কবিতা

মানৱ প্ৰেম --- স্ৱপ্নালী দেৱান বৰুৱা

কোঁচ, কলিতা, আহোম, বামুণ, মটক,

মৰাণ,ৰাভা,মিচিং,বড়ো, কছাৰী,দেউৰী........

কিয় বাৰু আমাৰ এনে বিভাজন.....??

অসমী আইৰে সন্তান আমি

আমি মাথোঁ অসমীয়া..... !!

হিন্দু, বৌদ্ধিষ্ট্, জৈন ,শিখ,ইছলাম, খৃষ্টিয়ান্......

কিয় বাৰু আমাৰ এনে বিভাজন্....??

ভাৰত মাতৃৰ সন্তান আমি.....

আমি মাথোঁ ভাৰতীয়্.....!!

এচিয়ান , ইউৰোপিয়ান, আফ্ৰিকান, আমেৰিকান্....

কিয় বাৰু আমাৰ এনে বিভাজন্....??

ধৰিত্ৰীৰ বুকুতে জন্ম আমাৰ্...

আমি মাথোঁ মানৱ জাতি.....!!

মানৱী প্ৰেমেৰে হিয়া উঠলাই

মানৱতাৰ গীত গোৱা....

গাওঁ ভালপোৱা মানুহবোৰ --- দাদুল ভূঞা

গাওঁ ভালপোৱা মানুহবোৰ গাঁৱত

থাকে গাৱঁৰ পলসুৱা মাটিত সেউজীয়াৰ

খেতি কৰে ।

গাওঁ ভালপোৱা মানুহবোৰে ভাল পায়

পথাৰৰ বোকা পানী শৰত্তৰ

শেৱালি ফুলা ৰাতি আঘোণৰ

সোনালী পথাৰৰ হালধীয়া হাঁহি ।

গাওঁভালপোৱা মানুহবোৰ গাঁৱলীয়া,

তেওঁলোকে চিনি নাপায় চহৰ

চিনি নাপায় মহানগৰীৰ যানযত্

চিনি নাপায় সৰু সৰু

গলি কিম্বা ডিস্কো বাৰ ।

গাওঁ ভালপোৱা মানুহবোৰে চহৰত উশাহ

লব নোৱাৰে

নাজানে ট্রেফিক জাম ফালি খোজ দিব ।

কংক্রিটৰ বৃহত্ত অট্টালিকা দেখি তৱধ

লাগি চায় বিলাসী গাড়ীৰ শৱদত

তেওঁলোক মূর্চ্চা যায় ।

তোমালৈ --- নবজ্যোতি মিশ্ৰ (চিকু)

শব্দবোৰ স্থবিৰ হয় কেতিয়াবা
ভাষা বিচাৰি !
নিৰৱ হৈ ৰও...
বুজাব নোৱাৰি
কিমান স্পৃহা তোমালৈ !
কি কৰিবা...
মনটোৱে যে অবুজন...!

তৰাফুলীয়া সপোনত
এছাটি জোনাক নামিছে,
অভিমানৰ কলীয়া ডাৱৰ
নচটিয়াবাচোন...!
জোনাক হেৰাই
বিৰহৰ বৰষুন বিচৰা নাই....!!

ৰঙা কবিতা --- ৰাজীৱ কায়স্থ

সৌ সিদিনা
দেখিছিলো তাইক
শৰণীয়া পাহাৰৰ
হৃৎপিণ্ডত কড়ি
খেলি থকা... ।

অৰুণাচলৰ এটা
আদিম জাতিৰ
দৰেই সুমিউ সুমিউ কৈ সুহুৰিয়াইছিল
তাই,
লঠঙাৰ আঁৰে আঁৰে

মৃম বৃৰ য়াঃমেৰ
গুমৰাগ...লৃগাং আৰু
আপং শিমলুৰ
হেঙুল দাপোণত তাই
অই-নিতম গাইছিল

সৌ সিদিনা
দেখিছিলো; তাই
মোৰ বুকুৰ বুলবুলি
মিবু গালোগত,
নাচিছে গুমৰাগ
পছোৱাৰ বা লাগি ।

পকা পাতৰ
মৰমৰণিত মই
বুজিছিলো, তাই
আহিছে ।

তাই আহিছে বুটা
বছা সাজত হৃদয়ত
মোৰ শিমলুৰ হেঙুল
ফুলাবলৈ...।

বৃটিছৰ সপোন --- শ্ৰী ভাস্কৰ জিৎ নাথ

আধুনিকতাৰ পৰশ পাই নতুন ৰূপ ললে
বৃটিছ চিহ্ন সেই কেনেল, যাকলৈ বৃটিছ চাহাবে দেখিছিল অলেখ অজুত ৰামধনুৰ দৰে সপোন।

আকিছিল কৃষকক পানী যোগান ধৰা অমৰ জলসিঞ্চল ব্যবস্থাৰ চিত্র,
হয়তো তাৰ মাজতেই লুকাই আছিল
কৰ প্রদান কৰাৰ ৰহস্য।

হয়,সেই জীয়া স্মৃতিবোৰ বুকুত বান্ধি আজিও বৈ আছে কেনেলৰ পানী,
যাৰ সোতে কঢ়িয়া আনে অতীতৰ মধুৰ মেঘৰ বাতৰি।

কঢ়িয়াই নিয়ে বৃটিছ চাহাবে ৰাইজৰ ওপৰত কৰা অসভ্যালী,
হয়তো তাৰেই চিহ্ন হিচাপে ৰৈ গল আজিও ছুইচ গেইট পদ্ধতি ।

ৰাজপথ কমা ভিক্ষাৰী --- পল্লৱ কুমাৰ নাথ

ৰাস্তাৰ কাষত জঠৰ হৈ পৰি ৰয়,
প্ৰকাণ্ড ট্ৰাকৰ গৰ্জ্জনত
মোৰ কাণত নপৰেহি...
সিহঁতৰ ভোকৰ আৰ্তনাদ
কিম্বা আতংকত হৃদয় কপোঁৱা চিঞৰ ।

অসময় ৰোডচাইড গাড়ীৰ হেডলাইটৰ পোহৰত
জিলিকি উঠে হাড়ত চাল লগা
শুকান শৰীৰ !
কংকাল মানব !!

হাতৰ পৰা সৰি নপৰে ব্যস্তময়ী সময়
ইণ্ডকাৰ চাইড গ্লাছত জিলিকি উঠে
কুৎচিত মুখ !
লেতেৰা দেহাবোৰ !!

চকু ফুৰাই, এক অভাৱী সমাজ
চিনাকী মুখ ?
নাই ! কয়লা জীৱনৰ উপন্যাস ;
জটা চুলিৰ ওপৰত ধূলিৰ ময়লাময় চামনী ।

জীৱন,এক বিশাল সংগ্ৰাম --- নিলোৎপল নেওগ

সাতুৰি নাদুৰি অতিক্ৰম কৰিছো

জীৱনৰ বৰ লুইতখন;

নাজানো ,কিমান গভীৰ এই জীৱন সমূদ্ৰ ।

কেতিয়াবা নিৰুত্তৰ হৈ ৰও

একোটা প্ৰশ্নবাণত,

স্থবিৰ হৈ পৰে মোৰ ভাৱনাৰ সুঁতি ।

জীৱনৰ অৰ্থ কি ?

এয়াই প্ৰসংগ মৌনতাৰ ।

প্ৰায়েই আধৰুৱা হৈ ৰয়

মোৰ উত্তৰৰ শব্দমালা ।

মতিভ্ৰম হৈ পৰো অৰ্থ বিচাৰি জীৱনৰ !

এটা সপোন দেখিছিলো

মায়াময় অন্ধকাৰৰ কোনোবা এটা ক্ষণত

আৰু নাম দিলো তাৰ সংগ্ৰাম ।

ৰঙা নীলা আশাবোৰ ভাঁহি ফুৰিছিল

সুনীল আকাশৰ এটা আছুতিয়া কোণত ।

ধ্বনিত হৈছিল মনৰ বেটুপাতত থকা কবিতাবোৰ

ছন্দহীন একোটা গান হৈ ।

মৃত্যুমূখী এটা দিন --- নিলোৎপল নেওগ

এটি দুটিকৈ পমি পমি শেষ হৈছে জীৱনৰ ম্যাদ ;

বিলিন হৈ গ'ল পোৱা নোপোৱাৰ কত আশা

এই মৃত্যুমূখী সুতত ।

আমি আকুৱালী ল'ব বিচাৰো

জীৱন নাটৰ প্ৰতিটো স্মৃতি ।

হেৰুৱা স্মৃতিত বিচাৰি ফুৰোঁ

ম্লান হৈ পৰা আশাৰ পণ্য ।

মৰীচিকাৰ দৰে খেদি ফুৰোঁ

প্ৰেমৰ মধুৰ স্মৃতিক ।

বৰ কষ্ট প্ৰেমৰ স্মৃতি পাহৰাটো

আৰু তাতকৈও কষ্ট প্ৰেমত হৃদয় হেৰুওৱা ।

অগ্ৰগামী দিনৰ সুঁতি এক যন্ত্ৰণাৰ সুঁতি

য'ত থাকে বিশ্বাসৰ বিপৰীতে বিশ্বাসঘাটকতা ।

দুটা দিনতে অচিনাকী হৈ যাব পৰাটো কি প্ৰেম ?

মই আজি অপেক্ষাৰত সেই দিনটোৰ

গোলাপীৰ বিয়া --- শ্ৰী ভাস্কৰ জিৎ নাথ

পুৱতী নিশাতে ফেচাৰ মাততে ফুলিল কেতেকী ফুল, নিশাৰ জোনাকে কবিতা ৰচিলে
গোটেই জগত ভুল ।

তগৰ,নাহৰ, কেতেকী আছে ফুলনিত ফুলি, গছৰ আৰত পাতৰ আৰত লাগিছে জাম জেলি ।

কইনাৰ সাজত বাগিছাৰ মাজত সজাইছে গোলাপ ফুল, ন ন ৰূপত বিয়ালৈ আহিছে ফুল
কথাৰ নিছিগে ওল ।

নাহৰে বজাইছে কাঢ়ি টেং টেং কৰি,
কেতেকীয়ে বজাইছে বেণ্ড ধেম ধেম কৰি।

ৰজনীগন্ধা আহিছে দৌৰি ককালত খুচনি মাৰি,
নাচোন এপালি দিলে ওজাৰি হিয়া মন খুলি।

জবা ফুলে ভৰালে ৰভা ঘৰ আসন শুয়নি কৰি, মদাৰ ফুলো আহিছে সাজি কাছি হাততে লৈ পেজেনটি ।

সপোনবোৰ --- নবজ্যোতি মিশ্ৰ (চিকু)

সপোনবোৰ...
সদায়ে সোৱৰণি হয় !
বুকুৰ গহ্বৰত
ভাজ ভাজকৈ ৰৈ যায়
বিফলতাৰ ছবিবোৰ !

স্মৃতিৰ দাপোনত
তুমিও এটি সপোন !
ৰং বুটলিবলৈ নাযাও..
ভালপোৱাৰ মূৰ্খামি মই নকৰো,
সপোনৰ নীলা চাদৰ পাৰি
অভিনয় কৰিব নোৱাৰো !
সেউজীয়াৰ অনুভবেৰে
জীপাল কৰি ৰাখিম
সাচতীয়া সপোনবোৰ !

মোৰ বাবে এইবোৰ
সুকীয়া সৌন্দৰ্য্য...
স্মৃতিৰ ওৰণি গুচাই
কেতিয়াবা চাম..,
গজালি নেমেলা সপোনবোৰ..!!

চিনাকি সুৰ এটা ভাহি আহিছে --- কিশোৰ বড়ো

নিৰুচ্ছাস চিৰাচৰিত শ্রান্ত বুকু গৰকি

দুখৰ দুগদুগি পিন্ধা দোলায়মান সমাজ গৰকি

দুন্দুভি বজাই চিনাকি সুৰ এটা ভাহি আহিছে

ভয়ৰ প্রচ্ছদ আঁতৰাই বাঢ়ি আহিছে

উদগ্রিৱ অটলস্পৰ্শী সেউজীয়া অনুৰাগ

নিসন্ধি চিনাকি শানিত সুৰেৰে

ফাগুনৰ শিমলুৰ ডালত বৰষুণ নামিছে

তৰাং নৈখনে গাইছে বাৰিষাৰ অনিত্যহীন গান

লহপহ শস্যৰে ভৰপূৰ নিমাখিত মাটি

নিৰ্বোধ হাতৰ বিজয় উল্লাখ

নিমুৱা মনৰ ধ্বংসৰ বৰদৈচিলাৰ নিদাঘ যজ্ঞবোৰ

স্তিমিত হৈ পৰিছে সেই চিনাকি সুৰত

চিনাকি সুৰ এটা ভাহি আহিছে উশাহত

প্রগলভ নিটোল সুৰত উৰিছে সুখৰ চিলা

একবিংশ শতিকাৰ আমিবোৰ নতুন পুৰুষ --- ডিম্বেশ্বৰ কোচ

একবিংশ শতিকাৰ আমিবোৰ নতুন পুৰুষ ৷

বন্দী আমি শব্দৰ মায়াজালত ৷

পোহৰ আৰু সমৃধ্বিৰ আশাত চতফতাই
আছো ৷

শব্দৰ মায়াজালত লাঞ্চিত জীবন ৷

পোণাকনহঁতে কান্দে নতুনত্ব বিছাৰি ৷

আন্ধাৰ আৰু পোহৰৰ দোমোজাত

জীৱন হেৰুৱাৰ ভয়ত ৷

শেৱালীৰ সুবাস --- শ্ৰী ভাস্কৰ জিৎ নাথ

শেৱালীৰ সুবাসে মোক তোমালই মনত পেলাই,
দুবৰিৰ নিয়ৰ গছকি তুমি আহিছিলা মুৰ পদূলিলৈ । তল ভৰা শেৱালীৰ সুবাস বুতলিবলৈ ।

পুৱাই সাৰ পাই ৰৈ থাকে পদুলীৰ কৃষ্ণচূড়া জোপা, তুমি আহিবা... আৰু ফুল
বুতলি মোৰ চৌহদত তোমাৰ অনুভুতি এৰি থে যাবা ।

তুমি সজাইছিলা মোৰ হিয়াৰ শোৱনী কোঠা ফটা হিয়া চিলাই... তোমাৰ মৰম আৰু
একাজলি হাহিৰ অমূল্য টুকুৰাই ।

আজি পৰি ৰল অজস্ব শেৱালী ফুল মোৰ দুখৰ সুৰভি বিলাই,
তুমি নাহা হলা, হয়তো সেই বাবেই আজি কৃষ্ণচূড়াই পুৱা সাৰ নাপাই ।

প্ৰতিক্ষাৰ অৱশেষ ক'ত ? --- প্ৰীতিৰেখা দাস

জোনলৈ মুখ কৰি

বাট চাই আছিলো অতদিনে

আহিবা বুলি শুকুলা ঘোঁৰাট উঠি

জোনাকৰ দেশৰ পৰা ৷

নিয়ৰে তিওৱা নিজানত

তোমাৰ ছৱি আঁকো ৰামধেঁনু ৰঙৰে ৷

ঠুনুকা হিয়াৰ আচঁলত সযতনে সাচি থওঁ

মোৰ প্ৰথম প্ৰেমৰ সোণাৰোৰঙী স্বপ্নীল অনুৰাগ ৷

ক'ত শীত গ'ল

ক'ত বসন্ত ...

তুমি নাহিলা ৷

প্রতি সন্ধ্যা হিয়াৰ পদূলিয়েদি নামি আহিল

মাথোঁ বিষাদলগ্না জোন ৷

পাহৰিছা নেকি তুমি বাৰু মোৰ হৃদয়ৰ ঠিকনা ?

অসীম ভালপোৱাৰ ভাষা ?

যদিহে পাহৰা নাই

তেনেহলে জীৱনৰ লগতে

হৃদয়ৰো ঘটে নেকি অপমৃত্যু ?

আন্ধাৰৰ মাজত পোহৰ --- ডিম্বেশ্বৰ কোচ

আন্ধাৰৰ মাজত পোহৰ খেপিয়াই ফুৰোতেই ,

তুমি আহি আকৌ দি গলা

এবুকু যান্তনা ৷

দেহ - মন ভাগৰুৱা ,

অথচ,

যান্তনা সহি সহি জীয়াই থাকিবৰ মন ৷

কেতিয়াবা ,

এই যান্তনাৰ মাজতেই বিচাৰি পাও জীয়াই থকাৰ বিশুদ্ধ

অম্লজান আৰু

অলপ পোহৰ ৷

জীয়াই থাকিবলে ৷

এনেদৰেই জীয়াই আছে চাগে আৰু বহুত জনে ?

আন্ধাৰত অস্তিত্ব হেৰুৱাই ৷

প্ৰেমৰ অনুভৱ --- কৰবী ফুকন নাথ

তুমি মোৰ অনুভৱৰ

হৃদয়ৰ

কলিজাৰ

ভাল পোৱাৰ দিনৰ পৰাই

গোপনে ৰাখিছোঁ আলফুলে ৷

তুমি মোৰ

অনুভৱৰ

সপোন

আশা

কবিতা সাঁচতিয়া ৷

বুকুৰ পদূলিত

তোমাৰ পৰশৰ উত্তাপ

মনত পৰে

তুমি আঁকি দিয়া

চুমাৰে উপচোৱা

ৰঙচোৱা আবেলি ৷

ওঠৰ জীপাল পৰশ

আহঃ

কিদৰে বুজাম তোমাক

হিয়াৰ মিঠা অনুভুতি ৷

তুমি চুই দিয়া মোৰ

সেউজীয়া এতিয়া ও সজীৱ ৷

কলিজাই বিচাৰে তোমাক

গভিৰ নিশা

তোমাৰ দহো আঙুলিৰ

স্পৰ্শ বিচাৰো বুকুত

তুমি চুই দিয়া

মোৰ দেহৰ খলা বমা

তুমি আহিবা বুলি --- ডিম্বেশ্বৰ কোচ

তুমি আহিবা বুলি নদী খনৰ ঘাটলৈ গৈছিলো ৷

তুমি অহাৰ পৰত

নদীখন গভীৰ হৈ পৰিছিল ৷

পাৰৰ

কঁহূৱা বোৰে হালি-জালি নাচিছিল|

নদীৰ ঢ়ৌ বোৰে গান গাইছিল, আৰু

মই তোমাৰ বুকুৰ উত্তাল লহৰত

উতি ভাঁহি ফুৰিছিলো |

ক্ৰমশ

প্ৰেম বোৰ

গভীৰ আৰু ঘন-নীলা হৈছিল৷ তোমাৰ

উশাহত প্ৰান পাই উঠিছিল

সেউজীয়া কবিতা বোৰ ,

ৰসাল হৈছিল

কবিতাৰ শব্দ ৷

এনেদৰে নিতৌ আহিবা নদীখনৰ

ঘাটলৈ |

জীপাল হৈ ৰৈ থাকিম

তুমি অহালৈ ৷

valentine….তোমাৰ স’তে হেঁপাহৰ এটি দিন --- প্ৰীতিৰেখা দাস

কটাম বুলি ভাবিছো তোমাৰ স’তে হেঁপাহৰ এটি দিন ৷

হেৰাই যাম সিদিনা তোমাৰ সুনীল চকুৰ গভীৰতাত ৷

নাইবা তোমাৰ পুৰঠ ওঠঁত আঁকি দিম মোৰ

কোমোল ওঠঁৰে এটি দিঘল চুমা …..

সংগোপনে ওমলি থাকিব তোমাৰ আঙুলিৰ ফাঁকত

মোৰ লিহিৰি আঙুলিবোৰ ৷

এক আদিম সুখানুভুতিত

উল্লখিত হৈ পৰিব চৌপাশৰ সময়বোৰ

তুমি মোলৈ উপহাৰ হিছাপে কি আনিবা ?

সোণৰ আঙুঠি ? কাচঁৰ তাজমহল ?নে অন্য কিবা ?

যদি তুমি আনিলাহেতেন মোলৈ এপাহ শুভ্রখৰিকাজাঁই…

মই বৰ সুখি হলোহেতেন জানা…

মই কিন্তু লৈ যাম তোমালৈ দুহাতৰ কুঁকিত ভৰাই

প্রেম আৰু কবিতাৰ আকাশ ৷

মোৰ অনুভৱৰ --- নিলোৎপল নেওগ

ইমান অভিমানী কিয় তুমি,নিকিতা !

তোমাৰ অভিমানবোৰে আজিও জ্বলাই জ্বলাই মাৰিছে

মোৰ জীৱন্ত দেহটোক ।

তুমি সচাকৈয়ে মুহি পেলাইছিলা

ধেমাজি কলেজৰ সমগ্র চৌহদ

তোমাৰ মায়াবী চাঁৱনিত ফুলি উঠিছিল

মোৰ কলিজাৰ ৰঙা ফুল ।

তোমাৰ বেকা চাঁৱনিত আজিও মই মতলীয়া। হৈ পৰো

ভাবি ভাবি ব্যাকুল হৈ পৰো তোমাৰ কথা ।

তুমি যে সুন্দৰী অপ্সৰা সেই কথা অস্বীকাৰ নকৰো ময়ো

কিন্তু মই কেতিয়াও একাত্ম হব নোৱাৰো

তোমাক পাহৰি পেলোৱাৰ সিদ্ধান্তৰ সৈতে ।

তোমাৰ হাঁহিত ফুলি উঠিছিল প্ৰতিপাহ ফুল

মোৰ মন বাগিচাৰ ।

চৰাই জাক --- ৰাজীৱ কায়স্থ

এজাক চৰাই উৰি
যোৱা দেখিছিলোঁ
নীলাম্বৰৰ
প্ৰান্তে প্ৰান্তে,

সিহঁতৰ বৈচিত্ৰময়
উৰণ যেন লীন হ'ব
সিহঁত অয়নান্তৰ
আঁচলত ।

সূৰ্য বৰ্ণালীৰে
উদ্ভাসিত হালধীয়া
স্বপ্নৰ পম খেদি মই
গৈ আছিলোঁ...

বাটত ল'গ পালো
এজন বৃদ্ধ, তেওঁৰ
বিবৰ্ণ মুখমণ্ডলত
জীৰ্ণ দিনৰ ৰেখা
নিসংগতাৰে তেওঁৰ
নিস্তেজ আলাপ ।

আৰু এডাল গছ বহু
যোজন আঁতৰত ।

এইদৰে গৈ গৈ মই
এলুমিনিয়ামৰ এখন
দেশত ভৰি থয়;
মোৰ নীলিময়
স্মৃতিৰ পৰা
মচ খাই গ'লঃ

শীত --- মুনমী ভট্টাচায্য

এইবেলি শীতৰ সভা বহিছে ।

পদপথত পৰি ৰোৱা

সৰাপাতবোৰ, লঠঙা গছ

আৰু জীৰ্ণ - শীৰ্ণ

মানৱবোৰৰ মাজত ।

আলোচ্য বিষয় -

" শীত কাৰ বাবে ?? "

হীমশীতল বতাহজাককো

আওকাণ কৰি সংগ্ৰামৰত

কণমানিজনী, তাইৰ ৰুগীয়া মাতৃ

অথবা কোনো দানৱৰ অত্যাচাৰত

পাগলী হোৱা মহিলাগৰাকী

সকলোৰে শীত একেইনে !

শীতৰ সমদলত

বাৰুকৈয়ে বিধস্ত হৈছে

ফুটপাথত পৰি ৰোৱা সেইসকল ।

যাৰ শীতৰ আগমনে

সংগ্ৰামৰ আন এটি

জীৱন্ত ৰুপ দাঙি ধৰে ।

লোকচক্ষুৰ মানসত

অস্তিত্বহীন নাগৰিকৰ তালিকাত

তেওঁলোকৰ স্হান শীৰ্ষত ।

ফাগুন নামি আহে মোৰ বুকুয়েদি --- প্ৰীতিৰেখা দাস

ধূলিৰ নিজৰা এটা হৈ

ফাগুন নামি আহিল মোৰ বুকুয়েদি ৷

চকুত চকু থৈ পিন্ধালে আলফুঁলে

মোৰ দেহত হালধীয়া সাজ ৷

মইচোন আছিলো সেউজীয়া ....

ফাগুনৰ পোছোৱাত উৰি ফুৰা

হৈ পৰিলো এটি চঞ্চলা

হালধীয়া পখিলা ৷

দুখ-২ --- জগদীশ কলিতা

আকৌ সোমাই আহিছে তুমি দি যোৱা দুখবোৰ
নিৰলে মোৰ মনৰ কোঠালিত ৷

নিষ্ঠুৰ সময়ৰ সংগীহীনতাত
দুখক যে কৰিব নোৱাৰি সংগী ৷

নতুনকৈ সজাব খোজা মনৰ কোঠাটো
ভাঙিব নোৱাৰি আকৌ দুখৰ ধুমুহাৰে ৷

ডাইনী --- কিশোৰ বড়ো

মাজৰাতি গাওঁখনৰ আকাশত জোনহৈ জ্বলে

এটা গুজব

(যিটো গুজবটোকে জোন বুলি ভাবে)

মানুহবোৰৰ মুখে মুখে বাগৰি আহে

গুজবটো হয়হি গগন ফালি যোৱা আৰ্তনাদ

যাৰ মন্ত্ৰৰ শব্দত গধুৰহৈ পৰা বুলি ভাবে

গাওঁৰ বুকুৰ বতাহ,গাওঁৰ শ্বাসৰুদ্ধতা

যিয়ে উৰি উৰি জপিয়াই জপিয়াই যায় চুলি মেলি

কেতিয়াবা অকল মূৰটো ঘূৰি ফুৰে এন্ধাৰৰ আবৰণ ফালি

(সন্দেহবশতঃ )

গভীৰ ৰাতিটো বেছি জয়াল কৰি মেলি দিয়ে

অচিন বেমাৰৰ ভয়ংকৰ সুঁতি

অন্ধবিশ্বাসৰ হাতত ধৰি গুছি যায়

অচিন এন্ধাৰৰ বাট

বাটে ঘাটে বাজে তেজৰ কৰুণ বাঁহী

দুখ চাব বিচাৰে যদি আহিব'চোন মোৰ চুবুৰিলৈ --- দাদুল ভূঞা

দুখ চাব বিচাৰে যদি আহিবচোন মোৰ চুবুৰিলৈ । তাত জোনাক নানামে, জোনাকৰ ৰাতি ।

শুকুলা মেঘবোৰ আকাশৰ মোহনাত কলীয়া মেঘ হৈ ডোলে । সকলো দুখী মানুহ তাত জীয়াই থাকে। সুখী মানুহৰ অভাৱ।

কাতিৰ কঙালি পোচাকজোৰো আঘোণত খুলি থব নোৱাৰে তেওঁলোকে ।

উদং ভঁৰালত শূন্যতাৰ অবলোকন কপালৰ ঘাম সৰা মাটি অথলে গ'ল আপদীয়া বানত ।

এইবেলি ভোগালী পথাৰত নাসাজিলে ভেলাঘৰ নজ্বলিল ওখ ওখ মেজি ।

সকলোৱে কান্দিলে ভোগালী ৰাতি আনন্দৰ ভোগালী হ'লগৈ দুখৰ । তেওঁলোকে শুকান পথাৰ খনলৈকে নিথৰ হৈ চাই থাকিল উৰুকা নিশা সকলো একেলগে তিতিলে দুখত ।

তগৰ --- কিশোৰ কুমাৰ গগৈ

সুবিমল সৌৰভৰ

সূগন্ধিত তগৰ ফুলে।

তোমাৰ আমাৰ মন

জুৰাই তোলে।।

ব্যাপিত জ্যোস্নাৰ

ৰাত্ৰি তগৰৰ সুৱাসত।

উপবন জকমকায়

ফুলিছে শুভ্ৰ তগৰ দুৰ্গন্ধ আতৰায়।।

আতৰাই দুখ ক্লেশ পৃথিৱীৰ

ফুলিছে নিবোল নিৰ্মল তমসাত।

আমোল মোলাইছে চৰাচৰ

সদানন্দ মনে কাল তমসাত।।

ব্যৱহৃত হৈছে তগৰ

নৱ-বৰষৰ পূন্য পূজ্যত।

লগতে কৰিছে শুৱনি

কলডিলীয়া বহাগী ৰমণীৰ খোপাত।।

অন্তত মোলান পৰিছে পুষ্প তগৰ

সমাপ্তিও ঘটিছে শ্যামলী কালৰ।

নোহোৱা হৈছে সুবিমল সৌৰভৰ

সুগন্ধই সুগন্ধিত ফুল তগৰৰ ।।

প্ৰিয়া --- বিপুল চন্দ্ৰ আৰ্য্য

মোৰ হিয়াৰ মাজত

তাইৰে প্রতিচ্ছবি,

তেজৰ মঙহে মঙহে

হাড়ে হিমজুবে

মাথো তাই ।

স্বর্গৰ পৰা মর্তলৈ যেন

তাই মোৰেই বাবেই আহিছে,

আকাশ নীলা দুচকু,

অন্তৰ তাইৰ সাগৰ গভীৰ ।

মুখমণ্ডল পূণীমাৰ জোন ,

চকুৰ চেলাউৰী ৰামধেনু ,

দাঁতবোৰ দালিম গুটি ।

হাঁহিত সৰগখন ভাগি পৰে,

মাতত অমৃত বৰষে ,

ব্যৱহাৰত অমায়িক

শুখ দুখৰ লগৰী ।

জনমে জনমে যেন

তাকেই পাঁও ।

প্রতিটো কামতে হয়ভৰ দিয়ে

প্রেৰণা উচ্ছা উদ্দীপনা দি

মোৰ জীবনটো কটায় ।

মাথো মৰম-ভালপোৱা ।

জোনাকী --- মৃণালৰাজ কলিতা

জোনাকী তুমি ইমান উতলুৱা

একে ঠাইতে কিয় বাৰু নৰোৱা,

পচোৱাৰ লগত মিলিব খোজা

ক’ই দুয়ো-দুয়োৰে মনৰ বতৰা,

আকাশত জিলিকা তৰাৰ দৰে

তুমিয়ো জিলিকিব খোজা

বিৰিখৰ পাতে পাতে......

দিনৰ দিনটো থকা দুবৰিত বাগৰি

গধূলী হ’লেই অহা পথাৰ উপচি

তোমাক দেখিলেই মোৰ

উভতি আহে ল’ৰালি,

তোমাৰ লগত থকা

উমলি-জামলি ।

কোৱাচোন বাৰু

আজিওঁ উমলিবানে

হাতে হাত ধৰি

তোমালৈ ৰৈ আছো

মই নিশব্দে, নিৰৱে.........

হৃদয়ৰ হাবিয়াস --- মৃণালৰাজ কলিতা

হৃদয়ৰ হাবিয়াস
পৰ্ব্বতৰ শিখৰ
দূৰণীৰ মনোমহা ছবি,
সেমেকা ওঠত
জিলিকি উঠে
সপোন কাজলনৰঙী ।।

উজাগৰি ৰাতিৰ
স্নিগ্ধ সপোন
জোৱাৰৰ অতব্য ধবনি,
আলফুলীয়া দুহাত
বিলয়ৰ হেঁপাহ
ব্যাকুল হৃদয়-বাণী ।।

ওখৰা-মখৰা
কাঁইটীয়া বাট
খোজে প্রতি অসহায়ী,
পথভ্রষ্ট্য পথিক
সংগীবিহীন চগা
ব্যৰ্থ মন-অনুৰাগী ।।

প্রচন্দ ধুমুহা
নিঃসংগ আকাশ
ল’বানে জোনৰ ওৰণি,
একাজলি মৰমৰ
একাজলি চেনেহৰ
মাথোন তুমিয়েই শুভাকাংশী ।।

আহিন --- মৃদু জোনাক পয়োভৰ

নাগাজান অভিমুখী wingerৰ পৰা ,

এই মাত্ৰ নামিছে আহিন |

পৰ্দাপন কৰিছেহি,

বকুলৰ মজিয়াত |

দুচকুত sun glass

পিঠিত college bag

ডালিমগুটিয়া হাঁহিৰে যেন,

এটা ঝাকাছ ডেকা |

হাতত জলন্ত চিগাৰেট

ক্ৰমাত আগবাঢ়িছে বকুলৰ ভিতৰলৈ..

দুয়োকাষে বৰষিছে পাতল কুঁৱলীজাক..

পথাৰৰ সোণগুটিয়ে তাৰ আগমনত,

হেঁপাহেৰে মূৰ দাঙিছে

গছ লতা বিৰিখেও আনন্দত

হালিছে জালিছে...

মনত এহেজাৰ প্ৰশ্নৰে মইয়ো দৌৰিছো,

লগ পোৱাৰ হেঁপাহতে...

পূবৰ ধলফাটত বিলীন হল সি,

পাৰ হৈ গল বকুলৰ দেওনা...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,401
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,428
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,010
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,755
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,190