তুমি
পাহৰি গ'লা নেকি ? সকলো প্ৰতিশ্ৰুতি
জানানে তুমি ? তোমাৰ অবিহনে
অকলশৰীয়া জীৱনটো কটাম মই কি দৰে ।

কবিতা :: কলম --- জাহাঙ্গীৰ আলম

মোৰ অন্তৰখন ক’লা চিয়াঁহীৰে ভৰা যদিও
কৰ্মৰ দ্বাৰা বিশ্বক মই উজ্বলাই ৰাখোঁ
মই অবিহনে ন্যায়ালয়ত ন্যায়াধীশে
চুৰান্তু সিদ্ধান্তত স্বাক্ষৰ কৰিব নোৱাৰে ।

সেয়ে অন্তৰখন ক’লা বুলি নকৰিব হে'লা
মই অবিহনে শিক্ষাৰ্থীৰ শিক্ষা জীৱন অসম্পূৰ্ন
মই অবিহনে সকলোৰে পৰিচয় থাকে লুকাই
মোৰ অবিহনে কোনেও বিশ্বত জিলিকিব নোৱাৰে ।

মই কোনোবাৰ পকেটত কোনোবাৰ টেবুলৰ ওপৰত
এক নিৰ্জীৱ জড় পদাৰ্থৰ দৰে পৰি থাকোঁ
যেতিয়াই কোনোবাৰ হাতৰ পৰশ পাওঁ
সক্ৰিয় হৈ ইতিহাস ৰচিবলৈ ধৰোঁ ।

কবিতা :: আজিৰ সমাজ --- জাহাঙ্গীৰ আলম

মুনিষ্য সমাজৰ বৰ্বৰতাক সুঁৱৰি

আকৌ এবাৰ বোৱাই দিলো চকুলোৰ নৈ,

মুনিষ্য সমাজৰ মই এক নিকৃষ্ট প্ৰাণী

অকলশৰীয়া জীৱনটোক লৈ

মই এই নিষ্ঠুৰ সমাজত কি কৰিম,

সেয়ে বিষাদৰ বোজা মূৰত লৈ

চকুলোৰ নৈত মই বসতি কৰিলোঁ

চকুলোৰ নৈত গভীৰ দ’ত থকা

মাছ, কাছ, ডলফিন, জলপৰী

মোৰ সভ্য সমাজৰ নিৰিহ প্ৰাণী

এইবোৰেই মোৰ দৈনন্দিন জীৱনৰ লগৰী

মই আজি চিৰ সুখী

কাৰণ মুনিষ্য সমজৰ দৰে

ইয়াত নাই উচ্চ-নীচ আৰু জাতিভেদ ৷

কবিতা :: অভিশপ্ত ১৪ ফেব্ৰুৱাৰী --- বিক্ৰম কলিতা

ক্ষণিকতে অভিশপ্ত হ’লো ইতিহাসত

মানৱৰূপী দানৱৰ চলনাৰ বলি হ’লো,

দেশ ৰক্ষাৰ স্বাৰ্থত আহুতি দিলোঁ নিজৰ জীৱনক

ফাগুনৰ প্ৰথমটো সূৰ্য্যৰ

কিৰণ দেখিবলৈয়ে নাপালোঁ।

শুনিছোঁ কেৱল চাৰিওফালে আর্তনাদ

দুচকুৱে দেখিছে তপ্ত ৰক্তৰ ডোঙা

আই-পিতাই;

তহঁতে দুখ নকৰিবি।

ভণ্টিক ভাল ল’ৰা চাই বিয়াখন দিবি

ভাইটিক মই বুজাই দিছো.....

মোৰ আনুপস্থিত যেন তহঁতক দুখত নাৰাখে

ভাবিছিলোঁ বহাগৰ বিহুত ঘৰলৈ যোৱাৰ

পণ মেলিছিলোঁ ।

সকলোৱে বহি আনন্দেৰে এসাজ খাম

কিন্তু দেউলগা সময়ে যেন মোক মাতি আছিল

নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস

কবিতা :: নাৰীৰ মন --- জাহাঙ্গীৰ আলম

বুকুখন যেন দুৰু দুৰু কঁপে
কিবা কওঁ - নকওঁ কৈ থাকে
যেন হৃদয়ৰ অনুভূতিবোৰে
প্ৰতিটো পলে তাইক আমনি কৰে ।

কিবা কওঁ কওঁ কৈ থাকে
লাজুকীয়া মনেৰে মোৰ কাষলৈ আহে
কিবা এষাৰ কওঁ বুলি ওঁঠ দুটি লৰচৰ কৰে
একোয়ে নোকোৱাকৈ মোৰ ওচৰৰ পৰা ল’ৰ মাৰে ।

এইদৰে বহুদিন পাৰ হৈ গ’ল
তাইৰ মনৰ কথা মই বুজিবই নোৱাৰিলো
এতিয়া মই বিপাঙত পৰিছো
কিন্তু নাৰীৰ মন স্কেনিংতো কৰিব নোৱাৰো ।

মোইয়ো ভাৱো অতি নীৰৱে
তাইৰ হৃদয়ৰ আঁৰে আঁৰে
একোছা গোপন কথা লুকাই আছে
যি কথাবোৰ মোক খুলি ব্যাক্ত কৰিব বিছাৰে।

কবিতা :: পৰিচয় --- বিক্ৰম কলিতা

আজি হাহাকাৰ

মই মোৰ পৰিচয় বিচাৰি

হিংসা-সন্ত্ৰাসেৰে জৰ্জৰিত

ঠাইখনত মোৰেই বা পৰিচয় কি !

বিকৃত মানসিকতাত

কলুষিত আজি মই

কাণ পাতিলেই শুনো মই

ধর্ষণকাৰীৰ বিজয় উল্লাস ।

সিহঁতবোৰৰ উন্মাদনাত

পাহৰি যাওঁ মই মোৰ পৰিচয় ।

সাৰি যোৱা নাই মাতৃ, ভগ্নী, জিয়ৰী

ধিক্কাৰ সেই জাতি

আজি দেখো নিৰাপদ নহয় অন্তসত্তা নাৰী ।

ক'ত দিওঁ মই মোৰ পৰিচয়

নে সেইসকল কুলঙ্গাৰৰ মাজত!

বচাব পাৰিছো জানো মই

সেইসকল নাৰীক !!

যাৰ ঔৰষতে জনম মোৰ ।

নির্লজ-নিৰ্লিপ্ত ভাবে

বিচৰণ কৰিছে সিহঁতবোৰে,

কবিতা :: আধুনিক মই --- বিক্ৰম কলিতা

আজি পশ্চিমীয়া সংস্কৃতিয়ে

ছানি ধৰিছে কিন্তু,

এইবোৰ কিমান দিনলৈ ?

নিজৰ সংস্কৃতিক জলাঞ্জলি দি

আধুনিকতাৰ পোছাক পিন্ধা

সভ্য সমাজৰ ভদ্ৰলোক মই।

নাই মোৰ কোনো স্থিৰতা,

ইয়াত নাই কোনো অপশক্তিৰ ছাল

নিজেই নিজক বিক্ৰী কৰি দিছো।

আধুনিক হ’বলৈ গৈ

মই বিক্ৰী কৰি দিছো মোৰ আইক

জলাঞ্জলি দিছো নিয়ম-কানুন।

মই এ সভ্য সমাজৰ আধুনিক

নিবিচাৰো মই নগ্ন বুকুৰ মৰম

বিচাৰো মাথো

মই শব্দৰ মায়াজাল।

মই নহওঁ পার্কৰ এন্ধাৰ

এচুকৰ সেই প্ৰেমিক,

নিয়ন লাইটৰ পোহৰত

নকৰো মই কোনো

কবিতা :: প্ৰাচীন কালৰ নাৰী --- জাহাঙ্গীৰ আলম

প্ৰাচীন কালৰ নাৰীয়ে

আজিও পৰাম্পৰাগত পোছাকৰ মান ৰাখিছে

পৰাম্পৰাগত পোছাকেই

নাৰীৰ সৌন্দৰ্য্যক আঁৱৰি ৰাখে।

চকুত কাজল পিন্ধনত শাৰী

তেতিয়াহে লাগে নাৰী অতি শুৱনি |

প্ৰাচীন কালৰ নাৰীক |

নালাগে গাড়ী নালাগে সম্পত্তি

নালাগে গহনা নালাগে অট্টালিকা |

নালাগে বিউটি পাৰ্লাৰ নালাগে ফেমেলী ৰেষ্টুৰেণ্ড

লাগে মাঁথো জনম জনমৰ এক প্ৰতিশ্ৰুতি,

যি প্ৰতিশ্ৰুতিয়ে জীৱনৰ যাত্ৰাটো সৰল কৰে

দৈনন্দিন জীৱনত সুখৰ বাৰ্তা কঢ়িয়াই আনে ।

কবিতা :: ভোগালী --- বিক্ৰম কলিতা

শীতৰ ঠৰঙাবোৰ ভেদি

আহিছে লাহে-লাহেকৈ

ভোগৰ উৎসৱ ভোগালী,

উদং পথাৰখনেও যেন

শীতৰ মেলা পাতিছে।

ভৰি পৰিছে আটকধুনীয়া মেজিৰে

ডেকা-গাভৰুৰ গাত তত নাইকিয়া

শুকান খেৰ-নৰা বিচাৰি মেজি সাঁজি

ভোগৰ উৎসৱক আদৰিবলৈ।

আইৰ আখল উভৈনদী

চিৰা-সান্দহ-পিঠাগুড়ি

ভোগ-বিলাসৰ সামগ্রীৰে।

কোনে কি কৰিব কি নকৰিব

সেইলৈয়ে সকলো ব্যস্ত,

চুবুৰীয়ে চুবুৰীয়ে ঢেঁকী-উড়ল

শব্দই ৰজনজনাই গৈছে।

উৰুকাৰ নিশা সকলোৱে মিলি

হাঁহে-মাহে এসাজ ভোজ-ভাত খাম,

ল’ব লাগিব মাটি মাহৰ সোৱাদ

খাব লাগিব মোৱা আলুৰ মিঠা

কবিতা :: তোমাৰ ছলনাৰ বাবে হৈ গ’লো আনৰ লগৰী --- জাহাঙ্গীৰ আলম

দূৰণিৰ পৰা হাতবাউলি

মোক মাতিছা তুমি কিয়

তোমাৰ অপেক্ষাত দিনবোৰ কটাই

আজি মই চিৰদিনৰ বাবে আনৰ হৈ গ’লো ।

মই আৰু উভতি নাহো তোমাৰ জীৱনলৈ

কাৰণ আজি মই আনৰ প্ৰেমত আৱদ্ধ

তোমাৰ বাবে ৰৈ ৰৈ দিনবোৰ কটাইছিলো

তোমাৰ পৰা সঁহাৰি নাপালো বাবেই,

আজি আনৰ লগত ঘৰ সংসাৰ কৰাৰ

এক কঠোৰ সিদ্ধান্ত ল’লো,

তুমি মোক ভূল নুবিজিবা

কাৰণ এনে এৰা-ধৰাৰ মাজত

নিষ্ঠুৰ দিনবোৰ যে পাৰ নহয়

সেয়ে তোমাৰ এৰা-ধৰা প্ৰতিশ্ৰুতি ভংগ কৰি

এক নতুন সুখৰ সন্ধানত,

চিৰদিনৰ বাবে হৈ গ’লো আনৰ লগৰী।

কবিতা :: নীৰৱতা --- দেবীনা বৰশইকীয়া

জীৱনৰ সেই নিষ্ঠুৰ ক্ষণত

তুমি মোক বিচাৰিবা

যেতিয়া জীৱনৰ কোলাহলপ্রিয় সেই মুহূৰ্ত

নাথাকিব তোমাৰ লগত,

নিজানত থাকিব কেৱল

নীৰৱতা নীৰৱতা নীৰৱতা।

সৃষ্টিৰ আশাৰে লঠঙা গছত

দুচকুৰ নির্মালী ঢালিবা

তেতিয়া বাৰু বিচাৰি পাবানে মোক ?

মাথোঁ ৰৈ যাব তোমাৰ স্মৃতিত,

সৌন্দৰ্যময় জীৱনৰ সেই মধুৰ ক্ষণৰ

জিৰাইছিলা য'ত....

মোৰ শীতল কোলাৰ ছাঁত ।

কবিতা :: মৌনতা --- সেৱিকা হাজৰিকা

তুমি এজাক বলিয়া বতাহ ,
যাক স্পৰ্শ কৰিব নোৱাৰো |
এটি গানৰ মিঠা সুৰ ,
চাব নোৱাৰো নয়ন জুৰাই |
এখন ধুনীয়া ছৱি ,
শব্দৰে নোৱাৰো মৰমৰ মালা গাঠিব |

উত্তৰবিহীন বেবেৰিবাং চিন্তা
অশান্ত বিবেকৰ |
এপিয়লা প্ৰেমৰ ৰাগী
মাতাল হৈ কটাব নোৱাৰো উজাগৰি নিশা |
ৰিক্ত হৃদয়ৰ কোনৰ পৰা নিগৰা
তুমি মোৰ এটি বেসুৰা কবিতা |

তুমি মোৰ ছাঁ ,
আতৰাবও নোৱাৰো ,সাবতিবও নোৱাৰো |
মাথো সহচৰ জীৱন বাটৰ ,
লুকা - ভাকু আবেগৰ
এটা মিঠা অনুভূতি মোৰ হৃদয়ৰ |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,410
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,399
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,694
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,472
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,188
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,259